অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




1 ৰাজা 15:27 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

পাছত ইচাখৰৰ বংশৰ অহিয়াৰ পুত্ৰ বাচাই নাদবৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে৷ পলেষ্টীয়াসকলৰ অধীনত থকা গিব্বথোনত বাচাই তেওঁক বধ কৰিলে, কিয়নো সেই সময়ত নাদব আৰু গোটেই ইস্ৰায়েলে গিব্বথোন অৱৰোধ কৰিছিল।

অধ্যায়টো চাওক



1 ৰাজা 15:27
15 পৰস্পৰ সংযোগসমূহ  

তদুপৰি যিদিনা যিহোৱাই নিজে ইস্ৰায়েলৰ ওপৰত এজন ৰজা উৎপন্ন কৰিব; সেই দিনাই তেওঁ যাৰবিয়ামৰ বংশক উচ্ছন্ন কৰিব; আৰু আজিয়েই সেই দিন আৰু এতিয়াই উচ্ছন্ন কৰা সময়।


যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ তৃতীয় বছৰত বাচাই নাদবক বধ কৰিলে, আৰু তেওঁৰ পদত নিজে ৰজা হ’ল।


যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ সাতাইশ বছৰত যেতিয়া এলাই তিৰ্চাত নিজৰ ঘৰগিৰী অৰ্চাৰ ঘৰত পান কৰি মতলীয়া অৱস্থাত আছিল, তেতিয়া জিম্ৰীয়ে সোমাই গৈ, তেওঁক প্ৰহাৰ কৰি বধ কৰিলে আৰু তেওঁৰ পদত নিজে ৰজা হ’ল।


যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ সাতাইশ বছৰত জিম্ৰীয়ে মাত্ৰ সাত দিন তিৰ্চাত ৰাজত্ব কৰিছিল। সেই সময়ত সৈন্যসকলে পলেষ্টীয়াসকলৰ অধীনত থকা গিব্বথোনৰ কাষত ছাউনি পাতি আছিল।


পাছত সেই ছাউনিত থকা লোকসকলে শুনিবলৈ পালে যে, “জিম্ৰীয়ে চক্ৰান্ত কৰি ৰজাক বধ কৰিলে।” তেতিয়া সমুদায় ইস্ৰায়েলে সেই দিনা ছাউনিৰ মাজত অম্ৰী নামেৰে সেনাপতিজনক ইস্ৰায়েলৰ ওপৰত ৰজা পাতিলে।


পাছত অম্ৰী আৰু তেওঁৰ লগত সমুদায় ইস্ৰায়েলে গিব্বথোনৰ পৰা যাত্ৰা কৰি গৈ তিৰ্চা অৱৰোধ কৰিলে।


হনানীৰ পুত্ৰ যেহূ ভাববাদীৰ দ্বাৰাই বাচা আৰু তেওঁৰ বংশৰ অহিতে যিহোৱাৰ বাক্য আহিছিল, কিয়নো যাৰবিয়ামৰ বংশৰ দৰে বাচায়ো যিহোৱাৰ সাক্ষাতে নিজ হাতৰ দ্ৱাৰাই কু-আচৰণ কৰিছিল আৰু সেই কাৰ্যবোৰৰ দ্বাৰাই যিহোৱাক ক্রোধত উত্তেজিত কৰাইছিল আৰু সেইবোৰৰ সৈতে যাৰবিয়ামৰ বংশকো বধ কৰিছিল৷


পাছত জিম্ৰীৰ নামেৰে তেওঁৰ এজন দাসে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে। তেওঁ ৰজা এলাৰ ৰথৰ সৈন্যৰ আধা লোকৰ অধ্যক্ষ আছিল৷


পাছত তেওঁৰ দাসবোৰে লগ হৈ তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র কৰি চিল্লালৈ নামি যোৱা পথত বৈৎ-মিল্লোত তেওঁক আক্রমণ কৰি বধ কৰিলে।


চিমিয়তৰ পুতেক যোজাখৰ আৰু চোমেৰৰ পুতেক যিহোজাবদ, এই দুজন দাসে তেওঁক আক্রমণ কৰি বধ কৰিছিল। তেওঁলোকে যোৱাচক দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষসকলৰ লগত মৈদাম দিলে। তেওঁৰ পুত্ৰ অমচিয়া তেওঁৰ পদত ৰজা হ’ল।


এইদৰে নিমচীৰ নাতি, অর্থাৎ যিহোচাফটৰ পুত্ৰ যেহূৱে যোৰামৰ বিৰুদ্ধে ষড়যন্ত্র কৰিলে। সেই সময়তে ৰজা যোৰাম আৰু সমগ্র ইস্ৰায়েলবাসীয়ে অৰামৰ ৰজা হজায়েলৰ হাতৰ পৰা ৰামোৎ-গিলিয়দ ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল।


অৰামীয়াসকল গুচি যোৱাৰ পাছত যোৱাচ গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল৷ তেতিয়া তেওঁৰ দাসবোৰে যিহোয়াদাক পুৰোহিতৰ পুত্ৰসকলৰ ৰক্তপাতৰ কাৰণে চক্ৰান্ত কৰি, তেওঁৰ শয্যাতে তেওঁক বধ কৰিলে, তাতে তেওঁ মৰিল; পাছত তেওঁক দায়ূদৰ নগৰত মৈদাম দিয়া হ’ল, কিন্তু ৰজাসকলৰ মৈদামৰ ঠাইত মৈদাম দিয়া নহ’ল।


ইল্টকি, গিব্বথোন, বালাৎ,


আৰু দান ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে ইল্টকি, চৰণীয়া ঠায়েৰে সৈতে গিব্বথোন,