31 লেবীয়াসকলৰ মাজত কোৰহীয়া চল্লূমৰ প্ৰথম পুত্ৰ মত্তিথিয়া উৎসৰ্গৰ বাবে প্ৰস্তুত কৰা পিঠাৰ তত্বাৱধান কৰোঁতা হিচাবে নিযুক্ত আছিল।
কিন্তু বৰকৈ জোৰ কৰিবলৈ ধৰাত, তেওঁলোক লোটৰ লগত গৈ তেওঁৰ ঘৰত সোমাল; লোটে তেওঁলোকৰ কাৰণে খমীৰ নিদিয়া পিঠা সেকি এসাঁজ আহাৰ যুগুত কৰিলে আৰু তেওঁলোকক খাবলৈ দিলে।
তেওঁলোকে দৰ্শন-পিঠা, শষ্য উৎসৰ্গৰ বাবে মিহি আটাগুড়ি, খমিৰ নিদিয়া পিঠা, তাৱাত সেক দিয়া পিঠা, তেলত মিহলোৱা, আৰু সকলো জোখ আৰু পৰিমান চোৱাৰ তত্বাৱধানত আছিল।
দুৱৰীসকল চল্লুম, অক্কুব, টলমোন, অহীমন, আৰু তেওঁলোকৰ বংশৰ লোকসকল। চল্লূম তেওঁলোকৰ নেতা আছিল।
কোৰহৰ পুত্র অবিয়াচফ, অবিয়াচফ পুত্র কোৰি, কোৰিৰ পুত্র চল্লুম, আৰু তেওঁৰ পিতৃ বংশত কোৰহীয়া ভাইসকল আছিল। মন্দিৰৰ কামত নিযুক্ত আৰু তম্বুৰ দুৱাৰৰ ৰখীয়া আছিল। কেৱল তেওঁলোকৰ বংশৰ লোকহে যিহোৱা থকা ঠাইৰ প্ৰবেশস্থানৰ ৰখীয়া হৈছিল।
যি সকল লোকক দুৱাৰ ৰাখিবলৈ দুৱৰীস্বৰূপে মনোনীত কৰা হৈছিল তেওঁলোকৰ সংখ্যা সৰ্ব্বমুঠ দুশ বাৰ জন। এওঁলোকৰ গাঁৱৰ নাম জনবসতি লিপিৱদ্ধ কৰোঁতে লিখা হৈছিল। দায়ুদ আৰু চমূৱেল দৰ্শকে তেওঁলোকৰ বিশ্ৱাসৰ ভিত্তিত তেওঁলোকক কামত নিযুক্ত কৰিছিল।
কিন্তু চাৰিজন প্ৰধান লেবীয়া দুৱৰী আছিল, তেওঁলোক নিযুক্ত হৈ ঈশ্বৰৰ গৃহৰ কোঁঠাবোৰৰ আৰু ভঁৰালবোৰৰ ৰখীয়া নিযুক্ত হৈছিল।
আৰু যদি তাৱাত তাও দিয়া ভক্ষ্য নৈবেদ্য তোমাৰ উপহাৰ হয়, তেন্তে খমীৰ নিদিয়া তেল মিহলোৱা মিহি আটাগুড়িৰে কৰা পিঠা হ’ব।
আৰু যদি কেৰাহীত ভজা ভক্ষ্য নৈবেদ্য তোমাৰ উপহাৰ হয়, তেন্তে তেলত ভাজি মিহি আটাগুড়িৰে কৰিব লাগিব।
শস্য উৎসৰ্গ কৰাৰ নিয়ম এই। হাৰোণৰ পুত্ৰসকলে ইয়াক বেদীৰ আগত যিহোৱাৰ সন্মুখত উৎসৰ্গ কৰিব।
তাক তেলেৰে তাৱাত যুগুত কৰিব লাগিব; সেয়ে ভাজা হ’লে তাক তুমি ভিতৰলৈ আনিবা; তুমি যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে, সেই ভক্ষ্য নৈবেদ্যৰ সিজোৱা খণ্ডবোৰ উৎসৰ্গ কৰিবা।