তোমালোকক কওঁ, যীচুৱে তেওঁৰ পাঁচনিসকলক বৰ মনোযোগেৰে প্ৰস্তুত কৰিছিল, কিয়নো তেওঁলোকে তেওঁৰ জীৱনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ মুহূৰ্তবোৰৰ সাক্ষী হ’বলৈ আৰু তেওঁৰ পুনৰুত্থানৰ সাক্ষ্য দিবলৈ আছিল। এই বাৰজন পাঁচনি আছিল তেওঁৰ বিশ্বাসী বন্ধু, বেছিভাগেই যীচুৰ দৰে গালীলীৰ আৰু কিছুমান বিবাহিতও আছিল। ভগৱানৰ বাক্যত কোৱা হৈছে, "এতেকে, যোহনে বাপ্তিস্ম দিয়া সময়ৰে পৰা, প্ৰভু যীচু আমাৰ মাজত অহা-যোৱা কৰা সকলো সময়ত, আমাৰ লগত থকা মানুহবিলাকৰ মাজৰ পৰা এজনক, আমাৰ লগত তেওঁৰ পুনৰুত্থানৰ সাক্ষী হ’ব লাগিব।" (পাঁচনিৰ কৰ্ম ১:২১-২২)। এই অংশত, পিতৰে আমাক বুজাইছে যে যিসকলে যোহনৰ বাপ্তিস্মৰ পৰা উপস্থিত আছিল, কেৱল তেওঁলোককে পাঁচনি হিচাপে বাছনি কৰিব পাৰি। তাৰ পিছত, তেওঁ কয় যে তেওঁলোকে যীচুৰ মৃত্যু আৰু পুনৰুত্থানৰ সাক্ষী হ’ব লাগিব। এতেকে, ভৱিষ্যতৰ পাঁচনিৰ বাবে প্ৰধান চৰ্ত আছিল যীচুৰ স্বৰ্গাৰোহণৰ দিনলৈকে তেওঁৰ লগত থকা আৰু তেওঁক দেখা।
সেই খ্ৰীষ্টই লোক সকলক এইৰূপে বৰ দান দিলে; কিছুমানক পাঁচনি, কিছুমানক ভাৱবাদী, কিছুমানক শুভবার্তা প্ৰচাৰক, কিছুমানক পালক আৰু শিক্ষক হবলৈ ক্ষমতা দিলে।
এইবোৰৰ ভিত্তিমূল পাঁচনি আৰু ভাৱবাদী সকল; খ্ৰীষ্ট যীচু স্বয়ং সেই ভিত্তিমূলৰ চুকৰ প্রধান শিল আৰু সেই ভিত্তিমূলৰ ওপৰতে আপোনালোক গঁথা হৈ আছে।
যীচুৱে তেওঁৰ বাৰ জন শিষ্যক একেলগে ওচৰলৈ মাতি তেওঁলোকক অশুচি আত্মাক খেদাবলৈ আৰু সকলো ধৰণৰ ৰোগ-ব্যাধি আৰু অসুস্থ জনক সুস্থ কৰিবলৈ অধিকাৰ দিলে।
পাঁচনি সকলে মহান শক্তিৰ প্ৰভাৱেৰে প্ৰভু যীচুৰ পুনৰুত্থানৰ সাক্ষ্য দিলে আৰু তেওঁলোক সকলোৱে মহা অনুগ্ৰহ প্ৰাপ্ত হল।
মই পৌল, এজন পাঁচনি। এই পাঁচনি পদ কোনো মানুহৰ পৰা বা মানুহৰ দ্বাৰাই মই পোৱা নাই, কিন্তু যীচু খ্ৰীষ্ট আৰু পিতৃ ঈশ্বৰ, যি জনে যীচুক মৃত লোকৰ মাজৰ পৰা তুলিছিল, তেওঁলোকৰ দ্বাৰাই মই পাঁচনি নিযুক্ত হ’লো।
কাৰণ, মোৰ ধাৰণা হয়, পাঁচনি সকল যি আমি, ঈশ্বৰে আমাক বধ কৰিবলৈ নিয়া লোক সকলৰ দৰে সমদলত শেষৰ শাৰীত প্রদর্শন কৰি ৰাখিছে। সেয়েহে আমি জগতৰ, স্বৰ্গৰ দূতৰ আৰু মনুষ্যৰ আগত এক কৌতুকৰ পাত্ৰ হৈছোঁ।
আপোনালোকৰ মাজত সকলো ধৈৰ্য, আচৰিত চিন, অদ্ভুত লক্ষণ আৰু পৰাক্ৰম কাৰ্যৰ দ্বাৰাই পাঁচনিৰ চিনবোৰ প্ৰকাশিত হৈছিল।
সেই বাৰ জন পাঁচনিৰ নাম এই, প্ৰথম চিমোন, যি জনক পিতৰো বোলে আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়, চিবদিয়ৰ পুতেক যাকোব আৰু তেওঁৰ ভায়েক যোহন, কিয়নো সেই কথা তোমালোকে নহয়, কিন্তু তোমালোকৰ পিতৃৰ আত্মাইহে তোমালোকৰ ভিতৰৰ পৰা কব। ককায়েকে ভায়েকক আৰু বাপেকে পুতেকক মৃত্যুদণ্ডলৈ শোধাই দিব। সন্তান সকলে মাক-বাপেকৰ বিৰুদ্ধে উঠি তেওঁলোকক মৃত্যুৰ মুখলৈ ঠেলি দিব। মোৰ নামৰ কাৰণে, তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা; কিন্তু যি জনে শেষলৈকে সহি থাকে, সেই জনেই পৰিত্ৰাণ পাব। যেতিয়া কোনো নগৰৰ লোকে তোমালোকক তাড়না কৰে, তেতিয়া আন এখন নগৰলৈ পলাই যাবা; মই তোমালোকক সঁচাকৈ কৈছোঁ, ইস্ৰায়েল দেশৰ সকলো নগৰলৈ তোমালোকে গৈ শেষ কৰাৰ আগেয়ে মানুহৰ পুত্ৰ আহিব। শিষ্য কেতিয়াও গুৰুতকৈ উর্দ্ধত নহয়, দাসো প্ৰভুতকৈ উর্দ্ধত নহয়। শিষ্য যদি গুৰুৰ দৰে আৰু দাস যদি নিজৰ প্ৰভুৰ দৰে হ’ব পাৰে, সেয়ে যথেষ্ট। ঘৰৰ গৰাকীকে যেতিয়া তেওঁলোকে বেলচবূব বুলিলে, তেনেহলে তেওঁৰ পৰিয়ালৰ আন সকলোকে কিমান অধিক বুলিব! গতিকে তোমালোকে তেওঁলোকলৈ ভয় নকৰিবা; কিয়নো লুকুৱাই ৰখা সকলো বিষয়েই প্রকাশ পাব আৰু গোপনে ৰখা সকলো বিষয়েই জনোৱা হ’ব। মই তোমালোকক আন্ধাৰত যি কওঁ, সেইবোৰ তোমালোকে পোহৰত প্ৰকাশ কৰিবা আৰু তোমালোকে কাণেৰে যি শুনিছা, সেইবোৰ ঘৰৰ ওপৰত উঠি ঘোষণা কৰিবা। যি সকলে কেৱল শৰীৰকহে বধ কৰে, কিন্তু আত্মাক বধ কৰিব নোৱাৰে, তেওঁলোকলৈ ভয় নকৰিবা; কিন্তু যি জনে আত্মা আৰু শৰীৰ, এই দুয়োকো নৰকত নষ্ট কৰিব পাৰে, তেওঁকেহে ভয় কৰিবা। দুটা ঘৰ-চিৰিকা ক্ষুদ্র পইচালৈ নেবেচে নে? তথাপি তোমালোকৰ পিতৃৰ অনুমতি অবিহনে সেইবোৰৰ এটিও মাটিত নপৰে। ফিলিপ আৰু বাৰ্থলময়, থোমা আৰু কৰ সংগ্রহকাৰী মথি, আলফয়ৰ পুতেক যাকোব আৰু থদ্দেয়, তোমালোকৰ মূৰৰ আটাইবোৰ চুলিৰো হিচাব ৰখা আছে। এই হেতুকে ভয় নকৰিবা; তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া। এতেকে যি কোনোৱে মানুহৰ আগত মোক স্বীকাৰ কৰে, ময়ো স্বৰ্গত থকা মোৰ পিতৃৰ আগত তেওঁক স্বীকাৰ কৰিম; কিন্তু মানুহৰ আগত যি কোনোৱে মোক অস্বীকাৰ কৰে, স্বৰ্গত থকা মোৰ পিতৃৰ আগত ময়ো তেওঁক অস্বীকাৰ কৰিম। মই পৃথিৱীত শান্তি দিবলৈ আহিলোঁ বুলি নাভাবিবা; শান্তি দিবলৈ নহয়, কিন্তু তৰোৱাল দিবলৈহে আহিলোঁ। বাপেকৰ বিৰুদ্ধে পুতেকৰ, মাকৰ বিৰুদ্ধে জীয়েকৰ, শাহুৱেকৰ বিৰুদ্ধে বোৱাৰীয়েকৰ ভেদ জন্মাবলৈহে আহিলোঁ; নিজৰ পৰিয়ালৰ লোক সকলেই মানুহৰ শত্ৰু হ’ব। যি কোনোৱে মোতকৈয়ো নিজৰ পিতৃ বা মাতৃক অধিক প্ৰেম কৰে, তেওঁ মোৰ উপযুক্ত নহয়; আৰু যি কোনোৱে মোতকৈ নিজৰ পুতেক বা জীয়েকক অধিক প্রেম কৰে, তেওঁ মোৰ উপযুক্ত নহয়। যি কোনোৱে নিজৰ ক্ৰুচ লৈ মোৰ পাছে পাছে নাহে; তেৱোঁ মোৰ উপযুক্ত নহয়। যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব বিচাৰে, তেওঁ জীৱন হেৰুৱাব; আৰু যি কোনোৱে মোৰ কাৰণে নিজৰ জীৱন উৎসর্গ কৰে, তেওঁ জীৱন পাব। জাতীয়তাবাদী চিমোন আৰু যীচুক যি জনে শত্রুৰ হাতত শোধাই দিছিল, সেই ঈষ্কৰিয়োতীয়া যিহূদা।
পাছত গালীল প্ৰদেশৰ যি পৰ্বত যীচুৱে নিৰূপণ কৰি থৈছিল তালৈকে তেওঁৰ এঘাৰ জন শিষ্য গ’ল; আৰু তেওঁক দেখা পাই প্ৰণিপাত কৰিলে; কিন্তু কোনো কোনোৱে সংশয় কৰিলে। তেতিয়া যীচুৱে ওচৰলৈ আহি তেওঁলোকক ক’লে, “বোলে, স্বৰ্গত আৰু পৃথিৱীত সকলো অধিকাৰ মোক দিয়া হ’ল। এই হেতুকে, তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁলোকক বাপ্তাইজ কৰা; চোৱা, তাতে বৰ ভুমিকম্প হ’ল; কিয়নো প্ৰভুৰ দূতে স্বৰ্গৰ পৰা নামি আহি শিলচটা বগৰালে আৰু তাৰ ওপৰতে বহিল। মই যি যি আজ্ঞা তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া; আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ”।
কিয়নো দূৰ্বলতাৰ দ্বাৰাই তেওঁক ক্রুচত দিয়া হৈছিল কিন্তু ঈশ্বৰৰ শক্তিৰ দ্বাৰাই তেওঁ জীয়াই আছে। আমিও তেওঁত দুর্বল আছোঁ কিন্তু ঈশ্বৰৰ শক্তিৰ কাৰণে, আমি তেওঁৰে সৈতে আপোনালোকৰ লগত জীৱন-যাপন কৰিম।
কাৰণ আমি নিজক নহয়, কিন্তু যীচু খ্ৰীষ্টক প্ৰভু আৰু যীচুৰ কাৰণে নিজক আপোনালোকৰ দাস বুলি প্রচাৰ কৰোঁ।
খ্ৰীষ্ট যীচুৰ দাস পৌল আৰু তীমথিয়, খ্ৰীষ্ট যীচুত থকা যি সকল পবিত্ৰ লোক ফিলিপীত আছে তেখেত সকলৰ সৈতে তেখেত সকলৰ অধ্যক্ষ আৰু পৰিচাৰক সকলৰ সমীপলৈ।
তেতিয়া তেওঁ বাৰ জনক নিযুক্ত কৰিলে (যি সকলক তেওঁ পাঁচনি নাম দিছিল) যাতে তেওঁলোক তেওঁৰ সঙ্গে সঙ্গে থাকিব পাৰে আৰু তেওঁলোকক যাতে প্রচাৰ কৰিবলৈ পঠিয়াব পাৰে,
দ্ৰাক্ষাৰসেৰে মতলীয়া নহব; কিয়নো তাত নষ্টামি আছে; কিন্তু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হওক;
আৰু যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে জগতৰ সকলো ঠাইলৈ গৈ সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্রচাৰ কৰা।
যেতিয়া মান্য হিচাপে খ্যাত নেতা যাকোব, কৈফা আৰু যোহনে বুজি পালে যে মই ঈশ্বৰৰ পৰা বিশেষ অনুগ্ৰহ পাইছোঁ, তেতিয়া মোক আৰু বাৰ্ণব্বাক কৰমর্দন কৰি তেওঁলোকৰ সহভাগিতাত গ্রহণ কৰিলে। তেওঁলোক ৰাজী হ’ল যে, আমি অনা-ইহুদী সকলৰ ওচৰলৈ যাম আৰু তেওঁলোক চুন্নৎ হোৱা সকলৰ ওচৰলৈ যাব;
মই পৌল, চীল আৰু তীমথিয়, পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টত থকা থিচলনীকীয়া সকলৰ মণ্ডলীৰ সমীপলৈ; অনুগ্ৰহ আৰু শান্তি আপোনালোকলৈ হওক।
পাছত পোহৰ হোৱাৰ সময়ত, তেওঁ তেওঁৰ শিষ্য সকলক নিজৰ ওচৰলৈ মাতিলে আৰু তেওঁলোকৰ মাজৰ পৰা বাৰ জনক মনোনীত কৰি তেওঁলোকক ‘পাঁচনি’ পদ দিলে। সেই পাঁচনি সকলৰ নাম হ’ল- চিমোন, এই জনক তেওঁ পিতৰ নাম দিছিল, আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়; যাকোব, যোহন, ফিলিপ, বাৰ্থলময়, মথি, থোমা, আলফয়ৰ পুতেক যাকোব, চিমোন, এই জন উদ্যোগী দলৰ লোক আছিল, যাকোবৰ পুতেক যিহুদা আৰু যিহূদা ঈষ্কৰিয়োতীয়া, এই জনে শেষত বিশ্বাসঘাতক হ’ল।
পৌল, চীল আৰু তীমথিয়, আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টত থকা থিচলনীকীয়া সকলৰ মণ্ডলীৰ সমীপলৈ,
যীচুৱে তেওঁলোকক ক’লে, “মই সঁচাকৈ তোমালোকক কওঁ, তোমালোক যি সকল মোৰ অনুগামী হ’লা, নতুন সৃষ্টিৰ সময়ত যেতিয়া মানুহৰ পুত্ৰ নিজৰ প্ৰতাপেৰে সিংহাসনত বহিব, তেতিয়া তোমালোকেও বাৰ খন সিংহাসনত বহিবা আৰু ইস্ৰায়েলৰ বাৰ ফৈদৰ সোধ-বিচাৰ কৰিবা।
পাছত যীচুৱে তেওঁৰ বাৰ জন পাঁচনিক একেলগে মাতি সকলো ভূতৰ ওপৰত ক্ষমতা আৰু ৰোগ সুস্থ কৰিবলৈকো শক্তি আৰু ক্ষমতা দিলে৷ পাছত যি পাঁচনি সকলক পঠোৱা হৈছিল তেওঁলোকে ঘূৰি আহি, যি যি কৰ্ম কৰিছিল সেই সকলোবোৰ কথা যীচুৰ আগত বৰ্ণনা কৰিলে। তেতিয়া তেওঁ তেওঁলোকক লগত লৈ বৈৎ-চৈদা নামেৰে এখন নগৰৰ ফালে কোনোৱে নজনাকৈ আতৰি গ’ল। কিন্তু লোক সকলে সেই কথা জানি, তেওঁৰ পাছে পাছে গ’ল৷ তেতিয়া যীচুৱেও তেওঁলোকক আনন্দেৰে গ্ৰহণ কৰি, ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিলে আৰু যি সকল লোকৰ সুস্থ হবলৈ প্ৰয়োজন আছিল, তেওঁলোকক সুস্থ কৰিলে। দিনৰ প্ৰায় শেষ ভাগত বাৰ জন পাঁচনি তেওঁৰ ওচৰলৈ আহি ক’লে, “আমি যি ঠাইত আহি আছোঁ সেয়া অতি নির্জন ঠাই৷ সেয়েহে লোক সকলক বিদায় দিয়ক, তেতিয়া তেওঁলোকে ওচৰৰ গাওঁত গৈ নিজৰ বাবে থকা ঠাই আৰু খোৱা বস্তু যোগাৰ কৰি লব পাৰিব৷” কিন্তু যীচুৱে তেওঁলোকক ক’লে, “তোমালোকেই তেওঁলোকক খাবলৈ দিয়া।” তেতিয়া তেওঁলোকে ক’লে, “আমি গৈ খোৱা বস্তু কিনি নানিলে, আমাৰ ওচৰত পাঁচটা পিঠা আৰু দুটা মাছতকৈ অধিক একোৱে নাই৷” কিয়নো তেওঁলোক প্ৰায় পাঁচ হাজাৰ মানুহ আছিল। তেতিয়া তেওঁ শিষ্য সকলক ক’লে, “তেওঁলোকক গোট গোট কৰি পঞ্চাশ জন পঞ্চাশ জনকৈ বহিবলৈ দিয়া।” তেতিয়া তেওঁলোকে আতাইকে তেনেদৰেই বহিবলৈ দিলে। যীচুৱে সেই পাঁচটা পিঠা আৰু দুটা মাছ হাতত লৈ, স্বৰ্গলৈ চাই সেইবোৰক আশীৰ্বাদ কৰিলে আৰু লোক সকলৰ আগত বিলাই দিবলৈ, তেওঁ ভাঙি ভাঙি শিষ্য সকলক দিলে। তাতে তেওঁলোক সকলোৱে খাই তৃপ্ত হ’ল। পাছত সকলোৰে খোৱা শেষ হোৱাত বস্তুবোৰৰ ৰৈ যোৱা টুকুৰা বাৰটা পাচিত ভৰোৱা হ’ল। এদিন যীচুৱে নিৰ্জন ঠাইত প্ৰাৰ্থনা কৰা সময়ত শিষ্য সকলো তেওঁৰ লগত আছিল, সেই সময়ত তেওঁ শিষ্য সকলক সুধিলে, “লোক সকলে মোক কোন বুলি কয়?” তেতিয়া তেওঁলোকে উত্তৰ দি ক’লে, “যোহন বাপ্তাইজক, কিন্তু আন কিছুমানে এলিয়া বুলি ভাৱে, আন কিছুমানে পূৰ্বকালৰ ভাববাদী সকলৰ কোনো এজন পুনৰায় জীৱিত হৈ উঠা লোক বুলি ভাবে।” ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰিবলৈ আৰু অসুস্থ লোক সকলক সুস্থ কৰিবলৈ তেওঁলোকক পঠিয়ালে৷
এইবোৰ কথা কোৱাৰ পাছত প্ৰভু যীচুৱে আন সত্তৰ জনক নিযুক্তি কৰিলে৷ তাৰ পাছত তেওঁ নিজে যি যি নগৰ আৰু ঠাইত যাব বিচাৰিছিল, সেইবোৰ ঠাইলৈ দুজন দুজনকৈ পঠিয়াই দিলে।
মই পৌল, খ্ৰীষ্ট যীচুৰ এজন পাঁচনি৷ আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰ আৰু আশাভুমি খ্ৰীষ্ট যীচুৰ আজ্ঞা অনুসাৰে নিযুক্ত৷
তোমালোকে যে মোক মনোনীত কৰিলা এনে নহয়, মইহে তোমালোকক মনোনীত কৰিলোঁ; আৰু তোমালোক যেন ফলৱন্ত হোৱা, তাতে তোমালোকৰ ফল যেন স্থায়ী হয়। মোৰ নামেৰে পিতৃৰ আগত যি খুজিবা, সেয়াই তেওঁ তোমালোকক দিব, এই কাৰণে তোমালোকক নিযুক্ত কৰিলোঁ।
মই পৌল, খ্ৰীষ্ট যীচুত থকা জীৱনৰ প্ৰতিজ্ঞা অনুসৰি, ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীচুৰ নিযুক্ত পাঁচনি;
মই পৌল, ঈশ্বৰৰ দাস আৰু যীচু খ্ৰীষ্টৰ নিযুক্ত পাঁচনি; ঈশ্বৰৰ মনোনীত লোকৰ বিশ্বাস সুদৃঢ় কৰিবলৈ আৰু ঐশ্বৰিক আচৰণৰ সত্যৰ জ্ঞান প্ৰতিষ্ঠা কৰিবলৈ মই সহায় কৰোঁ৷
পাছত তেওঁক ওপৰলৈ তুলি নিয়া দিনলৈকে তেওঁ মনোনীত কৰা পাঁচনি সকলক পবিত্ৰ আত্মাৰ দ্বাৰাই আজ্ঞা দিলে৷
কিন্তু যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোক আত্মাত শক্তিশালী হবা৷ তেতিয়া তোমালোকে যিৰূচালেম আদি কৰি গোটেই যিহুদীয়া, চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে মোৰ সাক্ষী হবা।”
তেনেহলে এনে এক মহৎ পৰিত্ৰাণ অগ্রাহ্য কৰিলে আমি কেনেকৈ ৰক্ষা পাব পাৰোঁ? এই উদ্ধাৰৰ কথা প্ৰথমে প্ৰভুৰ দ্বাৰাই ঘোষণা কৰা হৈছিল আৰু যি সকলে শুনিলে, তেওঁলোকে আমাৰ ওচৰত সেই উদ্ধাৰৰ সত্যতা প্রমাণ কৰিলে। ঈশ্বৰে নানা চিন, অদ্ভুত লক্ষণ, অনেক পৰাক্ৰম কাৰ্য আৰু নিজৰ ইচ্ছা অনুসাৰে পবিত্ৰ আত্মাৰ নানা বৰদানৰ দ্বাৰা এই বিষয়ে সাক্ষ্য প্রদান কৰিলে।
মই যাকোব, ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ এজন দাস, সিঁচৰিত হৈ থকা বাৰ ফৈদৰ লোক সকলৰ ওচৰলৈ এই সম্ভাষণ।
যেতিয়া তেওঁলোকে যিৰূচালেম নগৰ গৈ পালে, তাত তেওঁলোকে পিতৰ, যোহন, যাকোব, আন্দ্রিয়, ফিলিপ, থোমা, বাৰ্থলময়, মথি, আলফয়ৰ পুতেক যাকোব, উদ্যোগী চিমোন আৰু যাকোবৰ পুতেক যিহুদা থকা ঘৰৰ ওপৰৰ কোঠালিলৈ গ’ল। তাতে তেওঁলোকে কেইগৰাকীমান মহিলা, যীচুৰ মাক মৰিয়ম আৰু তেওঁৰ ভায়েক সকলৰ সৈতে সকলোৱে এক মনেৰে প্ৰাৰ্থনাত লাগি থাকিল।
মই পিতৰ, যীচু খ্ৰীষ্টৰ মনোনীত পাঁচনি, যি সকল প্ৰবাসী লোক পন্ত, গালাতীয়া, কোপ্পাদকিয়া, এচিয়া আৰু বিথুনিয়া দেশত গোট গোট হৈ আছে, তেখেত সকলৰ সমীপলৈ৷
পাছত তেওঁলোকে দুয়ো জনৰ কাৰণে চিঠি খেলোতে মত্তথিয়ৰ নাম উঠিল আৰু তেওঁ এঘাৰ জন পাঁচনিৰ লগত গণিত হ’ল।
মই আপোনালোকৰ মাজৰ পৰিচাৰক সকলক দৃঢ় আহ্বান জনাও যে, মইয়ো সহকর্মী সকলৰ এজন পৰিচাৰক আৰু খ্ৰীষ্টৰ দুখভোগৰ এজন সাক্ষী; প্ৰকাশিত হ’বলৈ উদ্যত হোৱা গৌৰৱৰ সহভাগী৷
মই চিমোন পিতৰ, যীচু খ্ৰীষ্টৰ এজন দাস আৰু পাঁচনি। যি সকলে আমাৰ ঈশ্বৰ আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টৰ ধাৰ্মিকতাৰ মাধ্যমত আমি লাভ কৰাৰ দৰে একেই অমূল্য বিশ্বাস লাভ কৰিছে, সেই সকলৰ সমীপলৈ।
তাৰ পাছত সকলোৱে এক উদ্দেশ্যেত সদায় মন্দিৰলৈ গৈ থাকিল আৰু ঘৰে ঘৰে পিঠা ভাঙি ঈশ্বৰৰ স্তুতি কৰি, সকলোৱে আনন্দেৰে আৰু নম্ৰ হৃদয়েৰে খোৱা-বোৱা কৰিলে; আৰু ঈশ্বৰৰ স্তুতি কৰি সকলো লোকৰ আদৰৰ পাত্ৰ হ’ল৷ প্ৰভুৱে দিনে দিনে পৰিত্ৰাণ পোৱা লোক সকলক তেওঁলোকৰ লগত লগ লগাই দিলে।
এদিন প্ৰাৰ্থনাৰ সময়ত, অৰ্থাৎ আবেলি প্ৰায় তিনি মান বজাত পিতৰ আৰু যোহন যিৰূচালেম মন্দিৰলৈ গৈ আছিল। পাছত তেওঁলোকে তেওঁক মন্দিৰৰ সুন্দৰ দুৱাৰত বহি ভিক্ষা খোজা মানুহ জন বুলি জানিবলৈ পোৱাত, তেওঁলৈ যি ঘটিল, সেই বিষয়ে বৰ আচৰিত হ’ল আৰু বিস্ময় মানিলে।
যি আদিৰে পৰা আছিল, যি আমি শুনিলোঁ, যি চকুৰে দেখিলোঁ, যি আমি মনোযোগেৰে দৃষ্টি কৰি দেখিলোঁ আৰু যি আমাৰ হাতেৰে অনুভৱ কৰিলোঁ, সেই জীৱনৰ বাক্যৰ প্ৰসংগ আমি লিখিলোঁ, আমি পাপ কৰা নাই বুলি যদি কওঁ, তেনেহলে তেওঁক মিছলীয়া পাতোঁ আৰু আমাৰ অন্তৰত তেওঁৰ বাক্য নাই। আৰু সেই জীৱন প্ৰকাশিত আছিল, আমি দেখিছিলোঁ, সাক্ষ্য বহন কৰিছিলোঁ আৰু আপোনালোকলৈ সেই অনন্ত জীৱন ঘোষণা কৰোঁ, যি অনন্ত জীৱন পিতৃৰ সৈতে আছিল আৰু আমাৰ আগত প্ৰকাশিত হ’ল; সেয়া আমি দেখিলোঁ, শুনিলোঁ আৰু আপোনালোকলৈ ঘোষণাও কৰিলোঁ, গতিকে আপোনালোকেও আমাৰ সৈতে সহভাগীতা ৰাখিব। আমাৰ যি সহভাগীতা, সেয়া পিতৃৰ সৈতে আৰু তেওঁৰ পুত্র যীচু খ্রীষ্টৰ সৈতে সহভাগিতা।
ঈশ্বৰৰ মনোনীত সেই ভদ্ৰ মহিলা পৰিচাৰিকা আৰু তেখেতৰ সন্তান সকলক মই সত্য প্ৰেম কৰোঁ; একমাত্ৰ ময়েই নহয়, কিন্তু যি সকলে সত্যক জানে তেওঁলোকেও প্ৰেম কৰে৷
পাছত পাঁচনি সকলৰ দ্বাৰাই মানু্হৰ মাজত অনেক চিন আৰু আচৰিত কার্য হবলৈ ধৰিলে। তেওঁলোক সকলোৱে চলোমনৰ বাৰাণ্ডাত গোট খাইছিল। তেওঁলোকৰ উদ্দেশ্যও একে আছিল। যদিও সকলোৱে তেওঁলোকক সমাদৰ কৰিলে, তথাপি আন লোক সকলে তেওঁলোকৰ মাজত সোমাবলৈ সাহস নকৰিলে। কিন্তু ইয়াৰ মাজৰে অনেক পুৰুষ আৰু মহিলাই বিশ্বাস কৰি প্রভুৰ বিশ্বাসত যোগ দিলে। ইয়াৰ উপৰি লোক সকলে পিতৰ অহা-যোৱা কৰোঁতে তেওঁৰ ছাঁ যেন ৰোগী সকলৰ গাত পৰে, এই আশাৰে ৰোগী সকলক বিচনা আৰু খাটত তুলি বাটৰ কাষত থলেহি। যিৰূচালেমৰ ওচৰ-পাজৰৰ নগৰৰ পৰা বহু মানুহে ৰুগীয়া আৰু অশুচি আত্মাই ধৰা লোক সকলক লৈ আহিল আৰু তেওঁলোকক সুস্থ কৰা হ’ল।
তেতিয়া বাৰ জন পাঁচনিয়ে সকলো শিষ্যকে মাতি আনি কলে- “আমাৰ কাৰণে ঈশ্বৰৰ বাক্য অৱহেলা কৰি ভোজনৰ পৰিচৰ্যা কৰা কামত লাগি থকা সঠিক কার্য হোৱা নাই। এই কাৰণে হে ভাই সকল, আপোনালোকে নিজৰ মাজৰ পৰা সাত জন সুখ্যাতি সম্পন্ন আৰু পবিত্ৰ আত্মাৰে পৰিপূর্ণ, জ্ঞানী লোকক বাছি লওঁক। আমি তেওঁলোকৰ ওপৰত এই কামৰ ভাৰ দিম। ইয়াৰ পাছত আমি প্ৰাৰ্থনা আৰু ঈশ্বৰৰ বাক্যৰ পৰিচর্যাত সদায় লাগি থাকিব পাৰিম।”
তোমাৰ কৰ্ম, পৰিশ্ৰম আৰু ধৈৰ্য মই জানো, যে, তুমি দুষ্ট সকলক সহিব নোৱাৰা; যি সকলে নিজকে পাঁচনি বোলে, কিন্তু পাঁচনি নহয়, তেওঁলোকক পৰীক্ষা কৰি অসত্য পালা৷
চমৰীয়া বাসীয়ে এনেদৰে ঈশ্বৰৰ বাক্য গ্ৰহণ কৰা শুনি যিৰূচালেমত থকা পাঁচনি সকলে পিতৰ আৰু যোহনক তেওঁলোকৰ ওচৰলৈ পঠিয়াই দিলে।
কিন্তু প্ৰভুৱে তেওঁক কলে, “তুমি যোৱা, কিয়নো অনা-ইহুদী আৰু ৰজা সকলৰ লগতে ইস্ৰায়েলৰ সন্তান সকলৰ আগত মোৰ নাম প্ৰচাৰ কৰিবলৈ, সেই জন মোৰ মনোনীত পাত্ৰ।
আটাই মানুহৰ আগত নহয়, কিন্তু তেওঁ মৃত বিলাকৰ মাজৰ পৰা উঠাৰ পাছত তেৱেঁ সৈতে ভোজন-পান কৰা ঈশ্বৰৰ মনোনীত সাক্ষী যি আমি, আমাৰ আগতহে প্ৰকাশিত হবলৈ দিলে৷
কিন্তু তোমালোক মোৰ সকলো পৰীক্ষাৰ সময়ত, মোৰ লগত থকা লোক হৈছা৷ মোৰ পিতৃয়ে যেনেকৈ মোক ৰাজ্য দান কৰিলে, সেইদৰে তোমালোককো মই ৰাজ্য দান কৰিলোঁ, তেতিয়া বাৰ জন পাঁচনিৰ মাজৰ যিহূদা, যাৰ উপনাম ঈষ্কৰিয়োতীয়া, তেওঁৰ ভিতৰত চয়তান সোমাল। মোৰ মেজত যেন ভোজন-পান কৰিবা, এই কাৰণে ময়ো তোমালোকৰ বাবে ৰাজ্য নিয়োজন কৰি থৈছোঁ৷ তাতে তোমালোকে সিংহাসনত বহি ইস্ৰায়েলৰ বাৰ ফৈদৰ সোধ-বিচাৰ কৰিবা।
এই কাৰণে যীচুৱে তেওঁলোকক পুনৰ ক’লে, “তোমালোকৰ শান্তি হওক, পিতৃয়ে যেনেকৈ মোক পঠালে, ময়ো তেনেকৈ তোমালোকক পঠিয়াই দিম”। এই কথা কৈ তেওঁ তেওঁলোকৰ ওপৰত নিশ্বাস পেলাই ক’লে, “পবিত্ৰ আত্মা গ্ৰহণ কৰা।
পাছত পাঁচনি সকল আৰু যিহুদীয়াত থকা ভাই সকলে শুনিবলৈ পালে যে, অনা-ইহুদী লোকেও ঈশ্বৰৰ বাক্য গ্ৰহণ কৰিলে৷
ইয়াকে দেখি পিতৰে লোক সকলক কলে- “হে ইস্ৰায়েলীয়া লোক সকল, আপোনালোকে কিয় ইয়াত এই কাৰ্য দেখি বিস্ময় মানিছে? আমি আমাৰ শক্তিৰে বা ভক্তিৰে এই মানুহ জনক খোজ কঢ়ালোঁ বুলি ভাবি আমাৰ ফালে কিয় একেথৰে চাই আছে?
পাছত তেওঁলোকৰ সবিশেষ বাৰ্তা যিৰূচালেমত থকা মণ্ডলীৰ কাণত যেতিয়া পৰিল, তেতিয়া মণ্ডলীয়ে বাৰ্ণব্বাক আন্তিয়খিয়ালৈ পঠিয়াই দিলে৷ তেওঁ তাত উপস্থিত হৈ, ঈশ্বৰৰ অনুগ্ৰহ দেখি আনন্দিত হ’ল; আৰু হৃদয়ৰ আগ্ৰহেৰে প্ৰভুত আসক্ত হৈ থাকিবলৈ সকলোকে উদগালে৷ কিয়নো তেওঁ উত্তম লোক হোৱাৰ উপৰি, পবিত্ৰ আত্মাৰে বিশ্বাসত পৰিপূৰ্ণ আছিল, তাতে মানুহৰ এটা ডাঙৰ দলে প্ৰভুত যোগ দিলে৷
সেই সময়ত হেৰোদ ৰজাই মণ্ডলীৰ কোনো কোনো লোকক অত্যাচাৰ কৰিব ধৰিলে এইদৰে প্ৰথম আৰু দ্বিতীয় প্ৰহৰীবোৰক পাৰ কৰি নগৰলৈ অহা-যোৱা কৰা যিখন লোহাৰ দুৱাৰ আছিল, সেয়া নিজে নিজে তেওঁলোকলৈ মুকলি হৈ গ’ল৷ তাতে তেওঁলোক বাহিৰলৈ আহি বাটৰ এমুৰ পাওঁতে তৎক্ষণাৎ দূতে তেওঁৰ লগ এৰিলে৷ তেতিয়া পিতৰে চেতনা পাই কলে, “প্ৰভুৱে তেওঁৰ দূত পঠিয়াই হেৰোদৰ হাতৰ পৰা আৰু ইহুদী লোকৰ সকলো আকাংক্ষাৰ পৰা মোক যে উদ্ধাৰ কৰিলে, এতিয়াহে মই নিশ্চয়কৈ জানিছোঁ৷” ইয়াকে তেওঁ জনাৰ পাছত, মাৰ্ক নামেৰে প্ৰখ্যাত হোৱা যি যোহন, তেওঁৰ মাক মৰিয়মৰ ঘৰলৈ গ’ল; তাতে অনেক লোক গোট খাই প্ৰাৰ্থনা কৰি আছিল৷ তেতিয়া তেওঁ বাহিৰৰ দুৱাৰত টুকুৰিওৱাত, ৰোদা নামেৰে এজনী চাকৰণীয়ে মাত দিবলৈ আহিল৷ তাতে তাই পিতৰৰ মাত শুনি বুজি পাই, আনন্দত দুৱাৰ মেলিবলৈ পাহৰি ভিতৰলৈ লৰি গৈ, পিতৰ দুৱাৰমুখত থিয় হৈ আছে বুলি কলেগৈ৷ তেতিয়া তেওঁলোকে তাইক কলে, “তই পাগলি হৈছ৷” কিন্তু তাই সঁচা বুলি দৃঢ়তাৰে নিশ্চিত ভাবে কলে৷ তেওঁলোকে কলে, “তেনেহলে সেই জন তেওঁৰ দূতহে হব৷” কিন্তু পিতৰে দুৱাৰত বাৰে বাৰে টুকুৰিয়াই আছিল, তেতিয়া তেওঁলোকে দুৱাৰ মেলি দিয়াত, তেওঁক দেখি বিস্ময় মানিলে৷ পিতৰে নিজম দি থাকিবলৈ হাতেৰে ইংগিত দি, প্ৰভুৱে কেনেকৈ তেওঁক বন্দীশালৰ পৰা মুকলি কৰি আনিলে, তাৰ বৃত্তান্ত তেওঁলোকৰ আগত বৰ্ণনা কৰিলে৷ আৰু কলে, “তোমালোকে যাকোব আৰু ভাই সকলক এই সংবাদ দিবা৷” ইয়াকে কৈ তেতিয়াই তেওঁ ওলাই আন ঠাইলৈ গুচি গ’ল৷ পাছে ৰাতিপুৱা হ’ল, পিতৰৰ নো কি হ’ল, এই বুলি সৈন্য সকলৰ মাজত বৰ হুলস্থুল লাগিল৷ তেতিয়া হেৰোদে তেওঁক বিচাৰি নাপাই, প্ৰহৰী সকলৰ সোধ-বিচাৰ কৰি প্ৰাণদণ্ডৰ আজ্ঞা দিলে৷ তেতিয়া তেওঁ যিহুদীয়াৰ পৰা চীজাৰিয়ালৈ গ’ল আৰু তাতে থাকিল৷ আৰু তেওঁ যোহনৰ ককায়েক যাকোবক তৰোৱালেৰে বধ কৰিবলৈ হুকুম দিলে৷
তেতিয়া পিতৰে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ তেওঁলোকক কলে- “হে লোক সকলৰ শাসনকৰ্তা আৰু পৰিচাৰক সকল,
আন্তিয়খিয়াত থকা মণ্ডলীত কেইজনমান ভাৱবাদী আৰু উপদেশক আছিল৷ তেওঁলোক বাৰ্ণব্বা, চিমোন, যি জনক নিগ্ৰ বোলে, কুৰীণীৰ লুকীয়, হেৰোদ ৰজাৰ লগত প্ৰতিপালিত হোৱা মনহেম আৰু চৌল৷ আৰু কলে, “হেৰৌ সকলো কপট আৰু দুষ্কৰ্মেৰে পৰিপূৰ্ণ হোৱাটো, চয়তানৰ পুতেক আৰু সকলো প্রকাৰ ধাৰ্মিকতাৰ শত্ৰু, তই প্ৰভুৰ সৰল পথ বিপৰীত কৰিবলৈ ৰখা নাই নে? আৰু এতিয়া চা, প্ৰভুৰ হাত তোৰ ওপৰত আছে আৰু তই কিছু সময়লৈকে সুৰ্য্য নেদেখি অন্ধ হৈ থাকিবি৷” তেতিয়াই ইলুমাইৰ চকু জলকতবক লাগিল আৰু অন্ধকাৰময় হ’ল; তেতিয়া তেওঁক হাতত ধৰি নিবলৈ তেওঁ মানুহ বিচাৰিবলৈ ধৰিলে৷ এই ঘটনা দেখি, সেই অধিপতিয়ে প্ৰভুৰ উপদেশত বিস্ময় মানি বিশ্বাস কৰিলে৷ ইয়াৰ পাছত পৌল আৰু তেওঁৰ লগৰ কেইজনে পাফঃ নগৰৰ পৰা সমুদ্ৰ-পথেদি পাম্ফুলিয়া দেশৰ পৰ্গা নগৰলৈ গ’ল৷ কিন্তু যোহনে তেওঁলোকক এৰি, যিৰূচালেমলৈ উলটি আহিল৷ পৌল আৰু তেওঁৰ লগৰ কেইজনে পৰ্গাৰ পৰা যাত্ৰা কৰি পিচিদিয়া দেশৰ আন্তিয়খিয়া নগৰ পাই তাতে বিশ্ৰামবাৰে নাম-ঘৰত সোমাই বহিল৷ তাতে বিধান-শাস্ত্ৰ আৰু ভাববাদী সকলৰ বাক্য পঢ়াৰ পাছত, নাম-ঘৰৰ অধিকাৰী সকলে তেওঁলোকৰ ওচৰলৈ কৈ পঠিয়ালে বোলে, “হে ভাই সকল, মানুহবোৰলৈ তোমালোকৰ যদি কোনো উদগণিৰ কথা আছে, তেনেহলে সেই বিষয়ে কোৱা৷” তেতিয়া পৌলে উঠি, হাতেৰে ইংগিত দি কলে, “হে ইস্ৰায়েলীয়া মানুহবোৰ আৰু হে ঈশ্বৰ ভয়কাৰী লোক সকল, শুনক৷ এই ইস্ৰায়েলী সকলৰ ঈশ্বৰে আমাৰ ওপৰ-পুৰুষ সকলক মনোনীত কৰিলে আৰু মিচৰ দেশত প্ৰবাসী হৈ থকা সময়ত মানুহবোৰৰ উন্নতি সাধন কৰি, তাৰ পৰা নিজ পৰাক্ৰমেৰে তেওঁলোকক বাহিৰ কৰি আনিলে৷ আৰু দুকুৰিমান বছৰলৈকে মৰুপ্ৰান্তত তেওঁলোকক পিতৃৰ নিচিনাকৈ প্ৰতিপালন কৰিলে৷ পাছত তেওঁ কনান দেশৰ সাত জাতিক উচ্ছেদ কৰি, তেওঁলোকৰ দেশখনক উত্তৰাধিকাৰ স্বৰূপে ইস্ৰায়েলী সকলক দিলে৷ যি সময়ত তেওঁলোকে প্ৰভুৰ উপাসনা কৰি লঘোন দি আছিল, সেই সময়তে পবিত্ৰ আত্মাই কলে, “যি কৰ্ম কৰিবলৈ মই বাৰ্ণব্বা আৰু চৌলক মাতিলোঁ, সেই কৰ্মৰ কাৰণে তেওঁলোকক মোলৈ পৃথক কৰি দিয়া৷” এইদৰে প্ৰায় চাৰি শ পঞ্চাশ বছৰ পাৰ হৈ গ’ল৷ তাৰ পাছত, চমূৱেল ভাববাদীৰ সময়লৈকে বিচাৰকৰ্তা সকলক নিযুক্ত কৰিলে৷ পাছত তেওঁলোকে এজন ৰজা বিচৰাত, ঈশ্বৰে বিন্যামীন ফৈদৰ কীচৰ পুত্ৰ চৌলক চল্লিশ বছৰলৈকে ৰাজত্ব কৰিবলৈ দিলে৷ ইয়াৰ পাছত ঈশ্বৰে ৰজাৰ শাসনৰ পৰা তেওঁক আতৰাই, তেওঁলোকৰ ৰজা হবলৈ দায়ুদক মনোনীত কৰিলে৷ আৰু দায়ুদৰ বিষয়ে ঈশ্বৰে সাক্ষ্য দি কলে, ‘মোৰ মনৰ দৰে এজনক, অৰ্থাৎ যিচয়ৰ পুত্ৰ দায়ুদক পালোঁ; তেওঁ মোৰ সকলো ইচ্ছা পূৰ্ণ কৰিব৷’ এই জন মানুহৰ বংশৰ পৰা ঈশ্বৰে প্ৰতিজ্ঞা কৰাৰ দৰে এজন ত্ৰাণকৰ্তা, অৰ্থাৎ যীচুক ইস্ৰায়েলী লোকৰ আগত উপস্থিত কৰিলে৷ যীচু অহাৰ আগেয়ে, যোহনে ইস্ৰায়েলী লোক সকলৰ আগত মন-পালটনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰিলে৷ যোহনে তেওঁৰ কাৰ্য সম্পন্ন কৰোঁতে, এই কথা কৈছিল, ‘আপোনালোকে মোক কোন বুলি ভাবিছে? মই সেই জন নহওঁ৷ কিন্তু শুনক, এনে এজন মোৰ পাছত আহি আছে, যি জনৰ চৰণৰ পাদুকাৰ বান্ধ খুলিবৰো মই যোগ্য নহওঁ৷’ হে ভাই সকল, হে অব্ৰাহামৰ বংশৰ সন্তান সকল আৰু আপোনালোকৰ মাজৰ ঈশ্বৰ ভয়কাৰী সকল, আমালৈ এই পৰিত্রাণৰ বাক্য পঠোৱা হৈছে৷ কিয়নো যিৰূচালেম নিবাসী আৰু তেওঁলোকৰ শাসনকৰ্তা সকলে তেওঁক নাজানি আৰু প্ৰত্যেক বিশ্ৰামবাৰত পঢ়া ভাববাদী সকলৰ বাক্যকো নুবুজি, যীচুক দোষাৰোপ কৰি, সেই বাক্য পূৰ্ণ কৰিলে৷ আনকি প্ৰাণদণ্ডৰ কোনো কাৰণ বিচাৰি নাপাই, তেওঁক বধ কৰিবলৈ পীলাতৰ আগত নিবেদন কৰিলে, আৰু তেওঁৰ বিষয়ে যি যি কথা লিখা আছিল; তেওঁলোকে সেই সকলোকে সম্পন্ন কৰি তেওঁক কাঠৰ পৰা নমাই মৈদামত শুৱাই থলে৷ তাতে তেওঁলোকে লঘোন দি প্ৰাৰ্থনা কৰি, সেই দুজনৰ ওপৰত হাত দি পঠিয়াই দিলে৷
কিন্তু পাঁচনি বার্ণব্বা আৰু পৌলে যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁলোকে নিজৰ পোছাক ফালি দৌৰি বাহিৰলৈ গৈ লোক সকলক উদ্দেশ্য কৰি চিঞৰি চিঞৰি ক’লে,
তেতিয়া পিতৰ আৰু আন পাঁচনি সকলে উত্তৰ দি কলে, “আমি মানুহৰ নহয়, ঈশ্বৰৰহে আজ্ঞা মনা উচিত। তেতিয়া পিতৰে তেওঁক কলে- “হে অননিয়, পবিত্ৰ আত্মাৰ ওচৰত মিছা মাতিবলৈ চয়তানক তুমি কিয় তোমাৰ হৃদয়ত কার্য কৰিবলৈ দিলা? কিয় তুমি মাটি বেছা ধনৰ কিছু অংশ নিজলৈ লুকাই ৰাখিলা? যি জনক আপোনালোকে কাঠত ওলোমাই হত্যা কৰিলে, আমাৰ পূৰ্ব-পুৰুষ সকলৰ ঈশ্বৰে সেই জন যীচুক মৃত্যুৰ পৰা জীয়ালে। সেই যীচুক ঈশ্বৰে ৰজা আৰু ত্ৰাণকর্তা হিচাপে নিজৰ সোঁ হাতে বহুৱাই উন্নত কৰিলে, যাতে ইস্ৰায়েলী সকলে মন-পালটন কৰে আৰু যীচুৱে যেন তেওঁলোকৰ পাপ ক্ষমা কৰিব পাৰে। এই কথাৰ আমি সাক্ষী আছোঁ আৰু যি সকল ঈশ্বৰৰ বাধ্য হয়, ঈশ্বৰে তেওঁলোকক যি পবিত্ৰ আত্মা দিছে, সেই পবিত্র আত্মাও ইয়াৰ সাক্ষী।”
পৌল আৰু বার্ণব্বাই এই শিক্ষাৰ বিৰোধিতা কৰিলে আৰু তেওঁলোকৰ মাজত তর্ক-বিতর্ক হ’ল। পাছত ভাই সকলে সিদ্ধান্ত ললে যে, এই বিষয়ৰ মীমাংসাৰ কাৰণে পৌল, বার্ণব্বা আৰু আন কেইজনমান যিৰূচালেমত থকা পাঁচনি আৰু পৰিচাৰক সকলৰ ওচৰলৈ যাওঁক।
চিমোনে যেতিয়া দেখিলে যে পাঁচনি সকলে হাত দিয়াত পবিত্ৰ আত্মা দান কৰা হৈছে, তেতিয়া তেওঁ পাঁচনি সকলক ধন যাচি কলে, “এই শক্তি মোকো দিয়ক, ময়ো যেন যি জনৰ ওপৰতে হাত ৰাখো, তেওঁ যেন পবিত্ৰ আত্মা পায়।” ভক্ত লোক সকলে স্তিফানক মৈদাম দিলে আৰু তেওঁৰ কাৰণে বৰকৈ ক্রন্দন কৰিলে। কিন্তু পিতৰে চিমোনক ক’লে, “তুমি আৰু তোমাৰ ধন ধ্বংস হওক; কিয়নো তুমি ভাবিলা ঈশ্বৰৰ দান ধনেৰে কিনিব পৰা যায়। আমাৰ এই কামত তোমাৰ কোনো ভাগ বা অংশ নাই, যিহেতু ঈশ্বৰৰ আগত তোমাৰ হৃদয় সৰল নহয়।
পিতৰ ঘৰত সোমাওঁতে কৰ্ণীলিয়ই দেখা কৰি তেওঁক সন্মান জনাবলৈ চৰণত পৰি প্ৰণাম কৰিলে৷ কিন্তু পিতৰে তেওঁক তুলি ধৰি কলে, “উঠা; ময়ো মানুহহে৷”
পাছত তেওঁলোক নগৰবোৰৰ মাজেদি যাওঁতে যিৰূচালেমত পাঁচনি আৰু পৰিচাৰক সকলে লিখি দিয়া নিৰ্দেশনাবোৰ পালন কৰিবলৈ মণ্ডলীবোৰক জনালে। পৌল আৰু চীল কাৰাগাৰৰ পৰা ওলাই লুদীয়াৰ ঘৰলৈ গ’ল। তাতে তেওঁলোক গৈ ভাই সকলৰ লগত দেখা হ’ল আৰু তেওঁলোকক উৎসাহ উদ্দীপনা দিলে। তাৰ পাছত পৌল আৰু চীলে নগৰ এৰি গুছি গ’ল। এইদৰে মণ্ডলীবোৰ বিশ্বাসত দৃঢ় হৈ দিনে দিনে লেখত বৃদ্ধি পাবলৈ ধৰিলে।
তাতে একো সংশয় নকৰাকৈ তেওঁলোকৰ লগত যাবলৈ আত্মাই মোক আজ্ঞা দিলে৷ পাছত এই ভাই ছয় জন মোৰ লগত গ’ল আৰু আমি সেই মানুহৰ ঘৰত গৈ সোমালো৷
সেই সময়ত আপল্লো নামেৰে এজন ইহুদী মানুহ ইফিচলৈ আহিছিল৷ তেওঁ আলেকজেন্দ্ৰিয়া নিবাসী, এজন সুবক্তা আৰু ধৰ্মশাস্ত্ৰৰ বিষয়বোৰত নিপূণ আছিল। তেওঁ যোহনৰ বাপ্তিস্মৰ বিষয়ে শিক্ষা পাইছিল আৰু আত্মাত উৎসাহিত হৈ ঈশ্বৰৰ বাক্য বিশদৰূপে ঘোষণা কৰিছিল; কিন্তু তেওঁ যোহনৰ বাপ্তিস্মৰ বিষয়েহে জানিছিল। পাছত তেওঁ নাম-ঘৰত সাহসেৰে প্ৰচাৰ কৰিবলৈ ধৰিলে; তেতিয়া প্ৰিষ্কিলা আৰু আক্কিলাই তেওঁৰ এই কথা শুনাত, তেওঁক তেওঁলোকৰ ওচৰলৈ লৈ আহিল আৰু ঈশ্বৰৰ পথৰ বিষয়ে বিশদভাবে বুজাই দিলে।
যিহূদা প্রদেশৰ পৰা কেইজনমান লোক আহি বিশ্বাসী ভাই সকলক এই শিক্ষা দিলে যে, “মোচিৰ বিধান অনুসাৰে চুন্নৎ কার্য নকৰিলে, আপোনালোকে উদ্ধাৰ নাপাব।” গতিকে, আমাৰ পিতৃপুৰুষ আৰু আমি যি যুৱঁলিৰ বোজা বব পৰা নাই, সেই বোজা অনা-ইহুদী শিষ্য সকলৰ কান্ধত তুলি দি এতিয়া আপোনালোকে কিয় ঈশ্বৰৰ পৰীক্ষা কৰিছে? কিন্তু আমি বিশ্বাস কৰোঁ যে, তেওঁলোকেও আমাৰ দৰেই প্রভু যীচুৰ অনুগ্রহৰ দ্বাৰাই পৰিত্ৰাণ লাভ কৰিব।” তেতিয়া সকলো মানুহ নীৰৱ হৈ গ’ল আৰু বার্ণব্বা আৰু পৌলৰ যোগেদি অনা-ইহুদী সকলৰ মাজত ঈশ্বৰে যি আচৰিত কর্ম আৰু চিন দেখুৱালে, সেই সকলো ঘটনা মানুহবোৰে তেওঁলোকৰ পৰা শুনিলে। তেওঁলোকে কথা কৈ শেষ কৰাৰ পাছত যাকোবে কবলৈ আৰম্ভ কৰিলে, “ভাই সকল, মোৰ কথা শুনক। চিমোন পিতৰে ক’লে, কেনেকৈ ঈশ্বৰে প্রথমবাৰৰ বাবে অনা-ইহুদী সকলক প্রেম কৰিলে আৰু নিজৰ নামৰ কাৰণে অনা-ইহুদী সকলৰ মাজৰ পৰা কিছুলোকক গ্রহণ কৰিলে। এই বিষয়ত ভাৱবাদী সকলৰ কথাৰো মিল আছে, যেনেকৈ লিখা আছে: এইবোৰৰ পাছত মই উলটি আহিম, দায়ুদৰ ভাঙি যোৱা পঁজা মই পুনৰায় গঢ়িম মই তাৰ ভগ্নাৱশেষ পুনৰ নির্ম্মাণ কৰি থিক কৰিম, যাতে মানৱ জাতিৰ অৱশিষ্ট অংশই প্রভুৰ অন্বেষণ কৰিব পাৰে; মোৰ নামেৰে আমন্ত্রিত সকলো অনা-ইহুদীও ইয়াৰ অন্তর্ভুক্ত। যি জন প্ৰভুৱে পূৰ্বতে এই বিষয়বোৰ জনাইছিল, তেওঁ এই কথা কৈছে।” এই কাৰণে মোৰ বিচাৰ এই যে, যি সকল অনা-ইহুদী লোক ঈশ্বৰলৈ ঘূৰিছে; আমি তেওঁলোকক কষ্ট দিয়া উচিত নহয়। পৌল আৰু বার্ণব্বাই এই শিক্ষাৰ বিৰোধিতা কৰিলে আৰু তেওঁলোকৰ মাজত তর্ক-বিতর্ক হ’ল। পাছত ভাই সকলে সিদ্ধান্ত ললে যে, এই বিষয়ৰ মীমাংসাৰ কাৰণে পৌল, বার্ণব্বা আৰু আন কেইজনমান যিৰূচালেমত থকা পাঁচনি আৰু পৰিচাৰক সকলৰ ওচৰলৈ যাওঁক।
সেয়েহে আমি কেইজনমানক মনোনীত কৰিবলৈ একমত হ’লো আৰু তেওঁলোকক আমাৰ প্রিয় ভাই বার্ণব্বা আৰু পৌলৰ সৈতে আপোনালোকৰ ওচৰলৈ পঠালোঁ। পৌল আৰু বার্ণব্বাই আমাৰ প্রভু যীচু খ্রীষ্টৰ নামৰ কাৰণে নিজৰ জীৱন বিপদাপন্ন কৰিছে; এই কাৰণে আমি যিহূদা আৰু চীলক পঠালোঁ। তেওঁলোকে আপোনালোকক একেবোৰ কথাকে কব।
আপল্লো কৰিন্থত থকা সময়ত পৌলে উচ্চভূমি অঞ্চলৰ মাজেদি আহি ইফিচ চহৰ পালেহি; তাতে তেওঁ কেইজনমান শিষ্যক লগ পালে৷
পাছত তেওঁ মিলীতৰ পৰা ইফিচলৈ মানুহ পঠাই, মণ্ডলীৰ পৰিচাৰক সকলক মতাই আনিলে। তেওঁলোক তেওঁৰ ওচৰলৈ অহাত, তেওঁ কবলৈ ধৰিলে “মই এচিয়ালৈ অহাৰ প্ৰথম দিনাৰে পৰা আপোনালোকৰ লগত সকলো সময়ত থাকি, সম্পূৰ্ণ নম্ৰতা আৰু চকুলোৰে,
এই ছোৱালী জনীয়ে পৌল আৰু আমাৰ পিছে পিছে আহিল আৰু উচ্চস্বৰে ক’লে “এই মানুহবোৰ সর্বোপৰি ঈশ্বৰৰ দাস। তেওঁলোকে পৰিত্রাণৰ পথৰ বিষয়ে আপোনালোকৰ আগত ঘোষণা কৰিছে।”
এতিয়া অনা-ইহুদী লোক যি আপোনালোক, আপোনালোকক মই কৈছোঁ। যেতিয়ালৈকে মই অনা-ইহুদী সকলৰ নিযুক্ত পাঁচনি হৈ আছোঁ, মোৰ সেই পৰিচৰ্যা পদৰ গৌৰৱ কৰিছোঁ;
কাৰণ আমাৰ এই শৰীৰত যেনেকৈ অনেক অঙ্গ-প্ৰত্যঙ্গ আছে, অথচ সেই সকলো অঙ্গ-প্ৰত্যঙ্গৰ একে ৰূপৰ কাৰ্য নহয়, তেনেকৈ আমিও অনেক হৈ খ্ৰীষ্টত এক দেহ হওঁ আৰু প্ৰতিজনে পৰস্পৰ অঙ্গ-প্ৰত্যঙ্গ হৈ আছোঁ।
অনা-ইহুদী সকলে যেন পবিত্ৰ আত্মাৰ দ্বাৰাই পবিত্ৰীকৃত নৈবেদ্য স্বৰূপে পৰম গ্ৰহণীয় হয়, এই আশয়েৰে, মই অনা-ইহুদী সকলৰ বাবে খ্ৰীষ্ট যীচুৰ সেৱকৰূপে, ঈশ্বৰৰ শুভবাৰ্তাৰ পৰিচৰ্যা কৰিবলৈ পালোঁ৷
ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰা খ্ৰীষ্ট যীচুৰ আমন্ত্রিত পাঁচনি পৌল আৰু আমাৰ ভাই চোন্থিনিৰ পৰা এই পত্র।
তেনেহলে আপল্লো কোন? পৌলেই বা কোন? এওঁলোক ঈশ্বৰৰ পৰিচাৰক মাথোন; এওঁলোকৰ যোগেদি আপোনালোক বিশ্বাসী হ’ল। প্ৰভুৱে প্ৰতিজনকে নিজ নিজ কার্যবোৰ দিলে;
মই স্বাধীন নহয় নে? মই পাঁচনি নহয় নে? আমাৰ প্ৰভু যীচুক মই জানো দেখা নাই? প্ৰভুত কৰা মোৰ কৰ্মৰ ফল আপোনালোকেই জানো নহয়?
তথাপি মই যি হৈছোঁ; ঈশ্বৰৰ অনুগ্ৰহেৰেহে হৈছোঁ; আৰু মোলৈ তেওঁৰ যি অনুগ্ৰহ, সেয়ে ব্যৰ্থ নহ’ল; কিন্তু মই তেওঁলোকতকৈ অধিক পৰিশ্ৰম কৰিলোঁ; কিন্তু ময়েই যে কৰিলোঁ, এনে নহয়, ঈশ্বৰৰ অনুগ্ৰহে মোৰ লগত কৰিলে।
কিয়নো পাঁচনি সকলৰ মাজত মই সকলোতকৈ সৰু, এনে কি, পাঁচনি নাম পাবৰো যোগ্য নহওঁ; কাৰণ মই ঈশ্বৰৰ মণ্ডলীক তাড়না কৰিছিলোঁ।
এতেকে ঈশ্বৰে আমাক ৰাজদূত পাতি, আমাৰ দ্বাৰাই মিনতি কৰোঁৱাৰ দৰে আমি খ্ৰীষ্টৰ কাৰণে ৰাজদূতৰ কৰ্ম কৰিছোঁ৷ খ্ৰীষ্টৰ হৈ এই বিনয় কৰোঁ: “আপোনালোকে ঈশ্বৰৰ সৈতে মিলন হওক!”
ভাই সকল, মই আপোনালোকক জনাবলৈ বিচাৰো যে, মই যি শুভবাৰ্তা প্রচাৰ কৰিছোঁ, সেয়া কোনো মানুহৰ মত অনুসাৰে নহয়। কাৰণ মই মানুহৰ পৰা তাক পোৱা নাই আৰু মোক শিকোৱাও নাই; কিন্তু যীচু খ্ৰীষ্টই নিজে এই বিষয়ে মোৰ আগত প্রকাশ কৰিলে।
ঈশ্বৰৰ ইচ্ছা অনুসাৰে হোৱা খ্ৰীষ্ট যীচুৰ পাঁচনি পৌল, আৰু তীমথিয় ভাই - কৰিন্থত থকা ঈশ্বৰৰ মণ্ডলীৰ আৰু গোটেই আখায়া দেশত থকা সকলো পবিত্ৰ লোকৰ সমীপলৈ:
এই মান্যৱন্ত লোক সকলে দেখিলে যে ঈশ্বৰে মোক অচুন্নৎ সকলৰ ওচৰত শুভবার্তা প্রচাৰৰ দায়িত্ব দিছে, যেনেকৈ চুন্নৎ হোৱা সকলৰ ওচৰত শুভবার্তা প্রচাৰৰ দায়িত্ব পিতৰৰ ওপৰত দিছিল। কিয়নো চুন্নৎ হোৱা সকলৰ প্ৰতি যি ঈশ্বৰে পিতৰৰ হৈ পাঁচনি পদৰ কার্য সাধন কৰিছে, তেওঁ অনা-ইহুদী সকলৰ কাৰণে মোৰ হৈয়ো একে পাঁচনি পদৰ কাৰ্য সাধন কৰিছে;
প্ৰথম দিনৰে পৰা এতিয়ালৈকে শুভবাৰ্তা ঘোষণাৰ কাৰ্যত আপোনালোকৰ সহভাগিতা থকাৰ বাবে মই ধন্যবাদ কৰোঁ৷
আৰু যীচু, যাক যুষ্ট বোলে, এওঁলোকে আপোনালোকক মঙ্গলবাদ কৰিছে; এওঁলোক চুন্নৎ হোৱা লোক আৰু কেৱল এওঁলোকেই ঈশ্বৰৰ ৰাজ্যৰ কাৰণে মোৰ সহকাৰী; এওঁলোক মোৰ শান্তিজনক হ’ল।
কিন্তু যেনেকৈ ঈশ্বৰে আমাক বিচাৰ কৰি বিশ্বাসী গণ্য কৰিলে আৰু শুভবার্তা জনোৱাৰ ভাৰ দিলে; তেনেকৈ আমি মানুহক সন্তুষ্ট নকৰি আমাৰ হৃদয়ৰ পৰীক্ষা কৰোঁতা ঈশ্বৰকহে সন্তুষ্ট কৰি কওঁ।
এই হেতুকে, হে ভাই সকল, থিৰে থাকক; পত্রৰ দ্বাৰা বা কথাৰ দ্বাৰাই যি যি শিক্ষা আমি আপোনালোকক দিলোঁ, সেই সকলোকে ধৰি ৰাখক।
বিশ্বাসৰ উত্তম যুদ্ধত প্ৰাণপণ কৰা৷ যি অনন্ত জীৱনৰ বাবে তুমি আমন্ত্ৰিত হ’লা আৰু অনেক সাক্ষীৰ আগত যি উত্তম বিশ্বাস স্বীকাৰ কৰিলা, তাক তুমি ধাৰণ কৰি থাকা৷
আৰু অনেক সাক্ষীৰ আগত মোৰ পৰা যি যি শুনিলা, সেই সকলো কথা অন্য লোকক শিকাবলৈ, বিশ্বাসী আৰু নিপুণ লোক সকলক সমর্পণ কৰা।
তুমি তেখেত সকলক সোঁৱৰাবা; তেখেত সকলে যেন শাসনকৰ্তা আৰু ক্ষমতা পোৱা লোক সকলৰ বশীভুত হৈ তেওঁলোকৰ আজ্ঞা পালন কৰে, সকলো সৎকর্ম্মত যুগুত হয় থাকে, আৰু
আপোনালোকৰ যি নায়ক সকলে আপোনালোকক ঈশ্বৰৰ বাক্য কৈ গ’ল, তেওঁলোকক সোঁৱৰণ কৰক; আৰু তেওঁলোকৰ জীৱন, আচৰণৰ শেষগতি চাই-চিন্তি, তেওঁলোকৰ বিশ্বাসৰ অনুকাৰী হওক।
এতেকে আপোনালোক ঈশ্বৰৰ বশীভুত হওক আৰু চয়তানক প্ৰতিৰোধ কৰক; তাতে সি আপোনালোকৰ মাজৰ পৰা পলাই যাব।
কিন্তু আপোনালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিত সমূহ, পবিত্ৰ জাতি, আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছে যাতে, যি জনে আপোনালোকক আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমন্ত্ৰণ কৰিলে, আপোনালোকে যেন তেওঁৰ সদগুণ প্ৰকাশ কৰে৷ এই কাৰণে
আপোনালোকে যেনেকৈ প্ৰতিজনে অনুগ্ৰহৰ বৰ পালে, তেনেকৈ ঈশ্বৰৰ বহুবিধ অনুগ্ৰহৰূপ ধনৰ উত্তম তত্ৱাৱধায়কৰদৰে, আপোনালোকে পৰস্পৰক সেৱা শুশ্ৰূষা কৰক;
সেয়া আমি দেখিলোঁ, শুনিলোঁ আৰু আপোনালোকলৈ ঘোষণাও কৰিলোঁ, গতিকে আপোনালোকেও আমাৰ সৈতে সহভাগীতা ৰাখিব। আমাৰ যি সহভাগীতা, সেয়া পিতৃৰ সৈতে আৰু তেওঁৰ পুত্র যীচু খ্রীষ্টৰ সৈতে সহভাগিতা।
যি কোনোৱে খ্রীষ্টৰ উপদেশত নাথাকি সীমা পাৰ হৈ যায়, তেওঁত ঈশ্বৰ নাই; যি জনে সেই উপদেশত থাকে, তেওঁত পিতৃ আৰু পুত্ৰ, এই উভয়েই আছে।
এক বংশৰ লোকে পাছৰ বংশৰ লোকৰ ওচৰত তোমাৰ কাৰ্যবোৰৰ শলাগ ল’ব, তোমাৰ মহৎ কাৰ্যবোৰ প্ৰকাশ কৰিব।
জ্ঞানীলোকক শুনিবলৈ দিয়া আৰু তেওঁলোকক শিক্ষাত বৃদ্ধি হ’বলৈ দিয়া। আৰু তীক্ষ্নবুদ্ধি সম্পন্ন লোকক পথপ্রদৰ্শন কৰা;
প্ৰজ্ঞা হৈছে অতি গুৰুত্বপূৰ্ণ বিষয়, সেয়ে প্ৰজ্ঞা অৰ্জন কৰা; আৰু তুমি অৰ্জন কৰা প্রজ্ঞাক সকলোতে ব্যৱহাৰ কৰা, তাতে তুমি বিবেচনা শক্তি লাভ কৰিবা।
তোমালোক জগতৰ পোহৰ। পৰ্বতৰ ওপৰত থকা নগৰ গুপ্ত হ’ব নোৱাৰে। মানু্হে চাকি লগাই পাত্রৰে ঢাকি নথয়, কিন্তু গছাৰ ওপৰত থয় আৰু ই ঘৰৰ সকলোকে পোহৰ দিয়ে। এইদৰে তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওক; তাতে তেওঁলোকে তোমালোকৰ ভাল কৰ্ম দেখি, স্বৰ্গত থকা তোমালোকৰ পিতৃৰ স্তুতি কৰিব।
পাছত যীচুৱে তেওঁৰ বাৰ জন পাঁচনিক একেলগে মাতি সকলো ভূতৰ ওপৰত ক্ষমতা আৰু ৰোগ সুস্থ কৰিবলৈকো শক্তি আৰু ক্ষমতা দিলে৷