দায়ূদে পত্ৰখনত ইয়াকে লিখিছিল বোলে, “তোমালোকে ঊৰিয়াক আটাইতকৈ প্ৰবল যুদ্ধৰ সন্মুখত ৰাখি থবা আৰু সি যেন আঘাত পাই মৰে সেই বাবে তোমালোক তাৰ পৰা পাছ হুঁহকি যাবা।”
1 চমূ 18:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 চৌলে দায়ূদক ক’লে, “এয়া মোৰ ডাঙৰ ছোৱালী মেৰব। তোমাৰ ভাৰ্যা হবলৈ মই তাইক দিম। তুমি কেৱল মোৰ পক্ষে সাহিয়াল হোৱা আৰু যিহোৱাৰ বাবে যুদ্ধ কৰা।” কাৰণ চৌলে চিন্তা কৰিলে, “মোৰ হাত তেওঁৰ অহিতে নহওক, কিন্তু পলেষ্টীয়াসকলৰ হাত তেওঁৰ বিৰুদ্ধে হওক।” |
দায়ূদে পত্ৰখনত ইয়াকে লিখিছিল বোলে, “তোমালোকে ঊৰিয়াক আটাইতকৈ প্ৰবল যুদ্ধৰ সন্মুখত ৰাখি থবা আৰু সি যেন আঘাত পাই মৰে সেই বাবে তোমালোক তাৰ পৰা পাছ হুঁহকি যাবা।”
তেনেহলে তুমি কিয় যিহোৱাৰ বাক্য তুচ্ছ কৰি তেওঁৰ সাক্ষাতে কু-আচৰণ কৰিলা? তুমি হিত্তীয়া ঊৰিয়াক তৰোৱালৰ দ্বাৰাই হত্যা কৰিলা আৰু তেওঁৰ পত্নীক আনি নিজৰ পত্নী কৰি ৰাখিলা৷ অম্মোনৰ সৈন্যসকলৰ তৰোৱালৰ দ্বাৰাই ঊৰিয়াক বধ কৰালা।
তেতিয়া যিহোৱাৰ নিয়ম-চন্দুকটি দায়ূদৰ নগৰত সোমাওঁতে, চৌলৰ জীয়েক মীখলে খিড়িকি দুৱাৰেদি চাই আছিল৷ যিহোৱাৰ আগত দায়ুদ ৰজাক ডেও দি নাচি থকা দেখি, মনতে তেওঁক তুচ্ছ জ্ঞান কৰিলে।
মানুহে মানুহৰ ওচৰত মিছা কথা কয়; তেওঁলোকে তৈলমৰ্দনকাৰী ওঁঠ আৰু ছলনা ভৰা দুই মনৰ অন্তৰেৰে কথা কয়।
তেওঁৰ মুখ মাখনৰ নিচিনা কোমল, কিন্তু তেওঁৰ অন্তৰ বিদ্রোহী; তেওঁৰ কথাবোৰ তেলৰ দৰে তেলেতীয়া, সেইবোৰ খাপৰ পৰা ওলোৱা তৰোৱালৰ নিচিনা।
তেওঁ অমায়িভাবে কথা ক’ব, কিন্তু তেওঁক বিশ্বাস নকৰিবা, কাৰণ তেওঁৰ হৃদয়ত ঘিণলগীয়া বস্তু সাতটা থাকে;
তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “তোমালোকে কোৱা এই কাৰ্য যদি কৰা, তোমালোকে যদি সুসজ্জিত হৈ যিহোৱাৰ সাক্ষাতে যুদ্ধলৈ যাব নিজকে সাজু কৰা,
কিন্তু আমাৰ প্ৰভুৰ কথাৰ দৰে, আপোনাৰ এই দাসবোৰৰ সকলোৱে সাজু হৈ যুদ্ধ কৰিবৰ কাৰণে যিহোৱাৰ সাক্ষাতে পাৰ হৈ যাব।”
মোচিয়ে তেওঁলোকক ক’লে, “গাদৰ আৰু ৰূবেণৰ সন্তান সকলৰ প্ৰতিজনে যুদ্ধলৈ সুসজ্জিত হৈ, যিহোৱাৰ সাক্ষাতে তোমালোকৰ লগত যদি যৰ্দ্দন পাৰ হৈ যায়, তেন্তে দেশ তোমালোকৰ আগত বশীভূত হ’লে, তোমালোকে অধিকাৰ কৰিবৰ অৰ্থে তেওঁলোকক এই গিলিয়দ দেশ দিবা।
তেওঁক বধ কৰিবলৈ,প্রথমে সাক্ষীসকলে, পাছত সকলো প্ৰজাই তেওঁৰ বিৰুদ্ধে হাত উঠাব। এইদৰে আপুনি তেওঁলোকৰ মাজৰ পৰা দুষ্টতা উৎখাত কৰিব।
চৌলৰ পুত্ৰসকলৰ নাম আছিল, যোনাথন, যিচবী, আৰু মল্কীচুৱা। তেওঁৰ দুজনী জীয়েক আছিল; ডাঙৰ জনীৰ নাম মেৰব, আৰু সৰুজনীৰ নাম মীখল।
আৰু ইস্ৰায়েলৰ লোকসকলে পৰস্পৰৰ মাজত ক’বলৈ ধৰিলে, “ওপৰলৈ উঠি অহা সেই মানুহজনক তুমি দেখিছা নে? তেওঁ ইস্ৰায়েলক ইতিকিং কৰিবলৈ আহিছে। তেওঁক যিকোনোৱে বধ কৰিব, ৰজাই তেওঁক অধিক ধনেৰে ধনৱান কৰিব, আৰু তেওঁৰ লগত নিজৰ জীয়েকক বিয়া দিব, আৰু ইস্ৰায়েলৰ মাজত তেওঁৰ পিতৃ-বংশক স্ৱাধীন কৰিব।”
আপোনাৰ দাসে সিংহ আৰু ভালুক দুয়োকো মাৰিলে; এই অচুন্নৎ পলেষ্টীয়াজন সেই দুটাৰ মাজৰ এটাৰ নিচিনা হ’ব, কাৰণ সি জীৱন্ত ঈশ্বৰৰ সৈন্যসকলক ইতিকিং কৰিছে।”
আৰু যিহোৱাই তৰোৱাল আৰু যাঠিৰ দ্বাৰাই যে নিস্তাৰ নকৰে, তাকো এই সকলো সমাজে জানিব; কিয়নো যুদ্ধ যিহোৱাৰেই, আৰু তেওঁ তোমালোকক আমাৰ হাতত সমৰ্পণ কৰিব।”
চৌলে চিন্তা কৰিলে, “মই তাইক তেওঁলৈ দিম, যাতে তাই তেওঁৰ ফান্দস্বৰূপ হয়, আৰু পলেষ্টীয়াসকলৰ হাতো যেন তেওঁৰ বিৰুদ্ধে হয়।” সেয়ে চৌলে দ্বিতীয়বাৰৰ কাৰণে দায়ূদক ক’লে, “তুমি মোৰ জোঁৱাই হবা।”
তেতিয়া চৌলে ক’লে, “তোমালোকে দায়ূদক এইদৰে কোৱা, ‘ৰজাই একো যৌতুক নিবিচাৰে, কেৱল ৰজাৰ শত্ৰুবোৰৰ প্ৰতিকাৰ সাধিবৰ কাৰণ পলেষ্টীয়াসকলৰ এশ লিঙ্গাগ্ৰ-চৰ্ম্ম বিচাৰিছে’।” এইদৰে চৌলে দায়ূদক ফিলিষ্টীয়াসকলৰ হাতেৰে বধ কৰিবলৈ চিন্তা কৰিলে।
সেই সময় উকলি যোৱাৰ পূৰ্বে, দায়ূদে লোকসকলৰ সৈতে গ’ল, আৰু পলেষ্টীয়াসকলৰ দুশ জনক বধ কৰিলে। ৰজাৰ জোঁৱাই হ’বৰ কাৰণে তেওঁ সম্পূৰ্ণ দুশ জনৰ লিঙ্গাগ্ৰ-চৰ্ম্ম আনি ৰজাক দিলে। তাতে চৌলে তেওঁৰ লগত নিজ জীয়েক মীখলক বিয়া দিলে।
মই বিনয় কৰোঁ, আপোনাৰ দাসীৰ অপৰাধ ক্ষমা কৰক, কাৰণ যিহোৱাই নিশ্চয় মোৰ প্ৰভুৰ বংশ চিৰস্থায়ী কৰিব, কাৰণ মোৰ প্ৰভুৱে যিহোৱাৰ কাৰণে যুদ্ধ কৰিছে; আৰু আপোনাৰ জীৱনৰ শেষলৈকে আপোনাৰ কোনো অমঙ্গল দেখা নাযাব।
পাছত দায়ুদ যেতিয়া চিক্লগলৈ আহিল, তেতিয়া তেওঁ নিজ বন্ধু যিহূদাৰ বৃদ্ধ লোকসকলৰ ওচৰলৈ গ’ল। তাতে তেওঁ লুটি অনা বস্তুৰ কিছু অংশ তেওঁলোকলৈ পঠিয়াই দি ক’লে, “চোৱা, যিহোৱাৰ শত্ৰুবোৰৰ পৰা লুটি অনা বস্তুৰ মাজৰ পৰা এয়ে তোমালোকৰ কাৰণে পঠোৱা উপহাৰ।”