তেওঁ যিহোৱাৰ গৃহত আৰু ৰাজগৃহত সাঁচি থোৱা বস্তুবোৰ লৈ গ’ল; তেওঁ সকলো বস্তুৱে লৈ গ’ল আৰু চলোমনে সজা সোণৰ ঢালবোৰো তেওঁ লৈ গ’ল।
1 বংশা 26:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 লেবীয়াসকলৰ ভিতৰত, অহিয়া ঈশ্বৰৰ গৃহৰ আৰু পবিত্ৰীকৃত বস্তুৰ ভঁৰালৰ দায়িত্বত আছিল। |
তেওঁ যিহোৱাৰ গৃহত আৰু ৰাজগৃহত সাঁচি থোৱা বস্তুবোৰ লৈ গ’ল; তেওঁ সকলো বস্তুৱে লৈ গ’ল আৰু চলোমনে সজা সোণৰ ঢালবোৰো তেওঁ লৈ গ’ল।
পাছত আচাই যিহোৱাৰ গৃহ ভঁৰালৰ অৱশিষ্ট ৰূপ, সোণ আৰু ৰাজগৃহৰ ভঁৰালৰ ধনবোৰ ল’লে৷ তেওঁ সেইবোৰ লৈ তেওঁৰ দাসবোৰৰ হাতত দি তেওঁলোকক হিজিয়োনৰ নাতিয়েক টবৰিম্মোনৰ পুত্ৰ বিন-হদদ নামেৰে দম্মেচকত থকা অৰামীয়া ৰজাৰ ওচৰলৈ পঠিয়াই দিলে, আৰু তেওঁলোকক এই কথা কৈ পঠিয়ালে যে,
এইদৰে যিহোৱাৰ গৃহৰ কাৰণে চলোমনে কৰা সকলো কাৰ্য সমাপ্ত হোৱাৰ পাছত চলোমনে তেওঁৰ পিতৃ দায়ূদে উৎসৰ্গ কৰি দিয়া ৰূপ, সোণ আৰু পাত্ৰ আদি আটাই বস্তু অনাই যিহোৱাৰ গৃহৰ ভঁৰালত থৈছিল।
দায়ুদ ৰজাই ইদোম, মোৱাব, অম্মোন, পলেষ্টীয়া আৰু অমালেক আদি সকলো জাতিৰ পৰা অনা ৰূপ আৰু সোণৰ সৈতে এইবোৰ বস্তুও যিহোৱাৰ উদ্দেশে উৎসৰ্গ কৰিলে।
এইদৰেই দুৱৰী সকলক ভাগ কৰা হ’ল। তেওঁলোক সকলো কোৰহীয়া আৰু মৰাৰীয়া বংশৰ পৰা অহা লোক আছিল।
লদ্দনৰ বংশধৰ সকল, তেওঁৰ পৰা অহা গেৰ্চোনীয়াৰ বংশধৰ সকল, আৰু যি সকল গের্চোনীয়াৰ লদ্দনৰ পৰিয়ালৰ নেতা আছিল, তেওঁলোক যিহীয়েলী আৰু তেওঁৰ পুত্র সকল।
এই লোকসকলে পুৰোহিত আৰু লেবীয়াসকলক বা ভঁড়াল ঘৰৰ বিষয়ত ৰজাই দিয়া আজ্ঞাৰ পৰা কেতিয়াও বিপথে যোৱা নাছিল।
তেওঁলোকে নিজৰ শক্তি অনুসাৰে সেই কামৰ বাবে পুঁজিত এষষ্ঠি হাজাৰ সোণৰ মূদ্রা পাঁচ হাজাৰ ৰূপৰ মিনা আৰু পুৰোহিতে পিন্ধা এশখন বস্ত্ৰ দিলে।
তাৰ পাছত, মই তেওঁলোকক ক’লোঁ, “আপোনালোক যিহোৱালৈ উৎসৰ্গ হওক, আৰু এই বস্তুবোৰো উৎসৰ্গ কৰক। এই ৰূপ আৰু সোণবোৰ আপোনালোকৰ পূৰ্বপুৰুষৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে ইচ্ছাকৃতভাৱে কৰা দান।
সেইদিনা বৰঙনিৰ বাবে দিয়া ফলৰ আগভাগ, আৰু দশম ভাগ থোৱা ভঁৰালৰ দায়িত্বত লোকসকলক নিযুক্ত কৰিলে। ইয়াৰ সকলোৰ পৰা পুৰোহিত আৰু লেবীয়া সকলৰ প্রয়োজন অনুযায়ী বিধানত দিয়াৰ দৰে কিছু অংশ তেওঁলোকৰ বাবে গোটোৱা হৈছিল। নগৰৰ ওচৰত থকা পথাৰত কাম কৰিবৰ বাবে প্রতিজনক নিযুক্ত কৰা হৈছিল। তেওঁলোকৰ সন্মুখত থিয় হোৱা পুৰোহিত আৰু লেবীয়া সকলে বাবে যিহূদাই আনন্দ কৰিছিল।
তোমালোকে তোমালোকৰ সমস্ত আয়ৰ দশমাংশ মোৰ গৃহত আহাৰ হ’বৰ কাৰণে ভঁৰাললৈ আনা। মই তোমালোকলৈ আকাশৰ দুৱাৰ মুকলি কৰিম নে নকৰিম, আৰু ঠায়ে নধৰাকৈ তোমালোকলৈ আশীৰ্ব্বাদ বৰ্ষাম নে নবৰ্ষাম, তাক জানিবলৈ তোমালোকে ইয়াৰেই মোক পৰীক্ষা কৰি চোৱা।” বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে।
তেওঁলোকে সাক্ষাৎ কৰা তম্বুত বস্তুৰ বুজ-বিচাৰ লৈ নিজৰ ভাইসকলৰ সহায় কৰোঁতা হ’ব কিন্তু সেৱাকৰ্ম আৰু নকৰিব। লেবীয়াসকলে কৰিবলগীয়া কাৰ্যৰ বিষয়ে তুমি তেওঁলোকলৈ এইদৰে কৰিবা।”