Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




গীত 17:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

3 যদি তুমি মোৰ হৃদয় পৰীক্ষা কৰা; ৰাতি মোৰ কাষলৈ আহাঁ; যদি মোক খপি পুৰি পৰীক্ষাও কৰা, তুমি মোত একো দুষ্টতা বিচাৰি নাপাবা; মই সিদ্ধান্ত কৰিলোঁ, মোৰ মুখে অপৰাধ নকৰে।

অধ্যায়টো চাওক কপি কৰক




গীত 17:3
32 পৰস্পৰ সংযোগসমূহ  

হে বোপা চলোমন, তুমি তোমাৰ পিতৃৰ ঈশ্বৰক মানি চলিবা, আৰু তোমাৰ সকলো হৃদয়েৰ আৰু হৰ্ষিত মনেৰে তেওঁৰ পৰিচৰ্যা কৰিবা। এই দৰে কৰা কাৰণ যিহোৱাই সকলোৰে হৃদয় অনুসন্ধান কৰে আৰু সকলোৰে কল্পনাকো বুজে। তুমি যদি তেওঁক বিচাৰা, তেন্তে তুমি তেওঁক পাবা, কিন্তু যদি তেওঁক ত্যাগ কৰা, তেন্তে তেওঁ তোমাকো চিৰকাললৈকে ত্যাগ কৰিব।


হে মোৰ ঈশ্বৰ, মই এইয়াও জানো যে, আপুনি হৃদয়ৰো পৰীক্ষা কৰে আৰু সৰলতাত সন্তোষ পায়। মই হ’লে মোৰ মনৰ সৰলতাতহে নিজ ইচ্ছাৰে এই সকলো বস্তু দান দিলোঁ, আৰু এতিয়া এই ঠাইত উপস্থিত হোৱা আপোনাৰ লোকসকলেও নিজ ইচ্ছাৰে আপোনাৰ উদ্দেশে দান দিয়া দেখি মই আনন্দিত হৈছোঁ।


কিন্তু মই যি পথ ধৰিছোঁ, তাক তেওঁ জানে; তেওঁ মোক পৰীক্ষা কৰা হলে, মই সোণৰ দৰে ওলালোহেঁতেন।


নৰবধীয়ে দোকমোকালিতে উঠে; সি দুখী-দৰিদ্ৰক মাৰি পেলাই; আৰু ৰাতি সি চোৰৰ নিচিনা হয়।


যিহোৱাই ধাৰ্মিক আৰু দুষ্ট সকলোকে পৰীক্ষা কৰে; কিন্তু যিবোৰ দুষ্ট, অত্যাচাৰপ্রিয়, তেনেলোকক তেওঁ ঘৃণা কৰে।


তোমাৰ ধাৰ্মিকতাযুক্ত শাসনপ্ৰণালীবোৰ পালন কৰিবলৈ মই শপত খালোঁ, আৰু স্থিৰ কৰিলোঁ।


হে যিহোৱা, তুমি মোৰ বুজ বিচাৰ ল’লা আৰু মোক জানিলা।


হে ঈশ্বৰ, মোৰ বুজ বিচাৰ লোৱা আৰু মোৰ অন্তঃকৰণ জানা; মোক পৰীক্ষা কৰি চোৱা আৰু মোৰ সঙ্কল্পবোৰ জানা;


যি জনাই মোক সুবুদ্ধি দিয়ে, মই সেই যিহোৱাৰ ধন্যবাদ কৰিম; ৰাতিও মোৰ হৃদয়ে মোক শিক্ষা দিয়ে।


হে যিহোৱা, তুমি মোক পৰীক্ষা কৰি মোৰ শুদ্ধতাৰ প্রমাণ চোৱা; মোৰ হৃদয় আৰু মনক খপি চোৱা।


মই কৈছিলোঁ, “মই মোৰ পথত সাৱধানে চলিম; যাতে মোৰ জিভাৰে মই পাপ নকৰোঁ; যেতিয়ালৈকে দুষ্টতা মোৰ আগত থাকে, তেতিয়ালৈকে মোৰ মুখত সোপা দি ৰাখিম।”


কিয়নো, হে ঈশ্বৰ, তুমি আমাক পৰীক্ষা কৰিলা, ৰূপ খপাৰ দৰে আমাক পৰীক্ষা কৰিলা।


যদি মোৰ বন্ধুৰ প্রতি মই অপকাৰ কৰি আছোঁ, বা বিনা কাৰণতে মই মোৰ শত্রুৰ পৰা কিবা বস্তু লৈছোঁ,


যিজনে নিজৰ মুখ চম্ভালে, তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰে; কিন্তু যিজনে মুখ বহলকৈ মেলে, তেওঁৰ সৰ্ব্বনাশ হয়।


কিন্তু হে যিহোৱা, তুমি হ’লে মোক জানি আছা। মোক দেখিও আছা, আৰু তোমালৈ মোৰ মন কেনে, তাক পৰীক্ষাও কৰিছা। বধ কৰিবৰ কাৰণে উলিওৱা মেৰ-ছাগৰ দৰে তেওঁলোকক টানি উলিওৱা, আৰু হত্যা দিনৰ কাৰণে তেওঁলোকক পৃথক কৰি ৰাখা।


যিহোৱাই কৈছে, সেই দিনত আৰু সেই কালত ইস্ৰায়েলৰ অপৰাধ বিচাৰ কৰা যাব, কিন্তু একো পোৱা নাযাব, আৰু যিহূদাৰ পাপবোৰ বিচাৰ কৰা হ’ব, কিন্তু সেইবোৰ পোৱা নাযাব; কিয়নো মই অৱশিষ্ট ৰখাবোৰক ক্ষমা কৰিম।


কিয়নো এক তন্দুৰৰ দৰে প্রজ্বলিত হৃদয়েৰে সৈতে, তেওঁলোকে নিজৰ ভিতৰতে ছলনাৰ পৰিকল্পনা কৰে; ওৰে ৰাতি তেওঁলোকৰ খং ধূমায়িত হৈ থাকে; ৰাতিপুৱা সেই খং এক জ্বলন্ত অগ্নিশিখাৰ দৰে প্রখৰতাৰে জ্বলি উঠে।


যিবোৰে নিজৰ নিজৰ শয্যাত অধৰ্ম কল্পনা কৰে, আৰু কুকৰ্ম চিন্তা কৰে, তেওঁলোকৰ সন্তাপ হ’ব। ৰাতিপুৱাৰ পোহৰত তেওঁলোকে এইবোৰ কৰে; কাৰণ তেওঁলোকৰ ক্ষমতা আছে।


আৰু সেই তৃতীয় ভাগক মই জুইত সুমুৱাই, ৰূপ খপাৰ দৰে খপিম আৰু সোণ পৰীক্ষা কৰাৰ দৰেপৰীক্ষা কৰিম। তেওঁলোকে মোৰ নামেৰে প্ৰাৰ্থনা কৰিব, আৰু মই তেওঁলোকক উত্তৰ দি ক’ম, ‘এয়ে মোৰ প্ৰজা!’ আৰু তেওঁলোকে ক’ব, ‘যিহোৱা মোৰ ঈশ্বৰ’।”


কিন্তু তেওঁৰ আগমনৰ দিন কোনে সহিব পাৰিব? তেওঁ উপস্থিত হ’লে কোনে থিয় হৈ থিৰেৰে থাকিব পাৰিব? কিয়নো তেওঁ শোধন কৰা একুৰা জুইৰ তুল্য আৰু ধোবাৰ চাবোনৰ তুল্য।


তেওঁ তাত উপস্থিত হৈ, ঈশ্বৰৰ অনুগ্ৰহ দেখি আনন্দিত হ’ল; আৰু হৃদয়ৰ আগ্ৰহেৰে প্ৰভুত আসক্ত হৈ থাকিবলৈ সকলোকে উদগালে৷


নিশা পৌলে এটা দর্শন দেখিলে যে, এজন মাকিদনিয়া মানুহে থিয় হৈ তেওঁক মিনতি কৰি কৈছে “মাকিদনিয়ালৈ আহি আমাক সহায় কৰা।”


কিয়নো মই মোৰ নিজৰ বিৰুদ্ধে থকা একো অভিযোগৰ বিষয়ে নাজানো। কিন্তু তাৰ অর্থ এয়ে নহয় যে, মই নিৰ্দ্দোষী বুলি প্ৰমাণিত; কাৰণ যি জনে মোৰ সোধ-বিচাৰ কৰে, তেওঁ প্রভু।


এতিয়া আমাৰ শ্লাঘা এয়ে যে, আমাৰ বিবেকে সাক্ষ্য দিয়ে, মাংসিক জ্ঞানেৰে নহয়, কিন্তু ঈশ্বৰৰ অনুগ্ৰহেৰে জগতলৈ, এনে কি, অধিক পৰিমাণে আপোনালোকলৈ ঈশ্বৰে দিয়া পবিত্ৰতা আৰু অকপটতাৰে সৈতে আমি আচৰণ কৰিলোঁ।


কিয়নো আমি সকলোৱে অনেক বিষয়ত ত্ৰুটি কৰোঁ। কোনো লোক এজনে যদি বাক্যত ত্ৰুটি নকৰে, তেওঁহে সিদ্ধ লোক, আনকি নিজ শৰীৰকো সম্পূর্ণৰূপে দমন কৰিবলৈ সেই জন সমৰ্থ।


অাপোনালোকৰ এই বিশ্বাস পৰীক্ষাসিদ্ধ হ’ব লাগে, কিয়নো আপোনালোকৰ বিশ্ৱাস সোণতকৈও মূল্যবান। বিশ্ৱাসৰ পৰীক্ষাত যদি আপোনালোকৰ বিশ্বাস অটল দেখা যায়, তেনেহলে যীচু খ্ৰীষ্টৰ পুনৰাগমনৰ সময়ত অাপোনালোকে কিমান গৌৰৱ, প্ৰশংসা, মৰ্যদা পাব৷


আপুনি আজি নিজ চকুৰে দেখিছে যে, আজি এই গুহাৰ ভিতৰত যিহোৱাই আপোনাক মোৰ হাতত সমৰ্পণ কৰিছিল। কিছুমান লোকে মোক আপোনাক বধ কৰিবলৈ কৈছিল কিন্তু মই আপোনালৈ কৃপাদৃষ্টি কৰিলোঁ।” মই ক’লোঁ, “মই নিজ প্ৰভুৰ বিৰুদ্ধে মোৰ হাত নাদাঙিম; কাৰণ তেওঁ যিহোৱাৰ অভিষিক্ত লোক।”


যিহোৱাই মোৰ আৰু আপোনাৰ মাজত বিচাৰ কৰিব, আৰু যিহোৱাই মোৰ কাৰণে আপোনাৰ ওপৰত প্ৰতিকাৰ সাধিব; কিন্তু মোৰ হাত আপোনাৰ বিৰুদ্ধে নহ’ব।


মই যে যিহোৱাৰ অভিষিক্ত জনৰ বিৰুদ্ধে হাত দাঙিম, যিহোৱাই মোৰ পৰা এনে কাৰ্য দূৰ কৰক; কিন্তু মই বিনয় কৰোঁ, তুমি এতিয়া গৈ, তেওঁৰ মূৰ-শিতানৰ ওচৰত থকা যাঠি আৰু জলপাত্ৰটো লৈ আহাঁ, তাৰ পাছত আমি গুচি যাম।”


যিহোৱাই প্ৰতিজনক তাৰ ধাৰ্মিকতা আৰু বিশ্বস্ততা অনুসাৰে প্ৰতিফল দিব; কিয়নো যিহোৱাই আজি আপোনাক মোৰ হাতত শোধাই দিছিল, কিন্তু মই যিহোৱাৰ অভিষিক্ত জনৰ বিৰুদ্ধে হাত দাঙিবলৈ সন্মত নহ’লো।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন