অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




লেবীয়া 6:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তাক তেলেৰে তাৱাত যুগুত কৰিব লাগিব; সেয়ে ভাজা হ’লে তাক তুমি ভিতৰলৈ আনিবা; তুমি যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে, সেই ভক্ষ্য নৈবেদ্যৰ সিজোৱা খণ্ডবোৰ উৎসৰ্গ কৰিবা।

অধ্যায়টো চাওক



লেবীয়া 6:21
8 পৰস্পৰ সংযোগসমূহ  

তেওঁলোকে দৰ্শন-পিঠা, শষ্য উৎসৰ্গৰ বাবে মিহি আটাগুড়ি, খমিৰ নিদিয়া পিঠা, তাৱাত সেক দিয়া পিঠা, তেলত মিহলোৱা, আৰু সকলো জোখ আৰু পৰিমান চোৱাৰ তত্বাৱধানত আছিল।


লেবীয়াসকলৰ মাজত কোৰহীয়া চল্লূমৰ প্ৰথম পুত্ৰ মত্তিথিয়া উৎসৰ্গৰ বাবে প্ৰস্তুত কৰা পিঠাৰ তত্বাৱধান কৰোঁতা হিচাবে নিযুক্ত আছিল।


আৰু কোনো মাটিৰ পাত্ৰৰ ভিতৰত সেইবোৰৰ শৱ পৰিলে, তাৰ ভিতৰত থকা সকলো বস্তু অশুচি হ’ব আৰু তোমালোকে তাক ভাঙি পেলাবা।


আৰু সেই ৰোগীয়ে যি কোনো মাটিৰ পাত্ৰ চুব, তাক ভাঙি পেলাব লাগিব আৰু সকলো কাঠৰ পাত্ৰ পানীত ধুব লাগিব।


আৰু যদি তাৱাত তাও দিয়া ভক্ষ্য নৈবেদ্য তোমাৰ উপহাৰ হয়, তেন্তে খমীৰ নিদিয়া তেল মিহলোৱা মিহি আটাগুড়িৰে কৰা পিঠা হ’ব।


পাছত হাৰোণৰ পুত্ৰসকলৰ মাজৰ যি জন তেওঁৰ পদত অভিষিক্ত পুৰোহিত হ’ব, তেওঁ ইয়াক উৎসৰ্গ কৰিব। ইয়াক যিহোৱাৰ উদ্দেশ্যে সম্পূৰ্ণৰূপে দগ্ধ কৰা হ’ব; এয়ে চিৰস্থায়ী বিধি।


যদি কোনোৱে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰে, তেনেহলে তেওঁ বলিৰ সৈতে, তেল মিহলোৱা খমীৰ নিদিয়া বিন্ধা থকা কেইটামান পিঠা, তেল নিদিয়া খমীৰ কেইটামান পাতল চকলীয়া পিঠা আৰু তেলত ভজা মিহি আটাগুড়িৰে কৰা তেল মিহলোৱা বিন্ধা থকা কেইটামান পিঠা উৎসৰ্গ কৰিব।


আৰু তন্দুৰত তাও দিয়া প্ৰত্যেক ভক্ষ্য নৈবেদ্য আৰু কেৰাহীত ভজা, বা তাৱাত তাও দিয়া সকলো বস্তু উৎসৰ্গকাৰী পুৰোহিতৰ হ’ব।