20 কিন্তু দুষ্টবোৰ চঞ্চল সমুদ্ৰৰ দৰে; যি থিৰে থাকিব নোৱাৰে, আৰু তাৰ জল সমূহে বোকা আৰু মল তোলে;
এই হেতুকে অৰামৰ ৰজাৰ বৰকৈ খং উঠিল। সেয়ে তেওঁ নিজৰ দাসবোৰক মাতি ক’লে, “আমাৰ মাজৰ কোন মানুহ ইস্ৰায়েলৰ ৰজাৰ পক্ষত আছে, তাক তোমালোকে মোক নোকোৱানে?”
দুষ্ট লোকৰ সন্তাপ হ’ব; তেওঁৰ অমঙ্গল হ’ব; কাৰণ তেওঁৰ হাতৰ কাৰ্যৰ ফল তেওঁ পাব।
তেওঁলোকৰ মুখ-চোৱা কাৰ্যই তেওঁলোকৰ বিৰুদ্ধে সাক্ষ্য দিয়ে, আৰু তেওঁলোকৰ নিজৰ পাপ গোপন নকৰি চদোমৰ দৰে প্ৰকাশ কৰে। তেওঁলোকৰ সন্তাপ হ’ব! কাৰণ তেওঁলোকে নিজৰ ওপৰত আকস্মিক দুৰ্ঘটনা আনে।
যিহোৱাই কৈছে, “দুষ্ট লোকসকলৰ কাৰণে কোনো শান্তি নাই।”
তেওঁলোকে শান্তিৰ পথ নাজানে, আৰু তেওঁলোকৰ পথত ন্যায় বিচাৰ নাই; তেওঁলোকে কুটিল পথ সাজে; যি জনে সেই পথত চলে, তেওঁ শান্তিৰ কথা নাজানে।
দম্মেচকৰ বিষয়। হমাৎ আৰু অৰ্পদে লাজ পালে; কিয়নো সিহঁতে অমঙ্গলৰ বাৰ্ত্তা শুনি দ্ৰৱ হৈ গৈছে; সাগৰ খনত শোক দেখা গৈছে, সেয়ে স্থিৰ হ’ব নোৱাৰে।
তেওঁলোক হ’ল, আপোনালোকৰ প্ৰেম-ভোজত একেলগে ভোজন কৰোঁতে, পানীৰ তলত লুকাই থকা বিঘ্নজনক শিলস্বৰূপ। তেওঁলোকে নিজকে নিজে নিৰ্ভয়েৰে প্ৰতিপালন কৰে; তেওঁলোক বতাহৰ দ্বাৰাই চলাই নিয়া পানী নথকা মেঘ; তেওঁলোক হেমন্ত-কালৰ ফলহীন গছ, দুবাৰ মৰা আৰু উঘালি পৰা গছ;
তেওঁলোক নিজৰ লাজ স্বৰূপে ফেন উলিওৱা সাগৰৰ প্ৰচণ্ড ঢৌ; তেওঁলোক ভ্ৰমণকাৰী তৰাৰ নিচিনা; সেইবোৰৰ কাৰণে তেওঁলোকলৈ চিৰকালৰ বাবে ঘোৰ আন্ধাৰ সাঁচি থোৱা হৈছে।