16 তেতিয়া যিহোৱাৰ নিয়ম-চন্দুকটি দায়ূদৰ নগৰত সোমাওঁতে, চৌলৰ জীয়েক মীখলে খিড়িকি দুৱাৰেদি চাই আছিল৷ যিহোৱাৰ আগত দায়ুদ ৰজাক ডেও দি নাচি থকা দেখি, মনতে তেওঁক তুচ্ছ জ্ঞান কৰিলে।
তেতিয়া দায়ূদে চৌলৰ পুত্ৰ ঈচ্বোচতৰ ওচৰলৈ দূত পঠিয়াই কোৱালে, বোলে, “যাক মোলৈ বাগ্দান কৰা হ’ল, মোৰ সেই মীখলক মোক দিয়া, যাৰ বাবে মই পলেষ্টীয়াসকলৰ এশ লিঙ্গাগ্ৰ- চৰ্ম্ম দিলোঁ।”
তথাপিও দায়ূদে চিয়োন দুৰ্গ হাত কৰি ল’লে; সেয়ে দায়ূদৰ নগৰ।
এইদৰে দায়ুদ আৰু ইস্ৰায়েলৰ সকলো বংশই জয়ধ্বনি কৰি কৰি আৰু শিঙাৰ বাদ্য বজাই বজাই যিহোৱাৰ নিয়ম-চন্দুকটি লৈ আনিলে।
তেতিয়া দায়ূদে নিজৰ পৰিয়ালক আশীৰ্ব্বাদ কৰিবৰ বাবে উভটি আহিল৷ চৌলৰ জীয়েক মীখলে, দায়ূদক আগবঢ়াবলৈ ওলাই গৈ ক’লে, “আজি ইস্ৰায়েলৰ ৰজা কেনে গৌৰৱান্বিত হ’ল! যেনেকৈ কোনো অমার্জিত চিত্তৰ লোক নিলাজৰ দৰে বিবস্ত্ৰ হয়, তেনেকৈ তেওঁ আজি নিজ দাসবোৰৰ মাজৰ বেটীসকলৰ আগত বিবস্ত্ৰ হ’ল!”
কিন্তু যিহোৱাৰ নিয়ম-চন্দুক দায়ূদৰ নগৰত সোমাওঁতে, চৌলৰ জীয়েক মীখলে, খিড়িকিয়েদি চাই দেখিলে যে, দায়ুদ ৰজাই নাচি নাচি আনন্দ কৰি আছিল। তেতিয়া তেওঁ নিজৰ অন্তৰতে দায়ূদক হেয়জ্ঞান কৰিলে।
আমাক কৃপা কৰা, হে যিহোৱা, আমাক কৃপা কৰা; কিয়নো আমি লোকসকলৰ তুচ্ছ-তাচ্ছিল্যত অধিককৈ পোঁত গ’লো।
তোমাত মই আসক্ত হোৱাৰ কাৰণে লোকসকলে মোক অপমানিত কৰে; তেওঁলোকে মোক সম্পূর্ণ ভাবে অপদস্থ কৰিলে।
তেওঁ ঘৃণিত আৰু মানুহৰ দ্বাৰাই প্রত্যাকখাণ কৰা; শোকাতুৰ আৰু যাতনা পৰিচিত ব্যক্তি। যাৰ পৰা মানুহে মুখ লুকাই ৰাখে, তেওঁ তাৰ দৰে; তেওঁক তুচ্ছ জ্ঞান কৰা হল, আৰু আমি তেওঁক বিশেষত্বহীন বুলি বিবেচনা কৰিলোঁ।
কিন্তু কিছু সংখ্যক লোকে ক’লে, “এইবোৰ মানুহ নতুন দ্ৰাক্ষাৰস পান কৰি মতলীয়া হৈছে।”
কিন্তু যি সকলৰ ভিতৰত ঈশ্বৰৰ আত্মা নাই, তেওঁলোকে ঈশ্বৰৰ আত্মাৰ কথা গ্ৰাহ্য নকৰে; কিয়নো তেওঁৰ মানত সেইবোৰ মূৰ্খতা। তেওঁ সেই কথাৰ তত্বও পাব নোৱাৰে। কিয়নো সেই বিষয়বোৰ মাত্র আত্মিকৰূপেহে বিচাৰ কৰা হয়।
চৌলে দায়ূদক ক’লে, “এয়া মোৰ ডাঙৰ ছোৱালী মেৰব। তোমাৰ ভাৰ্যা হবলৈ মই তাইক দিম। তুমি কেৱল মোৰ পক্ষে সাহিয়াল হোৱা আৰু যিহোৱাৰ বাবে যুদ্ধ কৰা।” কাৰণ চৌলে চিন্তা কৰিলে, “মোৰ হাত তেওঁৰ অহিতে নহওক, কিন্তু পলেষ্টীয়াসকলৰ হাত তেওঁৰ বিৰুদ্ধে হওক।”
তাৰ পাছত চৌলৰ জীয়েক মীখলে দায়ূদক প্ৰেম কৰিলে। তেতিয়া লোকসকলে সেই কথা চৌলক জনালে আৰু তেওঁ সন্তোষ পালে।