Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




1 বংশা 22:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 হে মোৰ বোপা, এতিয়া যিহোৱা তোমাৰ সঙ্গী হওক আৰু তুমি কৃতকাৰ্য্য হ’বলৈ সক্ষম হোৱা। তেওঁ কোৱাৰ দৰে তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ গৃহ নিৰ্ম্মাণ কৰা।

অধ্যায়টো চাওক কপি কৰক




1 বংশা 22:11
11 পৰস্পৰ সংযোগসমূহ  

যি সকল সোণ, ৰূপ, পিতল, আৰু লোহাৰ কাম কৰিব জানে। সেয়ে কামত লাগি থাকা আৰু যিহোৱা তোমাৰ লগত থাকক।”


দায়ূদে তেওঁৰ পুত্ৰ চলোমনক ক’লে, “তুমি বলৱান আৰু সাহিয়াল হোৱা। এই কাৰ্য কৰা। ভয় নকৰিবা আৰু ব্যাকুল নহ’বা, কিয়নো ঈশ্বৰ যিহোৱা, মোৰ ঈশ্বৰেই তোমাৰ লগত আছে। যিহোৱাৰ গৃহৰ সকলো কাৰ্য সমাপ্ত নোহোৱালৈকে তেওঁ তোমাক পৰিত্যাগ নকৰিব।


দায়ুদৰ পুত্ৰ চলোমনে তেওঁৰ ৰাজ্যত নিজকে বলৱান কৰিলে; আৰু তেওঁৰ ঈশ্বৰ যিহোৱাই তেওঁৰ লগত থাকি, তেওঁক অতিশয় প্ৰভাৱশালী কৰিলে।


এই বাক্য যিহোৱাই কৈছিল আৰু তেওঁ সফলো কৰিলে; কিয়নো যিহোৱাৰ প্ৰতিজ্ঞা অনুসাৰে মই মোৰ পিতৃ দায়ূদৰ পদত নিযুক্ত হলোঁ আৰু ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহি, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশ্যে এই গৃহ নিৰ্ম্মাণ কৰিলোঁ।


হে যিহোৱা, আপুনি আমালৈ শান্তি নিৰূপন কৰিব; কিয়নো আপুনি আমাৰ বাবে সকলো কাৰ্যকেই সিদ্ধ কৰি আহিছে।


“চোৱা, সেই কুমাৰী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁলোকে তেওঁৰ নাম ইম্মানূৱেল থব;” এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ।


মই যি যি আজ্ঞা তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া; আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ”।


শান্তিৰ আকৰ ঈশ্বৰ আপোনালোক সকলোৰে লগত থাকক। আমেন।


প্ৰভু তোমাৰ আত্মাৰ লগত থাকক। তোমালোকৰ সৈতে তেওঁৰ অনুগ্ৰহ থাকক। আমেন৷


দায়ূদে ক’লে, “যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে সিংহ আৰু ভালুকৰ হাতৰ পৰা মোক ৰক্ষা কৰিলে, সেই যিহোৱাই সেই পলেষ্টীয়াজনৰ হাতৰ পৰাও মোক উদ্ধাৰ কৰিব।” তাতে চৌলে দায়ূদক ক’লে, “যোৱা, যিহোৱা তোমাৰ সঙ্গী হওক।”


যদি আপোনাৰ অমঙ্গল কৰিবলৈ মোৰ পিতৃ মন থাকে, আৰু মই সেই বিষয়ে আপোনাক নজনাও, তেনেহলে যিহোৱাই যোনাথনক অমুক আৰু তাতকৈ অধিক দণ্ড দিয়ক; তেনেকুৱা হ’লে, আপোনাক বিদায় দিম; তাতে আপুনি কুশলে যাব; আৰু যিহোৱা মোৰ পিতৃৰ লগত থকাৰ দৰে আপোনাৰ লগতো থাকক।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন