Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




1 ৰাজা 14:26 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

26 তেওঁ যিহোৱাৰ গৃহত আৰু ৰাজগৃহত সাঁচি থোৱা বস্তুবোৰ লৈ গ’ল; তেওঁ সকলো বস্তুৱে লৈ গ’ল আৰু চলোমনে সজা সোণৰ ঢালবোৰো তেওঁ লৈ গ’ল।

অধ্যায়টো চাওক কপি কৰক




1 ৰাজা 14:26
12 পৰস্পৰ সংযোগসমূহ  

পাছত আচাই যিহোৱাৰ গৃহ ভঁৰালৰ অৱশিষ্ট ৰূপ, সোণ আৰু ৰাজগৃহৰ ভঁৰালৰ ধনবোৰ ল’লে৷ তেওঁ সেইবোৰ লৈ তেওঁৰ দাসবোৰৰ হাতত দি তেওঁলোকক হিজিয়োনৰ নাতিয়েক টবৰিম্মোনৰ পুত্ৰ বিন-হদদ নামেৰে দম্মেচকত থকা অৰামীয়া ৰজাৰ ওচৰলৈ পঠিয়াই দিলে, আৰু তেওঁলোকক এই কথা কৈ পঠিয়ালে যে,


এইদৰে যিহোৱাৰ গৃহৰ কাৰণে চলোমনে কৰা সকলো কাৰ্য সমাপ্ত হোৱাৰ পাছত চলোমনে তেওঁৰ পিতৃ দায়ূদে উৎসৰ্গ কৰি দিয়া ৰূপ, সোণ আৰু পাত্ৰ আদি আটাই বস্তু অনাই যিহোৱাৰ গৃহৰ ভঁৰালত থৈছিল।


তেতিয়া যিহূদাৰ ৰজা যোৱাচে তেওঁৰ পিতৃ আৰু পূর্বপুৰুষসকলে অর্থাৎ যিহূদাৰ পূর্বৰ ৰজা যিহোচাফট, যিহোৰাম আৰু অহজিয়াই দিয়া যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰা আৰু নিজৰো সকলো পবিত্র বস্তুবোৰ অৰামৰ ৰজা হজায়েলৰ ওচৰলৈ পঠাই দিলে। তাৰ লগতে, যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ ভঁৰালবোৰত থকা সকলো সোণও পঠাই দিলে। হজায়েলে তেতিয়া যিৰূচালেম এৰি গুচি গ’ল।


যিহোৱাৰ গৃহত পোৱা সোণ, ৰূপ আৰু আনসকলো বস্তু আৰু ৰাজগৃহৰ ভঁৰালত থকা সকলো মূল্যবান বস্তুবোৰ লৈ গ’ল। তাৰ বাহিৰেও জামিন হিচাপে অনেক লোকক বন্দী কৰি যিহোৱাচ চমৰিয়ালৈ উলটি গ’ল।


যিহোৱাই যি দৰে কৈছিল, তেনেদৰেই ঘটিল; নবুখদনেচৰে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ পৰা সকলো মূল্যবান সামগ্রীবোৰ লৈ গ’ল আৰু ইস্ৰায়েলৰ ৰজা চলোমনে যিহোৱাৰ মন্দিৰৰ কাৰণে সোণেৰে যিবোৰ সামগ্রী নির্মাণ কৰিছিল, সেইবোৰ তেওঁ কাটি টুকুৰা- টুকুৰি কৰি লৈ গ’ল।


বাস্তৱিক প্ৰতিজন মানুহে ছাঁস্বৰূপে অহা যোৱা কৰে; তেওঁলোকে অনৰ্থক ৰূপে কেৱল হুৰামুৰা কৰে; তেওঁলোকে ধন দমাই থয়, কিন্তু কোনে তাক ভোগ কৰিব, তাক নাজানে।


যেতিয়া তোমাৰ দৃষ্টি ধনত পৰে, সেয়ে গুচি যায়, আৰু হঠাতে ডেউকা লগাই, আৰু ঈগলৰ দৰে আকাশলৈ উৰি যায়।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন