2 ৰাজা 18:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201922 কিন্তু আপোনালোকে যদি মোক কয় যে, ‘আমি আমাৰ ঈশ্বৰ যিহোৱাতহে ভাৰসা কৰিছোঁ,’ তেন্তে তেওঁ জানো সেইজনা ঈশ্বৰ নহয় যি জনৰ ওখ ঠাইৰ মঠবোৰ আৰু যজ্ঞবেদীবোৰ হিষ্কিয়াই দূৰ কৰি যিহূদা আৰু যিৰূচালেমৰ লোকসকলক কৈছিল, ‘আপোনালোকে যিৰূচালেমত এই যজ্ঞবেদীৰ সন্মুখত উপাসনা কৰিব লাগে?’ অধ্যায়টো চাওক |
এইদৰে আটাইবোৰ শেষ হোৱাৰ পাছত, সেই ঠাইত উপস্থিত থকা সকলো ইস্ৰায়েল লোকে যিহূদাৰ নগৰবোৰলৈ গ’ল আৰু স্তম্ভবোৰ ভাঙিলে, আচেৰা মুৰ্ত্তিবোৰ কাটিলে আৰু গোটেই যিহূদাত, বিন্যামীনত, ইফ্ৰয়িমত আৰু মনচিত থকা ওখ ঠাইবোৰ আৰু যজ্ঞবেদীবোৰ নিঃশেষে ভাঙি পেলালে। তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ আধিপত্য আৰু নগৰলৈ উলটি আহিল।
এতিয়াও যদি আপোনালোকে শিঙা, বাঁহী, বীণা, সুৰবাহাৰ, পেপা, আৰু সকলো ধৰণৰ বাদ্যযন্ত্ৰৰ ধ্বনি শুনাৰ সময়ত মই সজা সোণৰ মূৰ্তিত উবুৰি হৈ সাষ্টাঙ্গে প্রণিপাত কৰিবলৈ যুগুত হয়, তেনেহ’লে সকলো ভালে হ’ব; কিন্তু যদি আপোনালোকে সেৱা নকৰে, তেনেহ’লে সেই মুহূৰ্ত্ততেই আপোনালোকক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ’ব। মোৰ হাতৰ পৰা আপোনালোকক উদ্ধাৰ কৰিব পৰা দেৱতা কোন আছে?”