2 বংশা 32:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201912 সেই হিষ্কিয়াই জানো তেওঁৰ ওখ ঠাই আৰু যজ্ঞবেদীবোৰ গুচুৱা নাই? “আৰু তোমালোকে একেটা যজ্ঞবেদীৰ আগত সেৱা কৰিব আৰু তাৰে ওপৰত ধূপ জলাব লাগিব এই বুলি জানো যিহূদা আৰু যিৰূচালেমত আজ্ঞা দিয়া নাই?” অধ্যায়টো চাওক |
এইদৰে আটাইবোৰ শেষ হোৱাৰ পাছত, সেই ঠাইত উপস্থিত থকা সকলো ইস্ৰায়েল লোকে যিহূদাৰ নগৰবোৰলৈ গ’ল আৰু স্তম্ভবোৰ ভাঙিলে, আচেৰা মুৰ্ত্তিবোৰ কাটিলে আৰু গোটেই যিহূদাত, বিন্যামীনত, ইফ্ৰয়িমত আৰু মনচিত থকা ওখ ঠাইবোৰ আৰু যজ্ঞবেদীবোৰ নিঃশেষে ভাঙি পেলালে। তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ আধিপত্য আৰু নগৰলৈ উলটি আহিল।