আৰু তোমালোকে অমাচাকো ক’বা, ‘তুমি জানো মোৰ হাড়ৰো হাড়, মঙহৰো মঙহ নোহোৱা? তুমি যদি এতিয়াৰ পৰা মোৰ সৈন্যসকলৰ বাবে যোৱাবৰ ঠাইত প্ৰধান সেনাপতি নোহোৱা, তেন্তে ঈশ্বৰে মোক অধিক আনকি তাতোধিক দণ্ড দিয়ক’।”
1 চমূ 20:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যদি আপোনাৰ অমঙ্গল কৰিবলৈ মোৰ পিতৃ মন থাকে, আৰু মই সেই বিষয়ে আপোনাক নজনাও, তেনেহলে যিহোৱাই যোনাথনক অমুক আৰু তাতকৈ অধিক দণ্ড দিয়ক; তেনেকুৱা হ’লে, আপোনাক বিদায় দিম; তাতে আপুনি কুশলে যাব; আৰু যিহোৱা মোৰ পিতৃৰ লগত থকাৰ দৰে আপোনাৰ লগতো থাকক। |
আৰু তোমালোকে অমাচাকো ক’বা, ‘তুমি জানো মোৰ হাড়ৰো হাড়, মঙহৰো মঙহ নোহোৱা? তুমি যদি এতিয়াৰ পৰা মোৰ সৈন্যসকলৰ বাবে যোৱাবৰ ঠাইত প্ৰধান সেনাপতি নোহোৱা, তেন্তে ঈশ্বৰে মোক অধিক আনকি তাতোধিক দণ্ড দিয়ক’।”
পাছত আটাই লোকে বেলি থাকোঁতেই দায়ূদক ভোজন কৰাবলৈ আহিলত, দায়ূদে এই শপত খালে, “বেলি মাৰ নৌ যাওঁতে মই যদি পিঠা বা আন কিবা বস্তুৰেই আস্বাদ লওঁ, তেন্তে ঈশ্বৰে মোক অমুক আৰু তাতোকৈয়ো অধিক দণ্ড দিয়ক।”
কিন্তু মই যি জনক তোমাৰ আগৰ পৰা দূৰ কৰিলোঁ, সেই চৌলৰ পৰা মই যেনেকৈ মোৰ দয়া গুচালোঁ, তেনেকৈ তেওঁৰ পৰা মোৰ দয়া নুগুচিব।
যিহোৱা যেনেকৈ মোৰ প্ৰভু মহাৰাজৰ লগত আছিল, তেনেকৈ চলোমনৰ লগতো থাকক আৰু মোৰ প্ৰভু ৰজা দায়ূদৰ সিংহাসনতকৈ তেওঁৰ সিংহাসন মহৎ কৰক।”
তেতিয়া ঈজেবলে এলিয়াৰ ওচৰলৈ দূত পঠিয়াই এই কথা কো’ৱালে বোলে, “কাইলৈ এনে সময়ত যদি মই তোমাৰ প্ৰাণ তেওঁলোকৰ এজনৰ প্ৰাণৰ দৰে নকৰোঁ, তেন্তে দেৱতাবোৰে মোক অমুক আৰু তাতকৈয়ো অধিক দণ্ড দিয়ক।”
তেতিয়া বিন-হদদে তেওঁৰ ওচৰলৈ মানুহ পঠিয়াই ক’লে, “এই চমৰিয়াৰ ধূলি যদি মোৰ পাছত অহা লোকসকলৰ প্ৰতিজনলৈ এমুঠিকৈ জোৰে, তেন্তে দেৱতাবোৰে মোক অমুক আৰু তাতকৈয়ো অধিক দণ্ড দিয়ক।”
হে মোৰ বোপা, এতিয়া যিহোৱা তোমাৰ সঙ্গী হওক আৰু তুমি কৃতকাৰ্য্য হ’বলৈ সক্ষম হোৱা। তেওঁ কোৱাৰ দৰে তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ গৃহ নিৰ্ম্মাণ কৰা।
যি সকল সোণ, ৰূপ, পিতল, আৰু লোহাৰ কাম কৰিব জানে। সেয়ে কামত লাগি থাকা আৰু যিহোৱা তোমাৰ লগত থাকক।”
মই যি যি আজ্ঞা তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া; আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ”।
আপোনালোকে যি যি শিকিলে, গ্ৰহণ কৰিলে, শুনিলে আৰু মোক যেনে দেখিলে, তেনেদৰে সকলোৱে আচৰণ কৰক; তাতে শান্তিৰ আঁকৰ ঈশ্বৰ আপোনালোকৰ লগত থাকিব।
তোমাৰ জীৱনৰ গোটেই কালত কোনো লোক তোমাৰ আগত থিয় হ’ব নোৱাৰিব; মই মোচিৰ লগত থকাৰ দৰে তোমাক ত্যাগ নকৰিম বা এৰি নাযাওঁ।
আপোনাৰ যি ঠাইত মৃত্যু হ’ব, মোৰো সেই ঠাইতে মত্যু হ’ব, আৰু তাতেই মোৰ মৈদামো হ’ব; কেৱল মৃত্যুৰ বাহিৰে আন কোনোৱে যদি মোক আপোনাৰ পৰা পৃথক কৰিব পাৰে, তেন্তে যিহোৱাইহে মোক অধিক দণ্ড দিয়ক।”
এই সকলো চিন তোমালৈ ঘটাৰ পাছত, আমাৰ হাতে কৰিব খোজা সকলো কাম কৰিবা, কাৰণ যিহোৱা তোমাৰ লগত আছে।
চৌলে ইস্ৰায়েলৰ সম্পূৰ্ণ ক্ষমতা নিজৰ হাতত ল’লে। তাৰ পাছত ইস্ৰায়েলৰ চৌদিশে যিমান শত্ৰু আছিল, সেই সকলোৰে বিৰুদ্ধে তেওঁ যুদ্ধ কৰিলে। তেওঁ মোৱাব, অম্মোনীয়া, চোবাৰ ৰজা ইদোম আৰু পলেষ্টীয়াসকলৰ সৈতে যুদ্ধ কৰিলে। তেওঁ যি দিশত গৈছিল, সেই দিশতে শত্ৰুৰ ওপৰত জয় লাভ কৰিছিল।
দায়ূদে ক’লে, “যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে সিংহ আৰু ভালুকৰ হাতৰ পৰা মোক ৰক্ষা কৰিলে, সেই যিহোৱাই সেই পলেষ্টীয়াজনৰ হাতৰ পৰাও মোক উদ্ধাৰ কৰিব।” তাতে চৌলে দায়ূদক ক’লে, “যোৱা, যিহোৱা তোমাৰ সঙ্গী হওক।”
আপুনি য’ত আছিল, মই ওলাই গৈ সেই পথাৰতে পিতৃৰ কাষত থিয় হ’ম আৰু আপোনাৰ বিষয়ে মই পিতৃক ক’ম; তাত মই যদি কিবা বিষয় জানিব পাৰোঁ, তেনেহলে আপোনাক ক’ম।”
যোনাথনে দায়ুদক ক’ল, “মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক সাক্ষী কৰি কৈছোঁ যে, কাইলৈ বা পৰহিলৈ প্ৰায় এই সময়ত মোৰ পিতৃৰ মন চাম; তাতে আপোনালৈ অনুগ্ৰহ থকাৰ প্ৰমাণ পালে, মই তেতিয়াই মানুহ পঠিয়াই আপোনাক সেই বিষয়ে নজনাম নে?
মই নমৰিবৰ কাৰণে আপুনি যে কেৱল মই জীয়াই থকা কালত যিহোৱাৰ অনুগ্ৰহ মোৰ বাবে দেখুৱাব এনে নহয়;
বেলি উদয় হোৱাৰ আগেয়ে মই যদি তেওঁৰ বংশৰ মাজৰ এজন মানুহকো জিৱিত ৰাখোঁ, তেনেহলে ঈশ্বৰে দায়ূদৰ শত্ৰুবোৰলৈ এনেকৈ আৰু তাতকৈ অধিক দণ্ড দিয়ক।
তেতিয়া এলীয়ে সুধিলে, “যিহোৱাই তোমাক কি ক’লে? মই বিনয় কৰোঁ, তুমি মোৰ পৰা একো নুলুকুৱাবা; ঈশ্বৰে তোমাক যি কথা ক’লে, তাৰ কোনো কথা যদি মোৰ পৰা গোপনে ৰাখা, তেন্তে তেওঁ তোমাক অধিক দণ্ড দিব।”