33 চিঠি-খেলৰ গুটি কোঁচত পৰে, কিন্তু সিদ্ধান্ত যিহোৱাৰ পৰা হয়।
সেই লোক সকলৰ মুখ্য লোক সকল আৰু অৱশিষ্ট লোক সকলৰ দহ জনৰ মাজত এজনক যিৰূচালেমত আৰু আন ন জনক বেলেগ নগৰত বাস কৰিবলৈ দিবৰ বাবে চিঠি খেলালে।
ক্ৰোধত ধীৰ লোক বীৰতকৈ উত্তম; আৰু নিজৰ মনক দমন কৰা লোক নগৰ জয়কাৰীতকৈয়ো শ্ৰেষ্ঠ।
চিঠি-খেলে বিবাদ সমাপ্ত কৰে, আৰু পৰাক্রমী বিপক্ষ সকলক পৃথকে ৰাখে।
অনেক লোকে শাসনকৰ্ত্তাৰ অনুগ্ৰহ বিচাৰে; কিন্তু তেওঁৰ বাবে যিহোৱাৰ পৰাহে ন্যায় আহে।
কিয়নো বাবিলৰ ৰজাই দুই বাটৰ জোৰাত, দুই বাটৰ মূৰত মঙ্গল চাবলৈ থিয় হ’ব। তেওঁ কাঁড় দুডাল ইফালে সিফালে জোকাৰিব, গৃহ-দেৱতাবোৰক সুধিব আৰু মেৰৰ আগমঙহ চাব।
তেতিয়া হাৰোণে সেই দুটা ছাগলীৰ বিষয়ে চিঠি খেলিব; এটা গুটি যিহোৱাৰ বাবে, আনটো অজাজেলৰ বাবে হ’ব।
তাৰ পাছত তেওঁলোকে এজনে আন জনক ক’লে, “আমালৈ ঘটা এই অমঙ্গলৰ কাৰণে দোষী কোন, সেই বিষয়ে জানিবৰ বাবে আহাঁ আমি চিঠি খেলোহঁক।” এইবুলি তেওঁলোকে চিঠি খেলোতে, যোনাৰ নাম উঠিল।
পাছত তেওঁলোকে দুয়ো জনৰ কাৰণে চিঠি খেলোতে মত্তথিয়ৰ নাম উঠিল আৰু তেওঁ এঘাৰ জন পাঁচনিৰ লগত গণিত হ’ল।
তেতিয়া যিহোচূৱাই চীলোত যিহোৱাৰ সাক্ষাতে তেওঁলোকৰ অৰ্থে চিঠি খেলালে৷ এইদৰে যিহোচূৱাই সেই ঠাইতে ইস্ৰায়েলৰ লোকসকলৰ ভাগ অনুসাৰে দেশখন ভাগ কৰি তেওঁলোকক দিলে।
তেওঁলোকে সেই ঠাই সাতোটা ভাগ কৰিব৷ যিহূদা দক্ষিণফালে থকা তেওঁলোকৰ সীমাৰ ভিতৰত থাকিব আৰু উত্তৰ ফালে আগতে থকাৰ দৰে যোচেফৰ বংশই নিজৰ সীমাত থাকিব।
এতেকে ৰাতিপুৱাতে তোমালোকে নিজ নিজ ফৈদ অনুসাৰে হাজিৰ হ’বা৷ তাতে চিঠি-খেলোতে যিহোৱাই যি ফৈদক ধৰিব, সেই ফৈদৰ এক এক গোষ্ঠী ওচৰ চাপি আহিব আৰু যিহোৱাই যি পৰিয়ালক ধৰিব, তাৰ এজন এজন পুৰুষ ওচৰ চাপি আহিব।
কিন্তু এতিয়া আমি গিবিয়া চহৰৰ প্ৰতি কি কৰিম, তাকেই ভাবিছো, চিঠি খেলৰ দ্বাৰাই বুজি পাম যে ঈশ্বৰে তাৰ বিৰুদ্ধে কি কৰিব।
কিন্তু তোমালোকে আজি তোমালোকৰ ঈশ্বৰক হেয়জ্ঞান কৰিলা, যি জনে সকলো আপদ আৰু সঙ্কটৰ পৰা তোমালোকক উদ্ধাৰ কৰিলে; তেওঁকেই তোমালোকে কৈছা, “আমাৰ ওপৰত এজন ৰজা নিযুক্ত কৰক’। সেয়ে, তোমালোকে এতিয়া নিজৰ ফৈদ অনুসাৰে আৰু নিজৰ গোষ্ঠী অনুসাৰে যিহোৱাৰ আগত উপস্থিত হোৱা।”