Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 ৰাজা 20:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

1 পাছত অৰামৰ ৰজা বিন-হদদে নিজৰ সৈন্য সমূহক গোট খোৱালে; তেওঁৰ লগত বত্ৰিশ জন ৰজা, ঘোঁৰা আৰু ৰথবোৰ আছিল। তেওঁ গৈ চমৰিয়া অৱৰোধ কৰিলে, আৰু চমৰিয়াৰ বিৰুদ্ধে যুদ্ধ কৰিলে।

অধ্যায়টো চাওক কপি কৰক




1 ৰাজা 20:1
28 পৰস্পৰ সংযোগসমূহ  

পাছত আচাই যিহোৱাৰ গৃহ ভঁৰালৰ অৱশিষ্ট ৰূপ, সোণ আৰু ৰাজগৃহৰ ভঁৰালৰ ধনবোৰ ল’লে৷ তেওঁ সেইবোৰ লৈ তেওঁৰ দাসবোৰৰ হাতত দি তেওঁলোকক হিজিয়োনৰ নাতিয়েক টবৰিম্মোনৰ পুত্ৰ বিন-হদদ নামেৰে দম্মেচকত থকা অৰামীয়া ৰজাৰ ওচৰলৈ পঠিয়াই দিলে, আৰু তেওঁলোকক এই কথা কৈ পঠিয়ালে যে,


কিন্তু অৰামৰ ৰজাই নিজৰ ৰথৰ বত্ৰিশ জন অধ্যক্ষক এই আজ্ঞা দিছিল, বোলে, “তোমালোকে ইস্ৰায়েলৰ ৰজাৰ বাহিৰে সৰু কি বৰ আন কাৰো লগত যুদ্ধ নকৰিবা।


তেতিয়া বিন-হদদে ৰজা আচাৰ কথা শুনি, ইস্ৰায়েলৰ নগৰবোৰৰ বিৰুদ্ধে তেওঁৰ সৈন্য বাহিনীৰ সেনাপতিসকলক আক্ৰমণ কৰিবলৈ পঠিয়ালে৷ তেতিয়া তেওঁলোকে গৈ ইয়োন, দান, আবেল-বৈৎমাখা, গোটেই কিন্নেৰৎ আৰু নপ্তালীৰ সকলো দেশকে আক্ৰমণ কৰিলে।


সেইবাবে মই হজায়েলৰ ৰাজপ্রাসাদৰ ওপৰত অগ্নি নিক্ষেপ কৰিম; সেই জুইয়ে বিন-হদদৰ দুর্গবোৰ গ্ৰাস কৰিব।


হে মহাৰাজ, আপুনি ৰাজাধিৰাজ; স্বৰ্গৰ ঈশ্বৰে আপোনাক ৰাজ্য, ঐশ্বৰ্য্য, পৰাক্ৰম, আৰু সন্মান দিছে।


কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! ঘোঁৰা, ৰথ, অশ্বাৰোহী, সৈন্যদল আৰু অনেক লোকে সৈতে উত্তৰৰ পৰা মই ৰাজাধিৰাজ বাবিলৰ ৰজা নবূখদনেচৰক তূৰৰ বিৰুদ্ধে আনিম!


আৰু মই দম্মেচকৰ গড়ৰ ভিতৰত জুই লগাম; সেয়ে বিন-হদদৰ অট্টালিকাবোৰ গ্ৰাস কৰিব।


তুমি তোমাৰ দাসবোৰৰ দ্বাৰাই প্ৰভুক উপেক্ষা কৰিলা, আৰু ক’লা, মোৰ অধিক ৰথে সৈতে ওখ পৰ্ব্বতবোৰৰ টিঙলৈকে, লিবানোনৰ ওখ স্থানলৈ উঠি গলোঁ। আৰু মই তাৰ ওখ ওখ দেৱদাৰু আৰু তাৰ উত্তম ডিমৰু গছবোৰ কাটি পেলাম, আৰু তাৰ অন্ত ভাগৰ ওখ ঠাইত তাৰ ফলৱতী উদ্যানত সোমাম।


কাৰণ তেওঁ কৈছে, “মোৰ সকলো অধিপতি ৰজা নহয় নে?


“স্বৰ্গৰ ঈশ্বৰৰ বিধান-পুস্তকৰ অধ্যাপক পুৰোহিত ইজ্ৰালৈ ৰজাৰো ৰজা অৰ্তক্ষত্ৰৰ নমস্কাৰ।


আৰু আপুনি ইয়াকো কৰক; ৰজাসকলক নিজ নিজ বাবৰ পৰা গুচাই, তেওঁলোকৰ বাবত সেনাপতি নিযুক্ত কৰক।


পাছত তেওঁলোকে দুপৰীয়া বাহিৰ ওলাই গ’ল; সেই সময়ত বিন-হদদ আৰু তেওঁক সহায় কৰিবলৈ সেই বত্ৰিশ জন ৰজাই পঁজাবোৰত পান কৰি মতলীয়া হৈ আছিল।


পাছত তেওঁ দুই কিক্কৰ ৰূপ দি চেমৰৰ পৰা চমৰিয়া পৰ্বত কিনি ল’লে৷ আৰু তাৰ ওপৰত এখন নগৰ সাজি, সেই পৰ্বতৰ গৰাকী চেমৰৰ নাম অনুসাৰেই, তেওঁ নিজে সজা সেই নগৰৰ নাম চমৰিয়া ৰাখিলে।


এইদৰে পলেষ্টীয়াসকলে ইস্ৰায়েলৰ লগত যুদ্ধ কৰিবলৈ গোট খালে; তেওঁলোকৰ ত্ৰিশ হাজাৰ ৰথ, ছয় হাজাৰ অশ্বাৰোহী আৰু সাগৰৰ তীৰত থকা বালিৰ দৰে অসংখ্য পদাতিক সৈন্য আছিল; তেওঁলোকে আহি মিকমচত বৈৎ-আবনৰ পূবদিশে ছাউনি পাতিলে।


সেই সেনাপতিৰ নশ লোহাৰ ৰথ আছিল আৰু তেওঁ বিশ বছৰলৈকে ইস্ৰায়েলীয়া লোক সকলৰ ওপৰত অতিশয় উৎপীড়ন চলাইছিল। সেয়ে, ইস্রায়েলবাসীয়ে যিহোৱাৰ ওচৰত সহায় বিচাৰি কাতৰোক্তি কৰিবলৈ ধৰিলে।


তাতে অদুনী-বেজকে ক’লে, “মই সত্তৰজন ৰজাৰ হাত আৰু ভৰিৰ বুঢ়া আঙুলি কাটি পেলাইছিলোঁ। তেওঁলোকে মোৰ মেজৰ তলত পৰা আহাৰ বুটলি খাইছিল। মই তেওঁলোকৰ প্রতি যেনে কার্য কৰিলোঁ, ঈশ্বৰেও মোলৈ তেনে কৰিলে।” পাছত তেওঁলোকে অদুনী-বেজকক যিৰূচালেমলৈ আনিলে আৰু তেওঁৰ সেই ঠাইতে মৃত্যু হ’ল।


তেওঁলোকে আপোনালোকৰ নগৰৰ দুৱাৰবোৰ অৱৰোধ কৰি ৰাখিব, আৰু শেষত গোটেই দেশৰ যিবোৰ ওখ আৰু দৃঢ় গড়ত আপোনালোকে ভাৰসা কৰিব, সেয়ে ভাঙি পৰিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ আপোনালোকক দিবলৈ গৈছে, সেই দেশৰ সকলো নগৰৰ দুৱাৰৰ ভিতৰত সেই জাতিয়ে আপোনালোকক অৱৰোধ কৰি ৰাখিব।


যুদ্ধ কৰিবলৈ যাওঁতে শত্রু পক্ষত আপোনালোকতকৈ অধিক সংখ্যাৰ ঘোঁৰা, ৰথ আৰু সেনাদল দেখি আপোনালোকে ভয় নকৰিব; কিয়নো, আপোনালোকৰ ঈশ্বৰ যিহোৱা, যি জনে মিচৰ দেশৰ পৰা আপোনালোকক বাহিৰ কৰি আনিছে, তেওঁ আপোনালোকৰ লগত আছে।


আৰু নিয়মটিৰ উলঙ্ঘন প্ৰতিফল দিবলৈ তোমালোকলৈ তৰোৱাল আনিম, আৰু তোমালোকে নগৰৰ মাজত গোট খালে তোমালোকৰ মাজলৈ মহামাৰী পঠিয়াম; আৰু তোমালোকক শত্ৰুৰ হাতত শোধাই দিয়া যাব।


তেওঁ মনোনীত ছশ ৰথ, আৰু মিচৰৰ আন সকলো ৰথ, আৰু সেই সকলোবোৰৰ ওপৰত নিযুক্ত সেনাপতি সকলকো ল’লে।


তেওঁ নগৰলৈ ইস্ৰায়েলৰ ৰজা আহাবৰ ওচৰলৈ দূত পঠিয়াই তেওঁক ক’লে, “বিন-হদদে এই কথা কৈছে:


সেই সময়ত অৰামৰ ৰজাই ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। তেওঁ নিজৰ দাসবোৰৰ সৈতে চর্চা কৰি ক’লে, “অমুক-তমুক ঠাইত মোৰ ছাউনি থাকিব।”


গেহজীয়ে যেতিয়া ৰজাক ইলীচাই কেনেকৈ মৃত শিশুটিক জীয়াই তুলিছিল, এই কথা কৈ আছিল, ঠিক সেই সময়তেই যি মহিলাৰ পুতেকক ইলীচাই জীয়াই তুলিছিল, সেই মহিলাগৰাকী ৰজাৰ ওচৰত নিজৰ ঘৰ আৰু মাটি ঘূৰাই পাবৰ কাৰণে নিবেদন কৰিবলৈ আহিল। গেহজীয়ে তেতিয়া ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, এৱেঁই সেই মহিলা আৰু এই জনেই তাইৰ ল’ৰা যাক ইলীচাই পুনৰ জীৱন দিলে।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন