Biblia Todo Logo
বাইবেলৰ পদ
- বিজ্ঞাপন -

শ্ৰেণী

উল্লাসিত হওকভালপোৱাবন্ধুত্বপ্ৰশংসা আৰু পূজাতুমি পান কৰাপিতৃ-মাতৃআশীৰ্বাদবিবাহআৰামজন্মদিনআশাইভানজেলিজ কৰকভৰসাশক্তিঅন্তিম সংস্কাৰযুৱক-যুৱতীবিবাহ-বিবাহমহিলামৃত্যুশিশুপ্ৰসাদপ্ৰাৰ্থনাদুঃখিতপৰিত্ৰাণস্বাস্থ্যপবিত্ৰতাঅনন্ত জীৱনপাৰেঈশ্বৰযীচুআধ্যাত্মিক বাস্তৱতাপ্ৰয়োজনৰ সময়আশীৰ্বাদ কৰামধ্যস্থতা কৰাউপবাসবিশেষ দিনকৃতজ্ঞতাআজ্ঞাবহতাসকলো অনুষ্ঠানঈশ্বৰৰ বস্তুবোৰপ্ৰকৃতিশান্তিবিখ্যাতমৰমলগাদেওবাৰবিশেষ অনুষ্ঠানমন্ত্ৰালয়সমূহদৰ্শনাৰ্থীবিষ আৰু অসুবিধাউল্লাহকু-অভ্যাস আৰু নিচাভৱিষ্যদ্বাণীধনযৌন বিষয়বস্তুপাপন্যায়কঠিন পদমুখস্থ কৰকজীৱনৰ পৰ্যায়সমূহপ্ৰাৰ্থনাঅনুৰোধভিজিলছনিমন্ত্ৰণী পত্ৰউশাহখ্ৰীষ্টমাছবিশ্বাসবাইবেলৰ প্ৰতিজ্ঞাসুৰক্ষাপবিত্ৰ আত্মামূৰ্তিপূজা

150 ঈশ্বৰৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ শ্লোক

150 ঈশ্বৰৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ শ্লোক
হিতো 3:5-6

তুমি সমস্ত মনেৰে সৈতে যিহোৱাক বিশ্বাস কৰা; আৰু তোমাৰ নিজৰ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা। তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা, আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব।

ফিলিপীয়া 4:13

মই খ্ৰীষ্টৰ দ্ৱাৰাই সকলো কাম সিদ্ধ কৰিব পাৰোঁ, কিয়নো তেওঁ মোক বলৱান কৰে।

গীত 55:22

যিহোৱাত তোমাৰ সকলো চিন্তাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব; তেওঁ ধাৰ্মিক লোকক কেতিয়াও পৰিবলৈ নিদিয়ে।

গীত 37:5

তোমাৰ পথ যিহোৱাত সমৰ্পণ কৰা; তেওঁত ভাৰসা ৰাখা; তাতে তেৱেঁই সকলো কৰিব।

যিচ 41:10

ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ; মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, আৰু মোৰ বিজয় যুক্ত সোঁ হাতেৰে তোমাক ধৰি ৰাখিম।

যিৰি 17:7-8

যি পুৰুষে যিহোৱাত নির্ভৰ কৰে, আৰু যি জনাৰ বিশ্বাস-ভুমি যিহোৱা, সেই পুৰুষ ধন্য। কিয়নো তেওঁ জলৰ দাঁতিত ৰোৱা, আৰু নদীৰ পাৰত বহু শিপা মেলা গছৰ নিচিনা হ’ব। খৰ মাৰিলে সি ভয় নকৰিব, কিন্তু তাৰ পাত কেঁচাই থাকিব। আৰু তেতিয়া অনা বৃষ্টিৰ বছৰতো তাৰ চিন্তা নহ’ব, আৰু গুটি নলগাকৈ নাথাকিব।

গীত 46:10

যিহোৱাই কৈছে, “তোমালোক ক্ষান্ত হোৱা, মই যে ঈশ্বৰ, ইয়াকে জানা! সকলো জাতিয়ে মোকেই গৌৰৱান্বিত কৰিব, পৃথিৱীয়ে মোকেই গৌৰৱান্বিত কৰিব।”

মথি 6:33

কিন্তু তোমালোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা; তাতে এই সকলোবোৰ তোমালোকক দিয়া হ’ব।

1 পিতৰ 5:7

আপোনালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়ক; কিয়নো আপোনালোকৰ কাৰণে তেওঁ চিন্তা কৰে।

যিচ 26:3-4

যাৰ মনে আপোনাত নিৰ্ভয় কৰে, আপুনি তেওঁক সম্পূৰ্ণ শান্তিত ৰাখিব; কিয়নো তেওঁ আপোনাত ভাৰসা কৰিছে। তোমালোকে চিৰকাললৈকে যিহোৱাত ভাৰসা কৰা; কিয়নো যিহোৱা চিৰস্থায়ী শিলা।

গীত 62:5-8

হে মোৰ অন্তৰ, নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰা; কিয়নো তেৱেঁই মোৰ আশা ৰোপণ কৰে। কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ; তেওঁ মোৰ উচ্চ দুৰ্গ, মই লৰচৰ নহম। ঈশ্বৰ মোৰ পৰিত্ৰাণ আৰু মোৰ গৌৰৱ; মোৰ শক্তি, মোৰ দৃঢ় শিলা আৰু আশ্ৰয় ঈশ্বৰতহে আছে। হে লোকসকল, সকলো সময়তে বিশ্বাস কৰা; তোমালোকে সদায় তেওঁত নিৰ্ভৰ কৰা; তোমালোকৰ মনৰ সকলো অশান্তিৰ কথা তেওঁৰ আগত কোৱা; কাৰণ ঈশ্বৰেই আমাৰ আশ্ৰয় স্থল। [চেলা]

মথি 11:28-30

হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোক সকল, মোৰ ওচৰলৈ আহা; মই তোমালোকক জিৰণি দিম। মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ; এই হেতুকে, তোমালোকৰ ওপৰত মোৰ যুৱঁলি লোৱা আৰু মোৰ শিক্ষা লোৱা; তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা। ক’লে “আহিব লগা জন আপুনিয়ে হয়নে, নে আমি অন্য কোনোবা এজনলৈ অপেক্ষা কৰিম?” কিয়নো মোৰ যুৱঁলি বৈ নিয়া সহজ আৰু মোৰ বোজাও লঘু।”

গীত 34:8

যিহোৱা যে মঙ্গলময় তাক তোমালোকে আস্বাদন কৰি চোৱা; তেওঁত আশ্ৰয় লোৱা লোক ধন্য।

ৰোমীয়া 8:28

আমি জানো যে, যি সকলে ঈশ্বৰক প্ৰেম কৰে, সেই সকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁলোকৰ বাবে তেওঁ মঙ্গলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে।

গীত 121:1-2

মই পৰ্ব্বতবোৰৰ ফালে মোৰ চকু তুলি কওঁ, ক’ৰ পৰা মোৰ সহায় আহিব? যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ পৰা মোৰ সহায় আহিব।

যোহন 15:5

ময়েই দ্ৰাক্ষালতা, তোমালোক ডাল; যি জন মোৰ লগত থাকে আৰু ময়ো যি জনত থাকোঁ, সেই জন বহু ফলৱান হয়; কিয়নো মোৰ বাহিৰে তোমালোকে একো কৰিব নোৱাৰা।

গীত 23:1-2

যিহোৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহব। তেওঁ মোক কুমলীয়া ঘাঁহনি পথাৰত শুৱায়; আৰু য’ত শান্তি আছে, এনে পানীৰ কাষে কাষে মোক চলায়।

গীত 118:8-9

মানুহৰ ওপৰত ভাৰসা ৰখাতকৈ যিহোৱাত আশ্ৰয় লোৱাই ভাল। অধিপতিসকলৰ ওপৰত ভাৰসা ৰখাতকৈ, যিহোৱাত আশ্ৰয় লোৱাই ভাল।

গীত 27:14

তুমি যিহোৱালৈ অপেক্ষা কৰা; সবল হোৱা; তোমাৰ অন্তঃকৰণ সাহিয়াল হওঁক; পুনৰায় কওঁ, যিহোৱালৈ অপেক্ষা কৰা।

ইব্ৰী 4:16

এতেকে বিশ্বাসেৰে সৈতে অনুগ্রহৰ সিংহাসনৰ ওচৰলৈ আহক, যাতে আমাৰ প্রয়োজনত সহায় হবলৈ আমি দয়া লাভ কৰি অনুগ্রহ পাব পাৰোঁ।

ফিলিপীয়া 4:6-7

আপোনালোকে একোলৈ চিন্তা নকৰিব, কিন্তু সকলো বিষয়তে আপোনালোকৰ যাচনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে সৈতে ঈশ্বৰৰ আগত জনোৱা হওক। তাতে সকলো বুদ্ধিতকৈ উত্তম, যি ঈশ্বৰৰ শান্তি, সেয়ে খ্ৰীষ্ট যীচুত আপোনালোকৰ হৃদয় আৰু ভাবনাক পহৰা দিব।

যিচ 40:31

কিন্তু যিসকলে যিহোৱালৈ অপেক্ষা কৰে, তেওঁলোকে নতুন বল পাব, তেওঁলোকে কুৰৰ পক্ষীৰ দৰে ডেউকাৰে ওপৰলৈ উৰিব, তেওঁলোকে দৌৰিব আৰু ক্লান্ত নহ’ব, তেওঁলোকে খোজ কাঢ়িব আৰু ভাগৰ নাপাব।

ৰোমীয়া 15:13

এতেকে আপোনালোকে যেন পবিত্ৰ আত্মাৰ শক্তিৰে আশাত উপচি পৰিব পাৰে, তাৰ বাবে আশাৰ আকৰ ঈশ্বৰে আপোনালোকক আৰু বিশ্বাস কৰাৰ সকলোকে আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ কৰক।

গীত 28:7

যিহোৱাই মোৰ বল আৰু মোৰ ঢাল; মোৰ হৃদয়ে তেওঁতে ভাৰসা কৰে। সেইবাবেই মই সহায় পাইছোঁ। সেইবাবেই মোৰ অন্তৰ আনন্দত ভৰি পৰিছে; মই মোৰ গীতেৰে তেওঁৰ ধন্যবাদ কৰোঁ।

1 কৰি 10:13

যি যি প্ৰলোভন মানুহবোৰৰ মাজলৈ আহে, সেইবোৰৰ বাহিৰে আন পৰীক্ষা আপোনালোকলৈ ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ আপোনালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু আপোনালোকে যেন সহিব পাৰিব, তাৰ কাৰণে পৰীক্ষাৰ সৈতে সাৰিবলৈ তেওঁ উপায়ো কৰি দিব।

গীত 40:17

কিন্তু মই হলে দুখী আৰু দৰিদ্ৰ; তথাপি মোৰ বাবে যিহোৱাই চিন্তা কৰে, হে মোৰ ঈশ্বৰ, তুমি পলম নকৰিবা; তুমিয়েইতো মোৰ সহায়, আৰু উদ্ধাৰকর্তা।

2 চমূ 22:31

ঈশ্বৰৰ পথ হ’লে সিদ্ধ৷ যিহোৱাৰ বাক্য নিভাঁজ৷ তেওঁ প্ৰত্যেক লোকৰ ঢালস্বৰূপ; যি জন তেওঁত থাকে, তেওঁ তাৰ আশ্ৰয়স্থান।

ৰোমীয়া 12:12

আশাত আনন্দ কৰক; ক্লেশত সহনীয় হওক; প্ৰাৰ্থনাত লাগি থাকক;

গীত 91:1-2

যি মানুহ সৰ্ব্বোপৰি জনাৰ আশ্রয়ত থাকে, যি মানুহ সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰে সেয়ে তোমালৈ কোনো বিপদ নঘটিব; আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো দুখ-কষ্ট নাহিব। কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ, তেওঁ নিজৰ দূতবোৰক তোমাৰ বিষয়ে আজ্ঞা দিব। তেওঁলোকে হাতেৰে তোমাক দাঙি ধৰিব, যেন তোমাৰ ভৰিয়ে শিলত খুন্দা খাই আঘাত নাপায় তুমি সিংহ আৰু সাপৰ ওপৰত ভৰি দিবা। তুমি যুবা-সিংহ আৰু নাগক ভৰিৰে গচকিবা। কিয়নো তেওঁ মোক প্রেম কৰে, সেয়ে মই তেওঁক উদ্ধাৰ কৰিম; মই তেওঁক ৰক্ষা কৰিম, কাৰণ তেওঁ মোৰ নাম জানে। তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম; সঙ্কটৰ কালত মই তেওঁৰ সঙ্গী হ’ম; মই তেওঁক উদ্ধাৰ কৰিম, গৌৰৱাম্বিতও কৰিম। মই দীৰ্ঘ আয়ুস দি তেওঁক সন্তুষ্ট কৰিম; মোৰ পৰিত্ৰাণ তেওঁক দেখুৱাম। তেওঁ যিহোৱাৰ বিষয়ে এই কথা ক’ব, “তেৱেঁই মোৰ আশ্ৰয় আৰু মোৰ দুর্গ; তেৱেঁই মোৰ ঈশ্বৰ, যি জনাৰ ওপৰত মই ভাৰসা কৰোঁ।”

গীত 46:1

ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল, সঙ্কটৰ সময়ত বিচাৰা মাত্ৰে পাব পৰা ঈশ্বৰ।

যাত্ৰা 14:14

যিহোৱাই তোমালোকৰ বাবে যুদ্ধ কৰিব; আৰু আপোনালোক কেৱল নিৰৱে থাকা।”

গীত 9:10

যিসকলে তোমাক জানে, তেওঁলোকে যেন তোমাত ভাৰসা ৰাখে, কিয়নো হে যিহোৱা, যিসকলে তোমাক বিচাৰে, তেওঁলোকক তুমি পৰিত্যাগ নকৰা।

গীত 56:3-4

যেতিয়াই মোৰ ভয় লাগে; তেতিয়াই মই তোমাত ভাৰসা কৰিম। মই ঈশ্বৰত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম; মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰোঁ; মাংসই মোক কি কৰিব পাৰে?

যিচ 43:2

তুমি যেতিয়া পানীৰ মাজেদি পাৰ হ’লে, মই তোমাৰ লগত থাকিম, আৰু নদীবোৰৰ মাজেদি গ’লে সেইবোৰে তোমাক প্লাবিত নকৰিব; যেতিয়া তুমি জুইৰ মাজেদি খোজ কাঢ়িবা তুমি দগ্ধ নহ’বা, নাইবা তাৰ শিখাই তোমাক অনিষ্ট নকৰিব।

যোহন 14:27

মই তোমালোকলৈ শান্তি এৰি যাওঁ, মোৰ শান্তি তোমালোকক দিওঁ; জগতে যেনেকৈ দিয়ে মই তেনেকৈ নিদিওঁ। তোমালোকৰ হৃদয় ব্যাকুল নহওক, আৰু ভয়াতুৰো নহওক।

1 যোহন 4:4

হে প্ৰিয় সন্তানসকল, অাপোনালোক হ’ল ঈশ্বৰৰ আৰু অাপোনালোকে সেই আত্মা বোৰৰ ওপৰত জয় কৰিলে; কিয়নো জগতত থকা জনতকৈ আপোনালোকত থকা জন মহান।

যিচ 41:13

কিয়নো তোমাৰ ঈশ্বৰ যিহোৱা যি মই, ময়েই তোমাৰ সোঁ হাতত ধৰোঁ, আৰু কওঁ, ‘ভয় নকৰিবা; ময়েই তোমাক সহায় কৰিম।’

মথি 6:34

এতেকে কাইলৈৰ কাৰণে চিন্তা নকৰিবা; কিয়নো কাইলৈয়ে নিজে নিজৰ বাবে চিন্তা কৰিব। দিনৰ যি কষ্ট, দিনটোলৈ সেয়ে যথেষ্ট।

গীত 112:7-8

দুঃসংবাদ শুনিলেও তেওঁলোকে ভয় নকৰিব; তেওঁলোকৰ হৃদয় দৃঢ় হৈ থাকে; তেওঁলোকে যিহোৱাত ভাৰসা ৰাখে। তেওঁলোকৰ হৃদয় সুস্থিৰ; তেওঁলোকে ভয় নকৰে; শেষত তেওঁলোকে নিজৰ শত্ৰুবোৰৰ ওপৰত বিজয় দেখিব।

ৰোমীয়া 8:38-39

কিয়নো মোৰ এনে দৃঢ় বিশ্বাস আছে যে, তাৰ পৰা মৃত্যু বা জীৱন, স্বৰ্গৰ দূত বা শাসনকৰ্তা, বৰ্ত্তমান বা ভবিষ্যত বিষয় বা পৰাক্ৰম, ওপৰ বা তল বা আন কোনো সৃষ্ট বস্তুৱেই আমাক প্ৰভু খ্ৰীষ্ট যীচুত থকা ঈশ্বৰৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে।

দ্বি.বি. 31:6

আপোনালোক শক্তিশালী হওঁক আৰু অতিশয় সাহিয়াল হওঁক; তেওঁলোকক দেখি ভয় নকৰিব বা কঁপিও নুঠিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজেই আপোনালোকৰ লগত যাওঁতা; তেওঁ আপোনালোকক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব।

ইব্ৰী 13:5-6

আপোনালোকৰ আচাৰ-ব্যৱহাৰ নিৰ্ল্লোভী হওক, অৰ্থাৎ ধন সম্পত্তিক প্ৰেম কৰা নহওক; আপোনালোকৰ যি আছে, তাতে আপোনালোক সন্তুষ্ট হৈ থাকক; কিয়নো তেৱেঁ কৈছে, মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম। এতেকে আমি সাহসেৰে ক’ব পাৰোঁ যে, প্ৰভু মোৰ সহায়কৰ্তা; মই ভয় নকৰিম; মানুহে মোক কি কৰিব?

গীত 25:4-5

হে যিহোৱা, তোমাৰ পথবোৰ মোক জনোৱা; তোমাৰ পথত চলিবলৈ মোক শিকোৱা। তোমাৰ সত্যতাত মোক পৰিচালিত কৰা আৰু মোক শিক্ষা দিয়া; কিয়নো তুমিয়েই মোৰ ত্ৰাণকর্তা ঈশ্বৰ; ওৰে দিনটো মই তোমালৈ অপেক্ষা কৰোঁ।

গীত 32:8

মই তোমাক বুদ্ধি দিম; তুমি যাবলগীয়া পথ মই তোমাক শিকাম; তোমাৰ ওপৰত মই দৃষ্টি ৰাখি পৰামৰ্শ দিম।

গীত 33:20-21

আমাৰ প্ৰাণে যিহোৱালৈ অপেক্ষা কৰে; তেঁৱেই আমাৰ সহায় আৰু আমাৰ ঢাল। আমাৰ হৃদয়ে তেওঁতেই আনন্দ কৰে; কাৰণ আমি তেওঁৰ পবিত্ৰ নামত ভাৰসা কৰিছোঁ।

ইফিচীয়া 3:20

আমাৰ হৃদয়ত ঈশ্বৰৰ যি শক্তিয়ে কার্য কৰে, তেওঁ সেই শক্তি অনুসাৰে আমি যি যাচনা কৰোঁ বা চিন্তা কৰোঁ, তাতকৈও অধিক বেচি কৰিব পাৰে।

গীত 63:8

মোৰ প্ৰাণে তোমাক ধৰি ৰাখিছে; তোমাৰ সোঁ হাতে মোক ধৰি ৰাখিছে।

ফিলিপীয়া 1:6

যি জনে আপোনালোকত সৎকৰ্ম আৰম্ভ কৰিলে, সেই জনে যীচু খ্ৰীষ্টৰ আগমণৰ দিনলৈকে সিদ্ধ কৰি থাকিব বুলি দৃঢ় প্ৰত্যয় কৰিলোঁ৷

হিতো 16:3

তোমাৰ কাৰ্যৰ ভাৰ যিহোৱাত সমৰ্পণ কৰা; তাতে তোমাৰ অভিপ্ৰায় সিদ্ধ হ’ব।

গীত 18:2

যিহোৱাই মোৰ শিলা, মোৰ আশ্রয়ৰ কোঁঠ আৰু মোৰ উদ্ধাৰকর্তা; তেওঁ মোৰ ঈশ্বৰ, মোৰ দুৰ্গ, মই তেওঁতে আশ্ৰয় লৈছোঁ; তেওঁ মোৰ ঢাল, মোৰ ত্ৰাণৰ শিং, মোৰ উচ্চ আশ্রয়স্থান।

যিচ 50:10

তোমালোকৰ মাজৰ কোনে যিহোৱাক ভয় কৰা? তেওঁৰ দাসৰ বাক্য কোনে পালন কৰা? কোনে পোহৰ নোহোৱাকৈ ঘোৰ আন্ধাৰত খোজ কাঢ়া? তেওঁ যিহোৱাৰ নামত ভাৰসা কৰক, আৰু তেওঁৰ ঈশ্বৰত নিৰ্ভৰ কৰক।

2 কৰি 5:7

(কিয়নো আমি দেখাৰ দ্বাৰাই চলা নাই, বিশ্বাসৰ দ্বাৰাইহে চলিছোঁ;)

ৰোমীয়া 8:15

সেয়েহে আপোনালোকে ভয় কৰিবলৈ পুনৰায় দাসত্বৰ আত্মা পাইছে, এনে নহয়; কিন্তু যি আত্মাৰ দ্বাৰা আমি আব্বা, পিতৃ বুলি মাতোঁ, এনে তোলনীয়া পুত্ৰৰ আত্মা পালে।

2 তীমথিয় 1:7

কিয়নো ঈশ্বৰে আমাক ভয়ৰ আত্মা দিয়া নাই, কিন্তু শক্তি, প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দিলে।

গীত 57:1-2

হে ঈশ্বৰ, মোক কৃপা কৰা, মোক কৃপা কৰা; কিয়নো মোৰ প্ৰাণে তোমাতেই আশ্রয় লৈছে; এনে কি, এই আপদবোৰ শেষ নহয়মানে, মই তোমাৰ ডেউকাৰ ছাঁত আশ্ৰয় লম। কিয়নো তোমাৰ দয়াৰ মহত্ব স্বৰ্গলৈকে, আৰু তোমাৰ সত্যতা আকাশলৈকে। হে ঈশ্বৰ, স্বৰ্গৰ ওপৰলৈকে তুমি উন্নত হোৱা; গোটেই পৃথিবীৰ ওপৰত তোমাৰ গৌৰৱ হওক। মই সৰ্ব্বোপৰি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম, মোৰ কাৰ্যসাধক ঈশ্বৰক নিবেদন কৰিম।

ইব্ৰী 11:1

বিশ্বাস হৈছে, আশা কৰা বিষয়ৰ নিশ্চিত জ্ঞান, অদৃশ্য বিষয়ৰ প্ৰমাণ প্ৰাপ্তি।

গীত 119:114

তুমি মোৰ গুপ্তস্থান আৰু ঢাল; তোমাৰ বাক্যতে মই আশা কৰোঁ।

গীত 130:5

মই যিহোৱালৈ অপেক্ষা কৰিছোঁ, মোৰ প্ৰাণে অপেক্ষা কৰিছে, মই তেওঁৰ বাক্যত আশা কৰিছোঁ।

2 কৰি 1:9

প্ৰকৃতপক্ষে, আমি মৃত্যুদণ্ড পোৱাৰ যোগ্য আছিলোঁ৷ সেয়েহে আমি নিজৰ ওপৰত ভাৰসা নকৰোঁহক, কিন্তু ইয়াৰ পৰিৱৰ্তে যি জন মৃত্যুৰ পৰা তোলোঁতা, সেই জন ঈশ্বৰত ভাৰসা ৰাখোহঁক৷

গীত 27:1

যিহোৱা মোৰ দীপ্তি, মোৰ পৰিত্ৰাণ; মই কাক ভয় কৰিম? যিহোৱা মোৰ জীৱন ৰক্ষক কোঁঠ, মই কাৰ বাবে ত্ৰাসযুক্ত হম?

গীত 119:105

তোমাৰ বাক্য মোৰ ভৰিৰ কাৰণে প্ৰদীপ স্বৰূপ আৰু মোৰ পথৰ দীপ্তি স্বৰূপ।

যিচ 12:2

চোৱা, ঈশ্বৰ মোৰ পৰিত্ৰাণকৰ্ত্তা, মই তেওঁত ভাৰসা কৰিম, আৰু ভয় নকৰিম; কাৰণ যিহোৱা, হয়, যিহোৱাই মোৰ শক্তি আৰু মোৰ গান, তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ’ল।”

যোহন 10:27-28

মোৰ মেৰবোৰে হ’লে মোৰ মাত শুনে। মই সেই সকলক জানো, আৰু সেই সকল মোৰ পাছে পাছে আহে; মই সেই সকলক অনন্ত জীৱন দিওঁ; তাতে তেওঁলোক কোনো কালে বিনষ্ট নহ’ব, আৰু কোনেও মোৰ হাতৰ পৰা তেওঁলোকক কাঢ়ি নল’ব।

ৰোমীয়া 5:3-5

অকল সেয়ে নহয়, কিন্তু আমাৰ নানা দুখ-কষ্টৰ মাজতো আমি উল্লাস কৰোঁ৷ কিয়নো আমি জানো যে, এই সকলো দুখ-কষ্টই আমাক ধৈর্যৰ পথত আগবঢ়াই লৈ যায়৷ ধৈৰ্যই বক্তিত্ব গঠন কৰে আৰু ব্যক্তিত্বই আশা জন্মায় ৷ সেই আশাই লাজত নেপেলায়; কিয়নো আমাক দান কৰা পবিত্ৰ আত্মাৰ যোগেদি আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম বাকি দিয়া হৈছে।

যিচ 30:15

কিয়নো ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছিল, “মোলৈ ঘূৰি আহিলে আৰু বিশ্রাম ল’লে তোমালোকে পৰিত্ৰাণ পাবা, নিৰৱতাত আৰু বিশ্বাসত তোমালোকৰ শক্তি হ’ব, কিন্তু তোমালোকে ইচ্ছা নকৰিলা।

2 কৰি 9:8

ঈশ্বৰে আপোনালোকক সকলো বিষয়তে অনুগ্ৰহত বৃদ্ধি কৰিব পাৰে আৰু সকলো সময়তে আপোনালোকৰ সকলো জোৰাওকৈ থকাত, আপোনালোক সকলো সৎকৰ্মত যেন উপচি পৰিব পাৰে৷

গীত 3:5-6

মই শুই পৰিলো আৰু টোপনি গলোঁ; পুনৰ সাৰ পালোঁ; কিয়নো যিহোৱাই মোক ৰক্ষা কৰে। মোৰ বিৰুদ্ধে মোৰ চাৰিওফালে হাজাৰ হাজাৰ লোক সজ্জিত হৈ আছে, কিন্তু মই তেওঁলোকলৈ ভয় নকৰোঁ।

গীত 37:23-24

যিহোৱাই আমাৰ খোজৰ গতি স্থিৰ কৰে; তেওঁ তেওঁৰ পথত সন্তোষ পায়। তেওঁ উজুতি খাই পৰিলেও নিচেইকৈ পতিত নহব; কিয়নো যিহোৱাৰ হাতেই তেওঁক ধৰি ৰাখিছে।

গীত 73:26

মোৰ শৰীৰ আৰু হৃদয় দুয়োটা পৰাজিত হ’ল; কিন্তু ঈশ্বৰ চিৰকাললৈকে মোৰ মনৰ শক্তি।

যিচ 55:8-9

“কাৰণ মোৰ চিন্তাধাৰা তোমালোকৰ চিন্তাধাৰা নহয়, বা তোমালোকৰ পথ মোৰ পথ নহয়” এইয়া যিহোৱাৰ ঘোষনা। “কাৰণ যি দৰে পৃথিবীতকৈ আকাশ-মণ্ডল ওখ, সেই দৰে তোমালোকৰ সকলো পথতকৈ মোৰ পথ ওখ, আৰু তোমালোকৰ চিন্তাধাৰাতকৈ মোৰ চিন্তাধাৰা।

গীত 84:11

কিয়নো ঈশ্বৰ যিহোৱা সূৰ্য আৰু ঢাল স্বৰূপ; তেওঁ অনুগ্ৰহ আৰু গৌৰৱ দান কৰে; যিসকলে সৎ পথত চলে, তেওঁলোকক কোনো উত্তম বস্তু দিবলৈ তেওঁ অস্বীকাৰ নকৰে।

যোহন 16:33

এই কাৰণে মই তোমালোকক এইবোৰ কথা ক’লোঁ, যাতে তোমালোকে মোৰ শান্তি পোৱা৷ জগতত তোমালোকে কষ্ট পাবা; কিন্তু নিৰ্ভয় হোৱা; মই জগতৰ ওপৰত জয় কৰিলোঁ।”

গীত 31:14-15

কিন্তু, হে যিহোৱা, মই তোমাতেই ভাৰসা কৰিছোঁ; মই কওঁ, “তুমিয়েই মোৰ ঈশ্বৰ।” তোমাৰ হাততেই মোৰ সকলো সময় আছে, মোৰ শত্রু আৰু তাড়নাকাৰীবোৰৰ হাতৰ পৰা তুমি মোক উদ্ধাৰ কৰা।

যাকোব 1:5

কিন্তু আপোনালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয় তেনেহলে যি জন দিওঁতা ঈশ্ৱৰ, যি জনে গৰিহণা নকৰাকৈ মুক্তহস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰক আৰু তাতে আপোনালোকক দিয়া হ’ব।

ফিলিপীয়া 4:19

আৰু মোৰ ঈশ্বৰে আপোনালোকৰ সকলো অভাৱ, প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীচুত পূৰ্ণ কৰিব।

গীত 42:11

হে মোৰ প্রাণ, তুমি কিয় নিৰাশ হৈছা? কিয় মোৰ অন্তৰত ব্যাকুল হৈছা? ঈশ্বৰত ভাৰসা কৰা; কাৰণ মই পুনৰায় তেওঁৰ স্তুতি কৰিম। তেওঁ মোৰ সহায়, আৰু মোৰ ঈশ্বৰ।

গীত 119:50

দুখৰ সময়ত এয়ে মোৰ সান্ত্বনা হয়; তোমাৰ প্রতিজ্ঞাই মোক সঞ্জীৱিত কৰে।

ইব্ৰী 10:23

এতিয়া আহক, আমাৰ শৰীৰো শুদ্ধ পানীৰে ধুউৱা হোৱাত, আমি স্বীকাৰ কৰা আশা দৃঢ় ৰূপে ধৰি ৰাখোহঁক; কিয়নো যি জনে প্ৰতিজ্ঞা কৰিলে তেওঁ বিশ্বাসী।

হিতো 3:25-26

তুমি আকস্মিক বিপদলৈ বা দুষ্টবোৰৰ দ্বাৰাই অহা বিনাশ আহিব, তেতিয়া তুমি ভয় নকৰিবা। কাৰণ যিহোৱা তোমাৰ পক্ষত থাকিব; আৰু তেওঁ তোমাৰ ভৰি ফান্দত নপৰাকৈ ৰাখিব।

গীত 94:19

মোৰ মন যেতিয়া দুঃচিন্তাৰে ভৰি পৰে, তেতিয়া তোমাৰ শান্ত্বনাই মোৰ প্রাণত আনন্দ দান কৰে।

যিচ 50:7

কাৰণ প্ৰভু যিহোৱাই মোক সহায় কৰিব; সেই বাবে মই অপমানিত নহম; সেয়ে মই মোৰ মুখ চকমকি পাথৰৰ দৰে কৰিলোঁ; কাৰণ মই জানো যে মই লাজ নাপাম।

গীত 34:4-5

মই যিহোৱাক বিচাৰিলো, তাতে তেওঁ মোক উত্তৰ দিলে; মোৰ সকলো ভয়ৰ পৰা তেওঁ মোক উদ্ধাৰ কৰিলে। তেওঁৰ ফালে যেতিয়া লোকসকলে চায়, তেওঁলোক তেতিয়া জ্যোতিষ্মান হৈ উঠে। তেওঁলোকৰ মুখ লাজত কেতিয়াও বিবৰ্ণ নহব।

ইফিচীয়া 2:8-9

কিয়নো অনুগ্ৰহৰ যোগেদি বিশ্বাসৰ দ্বাৰাই আপোনালোকে পৰিত্ৰাণ পালে; আৰু সেয়ে আমাৰ পৰা নহয়; কিন্তু সেয়া ঈশ্বৰৰহে এক দান। কোনেও যেন গর্ব কৰিব নোৱাৰে, সেয়ে কর্মৰ পৰাও নহয়।

1 যোহন 5:14-15

এই বিষয়ত আমাৰ দৃঢ় আস্থা আছে যে, আমি যদি তেওঁৰ ইচ্ছা অনুসাৰে তেওঁৰ ওচৰত যি কোনো বিষয় বিচাৰো, তেনেহলে তেওঁ আমাৰ যাচনা শুনে; আৰু আমি যদি সঁচাকৈ জানোঁ যে, আমাৰ যাচনাৰ বিষয় তেওঁ শুনে; তেনেহলে আমি জানিব লাগে যে, আমি তেওঁৰ ওচৰত যি যি বিচাৰিছোঁ, সেই সকলো পালোঁ৷

গীত 116:1-2

মই যিহোৱাক প্ৰেম কৰোঁ, কিয়নো তেওঁ মোৰ স্বৰ আৰু কাকুতি শুনিলে। যেতিয়া মই কৈছিলোঁ, “মই অতিশয় উৎপীড়িত হৈছোঁ” তেতিয়াও যিহোৱাত মই বিশ্বাসত আছিলোঁ। মই উদ্বেগ কৰি কৈছিলোঁ, “সকলো মানুহ মিছলীয়া।” যিহোৱাই মোলৈ কৰা সকলো মঙ্গলৰ পৰিবর্তে মই তেওঁক কি দিম? মই পৰিত্ৰাণৰ পানপাত্ৰ তুলি ধৰিম, আৰু যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম; মই যিহোৱাৰ ওচৰত মোৰ সঙ্কল্পবোৰ পূর্ণ কৰিম; তেওঁৰ সমুদায় লোকৰ সাক্ষাতেই কৰিম। যিহোৱাৰ দৃষ্টিত তেওঁৰ বিশ্বাসীসকলৰ মৃত্যু বহুমূল্য। হে যিহোৱা, সচাঁকৈয়ে মই তোমাৰ দাস হওঁ; মই তোমাৰ দাস, তোমাৰেই দাসীৰ পুত্ৰ; তুমিয়েই মোৰ বন্ধনবোৰ মুকলি কৰিলা। মই তোমাৰ উদ্দেশ্যে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিম; মই যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম। মই যিহোৱাৰ ওচৰত মোৰ সঙ্কল্পবোৰ পূর্ণ কৰিম; তেওঁৰ সমুদায় লোকৰ সাক্ষাতেই কৰিম। হে যিৰূচালেম, তোমাৰেই মাজত, যিহোৱাৰ গৃহৰ চোতাল কেইখনত, মই সেই সকলো পূর্ণ কৰিম। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! তেওঁ মোৰ কথালৈ কাণ পাতিলে, সেয়ে মই জীয়াই থকা দিনলৈকে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিম।

যোহন 6:35

যীচুৱে তেওঁ তেওঁলোকক ক’লে, “জীৱন দিওঁতা আহাৰ ময়েই; যি জন মোৰ ওচৰলৈ আহে, তেওঁৰ কেতিয়াও ভোক নালাগিব; আৰু যি জনে মোত বিশ্বাস কৰে, তেওঁৰ কেতিয়াও পিয়াহ নালাগিব।

ৰোমীয়া 14:8

কিয়নো যদি আমি জীয়াই থাকো, তেনেহলে প্ৰভুৰ উদ্দেশ্যে জীওঁ; আৰু যদি মৰোঁ, তেনেহলে প্ৰভুৰ উদ্দেশ্যেই মৰোঁ; এই কাৰণে যদিও জীওঁ বা মৰোঁ, আমি প্ৰভুৰেই হৈ আছোঁ।

যিচ 33:2

হে যিহোৱা আমাক দয়া কৰক; আমি আপোনালৈ বাট চাই আছোঁ; প্ৰতি ৰাতিপুৱাতে আপুনি আমাৰ বাহুস্বৰূপ হয়, সঙ্কটৰ সময়ত আপুনি আমাৰ পৰিত্ৰাণকৰ্ত্তা হয়।

গীত 147:11

কিন্তু যিসকলে যিহোৱাক ভয় কৰে, আৰু তেওঁৰ সুস্থিৰ প্রেমত আশা ৰাখে, তেওঁলোকক লৈয়েই যিহোৱা সন্তুষ্ট হয়।

ইফিচীয়া 6:10

অৱশেষত, প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হওক।

যিচ 32:17

ধাৰ্মিকতাৰ কাৰ্যৰে শান্তিৰ হ’ব, আৰু ধাৰ্মিকতাৰ ফল চিৰকাললৈ সুস্থিৰ আৰু বিশ্বাসযোগ্য হ’ব।

গীত 13:5-6

কিন্তু মই তোমাৰ দৃঢ় প্রেমত ভাৰসা কৰিছোঁ; তুমি মোক পৰিত্রাণ কৰিবা আৰু মোৰ মন আনন্দিত হ’ব। মই যিহোৱাৰ উদেশ্যে গান গাম, কিয়নো তেওঁ মোলৈ মঙ্গল আচৰণ কৰিছে।

ইব্ৰী 13:8

যীচু খ্ৰীষ্ট কালি, আজি, আৰু চিৰকাললৈকে সেই একে হৈ আছে।

1 কৰি 2:5

সেয়েহে আপোনালোকৰ বিশ্বাস যেন মানুহৰ জ্ঞানত নির্ভৰশীল নহৈ ঈশ্বৰৰ শক্তিত নির্ভৰশীল হয়।

গীত 73:28

কিন্তু মোৰ পক্ষে হলে, ঈশ্বৰৰ ওচৰ চপাই মঙ্গল; মই প্রভু যিহোৱাক মোৰ আশ্ৰয় স্থান ৰূপে গ্রহণ কৰিলোঁ; মই তোমাৰ সকলো কার্য ঘোষণা কৰিম।

যিৰি 29:11

কাৰণ যিহোৱাই কৈছে, মই তোমালোকৰ বিষয়ে কৰা সঙ্কল্প ময়েই জানো; তোমালোকৰ শেষ-অৱস্থাত তোমালোকক আশা দিবলৈ সেয়ে মঙ্গলৰ সঙ্কল্প, অমঙ্গলৰ নহয়।

2 থিচলনীকীয়া 3:3

কিন্তু, প্ৰভু বিশ্বাসী; তেৱেঁই আপোনালোকক সুস্থিৰ কৰিব আৰু দুষ্ট শক্তি চয়তানৰ হাতৰ পৰা ৰক্ষা কৰিব।

যিচ 5:16

বাহিনীসকলৰ যিহোৱা ন্যায় বিচাৰত উন্নত হৈছে, আৰু পবিত্ৰ ঈশ্বৰ নিজৰ ধাৰ্মিকতাত পবিত্ৰীকৃত হৈছে।

লূক 12:24

ঢোঁৰা কাউৰীবোৰলৈ চোৱা, সিহঁতে নবয় বা নাদায়; সিহঁতৰ ভঁৰালত বা মেৰত নাই; তথাপি ঈশ্বৰে সিহঁতক আহাৰ দিয়ে। তোমালোক চৰাইতকৈ কিমান বহুমূলীয়া!

গীত 86:15

কিন্তু হে প্ৰভু, তুমি দয়াৰে পৰিপূর্ণ অনুগ্রহকাৰী ঈশ্বৰ; তুমি ক্ৰোধত ধীৰ, গভীৰ প্রেম আৰু বিশ্ৱস্ততাত মহান।

ফিলিপীয়া 3:13-14

হে ভাই সকল, মই যে সেয়া মোৰ অধীনত কৰিলোঁ, সেই বিষয়ে এনে ভাব এতিয়ালৈকে কৰা নাই; কিন্তু মই এই কাম কৰোঁ: পাছত থকা সকলোকে পাহৰি, আগত থকা বোৰলৈহে যত্ন কৰোঁ৷ খ্ৰীষ্ট যীচুত ঈশ্বৰে কৰা স্বৰ্গীয় আমন্ত্ৰণৰ বটাৰ অৰ্থে ঘাইকৈ আগবাঢ়ি গৈ আছোঁ।

হিতো 18:10

যিহোৱাৰ নাম দৃঢ় দুৰ্গ স্বৰূপ; সৎ কাৰ্য কৰা লোকে পলাই গৈ সেই দুৰ্গত ৰক্ষা পায়।

গীত 20:7

অনেকে তেওঁলোকৰ ৰথত, অনেকে তেওঁৰ ঘোঁৰাত অহংকাৰ কৰে; কিন্তু আমি হলে অহংকাৰ কৰোঁ আমাৰ ঈশ্বৰ যিহোৱাৰ নামত।

2 কৰি 3:5

আমি নিজে নিজে মীমাংসা কৰিবলৈ নিজ গুণেৰেই যে যোগ্য হওঁ, এনে নহয়; কিন্তু আমাৰ সেই যোগ্যতা ঈশ্বৰৰ পৰাহে হয়৷

গীত 16:8

মই যিহোৱাক সদায় মোৰ সন্মূখত ৰাখোঁ; তেওঁ মোৰ সোঁহাতে থকাত মই অস্থিৰ নহম।

যিচ 40:29

তেওঁ ক্লান্ত হোৱা লোকক শক্তি দান কৰে, আৰু দুৰ্ব্বল হোৱা লোকক অধিক বল দান কৰে।

গীত 139:23-24

হে ঈশ্বৰ, মোৰ বুজ বিচাৰ লোৱা আৰু মোৰ অন্তঃকৰণ জানা; মোক পৰীক্ষা কৰি চোৱা আৰু মোৰ সঙ্কল্পবোৰ জানা; মোৰ ভিতৰত দুষ্টতাৰ কোনো পথ আছে কি নাই, তাক চোৱা, আৰু মোক অনন্তকালৰ পথত গমন কৰোঁৱা।

গীত 25:8-9

যিহোৱা মঙ্গলময় আৰু সৎ; সেয়ে তেওঁ পাপী লোকক তেওঁৰ পথৰ বিষয়ে শিক্ষা দিয়ে। তেওঁ নম্ৰ লোকক ন্যায় পথত চলায়, তেওঁৰ পথৰ বিষয়ে শিক্ষা দিয়ে।

যিচ 58:11

আৰু যিহোৱা সদায় তোমাৰ পথদৰ্শক হ’ব, আৰু শুকান ঠাইবোৰত তোমাৰ প্ৰাণ তৃপ্ত কৰিব, আৰু তোমাৰ অস্থিবোৰ সবল কৰিব; তাতে তুমি পানী দিয়া এক উদ্যানৰ দৰে হ’বা, আৰু যাৰ জল কেতিয়াও শুকাই নাযায়, তুমি এনে এক জলভুমুকৰ দৰে হ’বা।

গীত 68:19

প্রতিদিনে আমাৰ বোজা বহন কৰা যিহোৱা ধন্য; তেৱেঁই আমাৰ পৰিত্ৰাণকর্তা ঈশ্বৰ। (চেলা)

হিতো 19:21

মানুহৰ হৃদয়ত বহুতো আঁচনি থাকে; কিন্তু যিহোৱাৰ অভিপ্রায় থিৰে থাকিব।

1 পিতৰ 4:19

এই কাৰণে যি সকল লোকে ঈশ্বৰৰ ইচ্ছা অনুসাৰে দুখভোগ কৰে, সেই লোক সকলে সৎ কৰ্ম কৰি, নিজ নিজ জীৱাত্মাক বিশ্বাসী সৃষ্টিকৰ্ত্তাৰ হাতত সমৰ্পণ কৰক।

গীত 52:8

কিন্তু মই হ’লে, ঈশ্বৰৰ গৃহত কেঁচাপতীয়া জিত গছৰ নিচিনা; মই সকলো সময়তে ঈশ্বৰৰ প্রেমৰ ওপৰত ভাৰসা কৰোঁ।

যোহন 14:1

“তোমালোকৰ হৃদয় ব্যাকুল নহওক৷ ঈশ্বৰত বিশ্বাস কৰা আৰু মোকো বিশ্বাস কৰা।

গীত 33:18

যিসকলে যিহোৱালৈ ভয় ৰাখে, যিসকলে তেওঁৰ অসীম দয়াৰ ওপৰত আশা ৰাখে, যিহোৱাৰ দৃষ্টি তেওঁলোকৰ ওপৰত থাকে,

1 পিতৰ 1:6-7

যদিও এতিয়া বিভিন্ন দুখ-কষ্টই আপোনালোকক শোকৰ অনুভৱ আনি দিছে, তথাপি এই কথা ভাবি আপোনালোকে অানন্দ কৰক৷ অাপোনালোকৰ এই বিশ্বাস পৰীক্ষাসিদ্ধ হ’ব লাগে, কিয়নো আপোনালোকৰ বিশ্ৱাস সোণতকৈও মূল্যবান। বিশ্ৱাসৰ পৰীক্ষাত যদি আপোনালোকৰ বিশ্বাস অটল দেখা যায়, তেনেহলে যীচু খ্ৰীষ্টৰ পুনৰাগমনৰ সময়ত অাপোনালোকে কিমান গৌৰৱ, প্ৰশংসা, মৰ্যদা পাব৷

গীত 10:17

হে যিহোৱা, নম্ৰ লোকৰ অন্তৰৰ ইচ্ছাৰ কথা তুমি শুনিবা; তুমি তেওঁলোকৰ হৃদয়ত সাহস দিবা, তুমি তেওঁলোকৰ প্রার্থনালৈ কাণ দিবা;

2 কৰি 12:10

এই হেতুকে খ্ৰীষ্টৰ কাৰণে মই দূৰ্ব্বলতা, অপমান, দৰিদ্ৰতা, তাড়না, সঙ্কট, এইবোৰত সন্তুষ্ট হওঁ; কিয়নো যেতিয়া মই দূৰ্বল, তেতিয়াই বলৱান।

ৰোমীয়া 11:33

ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে গভীৰ! তেওঁৰ বিচাৰবোৰ বোধৰ কেনে অগম্য! আৰু তেওঁৰ পথ অনুসন্ধান কৰা কেনে অসাধ্য!

গীত 119:165

যিসকলে তোমাৰ ব্যৱস্থাক প্ৰেম কৰে, তেওঁলোকৰ পৰম শান্তি হয়; একোতেই তেওঁলোক উজুটি নাখায়।

ইফিচীয়া 1:11

ঈশ্বৰে নিজৰ ইচ্ছাৰ মন্ত্রণা অনুসাৰে সকলো কার্য সাধন কৰে। তেওঁৰ পৰিকল্পনাৰ দৰে আগেয়ে যি যি স্থিৰ কৰি ৰাখিছিল, সেইদৰেই তেওঁ আমাক খ্রীষ্টত মনোনীত কৰি ললে।

2 বংশা 20:15

জহজীয়েলে ক’লে, “হে যিহূদা, যিৰূচালেমৰ নিবাসীসকল আৰু হে মহাৰাজ যিহোচাফট; তোমালোকে কাণ দিয়া: যিহোৱাই তোমালোকক এই কথা কৈছে: ‘তোমালোকে সেই অতিশয় অধিক লোক সমূহক দেখি ভয় নকৰিবা আৰু নিৰুৎসাহ নহ’বা৷ কিয়নো এই যুদ্ধ তোমালোকৰ নহয়, কিন্তু ঈশ্বৰৰহে।

হিতো 8:17

যিসকলে মোক প্ৰেম কৰে, ময়ো তেওঁলোকক প্ৰেম কৰোঁ, আৰু যিসকলে মোক আগ্রহেৰে বিচাৰে, তেওঁলোকে মোক বিচাৰি পায়।

যিচ 45:2-3

মই তোমাৰ আগে আগে যাম আৰু পর্ব্বতবোৰ সমান কৰিম, মই পিতলৰ দুৱাৰবোৰ ভাঙি ডোখৰ ডোখৰ কৰিম, আৰু লোহাৰ ডাংবোৰ কাটি টুকুৰা টুকুৰ কৰিম। জাতিবোৰৰ মাজৰ শৰণার্থীসকল, তোমালোক একগোটহৈ নিজকে সমবেত কৰা আৰু আহাঁ! যিসকলে কটা প্ৰতিমা ভাৰ বৈ ফুৰে, আৰু ৰক্ষা কৰিব নোৱাৰা দেৱতাৰ আগত প্ৰাৰ্থনা কৰে, তেওঁলোকৰ কোনো জ্ঞানো নাই। ওচৰলৈ আহা আৰু মোৰ আগত এইতো ঘোষনা কৰা, প্রমান আনা! তেওঁলোকক একেলগে মিলিত হবলৈ দিয়া। কোনে আগৰ পৰা এইসকলো দেখুৱাই আহিছে? কোনে ঘোষনা কৰিছে? মই যিহোৱাই নহয়নে? মোৰ বাহিৰে আন কোনো ঈশ্বৰ নাই, মই ন্যায়ৱান ঈশ্বৰ, আৰু ত্ৰাণকৰ্ত্তা; মোৰ বাহিৰে আন কোনো নাই। পৃথিবীৰ অন্তলৈকে থকা সকল, মোলৈ ঘুৰি আহা আৰু পৰিত্ৰাণপ্ৰাপ্ত হোৱা; কাৰণ ময়েই ঈশ্বৰ, আৰু ইয়াত আন কোনো দেৱতা নাই। মোৰ আগত প্ৰত্যেকে আঁঠু ল’ব, প্রত্যেক জীবাই শপত খাব; মই নিজেই শপত খালোঁ; মোৰ ন্যায়পৰায়ণ বিধানৰ কথা কলোঁ, আৰু সেয়ে পুনৰ ঘুৰি নাহিব। লোকসকলে ক’ব “কেৱল যিহোৱাত হে পৰিত্রান আৰু শক্তি আছে।” যিসকলো তেওঁৰ প্রতি কুপিত তেওঁলোক তেওঁৰ সন্মুখত লাজত সঙ্কুচিত হ’ব। যিহোৱাতেই ইস্ৰায়েলৰ আটাই বংশ ধাৰ্মিক বুলি গণিত হ’ব, আৰু তেওঁত গৌৰৱ কৰিব। মই যে তোমাৰ নাম কাঢ়ি মাতোঁতা ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, তুমি তাক জানিবৰ বাবে, মই আন্ধাৰত থকা ধন আৰু গুপুত ঠাইত লুকুৱাই থোৱা বহুমূল্য বস্তু তোমাক দিম।

গীত 115:11

হে যিহোৱাৰ ভয়কাৰী লোক, যিহোৱাত ভাৰসা কৰা; তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।

ৰোমীয়া 15:4

কিয়নো আগেয়ে যিবোৰ কথা লিখা হৈছিল, সেইবোৰ আমি ধৈৰ্যৰে আৰু শাস্ত্ৰৰ সান্ত্বনাৰে ভাৰসা পাবলৈ আমাৰ শিক্ষাৰ কাৰণেহে লিখা হৈছিল।

গীত 119:68

তুমি মঙ্গলময় আৰু মঙ্গলৰ কার্য কৰা; মোক তোমাৰ বিধিবোৰ শিকোৱা।

মথি 7:7-8

খোজা, তেতিয়াহে তোমালোকক দিয়া হ’ব; বিচাৰা, তেতিয়াহে পাবা; টুকুৰিওৱা, তেতিয়াহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ’ব। কিয়নো যি জনে খোজে, সেই জনে পায়; যি জনে বিচাৰে, সেই জনে দেখা পায় আৰু যি জনে টুকুৰিয়ায়, সেই জনলৈকে দুৱাৰ মুকলি কৰা হয়।

গালাতীয়া 6:9

আমি ভাল কৰ্ম কৰি কৰি যেন ক্লান্ত নহওঁ; কিয়নো আমি ক্লান্ত নহ’লে উচিত সময়ত দাবলৈ পাম।

গীত 25:14

যি সকলে যিহোৱালৈ ভয় ৰাখে, যিহোৱাই তেওঁলোকৰ লগত বন্ধুত্ব কৰে; আৰু তেওঁ স্থাপন কৰা বিধিবোৰ তেওঁলোকক জনায়।

ইয়ো 5:8-9

কিন্তু মই হোৱা হ’লে ঈশ্বৰলৈ ঘূৰি গলোঁহেতেন, আৰু মোৰ গোচৰ ঈশ্বৰৰ আগত উপস্থিত কৰিলোঁহেতেন। অনুসন্ধান কৰিব নোৱাৰা মহৎ কৰ্মও তেওঁ কৰে; অসংখ্য অদ্ভুত কাৰ্যও তেওঁ কৰে;

গীত 18:30

ঈশ্বৰৰ পথ হলে সিদ্ধ; যিহোৱাৰ বাক্য নিভাজ বুলি প্রমাণিত; তেওঁ তেওঁত আশ্ৰয় লোৱা লোকসকলৰ ঢাল।

যিচ 49:15-16

মহিলাই নিজে জন্ম দিয়া সন্তানক জানো পাহৰিব পাৰে,সেয়ে স্নেহ নকৰাকৈ জানো নিজৰ পিয়াহ খুৱাব পাৰে? হয়, তেওঁলোকে হয়তো পাহৰিব পাৰে, কিন্তু মই তোমাক নাপাহৰো। চোৱা, মই মোৰ হাতৰ তলুৱাত তোমাৰ নাম খোদিত কৰিলোঁ; আৰু তোমাৰ গড়বোৰ অবিৰাম ভাবে মোৰ দৃষ্টিত থাকিব।

ফিলিপীয়া 1:21

কিয়নো মোৰ পক্ষে জীয়াই থকা হৈছে খ্ৰীষ্ট, মৰাই হৈছে লাভ।

হিতো 16:9

মানুহে হৃদয়ত নিজৰ পথৰ বিষয়ে পৰিকল্পনা কৰে; কিন্তু যিহোৱাই তেওঁৰ ভৰিৰ খোজ নিৰূপণ কৰে।

গীত 73:23-24

তথাপি মই সদায় তোমাৰ লগতে আছোঁ; তুমি মোৰ সোঁ হাত খনত ধৰি ৰাখিলা। তুমি তোমাৰ উপদেশেৰে মোক পথ দেখুৱাবা, পৰবর্তী সময়ত মোক গৌৰৱেৰে গ্ৰহণ কৰিবা।

যোহন 8:12

ইয়াৰ পাছত যীচুৱে আকৌ লোক সকলৰ লগত কথা কবলৈ ধৰিলে, “মই জগতৰ পোহৰ; যি জন মোৰ পাছে পাছে আহে, তেওঁ আন্ধাৰত নুফুৰি, জীৱনৰ পোহৰ পাব।”

যিচ 42:16

মই অন্ধসকলক তেওঁলোকে নজনা বাটেদি লৈ যাম, তেওঁলোকে নজনা পথেদি তেওঁলোকক লৈ যাম; মই তেওঁলোকৰ আগত আন্ধাৰক পোহৰ কৰিম, আৰু বেঁকাবেঁকি ঠাই পোন কৰিম। এইবোৰ কাৰ্য মই কৰিম; আৰু সেইবোৰ মই পৰিত্যাগ নকৰিম।

ৰোমীয়া 8:16-17

আমি যে ঈশ্বৰৰ সন্তান, এই বিষয়ে পবিত্ৰ আত্মাই নিজে আমাৰ আত্মাৰ সৈতে সাক্ষ্য দিয়ে। আমি যদি সন্তান হওঁ, তেনেহলে উত্তৰাধিকাৰীও হওঁ। খ্ৰীষ্টে সৈতে মহিমান্বিত হ’বলৈ যদিহে আমি তেৱেঁ সৈতে দুখভোগ কৰোঁ, তেনেহলে আমি ঈশ্বৰৰ উত্তৰাধিকাৰী আৰু খ্ৰীষ্টে সৈতেও উত্তৰাধিকাৰী হওঁ।

ফিলিপীয়া 2:13

কিয়নো ঈশ্বৰে নিজৰ হিত-সঙ্কল্পৰ কাৰণে আপোনালোকৰ অন্তৰত ইচ্ছা কৰোঁতা আৰু কাৰ্য সাধন কৰোঁতা, এই উভয়ৰ সাধনকৰ্তা হৈছে।

যিচ 41:18

মই এঢলীয়া স্থানৰ পৰা তললৈ যোৱাকৈ নদীবোৰ, আৰু উপত্যকাৰ মাজত ভুমুকবোৰ উলিয়াম; মই মৰুভূমিক এক জলাশয় কৰিম, আৰু খৰাং মাটিক ভুমুকেৰে পৰিপূৰ্ণ কৰিম।

গীত 63:1-3

হে ঈশ্বৰ, তুমি মোৰ ঈশ্বৰ; আন্তৰিকতাৰে মই তোমাক বিচাৰিম; পানী নথকা শুকান আৰু খৰাং দেশত, তোমালৈ হাবিয়াহ কৰোঁতে, মোৰ প্ৰাণ তৃষ্ণাতুৰ হৈছে, মোৰ শৰীৰ ক্ষীণাই গৈছে। তেওঁলোক তৰোৱালৰ ধাৰত সমৰ্পিত হ’ব; আৰু তেওঁলোকৰ অংশ শিয়ালৰ আহাৰ হ’ব। কিন্তু ৰজাই ঈশ্বৰত আনন্দ কৰিব; তেওঁৰ নামেৰে শপত কৰা প্ৰতিজনে গৌৰৱ কৰিব, কিয়নো মিছলীয়াবোৰৰ মুখ বন্ধ হ’ব। এই দৰে মই তোমাৰ আশ্রয় স্থল, পৰাক্ৰম আৰু গৌৰৱ দেখিবলৈ, পবিত্ৰ স্থানত তোমাক চাইছিলোঁ। কিয়নো তোমাৰ প্ৰতিজ্ঞা আৰু বিশ্বস্ততা জীৱনতকৈয়ো উত্তম; মোৰ ওঁঠে তোমাৰ স্তুতি প্রশংসা কৰিব।

মথি 21:22

তোমালোকে প্ৰাৰ্থনাৰে বিশ্বাস কৰি যি যি খোজা সকলোকে পাবা।”

ৰোমীয়া 8:5-6

কিয়নো মাংস অনুসাৰে জীয়াই থকা সকলে মাংসিক বিষয় ভাবে; কিন্তু আত্মা অনুসাৰে জীয়াই থকা সকলে আত্মিক বিষয় ভাবে। কাৰণ মাংসৰ ভাব হ’ল মৃত্যু; কিন্তু আত্মাৰ ভাব হৈছে জীৱন আৰু শান্তি,

গীত 37:4

যিহোৱাত আনন্দ কৰা; তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূর্ণ কৰিব।

2 তীমথিয় 2:1

এতেকে হে মোৰ পুত্ৰ, খ্ৰীষ্ট যীচুত থকা যি অনুগ্ৰহ, তাৰ দ্ৱাৰাই তুমি বলৱান হোৱা।

যিচ 51:12-13

মই, ময়েই যিজনে তোমালোকক শান্ত্বনা দিওঁ; তোমালোকে কিয় মানুহলৈ ভয় কৰা, কাৰ মৃত্যু হ’ব, মানুহৰ পুত্রৰ,কোনে তোমালোকক তৃণৰ দৰে সৃষ্টি কৰিলে? যি জনাই আকাশ-মণ্ডল বিস্তাৰ কৰিলে, আৰু পৃথিবীৰ মূল স্থাপন কৰিলে, তোমালোকৰ সেই নিৰ্ম্মাণকৰ্ত্তা যিহোৱাক কিয় পাহৰিছা? কাৰণ যেতিয়া অতি ক্রোধত অত্যাচাৰীয়ে ধ্বংস কৰিবলৈ সিদ্ধান্ত লয়, তেতিয়া প্রতিদিনে তোমালোক অবিৰাম ভাবে আতঙ্কত থাকা। সেই অত্যাচাৰীবোৰৰ ক্ৰোধ ক’ত?

লূক 18:27

যীচুৱে উত্তৰ দি ক’লে, “যিবোৰ কথা মানুহৰ দেখাত অসাধ্য, সেইবোৰ কর্ম ঈশ্বৰৰ দৃষ্টিত সাধ্য।”

গীত 16:11

তুমি মোক জীৱনৰ পথ শিকাইছা; তোমাৰ উপস্থিতিত আছে পৰিপূর্ণ আনন্দ; তোমাৰ সোঁ-হাতত আছে অনন্ত সুখ।

আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন