Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 ৰাজা 9:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

22 যোৰামে যেহূক দেখামাত্ৰকে সুধিলে, “যেহূ, তুমি শান্তিভাৱেৰে আহিছা নে?” তেওঁ ক’লে, “আপোনাৰ মা ঈজেবলৰ ব্যভিচাৰী কার্যৰ প্রতিমাপূজা আৰু মায়াকর্মৰ কাম যেতিয়া ইমান বেছিকৈ হৈছে তেন্তে তাত আৰু কি শান্তি থাকিব পাৰে?”

অধ্যায়টো চাওক কপি কৰক




2 ৰাজা 9:22
16 পৰস্পৰ সংযোগসমূহ  

এইবোৰ সংঘটিত হোৱাৰ কাৰণ হ’ল, যি মায়াবিনী সুন্দৰী বেশ্যাই নিজৰ বেশ্যা কৰ্মৰ দ্বাৰাই জাতি সমূহক আৰু নিজৰ মায়াকাৰ্য্যৰ দ্বাৰাই প্রজাসকলক বিক্রী কৰিলে; তাইৰ অধিক বেশ্যাকৰ্মৰ কাৰণে এইবোৰ ঘটিছে।


কিন্তু ইস্ৰায়েলৰ ৰজাসকলৰ পথত চলিলা আৰু আহাবৰ বংশই কৰা নিচিনাকৈ যিহূদাক আৰু যিৰূচালেমৰ নিবাসীসকলক ব্যভিচাৰীৰ দৰে আচৰণ কৰিবলৈ দিলা - আৰু তোমাতকৈ উত্তম তোমাৰ পিতৃ-বংশৰ যি ভাইসকল, তেওঁলোককো তৰোৱালেৰে বধ কৰিলা -


চাকিৰ পোহৰ তোমাৰ মাজত কেতিয়াও দেখা নাযাব৷ দৰা আৰু কন্যাৰ মাত তোমাৰ মাজত কেতিয়াও শুনা নাযাব, কিয়নো তোমাৰ সদাগৰ সকল পৃথিৱীৰ ৰাজকুমাৰ আছিল, আৰু তোমাৰ মায়াকৰ্ম্মৰ দ্বাৰাই সকলো জাতিবোৰ ভ্ৰান্ত হ’ল।


কিয়নো সকলো জাতি তাইৰ ব্যভিচাৰৰ ক্ৰোধৰূপ দ্ৰাক্ষাৰসৰ দ্বাৰাই পতিত হ’ল৷ আৰু পৃথিৱীৰ ৰজা সকলে তাইৰে সৈতে ব্যভিচাৰ কৰিলে, তাইৰ বিলাসিতা শক্তিৰ প্ৰভাৱত পৃথিৱীৰ সদাগৰ সকল ধনৱন্ত হ’ল।”


কিন্তু যি জনক নিজ পত্নী ঈজেবলে উত্তেজিত কৰাই যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিবলৈ নিজকে বেচিলে, সেই আহাবৰ দৰে কোনো এজন লোক নাছিল।


কিয়নো যি সময়ত ঈজেবলে যিহোৱাৰ ভাববাদীসকলক বধ কৰি আছিল, সেই সময়ত ওবদিয়াই এশ ভাববাদীক লৈ পঞ্চাশজন পঞ্চাশজনকৈ গুহাত লুকুৱাই ৰাখি, অন্ন-জল দি তেওঁলোকক প্ৰতিপালন কৰিছিল।


পাছত সেইদৰে এজন অশ্বাৰোহী যেহূৰ সাক্ষাৎ হ’বলৈ ওলাই গ’ল আৰু তেওঁক ক’লে, “ৰজাই সুধিছে, আপোনালোক শান্তিভাৱেৰে আহিছে নে?” তাতে যেহূৱে ক’লে, “শান্তিৰে অহাটো তোমাক কিয় লাগে? তুমি ঘূৰি মোৰ পাছে পাছে আহাঁ।” সেই প্রহৰীজনে তেতিয়া ৰজাক খবৰ দিলে, “সেই বার্তাবাহকজন গৈ তেওঁলোকৰ ওচৰ পালে, কিন্তু তেওঁ এতিয়ালৈকে উভটি অহা নাই।”


এতিয়া তুমি মানুহ পঠিয়াই, ইস্ৰায়েলৰ সকলো লোকৰ লগতে ঈজেবলৰ মেজত ভোজন কৰোঁতা বালৰ চাৰিশ পঞ্চাশজন ভাববাদী আৰু সেই আচেৰাৰ চাৰিশ ভাববাদীক এতিয়াই কৰ্মিল পৰ্বতত মোৰ ওচৰত এক গোট কৰা।”


চমূৱেলে যিহোৱাই কোৱা অনুসাৰে কৰিলে আৰু বৈৎলেহেমলৈ গ’ল। নগৰৰ বৃদ্ধসকলে তেওঁক লগ ধৰিবলৈ আহি কঁপি কঁপি তেওঁক ক’লে, “আপুনি শান্তিৰ অৰ্থে আহিছে নে?”


ভালপোৱাৰ সময় আৰু ঘৃণা কৰাৰ সময় আছে; যুদ্ধ কৰাৰ এক সময় আছে আৰু শান্তি ৰক্ষা কৰাৰো সঠিক সময় আছে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন