1 ৰাজা 16:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 20197 হনানীৰ পুত্ৰ যেহূ ভাববাদীৰ দ্বাৰাই বাচা আৰু তেওঁৰ বংশৰ অহিতে যিহোৱাৰ বাক্য আহিছিল, কিয়নো যাৰবিয়ামৰ বংশৰ দৰে বাচায়ো যিহোৱাৰ সাক্ষাতে নিজ হাতৰ দ্ৱাৰাই কু-আচৰণ কৰিছিল আৰু সেই কাৰ্যবোৰৰ দ্বাৰাই যিহোৱাক ক্রোধত উত্তেজিত কৰাইছিল আৰু সেইবোৰৰ সৈতে যাৰবিয়ামৰ বংশকো বধ কৰিছিল৷ অধ্যায়টো চাওক |
যিহোৱাই তেওঁৰ সকলো ভাববাদী আৰু দৰ্শকসকলৰ মাধ্যমেদি ইস্ৰায়েল আৰু যিহূদা দেশক এই বুলি সাৱধান কৰি দিছিল, “তোমালোক সকলো কু-পথৰ পৰা ঘূৰা; মোৰ সকলো আজ্ঞা আৰু বিধি-বিধান অনুসাৰে চলা। মোৰ দাস ভাৱবাদীসকলক পঠাই তেওঁলোকৰ দ্বাৰাই মই যি সকলো বিধি-বিধান তোমালোকৰ পূর্বপুৰুষসকলক দিছিলোঁ, সেই সকলো বিধান যত্নেৰে পালন কৰা।”