অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




1 চমূ 20:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যোনাথনে দায়ুদক ক’ল, “মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক সাক্ষী কৰি কৈছোঁ যে, কাইলৈ বা পৰহিলৈ প্ৰায় এই সময়ত মোৰ পিতৃৰ মন চাম; তাতে আপোনালৈ অনুগ্ৰহ থকাৰ প্ৰমাণ পালে, মই তেতিয়াই মানুহ পঠিয়াই আপোনাক সেই বিষয়ে নজনাম নে?

অধ্যায়টো চাওক



1 চমূ 20:12
10 পৰস্পৰ সংযোগসমূহ  

কিন্তু দায়ুদৰ আৰু চৌলৰ পুত্ৰ যোনাথনৰ মাজত যিহোৱাৰ নামেৰে শপতৰ কাৰণে, ৰজাই চৌলৰ নাতিয়েক যোনাথনৰ পুত্ৰ মফিবোচতক দয়া কৰি ৰক্ষা কৰিলে।


তেন্তে তেওঁ মোৰ কোনো পথ নেদেখে নে? আৰু মোৰ আটাই খোজ তেওঁ গণনা নকৰে নে?


যদি তুমি মোৰ হৃদয় পৰীক্ষা কৰা; ৰাতি মোৰ কাষলৈ আহাঁ; যদি মোক খপি পুৰি পৰীক্ষাও কৰা, তুমি মোত একো দুষ্টতা বিচাৰি নাপাবা; মই সিদ্ধান্ত কৰিলোঁ, মোৰ মুখে অপৰাধ নকৰে।


মানুহৰ হৃদয়ৰ অভিপ্রায় গভীৰ জলৰ দৰে; কিন্তু সেই কল্পনা বিবেচক ব্যক্তিয়ে বাহিৰত প্রকাশ কৰে।


“ঈশ্বৰসকলৰ ঈশ্বৰ যিহোৱাই! ঈশ্বৰসকলৰ ঈশ্বৰ যিহোৱায়েই জানে! আৰু ইস্ৰায়েলেও জানক; সঁচাকৈ আমি যদি বিদ্ৰোহীভাবে বা যিহোৱাৰ আগত সত্যলঙ্ঘন কৰিলোঁ, তেনেহলে আজি তুমি আমাক ৰক্ষা নকৰিবা৷


যোনাথনে দায়ুদক ক’লে, “আহক, আমি পথাৰলৈ ওলাই যাওঁহঁক।” সেয়ে দুয়ো পথাৰলৈ ওলাই গ’ল।


যদি আপোনাৰ অমঙ্গল কৰিবলৈ মোৰ পিতৃ মন থাকে, আৰু মই সেই বিষয়ে আপোনাক নজনাও, তেনেহলে যিহোৱাই যোনাথনক অমুক আৰু তাতকৈ অধিক দণ্ড দিয়ক; তেনেকুৱা হ’লে, আপোনাক বিদায় দিম; তাতে আপুনি কুশলে যাব; আৰু যিহোৱা মোৰ পিতৃৰ লগত থকাৰ দৰে আপোনাৰ লগতো থাকক।


তাৰ পাছত তেওঁলোকে দুয়ো জনে যিহোৱাৰ সন্মুখত এটি নিয়ম বান্ধিলে; দায়ুদ অৰণ্যতে থাকিলে আৰু যোনাথন ঘৰলৈ গ’ল।