17 আৰু তেতিয়া তেওঁলোকে গৈ, কল্দীয়াসকলৰ ভয়ত মিচৰলৈ যাবৰ মনেৰে বৈৎলেহেমৰ কাষত থকা গেৰূৎ-কিমহমত বাস কৰিলে।
আৰু যদি তোমালোকে কোৱা, যে, “সেয়ে নহ’ব! আমি য’ত ৰণ নেদেখিম, শিঙাৰ শব্দ নুশুনিম, আৰু আহাৰৰ অভাৱত ক্ষুধাতুৰ নহ’ম, সেই মিচৰ দেশত আমি সোমামগৈ, আৰু আমি তাত বাস কৰিম।”
হে যিহূদাৰ অৱশিষ্টভাগ, তোমালোকক যিহোৱাই ক’লে; তোমালোক মিচৰত নোসোমাবা! মই আজি তোমালোকক সতৰ্ক কৰিলোঁ, ইয়াক নিশ্চয়ে জানিবা।
কিন্তু যি যি জাতিৰ মাজলৈ যিহূদাৰ লোকসকলক খেদাই দিয়া হৈছিল, যিহূদা দেশত প্ৰবাস কৰিবলৈ, সেই সেই জাতিৰ পৰা উলটি অহা যিহূদাৰ আটাই অৱশিষ্ট ভাগক লৈ গৈছিল।
কিয়নো তেওঁলোকে যিহোৱাৰ বাক্যলৈ কাণ নিদিলে; আৰু তেওঁলোক তহ্পন্হেচলৈকে গ’ল।