Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




1 বংশা 23:29 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

29 তেওঁলোকে দৰ্শন-পিঠা, শষ্য উৎসৰ্গৰ বাবে মিহি আটাগুড়ি, খমিৰ নিদিয়া পিঠা, তাৱাত সেক দিয়া পিঠা, তেলত মিহলোৱা, আৰু সকলো জোখ আৰু পৰিমান চোৱাৰ তত্বাৱধানত আছিল।

অধ্যায়টো চাওক কপি কৰক




1 বংশা 23:29
16 পৰস্পৰ সংযোগসমূহ  

চলোমনে যিহোৱাৰ গৃহৰ সকলো বস্তু সোণেৰে নিৰ্ম্মাণ কৰোঁৱাইছিল: সেইবোৰ হ’ল, সোণৰ বেদী আৰু দৰ্শন-পিঠা থবৰ কাৰণে সোণৰ মেজ৷


তেওঁলোকে যিহোৱাৰ গৃহৰ পৰিচৰ্যাৰ বাবে হাৰোণৰ বংশধৰ সকলৰ সহায়কাৰী আছিল। তেওঁলোক চোতাল কেইখন, কোঁঠালিবোৰ, সকলো পবিত্ৰ বস্তু শুচি কৰা আৰু ঈশ্বৰৰ গৃহৰ আন সকলো কামৰ তত্বাৱধান কৰিছিল।


তেওঁলোকে প্ৰতি ৰাতিপুৱা আৰু গধূলি যিহোৱাৰ ধন্যবাদ আৰু প্ৰশংসাৰ বাবেও থিয় হৈছিল।


তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে প্ৰতি দিনে ৰাতিপুৱা আৰু সন্ধিয়া বেলা হোম-বলি উৎসৰ্গ কৰে আৰু সুগন্ধি ধূপ জ্বলায়৷ আৰু পবিত্ৰ মেজৰ ওপৰত যিহোৱাৰ আগত দিয়া পিঠা সজায় ৰাখে আৰু সন্ধিয়া বেলা জ্বলাবৰ বাবে প্ৰদীপবোৰৰ সৈতে সোণৰ দীপাধাৰ যুগুতাই থয়৷ কিয়নো আমি আমাৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালন কৰোঁ, কিন্তু তোমালোকে তেওঁক ত্যাগ কৰিলা।


পাছত তেওঁলোকে ৰজা হিষ্কিয়াৰ ওচৰলৈ গৈছিল আৰু কৈছিল, “আমি যিহোৱাৰ গৃহৰ আটাইবোৰ বস্তু, হোম-বেদি আৰু তাৰ সকলো সঁজুলি আৰু দৰ্শন-পিঠাৰ মেজ আৰু তাৰ সকলো পাত্ৰ শুচি কৰিলোঁ।


তাৰ বাবে দৰ্শন-পিঠা, প্রতিদিনৰ শস্য-নৈবেদ্য, বিশ্ৰামবাৰৰ হোম-বলি, ন-জোনৰ আৰু নিৰ্ধাৰিত পৰ্ব্ববোৰ, পবিত্ৰ-নৈবেদ্যৰ, আৰু ইস্ৰায়েলক প্ৰায়চিত্ত কৰিবৰ অৰ্থে পাপাৰ্থক বলি দিয়া আদি আমাৰ ঈশ্বৰৰ গৃহৰ সকলো কাৰ্যৰ কাৰণে এই সকলো কৰিম।


তুমি সেই মেজৰ ওপৰত মোৰ আগত সদায় দৰ্শন-পিঠা ৰাখিবা।


আৰু তন্দুৰত তাও দিয়া প্ৰত্যেক ভক্ষ্য নৈবেদ্য আৰু কেৰাহীত ভজা, বা তাৱাত তাও দিয়া সকলো বস্তু উৎসৰ্গকাৰী পুৰোহিতৰ হ’ব।


তেওঁ ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্ম পোৱা লোকসকলৰ পৰা পবিত্ৰ স্থানৰ চেকল অনুসাৰে সেই ধন এক হাজাৰ তিনিশ পঁয়ষষ্ঠি চেকল সংগ্রহ কৰিলে।


কেনেকৈ, তেওঁ ঈশ্বৰৰ গৃহত সোমাই উৎসর্গৰ পিঠা খাইছিল; সেই দর্শন পিঠা বিধানৰ মতে তেওঁ আৰু তেওঁৰ লগত থকা সকলে অৱশ্যেই খোৱা উচিত নাছিল৷ সেই পিঠা কেৱল পুৰোহিত সকলেহে খাব পাৰে।


সেই অনুসাৰে এটা তম্বু নির্ম্মাণ কৰা হৈছিল আৰু তাৰ ভিতৰত এটা কোঠালি যুগুত কৰিছিল৷ সেই তম্বুৰ প্ৰথম অংশক ‘অতি পবিত্ৰ স্থান’ বোলা হয়, তাতে দীপাধাৰ, মেজ আৰু ঈশ্বৰলৈ উৎসৰ্গ কৰা বিশেষ পিঠা থাকে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন