অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




1 চমূ 2:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

এলীৰ পুতেক দুজন অসৎ আছিল, তেওঁলোকে যিহোৱাক ভয় নকৰিছিল।

অধ্যায়টো চাওক



1 চমূ 2:12
23 পৰস্পৰ সংযোগসমূহ  

তেওঁৰ লগত দুজন অসৎ লোককো ঠাই দিয়া যেন সেই দুজন লোকে তেওঁৰ অহিতে সাক্ষ্য দি কয় বোলে, ‘তুমি ঈশ্বৰক আৰু ৰজাক শাও দিলা’।” তাৰ পাছত তোমালোকে তেওঁক বাহিৰলৈ উলিয়াই আনি তেওঁক শিল দলিয়াই বধ কৰা।


আৰু সেই অসৎ লোক দুজনে প্রৱেশ কৰি তেওঁৰ আগত বহিল। তেতিয়া সেই লোক দুজনে নাবোতৰ বিৰুদ্ধে লোকসকলৰ আগত এই সাক্ষ্য দি ক’লে বোলে, “নাবোতে ঈশ্বৰক আৰু ৰজাকো শাও দিলে।” তেতিয়া লোকসকলে তেওঁক নগৰৰ বাহিৰলৈ উলিয়াই আনিলে, আৰু শিল দলিয়াই তেওঁক বধ কৰিলে।


‘এতিয়া যিহোৱা ক’ত’ বুলি তোমালোকৰ পুৰোহিতসকলে নক’লে, আৰু ব্যৱস্থাত পাৰ্গতলোকে মোক নাজানিলে, আৰু তোমালোককৰ পালকসকলেও মোৰ বিৰুদ্ধে অধৰ্ম-আচৰণ কৰিলে, আৰু ভাববাদীসকলেও বালৰ নামেৰে ভাববাণী প্ৰচাৰ কৰিলে আৰু অনুপকাৰী বস্তুৰ পাছত চলিলে।”


তেওঁ দুখী-দৰিদ্ৰৰ বিচাৰ কৰাতে তেওঁৰ মঙ্গল হৈছিল; যিহোৱাই কৈছে, মোক জনাৰ প্ৰমাণ এয়ে নাছিল নে?


আৰু তেওঁলোকে নিজৰ জিভাৰূপ ধনুত নিজৰ মিছা কথাস্বৰূপ বাণ জোৰে, আৰু দেশত পৰাক্ৰমী হয়, কিন্তু সত্যৰ বাবে নহয়। কিয়নো তেওঁলোকে এক দুষ্টতাৰ পৰা আন দুষ্টতালৈ আগ বাঢ়ি যায় আৰু যিহোৱাই কৈছে, তেওঁলোকে মোক হ’লে নাজানে।


তোমাৰ বসতিৰ ঠাই ছলৰ মাজত আছে; যিহোৱাই কৈছে, তেওঁলোকে ছলৰ কাৰণে মোক জানিবলৈ অমান্তি হয়।


তাৰ পুৰোহিতবোৰে মোৰ ব্যৱস্থাৰ বিপৰীতে অত্যাচাৰ কৰে; তেওঁলোকে পবিত্ৰ আৰু সাধাৰণৰ মাজত প্ৰভেদ নাৰাখে, বা শুচি আৰু অশুচিৰ মাজত বিভিন্ন কৰিবলৈ মানুহক নিশিকাই; তেওঁলোকে মোৰ বিশ্ৰাম-দিনবোৰৰ পৰা তেওঁলোকৰ চকু ঢাকে আৰু মই তেওঁলোকৰ মাজত অপবিত্ৰীকৃত হ’লো।


তেওঁলোকে মোৰ পিতৃক আৰু মোক নজনাৰ কাৰণে এনে কর্মবোৰ কৰিব।


এইটোৱে অনন্ত জীৱন; একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক তেওঁলোকে যেন জানে।


আপোনালোকে তেওঁক নাজানে; মই হ’লে তেওঁক জানো; মই তেওঁক নাজানো বুলি যদি কওঁ, তেনেহলে আপোনালোকৰ নিচিনা মিছলীয়া হ’ম। কিন্তু মই তেওঁক জানো, আৰু তেওঁৰ বাক্য পালন কৰোঁ।


কিয়নো ঈশ্বৰৰ বিষয়ে জানিও, তেওঁক ঈশ্বৰ বুলি তেওঁলোকে স্তুতি বা ধন্যবাদো নকৰিলে; কিন্তু নিজৰ তৰ্ক-বিতৰ্কত অজ্ঞানী হ’ল আৰু তেওঁলোকৰ অবোধ হৃদয় অন্ধকাৰময় হ’ল।


বেলিয়ালে সৈতে খ্ৰীষ্টৰ কি মিলন? অবিশ্বাসী জনৰ লগত বিশ্বাস কৰা জনৰ কি সম্পৰ্ক?


সেই ঠাইৰ ইস্রায়েলবাসীৰ মাজত কেইজনমান দুষ্টলোক ওলাই সেই ঠাইৰ নিবাসীসকলক এই বুলি কৈ বিপথে নিছে, “আহঁক, আমি গৈ ইতৰ দেৱতাক পূজা কৰোঁ যাৰ বিষয়ে আপোনালোকে নাজানে।”


তেনেকুৱাই যদি হয়, তেন্তে বিষয়টো ভালদৰে বিচাৰ কৰি আপোনালোকে পৰীক্ষা আৰু তদন্ত কৰিব। সেয়ে যদি সঁচা বুলি প্রমাণিত হয় যে এই ঘৃণনীয় কাম আপোনালোকৰ মাজত হৈছে,


এইদৰে তেওঁলোকৰ লগত আনন্দ কৰাৰ সময়ত, সেই নগৰৰ কিছুমান পাষণ্ড লোক আহি তেওঁৰ ঘৰৰ চাৰিওফালে বেৰি ধৰিলে আৰু দুৱাৰত ঢকিয়াই সেই ঘৰৰ গৰাকী প্ৰাপ্তবয়স্ক গৰাকীজনক ক’লে, “আপোনাৰ ঘৰলৈ যিজন পুৰুষ আহিছে, তেওঁক বাহিৰলৈ উলিয়াই দিয়ক, আমি তেওঁৰ পৰিচয় ল’ম।”


যিহোচূৱাৰ সমসাময়িক সকলো প্রজন্মই মৃত্যু বৰণ কৰি নিজৰ ওপৰ পিতৃসকলৰ ওচৰলৈ যোৱাৰ পাছত পৰৱর্তী প্রজন্মৰ বৃদ্ধি হবলৈ ধৰিলে। তেওঁলোকে যিহোৱাক নাজানিলে। যিহোৱাই ইস্ৰায়েলবাসীৰ কাৰণে কি কৰিলে তেওঁলোকে সেইবোৰ নাজানিলে।


কিন্তু কেইজন মান মূল্যহীন মানুহে ক’লে, “এই পুৰুষে আমাক কেনেকৈ ৰক্ষা কৰিব?” তেওঁলোকে চৌলক হেয়জ্ঞান কৰিলে আৰু তেওঁলৈ কোনো উপহাৰ নানিলে; তথাপি তেওঁ মনে মনে থাকিল।


সেয়ে এতিয়া কি কৰা উচিত, সেই বিষয়ে আপুনি বিবেচনা কৰি চাওক; কাৰণ আমাৰ মালিক আৰু তেওঁৰ বংশৰসকলোৰে বিৰুদ্ধে অমঙ্গল থিৰ কৰা হৈছে; কাৰণ তেওঁ এনে দুৰ্জন যে, তেওঁক কোনোৱে একো ক’ব নোৱাৰে।”


কাৰণ মই তেওঁক ক’লোঁ, ‘তেওঁ যিবোৰ অপৰাধৰ কথা জানিছিল, তাৰ বাবে মই সদাকাললৈকে তেওঁৰ বংশক দণ্ড দিম, কাৰণ তেওঁৰ সন্তানসকলে নিজকে অভিশপ্ত কৰা সত্বেও তেওঁলোকক বাধা দিয়া নাই’।


সেই সময়লৈকে যিহোৱাৰ মাত শুনাৰ অভিজ্ঞতা চমূৱেলৰ নাছিল, আৰু তেওঁৰ ওচৰত যিহোৱাৰ বাক্যও প্ৰকাশিত হোৱা নাছিল।