Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




গীত 55:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

21 তেওঁৰ মুখ মাখনৰ নিচিনা কোমল, কিন্তু তেওঁৰ অন্তৰ বিদ্রোহী; তেওঁৰ কথাবোৰ তেলৰ দৰে তেলেতীয়া, সেইবোৰ খাপৰ পৰা ওলোৱা তৰোৱালৰ নিচিনা।

অধ্যায়টো চাওক কপি কৰক




গীত 55:21
16 পৰস্পৰ সংযোগসমূহ  

আৰু কওঁ, মই কাৰ সেৱাকৰ্ম কৰিম? তেওঁৰ পুত্ৰৰ সাক্ষাতে দাস্য কৰ্ম কৰা উচিত নহব নে? যিদৰে তোমাৰ পিতৃৰ উপস্হিতিত দাস্য কৰ্ম কৰিলোঁ, তেনেকৈ আপোনাৰ আগতো কৰিম।


সি জানো তোমাৰ আগত বৰকৈ কাবৌ কাকুতি কৰিব? বা তোমাক জানো কোমল কথা ক’ব?


মানুহে মানুহৰ ওচৰত মিছা কথা কয়; তেওঁলোকে তৈলমৰ্দনকাৰী ওঁঠ আৰু ছলনা ভৰা দুই মনৰ অন্তৰেৰে কথা কয়।


যিসকল দুষ্ট, যিসকলে দুষ্টতাৰ কার্য কৰি ফুৰে, যিসকলে চুবুৰীয়াৰ লগত মুখেৰে শান্তিৰ কথা কয়, অথচ অন্তঃকৰনত দুষ্ট ইচ্ছা পুহি ৰাখে, সেইসকলৰ লগত তুমি মোক টানি নিনিবা।


মোৰ জীৱন শত্রুবোৰৰ মাজত আছে, সেই লোকসকলৰ দাঁত বৰছা আৰু কাঁড় স্বৰূপ, আৰু যিবোৰৰ জিভা চোকা তৰোৱাল স্বৰূপ, এনে অগ্নি-শিখা স্বৰূপ মনুষ্য সন্তানবোৰৰ মাজত মই শুইছোঁ।


চোৱা, তেওঁলোকে মুখেৰে আবেগ প্রকাশ কৰে, তেওঁলোকৰ ওঁঠত তৰোৱাল আছে; কিয়নো তেওঁলোকে ক’য়, “কোনে আমাৰ কথা শুনি পাব?”


তেওঁলোকে কেৱল তেওঁৰ সন্মানীয় উচ্চ পদৰ পৰা পেলাবলৈহে কুমন্ত্ৰণা কৰিছে; তেওঁলোকে মিছা কথাত সন্তোষ পায়; মুখেৰে আশীৰ্ব্বাদ কৰে, কিন্তু অন্তৰেৰে তেওঁলোকে শাও দিয়ে। [চেলা]


তেওঁলোকে তৰোৱাল ধৰোঁৱাদি নিজৰ জিভা ধৰাইছে; তেওঁলোকে তিক্ততাপূর্ণ কথাৰ ধনুকাঁড় জুৰিছে।


যিজনে বিবেচনা নকৰি তৎক্ষণাত কথা কয়, তেওঁ তৰোৱালৰ আঘাতৰ দৰে; কিন্তু জ্ঞানী লোকৰ জিভাই সুস্থতা আনে।


মিছলীয়া জিভাই দমন কৰা লোকক ঘিণ কৰে, আৰু আত্মতৃপ্তিকৰ মুখে নিজলৈ বিনাশ আনে।


তেতিয়া তেওঁক শোধাই দিয়া যিহূদাই মাত লগাই ক’লে, ‘ৰব্বি, সেই জন মই নে’? তেওঁ তেওঁক ক’লে, “তুমি নিজকে নিজেই ক’লা”।


তেওঁলোকৰ ৰাতিৰ আহাৰ খোৱাৰ সময় হ’ল; ইতিমধ্যে চয়তানে যীচুক বিশ্বাসঘাতকতা কৰিবলৈ চিমোনৰ পুত্র ঈষ্কৰিয়োতীয়া যিহূদাৰ মনত কু-বুদ্ধি সুমুৱাই দিলে।


আৰু চৌলে তেওঁৰ দাসবোৰক আজ্ঞা দিলে, “গোপনে দায়ূদৰ লগত কথা পাতি এই কথা কোৱা, ‘চাওক, ৰজা আপোনাত সন্তুষ্ট হৈছে, আৰু তেওঁৰ সকলো দাসে আপোনাক ভালপায়। এই হেতুকে আপুনি ৰজাৰ জোঁৱাই হওক’।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন