Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 ৰাজা 15:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

18 পাছত আচাই যিহোৱাৰ গৃহ ভঁৰালৰ অৱশিষ্ট ৰূপ, সোণ আৰু ৰাজগৃহৰ ভঁৰালৰ ধনবোৰ ল’লে৷ তেওঁ সেইবোৰ লৈ তেওঁৰ দাসবোৰৰ হাতত দি তেওঁলোকক হিজিয়োনৰ নাতিয়েক টবৰিম্মোনৰ পুত্ৰ বিন-হদদ নামেৰে দম্মেচকত থকা অৰামীয়া ৰজাৰ ওচৰলৈ পঠিয়াই দিলে, আৰু তেওঁলোকক এই কথা কৈ পঠিয়ালে যে,

অধ্যায়টো চাওক কপি কৰক




1 ৰাজা 15:18
16 পৰস্পৰ সংযোগসমূহ  

তেতিয়া যিহূদাৰ ৰজা যোৱাচে তেওঁৰ পিতৃ আৰু পূর্বপুৰুষসকলে অর্থাৎ যিহূদাৰ পূর্বৰ ৰজা যিহোচাফট, যিহোৰাম আৰু অহজিয়াই দিয়া যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰা আৰু নিজৰো সকলো পবিত্র বস্তুবোৰ অৰামৰ ৰজা হজায়েলৰ ওচৰলৈ পঠাই দিলে। তাৰ লগতে, যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ ভঁৰালবোৰত থকা সকলো সোণও পঠাই দিলে। হজায়েলে তেতিয়া যিৰূচালেম এৰি গুচি গ’ল।


তেওঁ যিহোৱাৰ গৃহত আৰু ৰাজগৃহত সাঁচি থোৱা বস্তুবোৰ লৈ গ’ল; তেওঁ সকলো বস্তুৱে লৈ গ’ল আৰু চলোমনে সজা সোণৰ ঢালবোৰো তেওঁ লৈ গ’ল।


তেওঁৰ নিজ পিতৃয়ে পবিত্ৰ কৰা বস্তু আৰু তেওঁ নিজে পবিত্ৰ কৰা বস্তুবোৰ যেনে ৰূপ, সোণ আদিৰ পাত্ৰবোৰ যিহোৱাৰ গৃহলৈ আনিলে।


পাছত ৰাতি তেওঁ নিজৰ লোকসকলক কিছুমান দলত বিভক্ত কৰি শত্রুবোৰক আঘাত কৰিলে আৰু দম্মেচকৰ উত্তৰে অৱস্থিত হোবা পর্যন্ত তেওঁলোকক খেদি পঠিয়ালে।


সেইবাবে মই হজায়েলৰ ৰাজপ্রাসাদৰ ওপৰত অগ্নি নিক্ষেপ কৰিম; সেই জুইয়ে বিন-হদদৰ দুর্গবোৰ গ্ৰাস কৰিব।


আৰু মই দম্মেচকৰ গড়ৰ ভিতৰত জুই লগাম; সেয়ে বিন-হদদৰ অট্টালিকাবোৰ গ্ৰাস কৰিব।


তেওঁ নিজ পিতৃৰ দ্বাৰাই পবিত্ৰ কৰা আৰু নিজেও পবিত্ৰ কৰা বস্তু, অৰ্থাৎ ৰূপ, সোণ আৰু পাত্ৰবোৰ ঈশ্বৰৰ গৃহলৈ আনিছিল।


অব্ৰামে ক’লে, “হে প্ৰভু যিহোৱা; আপুনি মোক কি দিব? মই যে নিঃসন্তান। দম্মেচকীয়া ইলীয়েজৰহে মোৰ ঘৰৰ উত্তৰাধিকাৰী হৈছে।”


সেই কালত অৰামৰ ৰজা হজায়েলে গাত নগৰৰ বিৰুদ্ধে যুদ্ধ কৰি তাক অধিকাৰ কৰিলে; তাৰ পাছত তেওঁ যিৰূচালেম আক্রমণ কৰিবলৈ আগবাঢ়িল।


যোৱাচৰ অন্যান্য সকলো কার্যৰ বৃত্তান্ত “যিহূদাৰ ৰজাসকলৰ ইতিহাস” নামৰ পুস্তকখনত জানো লিখা নাই?


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন