পাছত অৰামৰ ৰজা বিন-হদদে নিজৰ সৈন্য সমূহক গোট খোৱালে; তেওঁৰ লগত বত্ৰিশ জন ৰজা, ঘোঁৰা আৰু ৰথবোৰ আছিল। তেওঁ গৈ চমৰিয়া অৱৰোধ কৰিলে, আৰু চমৰিয়াৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
1 ৰাজা 20:24 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আৰু আপুনি ইয়াকো কৰক; ৰজাসকলক নিজ নিজ বাবৰ পৰা গুচাই, তেওঁলোকৰ বাবত সেনাপতি নিযুক্ত কৰক। |
পাছত অৰামৰ ৰজা বিন-হদদে নিজৰ সৈন্য সমূহক গোট খোৱালে; তেওঁৰ লগত বত্ৰিশ জন ৰজা, ঘোঁৰা আৰু ৰথবোৰ আছিল। তেওঁ গৈ চমৰিয়া অৱৰোধ কৰিলে, আৰু চমৰিয়াৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
পাছত তেওঁলোকে দুপৰীয়া বাহিৰ ওলাই গ’ল; সেই সময়ত বিন-হদদ আৰু তেওঁক সহায় কৰিবলৈ সেই বত্ৰিশ জন ৰজাই পঁজাবোৰত পান কৰি মতলীয়া হৈ আছিল।
পাছত অৰামৰ ৰজাৰ দাসবোৰে তেওঁক কলে, “তেওঁলোকৰ দেৱতা পৰ্ব্বতীয়া দেৱতা, এই কাৰণে তেওঁলোক আমাতকৈ শক্তিশালী আছিল। কিন্তু আমি যদি সমথলত তেওঁলোকৰ লগত যুদ্ধ কৰোঁ, তেতিয়া আমি নিশ্চয়ে তেওঁলোকতকৈ শক্তিশালী হৈ তেওঁলোকক পৰাজয় কৰিম।
আৰু আপুনি হেৰুওৱা সৈন্য-সামন্তৰ যিমান ঘোঁৰা আৰু যিমান ৰথ আছিল, সিমান ঘোঁৰা আৰু ৰথ থকা সৈন্য গোটাওক, তেতিয়া আমি সমথলত তেওঁলোকৰ লগত যুদ্ধ কৰিম। তাতে আমি নিশ্চয়ে তেওঁলোকক পৰাজয় কৰিম।” তেতিয়া বিন-হদদে তেওঁলোকৰ কথা শুনিলে, আৰু সেইদৰে কৰিলে।
কিন্তু অৰামৰ ৰজাই নিজৰ ৰথৰ বত্ৰিশ জন অধ্যক্ষক এই আজ্ঞা দিছিল, বোলে, “তোমালোকে ইস্ৰায়েলৰ ৰজাৰ বাহিৰে সৰু কি বৰ আন কাৰো লগত যুদ্ধ নকৰিবা।