আমাৰ কথা-বতৰাবোৰৰ কিমান শক্তি আছে, ভাবক! হিতোপদেশ ১৮:২১ত[1] এই কথা স্পষ্টকৈ কোৱা হৈছে। আমি আমাৰ মুখৰ কথাবোৰেৰে জীৱন দিব পাৰোঁ, আকৌ মৃত্যুও মাতি আনিব পাৰোঁ। গতিকে, ভাল কথা ক’বলৈ, আশীর্বাদ কৰিবলৈ আমি আমাৰ মুখ ব্যৱহাৰ কৰাটো কিমান জৰুৰী! ঈশ্বৰৰ প্ৰতিচ্ছবি হিচাপে এই পৃথিবীত আমি তেওঁৰ মহিমা প্ৰকাশ কৰিব লাগে।
মৃত্যু অনিবার্য, এই কথাটো আমি সদায় মনত ৰাখি প্ৰতিটো দিন খুব সাৱধানে আৰু পৰিশ্ৰমেৰে জীয়াই থাকিব লাগে। যীচুৱে আমাক মহান কামৰ বাবে মাতিছে, গতিকে আমি তেওঁৰ লগত আন্ধাৰত নহয়, পোহৰৰ বাটেৰে চলিব লাগে।
ঈশ্বৰে বিচাৰে আমি আমাৰ কথা-বতৰাবোৰৰ প্ৰতি সচেতন হওঁ, কাৰণ ইয়াৰ দ্বাৰা এই পৃথিবীত বাস্তৱ পৰিৱৰ্তন আনিব পাৰি। আমি পাপৰ বাটেৰে, যি বাটে মৃত্যুলৈ লৈ যায়, সেই বাটে নগৈ, জীৱনদাতা যীচুৰ লগত চলিবলৈ সংকল্প লওঁ।
তেতিয়া তুমি এই লোকসকলক কোৱা, ‘যিহোৱাই এইদৰে কৈছে, “চোৱা, মই তোমালোকৰ আগত জীৱনৰ পথ আৰু মৃত্যুৰ পথ ৰাখিছোঁ।
কাৰণ ঈশ্বৰৰ ইচ্ছাৰ দৰে হোৱা মনোদুখে, অনুতপ্ত নোহোৱাকৈয়ে পৰিত্রাণলৈ মন-পালটন কৰায়; কিন্তু সাংসাৰিক মনোদুখে অপৰিৱৰ্তনীয় মৃত্যু সাধন কৰে।
কিয়নো মৃত লোকৰ মাজৰ পৰা তোলা যি খ্ৰীষ্ট, তেওঁ পুণৰ কেতিয়াও নমৰে আৰু মৃত্যুৱে যে তেওঁৰ ওপৰত পুণৰ প্ৰভুত্ব কৰিব নোৱাৰে, ইয়াকো আমি জানো।
কিয়নো মোৰ এনে দৃঢ় বিশ্বাস আছে যে, তাৰ পৰা মৃত্যু বা জীৱন, স্বৰ্গৰ দূত বা শাসনকৰ্তা, বৰ্ত্তমান বা ভবিষ্যত বিষয় বা পৰাক্ৰম, ওপৰ বা তল বা আন কোনো সৃষ্ট বস্তুৱেই আমাক প্ৰভু খ্ৰীষ্ট যীচুত থকা ঈশ্বৰৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে।
কিয়নো পাপৰ বেচ মৃত্যু; কিন্তু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই ঈশ্বৰে দিয়া বিনামূলীয়া দান অনন্ত জীৱন।
কিন্তু এতিয়া আমাৰ ত্ৰাণকর্তা খ্ৰীষ্ট যীচুৰ আবির্ভাৱৰ দ্বাৰাই প্ৰকাশিত হ’ল; যি জনে মৃত্যুক বিনাশ কৰি, শুভবার্তাৰ দ্বাৰাই জীৱন আৰু অক্ষয়তাক পোহৰলৈ আনিলে;
কিয়নো পৰিত্ৰাণৰ পাত্ৰ আৰু বিনাশৰ পাত্ৰ সকলৰ মাজত আমি ঈশ্বৰলৈ খ্ৰীষ্টৰ সুঘ্ৰাণ স্বৰূপ। যি সকল হেৰাই গৈছে, তেওঁলোকৰ ওচৰত আমি মৃত্যুৰ পৰা উৎপন্ন মৃত্যুজনক গন্ধ; কিন্তু যি সকলে পৰিত্রাণ পালে, তেওঁলোকৰ ওচৰত আমি জীৱনৰ পৰা উৎপন্ন জীৱনদায়ক গন্ধ। এনে কৰ্মৰ যোগ্য কোন আছে?
বাহিনীসকলৰ যিহোৱাই কৈছে, মই যি যি ঠাইলৈ এই দুষ্ট গোষ্ঠীৰ অৱশিষ্ট ভাগ কৰি খেদিলোঁ, সেই সেই ঠাইত অৱশিষ্ট গোষ্ঠীৰ পক্ষে জীৱনতকৈ মৃত্যু বাঞ্ছনীয় হ’ব।
যীচুৱে মার্থাক ক’লে, “ময়েই পুনৰুত্থান আৰু জীৱনো; যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ মৰিলেও জীয়াই থাকিব; আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কোনো কালে নমৰিব। তুমি কি এই কথা বিশ্বাস কৰা নে?”
এনে কি, মই মৃত্যুছায়াৰ উপত্যকায়েদি চলিলেও, মই কোনো আপদলৈ ভয় নকৰোঁ, কিয়নো তুমি মোৰ সঙ্গত আছা; তোমাৰ লাখুটি আৰু লাঠিয়ে মোক শান্তনা দিয়ে।
পুৰ্বতে বিধান অবিহনে মই জীয়াই আছিলোঁ, কিন্তু পাছত সেই আজ্ঞা অহাত, পাপ পুনৰায় জীয়াই উঠিল আৰু মই মৰিলোঁ।
মই সঁচাকৈয়ে কওঁ, যি জনে মোৰ কথা শুনি মোক পঠোৱা জনত বিশ্বাস কৰে, তেওঁৰ অনন্ত জীৱন আছে আৰু তেওঁ দোষীৰূপে বিবেচিত নহ’ব, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ’ল।
পৌল, আপল্লো বা কৈফাই হওক নাইবা এই জগত, জীৱন বা মৃত্যুয়েই হওক, বৰ্তমান বা ভবিষ্যতৰ সকলো বিষয়, এই সকলো আপোনালোকৰ;
মই আপোনালোকৰ বিৰুদ্ধে আকাশ-মণ্ডল আৰু পৃথিবীক সাক্ষী কৰি কৈছোঁ যে, আজি মই আপোনালোকৰ সন্মুখত জীৱন আৰু মৃত্যু, আশীৰ্ব্বাদ আৰু শাও ৰাখিছোঁ; সেয়ে, আপোনালোক আৰু আপোনালোকৰ ভাবীবংশ যেন জীয়াই থাকিব পাৰে আপোনালোকে জীৱনক মনোনীত কৰক।
পাছত যেতিয়া এই ক্ষয়ৰ দেহাই অক্ষয়তাক আৰু এই মৃত্যুৰ দেহাই অমৰতাক পিন্ধিব, তেতিয়া এই যি কথা লিখা আছে, বোলে- “জয়ৰ অৰ্থে মৃত্যুক গিলি খোৱা হ’ল, সেয়ে সিদ্ধ হ’ব” “হে মৃত্যু, তোমাৰ জয় ক’ত? হে মৃত্যু, তোমাৰ হুল ক’ত?”
যিসকলে যিহোৱালৈ ভয় ৰাখে, যিসকলে তেওঁৰ অসীম দয়াৰ ওপৰত আশা ৰাখে, যিহোৱাৰ দৃষ্টি তেওঁলোকৰ ওপৰত থাকে, যাতে মৃত্যুৰ পৰা তেওঁলোকৰ প্রাণ ৰক্ষা কৰিব পাৰে; আকালৰ সময়ত তেওঁলোকক জীয়াই ৰাখিব পাৰে;
হে ভাইসকল, যিসকল লোক নিদ্রিত হ’ল তেওঁলোকৰ কি হ’ব সেই সম্বন্ধে আপোনালোকে একো নজনাকৈ থকাটো আমি নিবিচাৰোঁ; কাৰণ আশাহীন অন্য লোকৰ নিচিনাকৈ আপোনালোক শোকাকুল হোৱাটো আমি নিবিচাৰোঁ। কিয়নো যীচু মৰি পুনৰায় উঠিল, ইয়াক যদি আমি বিশ্বাস কৰোঁ, তেনেহলে আমি ইয়াকো বিশ্বাস কৰোঁ যে, ঈশ্বৰে যীচুৰ আশ্ৰয়ত মৃত্যু হোৱা সকলকো যীচুৰ লগত লৈ যাব।
ঈশ্বৰৰ সেই সকলো সন্তান তেজ আৰু মাংসৰ মানুহ। সেয়েহে যীচুৱে নিজেও সেই সন্তান সকলৰ দৰে এই উভয়ৰ সহভাগী হ’ল, যাতে মৃত্যুৰ মাধ্যমেদি মৃত্যুৰ ক্ষমতা যাৰ হাতত আছে সেই চয়তানক শক্তিহীন কৰিব পাৰে, আৰু
কিন্তু যি জন জীৱিত আৰু মৃত লোক সকলৰ সোধ-বিচাৰ কৰিবলৈ যুগুত আছে, তেওঁৰ আগত তেওঁলোকে হিচাব দিব লাগিব।
যি সকল হেৰাই গৈছে, তেওঁলোকৰ ওচৰত আমি মৃত্যুৰ পৰা উৎপন্ন মৃত্যুজনক গন্ধ; কিন্তু যি সকলে পৰিত্রাণ পালে, তেওঁলোকৰ ওচৰত আমি জীৱনৰ পৰা উৎপন্ন জীৱনদায়ক গন্ধ। এনে কৰ্মৰ যোগ্য কোন আছে?
কিয়নো যি জন লোকৰ মৃত্যু হয়, তেওঁৰ মৃত্যুত মই সন্তোষ নকৰোঁ” - এই কথা প্ৰভু যিহোৱাই ঘোষণা কৰিছে। “এই হেতুকে তোমালোক মনপালটন কৰি জীয়াই থাকা!”
“হে মৃত্যু, তোমাৰ জয় ক’ত? হে মৃত্যু, তোমাৰ হুল ক’ত?” মৃত্যুৰ হুল পাপ আৰু পাপৰ শক্তি বিধান৷ কিন্তু ঈশ্বৰক ধন্যবাদ দিওঁ, তেওঁ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই আমাক জয় দান কৰিলে।
তেওঁ চিৰকাললৈকে মৃত্যুক গ্ৰাহ কৰিব, আৰু প্ৰভু যিহোৱাই সকলোৰে চেহেৰাৰ পৰা চকুলো মচিব, আৰু গোটেই পৃথিৱীৰ পৰা নিজৰ প্ৰজাসকলৰ দুৰ্ণাম দূৰ কৰিব; কিয়নো যিহোৱাই এই কথা ক’লে।
জন্মৰ যেনেকৈ এক সময় আছে, মৃত্যুৰো তেনেকৈ সময় আছে; ৰোপণৰ সময় আছে আৰু উঘালি পেলাবৰো সময় আছে।
কিয়নো আমি জানো যে, যি তম্বুৰূপ পাৰ্থিৱ ঘৰত আমি আছোঁ, সেয়া যদি ভগ্ন হয়, তেনেহলে বিনাহাতে সজা ঈশ্বৰে থাকিবলৈ দিয়া এক অনন্তকলীয়া ঘৰ স্বৰ্গত আছে।
তিৰোতাৰ পৰা জন্ম পোৱা যি মনুষ্য, তেওঁ অলপদিনীয়া আৰু দুখেৰে পৰিপূৰ্ণ। কিন্তু মানুহ মৰে আৰু ক্ষয় পায়; মনুষ্যই প্ৰাণত্যাগ কৰিলে, পুনৰ ক’ত থাকিব? যেনেকৈ জলাহৰ পানী ঢুকাই যায়, আৰু নৈৰ পানী শুকাই সম্পূৰ্ণৰূপে নাইকিয়া হয়, তেনেকৈ মানুহ মৰিলে পুনৰ নুঠে, আকাশ-মণ্ডল লুপ্ত নহয়মানে তেওঁলোকে সাৰ নাপায়, আৰু তেওঁলোকক নিদ্ৰাৰ পৰা জগোৱা নহয়। অস, তুমি মোক চিয়োলত লুকুৱাই থোৱা হ’লে, তোমাৰ ক্ৰোধ মাৰ নাযোৱালৈকে মোক গুপ্তকৈ ৰখা হলে, তুমি মোৰ কাৰণে এটা সময় নিৰূপণ কৰি, মোক সোঁৱৰণ কৰা হ’লে, কেনে ভাল আছিল! যদি কোনো মানুহ মৰে, তেনেহলে তেওঁ কি পুনৰায় জীব নে? যদি জীয়ে, তেনেহলে মোৰ মুক্তিৰ দিন নহালৈকে, মই মোৰ ক্লান্তিৰ সময়খিনি বাট চায় থাকিম। তেতিয়া তুমি মাতিবা, আৰু মই উত্তৰ দিম; তেতিয়া তুমি তোমাৰ হাতে কৰা কৰ্মলৈ হাবিয়াহ কৰিবা। কিন্তু এতিয়া তুমি মোৰ ভৰিৰ খোজকো হিচাব কৰিছা; তুমি মোৰ পাপলৈ জানো চকু দি থকা নাই? মোৰ অধৰ্ম থৈলাত বন্ধ কৰি মোহৰ মৰা হৈছে, আৰু তুমি মোৰ অপৰাধ মোনাত ভৰাই বান্ধি থৈছা। কিন্তু পৰ্ব্বতো পৰি যায় আৰু নাইকিয়া হয়; আনকি বৃহৎ শিলকো নিজ ঠাইৰ পৰা আতৰোৱা হয়। পানীয়ে শিলবোৰকো ক্ষয় নিয়ায়, তাৰ ধল উঠি আহি পৃথিবীৰ মাটি খহাই লৈ যায়; সেইদৰে তুমি মানুহৰ আশাকো ভাঙি দিয়া। তেওঁ ফুলৰ দৰে ফুলে, আৰু জঁয় পৰে; তেওঁ ছাঁৰ দৰে অলপ সময়ৰ বাবে থাকে আৰু নাইকিয়া হয়, স্থিৰ হৈ নাথাকে;
“হে যিহোৱা, মোৰ জীৱনৰ শেষ গতি মোক জনোৱা; মোৰ আয়ুস কিমান দিনলৈকে আছে, তাক মোক জানিবলৈ দিয়া; মোৰ জীৱন যে কেনে অলপদিনীয়া, তাক মোক জ্ঞাত কৰা। চোৱা, তুমি মোৰ দিনবোৰ এবেগেতীয়া কৰিলা; তোমাৰ দৃষ্টিত মোৰ জীৱনকাল একো নোহোৱাৰ নিচিনা; বাস্তৱিক, সকলো মানুহ এক নিশ্বাস মাথোন। (চেলা)
যি সকলে কেৱল শৰীৰকহে বধ কৰে, কিন্তু আত্মাক বধ কৰিব নোৱাৰে, তেওঁলোকলৈ ভয় নকৰিবা; কিন্তু যি জনে আত্মা আৰু শৰীৰ, এই দুয়োকো নৰকত নষ্ট কৰিব পাৰে, তেওঁকেহে ভয় কৰিবা।
মাটিলৈ উলটি নোযোৱা পর্যন্ত মূৰৰ ঘাম পেলাই তুমি আহাৰ কৰিব লাগিব; কিয়নো তোমাক মাটিৰ পৰা লোৱা হৈছিল; তুমি ধুলি মাথোন আৰু পুনৰায় ধুলিলৈকে উলটি যাবা।”
তেওঁলোকৰ উশাহ বাহিৰ হৈ গ’লে, তেওঁলোক পুনৰায় মাটিলৈ ঘূৰি যায়; সেই দিনাই তেওঁলোকৰ সকলো পৰিকল্পনা শেষ হৈ যায়।
আমাৰ আয়ুস মাত্র সত্তৰ বছৰ, হয়তো শক্তি থাকিলে, আশী বছৰো হ’ব পাৰে; তথাপিতো আমি শক্তি থকা বছৰবোৰত মাথোন দুখ আৰু ক্লেশ থাকে; বছৰবোৰ বেগাই ঢুকাই যায় আৰু আমিও পলকতে উড়ি যাওঁ।
কিয়নো যদি আমি জীয়াই থাকো, তেনেহলে প্ৰভুৰ উদ্দেশ্যে জীওঁ; আৰু যদি মৰোঁ, তেনেহলে প্ৰভুৰ উদ্দেশ্যেই মৰোঁ; এই কাৰণে যদিও জীওঁ বা মৰোঁ, আমি প্ৰভুৰেই হৈ আছোঁ।
কাৰণ মৰ্ত্ত্যমাত্ৰেই তৃণ সদৃশ আৰু তাৰ সকলো গৌৰৱ তৃণৰ ফুল সদৃশ। তৃণ শুকাই আৰু ফুলো সৰে; কিন্তু প্ৰভুৰ বাক্য চিৰকাল থাকে; যি বাক্য আপোনালোকৰ আগত প্ৰচাৰ কৰা হ’ল, এয়ে সেই শুভবাৰ্তাৰ বাক্য।
কিন্তু মই হ’লে জানো, মোৰ মুক্তিদাতা জীয়াই আছে, শেষত তেওঁ পৃথিৱীৰ ওপৰত উঠি থিয় হ’ব। আৰু মোৰ গাৰ ছাল এইদৰে নষ্ট হোৱাৰ পাছত, মই শৰীৰবিহীন হৈ ঈশ্বৰক দৰ্শন কৰিম।
ঈশ্বৰৰ সেই সকলো সন্তান তেজ আৰু মাংসৰ মানুহ। সেয়েহে যীচুৱে নিজেও সেই সন্তান সকলৰ দৰে এই উভয়ৰ সহভাগী হ’ল, যাতে মৃত্যুৰ মাধ্যমেদি মৃত্যুৰ ক্ষমতা যাৰ হাতত আছে সেই চয়তানক শক্তিহীন কৰিব পাৰে, আৰু মৃত্যুৰ ভয়ত যি সকলে গোটেই জীৱন দাসত্বত কটাইছিল, তেওঁলোকক মুক্ত কৰিব পাৰে।
কিন্তু চিয়োলৰ হাতৰ পৰা ঈশ্বৰে মুক্তিৰ মূল্য দি মোৰ প্ৰাণ মুক্ত কৰিব; মোক তেওঁৰ নিজৰ ওচৰত গ্ৰহণ কৰি ল’ব। (চেলা)।
মৃতজনৰ কাৰণে জানো তুমি আচৰিত কৰ্ম কৰা? মৃতজনে উঠি জানো তোমাৰ স্তুতি কৰিব? (চেলা)। মৈদামত জানো তোমাৰ গভীৰ প্রেমৰ বৰ্ণনা আৰু বিনাশৰ ঠাইত জানো তোমাৰ বিশ্বস্ততাৰ কথা প্ৰচাৰ কৰা হব? অন্ধকাৰ স্থানত জানো তোমাৰ আচৰিত কৰ্ম জনা যাব? যি দেশৰ লোকক তুমি পাহৰি যোৱা, সেই ঠাইত জানো তোমাৰ ধাৰ্মিকতাৰ কার্য জনা যাব?
এতেকে তোমালোকো যুগুত হৈ থাকা; কিয়নো যি সময় তোমালোকে নাভাবা, সেই সয়তে মানুহৰ পুত্ৰ আহিব।
কিন্তু কোন জনক ভয় কৰিব লাগে সেই বিষয়ে মই তোমালোকক জনাওঁ৷ ভয় সেই জনক কৰিবা, যি জনৰ বধ কৰাৰ পাছত নৰকতো পেলাবৰ ক্ষমতা আছে৷ হয়, মই তোমালোকক কওঁ; তেওঁলৈকে ভয় কৰা।
ধাৰ্মিক লোক ধ্বংস হৈছে, কিন্তু ইয়াক কোনেও বিবেচনা নকৰে; আৰু বিশ্ৱাসযোগ্য চুক্তিৰ লোকসকল আঁতৰি যায়, কিন্তু কোনেও নুবুজে। সেয়ে ধার্ম্মিকসকল পাপৰ পৰা আতৰি যায়। তোমাৰ দীঘল যাত্রাৰ বাবে তুমি ভাগৰিলা; কিন্তু তুমি কেতিয়াও এই বুলি নকলা, “এইটো আশাহীন।” তুমি তোমাৰ হাতত জীৱন পালা; সেই কাৰণে তুমি দুৰ্ব্বল হোৱা নাই। তুমি কাৰ বিষয়ে চিন্তিত আৰু ভয় কৰিছা যে, তুমি অতি প্রতাৰণাপূৰ্বক কাৰ্য কৰিছা? তুমি মোক সোঁৱৰণ কৰা নাই বা মোৰ বিষয়ে গম্ভীৰভাৱে বিবেচনা কৰা নাই। মই বহুদিনৰ পৰা নিজম দি থকা নাই নে? কিন্তু তথাপিও তুমি মোক গম্ভীৰভাৱে লোৱা নাই। মইয়ে তোমাৰ ধাৰ্মিকতা প্ৰকাশ কৰিম, কিন্তু তোমাৰ কাৰ্যৰ দৰে, তোমাক সেইবোৰে সহায় নকৰিব। যেতিয়া তুমি কাতৰোক্তি কৰা, তেতিয়া তুমি গোটোৱা দেৱতাবোৰে তোমাক উদ্ধাৰ কৰক; কিন্তু সেই আটাইবোৰক বতাহে উৰোৱাই নিব, আৰু এক ফুঁতে সেইবোৰক নিয়া হব। তথাপি যি মানুহে মোত আশ্ৰয় লব, তেওঁ দেশৰ আধিপত্য পাব, আৰু মোৰ পবিত্র পৰ্ব্বতটোত অধিকাৰ কৰিব। তেওঁ ক’ব, “নিৰ্মাণ কৰা, নিৰ্মাণ কৰা! পথ যুগুত কৰা! মোৰ লোকসকলৰ বাবে পথৰ পৰা উজুটি খোৱা মূঢ়া দূৰ কৰা। এইটোৰ কাৰণে যি জন অনন্তকালস্থায়ী, যাৰ নাম পবিত্র, আৰু উৰ্দ্ধ আৰু উন্নত যি জন তেওঁ এইদৰে কৈছে, “মই উৰ্দ্ধলোকত আৰু পবিত্ৰ স্থানত বাস কৰোঁ, আৰু নম্ৰ মনৰ লোকসকলক সচেতন কৰিবলৈ, ভগ্নচিত্তীয়াসকলৰ হৃদয় সতেজ কৰিবলৈ, মই সেই ভগ্নচিত্তীয়া আৰু নম্ৰ মনৰ লোকৰ লগতো বাস কৰোঁ। কাৰণ মই সদায় অভিযোগ নকৰিম, নাইবা চিৰকাললৈকে মই ক্ৰোধ কৰি নাথাকিম; কিয়নো তেনে কৰিলে, মই নিৰ্মাণ কৰা জীৱন, মানুহৰ আত্মা মোৰ আগত মূৰ্চ্ছিত হ’ব। তেওঁৰ হিংসাত্মক কাৰ্যৰ দ্বাৰাই কৰা পাপৰ কাৰণে, মই ক্ৰোধিত হৈছিলো, আৰু তেওঁক দণ্ড দিছিলোঁ; মই মোৰ মুখ লুকুৱাই ক্ৰোধ কৰিলোঁ; কিন্তু তেওঁ বিপথে গৈ নিজৰ মনৰ ইচ্ছামতে চলি থাকিল। মই তেওঁৰ পথ দেখিলোঁ, কিন্তু মই তেওঁক সুস্হ কৰিম; মই তেওঁক চলাম, আৰু শোক কৰাসকলক শান্ত্বনা পুনৰায় দিম। আৰু মই ওঁঠৰ ফল সৃষ্টি কৰোঁ; যিহোৱাই কৈছে, ওচৰত থকা আৰু দূৰত থকা উভয়ৰ মাজত শান্তি হওক, শান্তি হওক; আৰু মই তেওঁলোকক সুস্থ কৰিম। তেওঁ শান্তিত প্ৰবেশ কৰে; যি সকলে তেওঁলোকৰ সত্যতাত চলে তেওঁলোকে নিজৰ শয্যাত বিশ্ৰাম কৰে।
কিয়নো তেওঁৰ ক্ৰোধ খন্তেকীয়া, তেওঁৰ দয়া হ’লে আজীৱন কাললৈকে; ৰাতিৰ দীর্ঘসময়ত ক্ৰন্দন থাকিব পাৰে, কিন্তু ৰাতিপুৱাতে আনন্দ আহে।
সেই সাক্ষ্য এই যে, ঈশ্বৰে আমাক অনন্ত জীৱন দিলে আৰু সেই জীৱন তেওঁৰ পুত্ৰত আছে। যিজনে পুত্ৰক পালে, তেওঁৰ জীৱন আছে; যিজনে ঈশ্বৰৰ পুত্ৰক পোৱা নাই, তেওঁৰ জীৱন নাই।
আপোনালোক ভ্ৰান্ত নহ’ব, ঈশ্বৰক প্ৰতাৰণা নকৰিব৷ কিয়নো মানুহে যিহকে ৰুৱে তাকেহে দাব। কাৰণ যি জনে নিজৰ মাংসৰ উদ্দেশ্যে ৰুৱে, তেওঁ মাংসৰ পৰা অৱক্ষয়ৰূপ শস্য দাব; কিন্তু যি জনে আত্মাৰ উদ্দেশ্যে ৰুৱে, তেওঁ আত্মাৰ পৰা অনন্ত জীৱনৰূপ শস্য দাব।
তেওঁৰ আয়ুসৰ দিন নিশ্চয় কৰা হ’ল, তেওঁৰ মাহৰ সংখ্যা তুমি জানি আছা, আৰু তেওঁ পাৰ হ’ব নোৱাৰাকৈ তুমি তেওঁৰ সীমা স্থাপন কৰিলা;