অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




1 চমূ 14:42 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া চৌলে ক’লে, “মোৰ আৰু মোৰ পুত্ৰ যোনাথনৰ মাজত চিঠি খেল কৰা।” তাতে যোনাথনক নিৰ্ণয় কৰা হ’ল।

অধ্যায়টো চাওক



1 চমূ 14:42
6 পৰস্পৰ সংযোগসমূহ  

চিঠি-খেলৰ গুটি কোঁচত পৰে, কিন্তু সিদ্ধান্ত যিহোৱাৰ পৰা হয়।


চিঠি-খেলে বিবাদ সমাপ্ত কৰে, আৰু পৰাক্রমী বিপক্ষ সকলক পৃথকে ৰাখে।


তাৰ পাছত তেওঁলোকে এজনে আন জনক ক’লে, “আমালৈ ঘটা এই অমঙ্গলৰ কাৰণে দোষী কোন, সেই বিষয়ে জানিবৰ বাবে আহাঁ আমি চিঠি খেলোহঁক।” এইবুলি তেওঁলোকে চিঠি খেলোতে, যোনাৰ নাম উঠিল।


তাৰ পাছত তেওঁৰ পৰিয়ালৰ সকলো লোকক এজন এজনকৈ মাতি আনোতে আখান ধৰা পৰিল, আখান কর্মীৰ পুত্ৰ, কর্মী জব্দীৰ পুত্ৰ, জব্দী জেৰহৰ পুত্ৰ; এওঁ যিহূদা ফৈদৰ আছিল।


তেতিয়া চৌলে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ক’লে, প্ৰকৃততে কি হয়, তাক দেখুৱাই দিয়া। তাতে চিঠি খেলৰ দ্বাৰাই যোনাথন আৰু চৌলক নিৰ্ণয় কৰা হ’ল, কিন্তু লোক সমূহ এৰা পৰিল।


তেতিয়া চৌলে যোনাথনক ক’লে, “তুমি কি কৰিলা, সেই বিষয়ে মোক কোৱা;” তাতে যোনাথনে তেওঁক ক’লে, “মোৰ হাতত থকা লাখুটিৰ আগেৰে যৎকিঞ্চিৎ মৌৰস লৈ সঁচাকৈ চাকিছিলোঁ হয়; চাওঁক, মই মৰিব লগা হওঁ।”