তেওঁ ভয়তে ক’লে, “কি ভয়ানক এই ঠাই! ই ঈশ্বৰৰ গৃহৰ বাহিৰে আন একো নহয়; ইয়েই স্বৰ্গৰ দুৱাৰ।”
1 বংশা 22:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাৰ পাছত দায়ূদে ক’লে, “এয়ে ঈশ্বৰ যিহোৱাৰ গৃহৰ ঠাই আৰু ইস্ৰায়েলৰ হোম-বলি উৎসৰ্গৰ অৰ্থে পবিত্র-বেদি হ’ব।” |
তেওঁ ভয়তে ক’লে, “কি ভয়ানক এই ঠাই! ই ঈশ্বৰৰ গৃহৰ বাহিৰে আন একো নহয়; ইয়েই স্বৰ্গৰ দুৱাৰ।”
সেই দিনা গাদে দায়ূদৰ ওচৰলৈ আহি তেওঁক ক’লে, “তুমি উঠি গৈ যিবুচীয়া অৰৌণাত মৰণা মৰা খলাত যিহোৱাৰ উদ্দেশে এটা যজ্ঞবেদী স্থাপন কৰাগৈ।”
কিন্তু আপোনালোকে যদি মোক কয় যে, ‘আমি আমাৰ ঈশ্বৰ যিহোৱাতহে ভাৰসা কৰিছোঁ,’ তেন্তে তেওঁ জানো সেইজনা ঈশ্বৰ নহয় যি জনৰ ওখ ঠাইৰ মঠবোৰ আৰু যজ্ঞবেদীবোৰ হিষ্কিয়াই দূৰ কৰি যিহূদা আৰু যিৰূচালেমৰ লোকসকলক কৈছিল, ‘আপোনালোকে যিৰূচালেমত এই যজ্ঞবেদীৰ সন্মুখত উপাসনা কৰিব লাগে?’
অৱশ্যে দায়ূদে ঈশ্বৰৰ পৰামৰ্শ লবলৈ তেওঁৰ আগলৈ যাব নোৱাৰিছিল; কাৰণ যিহোৱাৰ দূতৰ তৰোৱাললৈ তেওঁ ভয় কৰিছিল।
তেতিয়া যি ঠাইত যিহোৱাই চলোমনৰ পিতৃ দায়ুদক দৰ্শন দিছিল, সেই যিৰূচালেমৰ মোৰিয়া পৰ্বতত যিহোৱাৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰিলে। দায়ূদে নিৰূপণ কৰি ৰখা যিবুচীয়া অৰ্ণনৰ মৰণা মৰা ঠাইতে তেওঁ এয়া যুগুত কৰিলে।
সেই হিষ্কিয়াই জানো তেওঁৰ ওখ ঠাই আৰু যজ্ঞবেদীবোৰ গুচুৱা নাই? “আৰু তোমালোকে একেটা যজ্ঞবেদীৰ আগত সেৱা কৰিব আৰু তাৰে ওপৰত ধূপ জলাব লাগিব এই বুলি জানো যিহূদা আৰু যিৰূচালেমত আজ্ঞা দিয়া নাই?”
চীলো নগৰত তেওঁৰ যি আবাস-তম্বু আছিল তাক তেওঁ ত্যাগ কৰিলে; মনুষ্যৰ মাজত তেওঁ যি তম্বু স্থাপন কৰিছিল তাক তেওঁ পৰিত্যাগ কৰিলে।
তাতে যি জনে পাঁচ গাগৰি পাইছিল, তেওঁ তেতিয়াই গৈ বেপাৰ কৰি পুনৰ পাঁচ গাগৰি লাভ উলিয়ালে।
তাৰ পাছত আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁৰ নাম স্থাপনৰ কাৰণে যি ঠাই বাছি লব, সেই ঠাইলৈ মই আদেশ কৰা সকলো বস্তু লৈ আহিব অৰ্থাৎ নিজ নিজ হোমবলি, বলি উৎসর্গ, দশমভাগ, আপোনালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য, যিহোৱাৰ উদ্দেশ্যে কৰা সকলো সঙ্কল্প পূৰণৰ নৈবেদ্য।
কিন্তু আপোনালোকৰ ফৈদৰ মাজত যিহোৱাই যি ঠাই মনোনীত কৰিব, কেৱল সেই ঠাইতেহে হোম-বলি উৎসৰ্গ কৰিব আৰু সেই ঠাইতেহে মই আদেশ কৰা সকলো আজ্ঞা পালন কৰিব।