যোৰামে যেহূক দেখামাত্ৰকে সুধিলে, “যেহূ, তুমি শান্তিভাৱেৰে আহিছা নে?” তেওঁ ক’লে, “আপোনাৰ মা ঈজেবলৰ ব্যভিচাৰী কার্যৰ প্রতিমাপূজা আৰু মায়াকর্মৰ কাম যেতিয়া ইমান বেছিকৈ হৈছে তেন্তে তাত আৰু কি শান্তি থাকিব পাৰে?”
যিচ 57:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 ঈশ্বৰে কৈছে, “দুষ্টবোৰৰ তাত কোনো শান্তি নাই।” |
যোৰামে যেহূক দেখামাত্ৰকে সুধিলে, “যেহূ, তুমি শান্তিভাৱেৰে আহিছা নে?” তেওঁ ক’লে, “আপোনাৰ মা ঈজেবলৰ ব্যভিচাৰী কার্যৰ প্রতিমাপূজা আৰু মায়াকর্মৰ কাম যেতিয়া ইমান বেছিকৈ হৈছে তেন্তে তাত আৰু কি শান্তি থাকিব পাৰে?”
যদিও মই ভাবো, মই মিছাকৈয়ে শ্ৰম কৰিলোঁ,মই অনৰ্থক ৰূপে মোৰ শক্তি নষ্ট কৰিলোঁ; তথাপিও মোৰ ন্যায় যিহোৱাৰ লগত আছে, আৰু মোৰ পুৰস্কাৰ ঈশ্বৰৰ সৈতে আছে।
তেওঁলোকে শান্তিৰ পথ নাজানে, আৰু তেওঁলোকৰ পথত ন্যায় বিচাৰ নাই; তেওঁলোকে কুটিল পথ সাজে; যি জনে সেই পথত চলে, তেওঁ শান্তিৰ কথা নাজানে।
অৰ্থাৎ যিৰূচালেমৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰা আৰু শান্তি নথকাতো তাৰ বাবে দৰ্শন পোৱা ইস্ৰায়েলৰ ভাববাদীবোৰো নাই!” ইয়াক প্ৰভু যিহোৱাই কৈছে।’