Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 ৰাজা 22:31 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

31 কিন্তু অৰামৰ ৰজাই নিজৰ ৰথৰ বত্ৰিশ জন অধ্যক্ষক এই আজ্ঞা দিছিল, বোলে, “তোমালোকে ইস্ৰায়েলৰ ৰজাৰ বাহিৰে সৰু কি বৰ আন কাৰো লগত যুদ্ধ নকৰিবা।

অধ্যায়টো চাওক কপি কৰক




1 ৰাজা 22:31
10 পৰস্পৰ সংযোগসমূহ  

আৰু আপুনি ইয়াকো কৰক; ৰজাসকলক নিজ নিজ বাবৰ পৰা গুচাই, তেওঁলোকৰ বাবত সেনাপতি নিযুক্ত কৰক।


কিন্তু অৰামৰ ৰজাই তেওঁৰ ৰথৰ অধ্যক্ষসকলক এই আজ্ঞা দিছিল বোলে, তোমালোকে ইস্ৰায়েলৰ ৰজাৰ সৰু কি বৰ আন কাৰোঁ লগত যুদ্ধ নকৰিবা। কেৱল ইস্ৰায়েলৰ ৰজাক হে আটক কৰিবা৷


“এই দেশত থকা বৰ আৰু সৰু লোক মৰিব। তেওঁলোকক মৈদাম দিয়া নাযাব আৰু তেওঁলোকৰ কাৰণে কোনেও বুকু নুভুকুৱাব। আৰু তেওঁলোকৰ কাৰণে কোনেও নিজ ঘা কাট-কুট নকৰিব, বা মূৰ নুখুৰাব।


পাছত তেওঁলোকে দুপৰীয়া বাহিৰ ওলাই গ’ল; সেই সময়ত বিন-হদদ আৰু তেওঁক সহায় কৰিবলৈ সেই বত্ৰিশ জন ৰজাই পঁজাবোৰত পান কৰি মতলীয়া হৈ আছিল।


পাছত অৰামৰ ৰজা বিন-হদদে নিজৰ সৈন্য সমূহক গোট খোৱালে; তেওঁৰ লগত বত্ৰিশ জন ৰজা, ঘোঁৰা আৰু ৰথবোৰ আছিল। তেওঁ গৈ চমৰিয়া অৱৰোধ কৰিলে, আৰু চমৰিয়াৰ বিৰুদ্ধে যুদ্ধ কৰিলে।


আৰু তাৰ ভিতৰত থকা তিৰোতা আদি সৰু বৰ সকলোকে বন্দী কৰি লৈ গৈছে। সিহঁতে কাকো বধ নকৰিলে, কিন্তু সকলোকে লগত লৈ নিজৰ বাটেৰে তেওঁলোক গ’ল।


তাৰ পাছত লোটৰ অতিথিসকলে ঘৰৰ দুৱাৰৰ বাহিৰত থকা সৰু বৰ সকলো মানুহকে আঘাত কৰি কণা কৰিলে; তাতে সেই মানুহবোৰে দুৱাৰ বিচাৰি বিচাৰি হাবাথুৰি খালে।


যেতিয়া তেওঁ ক্লান্ত আৰু দুৰ্বল হোৱা যেন দেখিম, মই হঠাৎ তেওঁক আক্ৰমণ কৰি ত্ৰাসত পেলাম৷ তাতে তেওঁৰ লগৰ সকলো মানুহ পলাই যাব আৰু মই অকল ৰজাকহে বধ কৰিম৷


এনেতে ৰথৰ অধ্যক্ষসকলে যেতিয়া যিহোচাফটক দেখিলে, তেতিয়া, “অৱশ্যে এওঁৱেই ইস্ৰায়েলৰ ৰজা,” এই বুলি কৈ তেওঁৰ লগত যুদ্ধ কৰিবলৈ এফলীয়া হৈ গ’ল; তাতে যিহোচাফটে আটাহ পাৰিবলৈ ধৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন