তোমাৰ পিতৃৰ ওচৰ চাপিলে, তুমি পুত্ৰৰো ওচৰ চাপিলা, কাৰণ তেওঁলোক দুয়ো এক। আগতে, আমাৰ ভুল আৰু পাপৰ বাবে, আমি আমাৰ পিতৃৰ পৰা বহু দূৰত আছিলোঁ; আমাৰ অৱস্থাই তেওঁৰ পৰা আমাক আঁতৰাই ৰাখিছিল।
কিন্তু, তেওঁৰ প্ৰেম অপাৰ আৰু তেওঁৰ দয়া অসীম, সেয়ে তেওঁ তোমাৰ পৰা, তেওঁৰ অমূল্য সৃষ্টিৰ পৰা, আঁতৰি থাকিব নিবিচাৰিলে। এই অপৰিসীম, নিঃচৰ্ত প্ৰেমৰ বাবেই তেওঁ তোমাৰ বাবে তেওঁৰ একমাত্ৰ পুত্ৰক পৃথিৱীলৈ পঠাই মৃত্যুবৰণ কৰিবলৈ দিলে; এনে এজন পুত্ৰ যাৰ কোনো দোষ বা অপৰাধ নাছিল, যাৰ কোনো পাপ নাছিল, যি সম্পূৰ্ণ নিষ্কলুষ আছিল।
তেওঁ এনেকুৱা কৰিলে যাতে তোমাৰ আৰু তেওঁৰ মাজত কোনো বাধা নাথাকে, যাতে তুমি তেওঁৰ ওচৰলৈ আহি তেওঁৰ নামত প্ৰাৰ্থনা কৰিব পাৰা। পিতৃৰ ওচৰ চাপিবলৈ হ’লে, যীচুৰ ওচৰ চাপিব লাগিব, তেওঁকেই একমাত্ৰ আৰু পৰ্যাপ্ত ত্ৰাণকৰ্তা বুলি স্বীকাৰ কৰিব লাগিব। তেতিয়া তেওঁৰ তেজে তোমাৰ সকলো পাপ ধুই পেলাব আৰু তুমি ঈশ্বৰৰ সন্তান হ’বা।
এতিয়া তেওঁৰ ওচৰ চাপিবলৈ কোনো বাধা নাই; আৱৰণ ফালি পেলোৱা হৈছে আৰু এতিয়া তুমি সম্পূৰ্ণ স্বাধীনভাৱে আনন্দিত হ’ব পাৰা আৰু তোমাৰ সৃষ্টিকৰ্তাক ভাল পাব পাৰা। তোমাৰ দৈনন্দিন জীৱনত যীচুক পাহৰি নাযাবা, তোমাৰ বাবে তেওঁৰ ত্যাগক মূল্য দিবা আৰু সম্পূৰ্ণ হৃদয়েৰে তেওঁক বিচাৰিবা।
তেওঁৰ অনুগ্ৰহ অবিহনে জীৱন অতিবাহিত নকৰিবা, তেওঁৰ হাত এৰি নিদিবা, তোমাক উদ্ধাৰ কৰিবলৈ প্ৰকাশিত এই অপূৰ্ব অনুগ্ৰহক অৱজ্ঞা নকৰিবা। সকলোতকৈ ডাঙৰ কথা, সম্পূৰ্ণ হৃদয়েৰে ঈশ্বৰক ভাল পাবা আৰু সদায় তেওঁৰ সৈতে চলিবা। কাৰণ কেৱল এজন ঈশ্বৰ আছে আৰু ঈশ্বৰ আৰু মানুহৰ মাজত কেৱল এজন মধ্যস্থতাকাৰী আছে, সেইজন হৈছে মানুহ যীচু খ্ৰীষ্ট (১ তীমথিয় ২:৫)।
কিন্তু মই যে পিতৃক প্ৰেম কৰোঁ, আৰু পিতৃয়ে মোক দিয়া আজ্ঞাবোৰ মই যে পালন কৰোঁ, এই বিষয়ে জগতে জানিবলৈ; এতিয়া উঠা, আমি ইয়াৰ পৰা যাওঁহক।”
কিয়নো মই মোৰ নিজৰ ইচ্ছা পূৰ কৰিবলৈ স্বৰ্গৰ পৰা নামি অহা নাই, কিন্তু মোক পঠোৱা জনৰ ইচ্ছা পূৰ কৰিবলৈহে নামি আহিছোঁ।
এই কাৰণে যীচুৱে তেওঁলোকক পুনৰ ক’লে, “তোমালোকৰ শান্তি হওক, পিতৃয়ে যেনেকৈ মোক পঠালে, ময়ো তেনেকৈ তোমালোকক পঠিয়াই দিম”।
পিতৃয়ে মোক যি সকলক দিছে, তেওঁলোক সকলোৱেই মোৰ ওচৰলৈ আহিব; আৰু মোৰ ওচৰলৈ অহা জনক মই কেতিয়াও বাহিৰ কৰি নিদিম।
মই মোৰ পিতৃৰ নামেৰে আহিছোঁ আৰু আপোনালোকে মোক গ্ৰহণ নকৰে; কিন্তু আন কোনো যদি নিজৰ নামেৰে আহে, আপোনালোকে তেওঁক গ্ৰহণ কৰিব।
ইয়াৰ উত্তৰত যীচুৱে তেওঁলোকক ক’লে, “মই সঁচাকৈয়ে আপোনালোকক কওঁ, পুত্ৰই নিজৰ পৰা একো কৰিব নোৱাৰে। পিতৃক যি যি কৰা দেখে, কেৱল তাকেহে কৰিব পাৰে।
সেই সময়ত পবিত্ৰ আত্মা এক কপৌৰ আকৃতিৰে তেওঁৰ ওপৰলৈ নামি আহিল আৰু স্বৰ্গৰ পৰা এই মাত শুনা গ’ল, “তুমি মোৰ প্ৰিয় পুত্ৰ, তোমাত মই পৰম সন্তুষ্ট।”
কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়।
যাতে পিতৃক যেনেকৈ সকলোৱে সন্মান কৰে, তেনেকৈ পুত্ৰকো যেন সন্মান কৰে; যি জনে পুত্ৰক সন্মান নকৰে, তেওঁ তেওঁক পঠোৱা পিতৃকো সন্মান নকৰে।
“চোৱা, সেই কুমাৰী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁলোকে তেওঁৰ নাম ইম্মানূৱেল থব;” এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ।
তেতিয়া চিমোন পিতৰে উত্তৰ দি কলে, “আপুনি সেই অভিষিক্ত জন অৰ্থাৎ খ্ৰীষ্ট, জীৱন্ত ঈশ্বৰৰ পুত্ৰ।”
আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য হওক; তেৱেঁই দয়ালু পিতৃ আৰু সকলো সান্ত্বনাৰ ঈশ্বৰ।
যদি মোৰ আজ্ঞা পালন কৰা, তেনেহলে, মই যেনেকৈ পিতৃৰ আজ্ঞা পালন কৰি, তেওঁৰ প্ৰেমত থাকোঁ; তোমালোকো তেনেকৈ তেওঁৰ প্ৰেমতে থাকিবা।
প্ৰভু পৰমেশ্বৰে কৈছে - “মই আলফা আৰু ওমেগা”, “যি জন আছে, যি জন আছিল আৰু যি জন আহিব, সেই সৰ্বশক্তিমান৷”
কাৰণ, পিতৃয়ে পুত্ৰক প্ৰেম কৰে আৰু নিজে যি কৰে সেই সকলোকে পুত্রক দেখুৱায়। আপোনালোক যেন অধিক আচৰিত হৈ যায়, তাৰ বাবে তেওঁ ইয়াতকৈয়ো মহৎ মহৎ কৰ্ম পুত্রক দেখুৱাব।
তেতিয়া তেওঁ তেওঁলোকক সুধিলে, “কিন্তু তোমালোকে নো মোক কোন বুলি ভাবা?” তেতিয়া চিমোন পিতৰে উত্তৰ দি কলে, “আপুনি সেই অভিষিক্ত জন অৰ্থাৎ খ্ৰীষ্ট, জীৱন্ত ঈশ্বৰৰ পুত্ৰ।”
এতিয়া আমি যেন পৰমধন্য আশা সিদ্ধিৰ অৰ্থে মহান ঈশ্বৰ আৰু ত্ৰাণকর্তা যীচু খ্ৰীষ্টৰ প্ৰতাপৰ আবির্ভাৱৰ বাবে অপেক্ষা কৰি থাকো৷
চোৱা মোৰ পিতৃয়ে যি প্ৰতিজ্ঞা কৰিছিল, সেই প্ৰতিজ্ঞা তোমালোকলৈ পঠাই দিম৷ কিন্তু ওপৰৰ পৰা শক্তি নোপোৱালৈকে এই নগৰতে থাকা।”
তেতিয়া যীচুৱে ক’লে, “হে পিতৃ, এওঁলোকক ক্ষমা কৰা; কিয়নো এওঁলোকে কি কৰিছে, সেই বিষয়ে নাজানে।” পাছত তেওঁলোকে চিঠি খেলি তেওঁৰ বস্ত্ৰ ভগাই ললে।
সেই বাক্যই মাংস হ’ল; অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে; তাতে পিতৃৰ একমাত্ৰ পুত্ৰ হিচাপে তেওঁৰ যি মহিমা, সেই মহিমা আমি দেখিলোঁ।
তেতিয়া তেওঁলোকক তেওঁ ক’লে, “তোমালোকে কি কাৰণে মোক বিচাৰি ফুৰিছা? মই মোৰ পিতৃৰ ঘৰত থকা যে উচিত, ইয়াক জানো তোমালোকে নাজানা?”
কিন্তু এতিয়া এই শেষৰ দিনবোৰত ঈশ্বৰে তেওঁৰ পুত্রৰ দ্বাৰাই আমাৰ লগত কথা ক’লে; ঈশ্বৰে সেই পুত্ৰকেই সকলোৰে উত্তৰাধিকাৰী হবলৈ নিযুক্ত কৰিলে আৰু তেওঁৰ যোগেদি বিশ্ব-ব্রহ্মাণ্ড খনো সৃষ্টি কৰিলে। সেই পুত্ৰ ঈশ্বৰৰ গৌৰৱময় পোহৰ৷ ঈশ্বৰৰ সকলো গুণৰ পূর্ণ প্রতিবিম্ব; পুত্রই ঈশ্বৰৰ পৰাক্ৰম বাক্যৰ দ্বাৰাই সকলো ধৰি ৰাখিছে। সেই পুত্রই সকলো মানুহক পাপৰ পৰা শুচি কৰিলে আৰু তাৰ পাছত স্বর্গত ঈশ্বৰৰ মহিমাৰ সোঁ হাতে ওখ সিংহাসনত বহিল।
যি জনে মোক পঠাইছে, সেই পিতৃয়ে চপাই নললে, কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে; আৰু মই শেষৰ দিনা তেওঁক তুলিম।
সেই পুত্ৰ অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্তি৷ তেওঁ গোটেই সৃষ্টিৰ প্ৰথমজাত; কিয়নো যি যি স্বৰ্গত আৰু পৃথিৱীত, দৃশ্য আৰু অদৃশ্য বস্তু আছে, সেই সকলোবোৰ তেওঁতেই সৃষ্ট হ’ল৷ সিংহাসন হওক বা প্ৰভুত্ব হওক, আধিপত্য হওক বা ক্ষমতা হওক, এই সকলোবোৰ তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণে সৃষ্টি কৰা হ’ল৷ তেওঁ সকলোৰে পূৰ্বৰ পৰা আছে আৰু সকলোবোৰ তেওঁৰেই নিয়ন্ত্ৰণত আছে৷
মই তোমালোকক যি দৰে ক’লো, সেই বিষয়ে তোমালোকে শুনিলা, মই গৈ তোমালোকৰ ওচৰলৈ পুনৰ আহিম৷ তোমালোকে যদি মোক প্ৰেম কৰা, তেনেহ’লে মই পিতৃ ওচৰলৈ যাব ওলোৱাৰ কাৰণে তোমালোকে আনন্দ কৰিলাহেঁতেন; কিয়নো পিতৃ মোতকৈ মহান।
তেওঁ পবিত্ৰ আত্মাৰ শক্তিৰ যোগেদি ঈশ্বৰৰ পুত্ৰৰূপে ঘোষণা কৰা হৈ পবিত্ৰতাৰ দ্বাৰা মৃত্যুৰ পৰা পুনৰুত্থিত হ’ল, তেৱেঁই আমাৰ প্ৰভু যীচু খ্ৰীষ্ট৷
সেয়ে তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ বিষয়ৰ শুভবাৰ্তা; যি জনে মানৱ ৰূপে দায়ুদৰ বংশত জন্মিছিল৷ তেওঁলোক পৰচর্চা, পৰনিন্দা কৰোঁতা, ঈশ্বৰৰ ঘৃণাৰ পাত্ৰ; হিংসাত্মক, উদ্ধত, অহংকাৰী, কুকল্পনা জন্মোৱা, পিতৃ-মাতৃক নমনা লোক৷ তেওঁলোক অজ্ঞানী, অনির্ভৰযোগ্য, স্নেহহীন আৰু নিৰ্দয় লোক৷ আৰু এইদৰে আচৰণ কৰা সকল যে মৃত্যুৰ যোগ্য, ঈশ্বৰৰ এই বিচাৰ জানিও, তেওঁলোকে সেইদৰে আচৰণ কৰে; কেৱল সেয়ে নহয়, কিন্তু তেনেকুৱা আচৰণ কৰা সকলক সন্মতিও দিয়ে। তেওঁ পবিত্ৰ আত্মাৰ শক্তিৰ যোগেদি ঈশ্বৰৰ পুত্ৰৰূপে ঘোষণা কৰা হৈ পবিত্ৰতাৰ দ্বাৰা মৃত্যুৰ পৰা পুনৰুত্থিত হ’ল, তেৱেঁই আমাৰ প্ৰভু যীচু খ্ৰীষ্ট৷
পাছত তেওঁ অলপ আগুৱাই গৈ উবুৰি হৈ পৰি প্ৰাৰ্থনা কৰি ক’লে “হে মোৰ পিতৃ, যদি সম্ভব হয়, তেনেহলে এই দূখৰ পান-পাত্ৰ মোৰ পৰা দুৰ হওক; তথাপি মোৰ ইচ্ছাৰ দৰে নহয়, তোমাৰ ইচ্ছাৰ দৰেই হওক।”
যীচুৱে তেওঁক ক’লে, “ময়েই বাট, সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ কোনো নাযাব নোৱাৰে।
আমি ইয়াকো জানোঁ যে, ঈশ্বৰৰ পুত্ৰ আহিল আৰু তেওঁ আমাক সেই জ্ঞান দিলে; ইয়াৰ দ্ৱাৰা আমি জানোঁ কোন সত্য। এতিয়া আমি সেই সত্য ঈশ্ৱৰত আছোঁ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টতো আছোঁ৷ এয়ে সত্য ঈশ্বৰ আৰু অনন্ত জীৱন।
সেই সাক্ষ্য এই যে, ঈশ্বৰে আমাক অনন্ত জীৱন দিলে আৰু সেই জীৱন তেওঁৰ পুত্ৰত আছে। যিজনে পুত্ৰক পালে, তেওঁৰ জীৱন আছে; যিজনে ঈশ্বৰৰ পুত্ৰক পোৱা নাই, তেওঁৰ জীৱন নাই।
মই খ্ৰীষ্টে সৈতে ক্ৰুচত হত হ’লো; মই জীয়াই আছোঁ বুলিলেও, সেয়ে এতিয়া মই নহয়, খ্ৰীষ্টহে মোৰ লগত জীয়াই আছে; মোৰ শৰীৰত যি জীৱন এতিয়া আছে, ঈশ্বৰৰ পুত্ৰত কৰা বিশ্বাসতহে মই সেই জীৱন-যাপন কৰিছোঁ। তেওঁ মোক প্ৰেম কৰিলে আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰিলে।
তেতিয়া স্বর্গৰ দূতে উত্তৰ দি তেওঁক ক’লে, “পবিত্ৰ আত্মা তোমাৰ ওপৰলৈ আহিব, আৰু সর্বোপৰি ঈশ্বৰৰ শক্তিয়ে তোমাক ছাঁ দি ধৰিব। এই হেতুকে সেই পবিত্র গর্ভফলৰ নাম ঈশ্বৰৰ পুত্র বুলি প্রখ্যাত হব,
যীচুৰ এই কথাৰ কাৰণে ইহুদী সকলে তেওঁক বধ কৰিবলৈ উপায় বিচাৰিলে। কিয়নো যীচুৱে যে কেৱল বিশ্ৰামবাৰৰ বিধান লঙ্ঘন কৰিলে, এনে নহয়, তেওঁ ঈশ্বৰক নিজৰ পিতৃ বুলি মাতি নিজকে ঈশ্বৰৰ সমান কৰিলে।
যি জনৰ অস্তিত্ব ঈশ্বৰ-ৰূপী আছিল৷ তেওঁ ঈশ্বৰৰ সমান হলেও তাক কাঢ়ি লোৱা বুলি নামানিলে৷ বৰং নিজকে শূণ্য কৰিলে৷ আৰু তেওঁ দাসৰ ৰূপ ধাৰণ কৰিলে৷ তেওঁ মানুহৰ নিচিনা হৈ অৱতীৰ্ণ হ’ল৷ আৰু তেওঁ আকাৰ-প্ৰকাৰত মানুহৰ দৰে হ’ল৷
কাৰণ আমালৈ এটি লৰা জন্মিল, আমালৈ এটি পুত্ৰ দান কৰা হ’ল; আৰু তেওঁৰ কান্ধত শাসন ভাৰ অৰ্পিত হ’ব, আৰু তেওঁ আশ্চৰ্য পৰামৰ্শদাতা, পৰাক্ৰমী ঈশ্বৰ, অন্তকালস্থায়ী পিতৃ, আৰু শান্তিৰাজ নামে প্ৰখ্যাত হ’ব।
যীচুৱে মার্থাক ক’লে, “ময়েই পুনৰুত্থান আৰু জীৱনো; যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ মৰিলেও জীয়াই থাকিব; আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কোনো কালে নমৰিব। তুমি কি এই কথা বিশ্বাস কৰা নে?”
কিয়নো আমাৰ মহা-পুৰোহিত এনেকুৱা নহয় যে, তেওঁ আমাৰ দূৰ্বলতাত আমাৰ লগত দুখ উপলব্ধি কৰিব নোৱাৰে; কাৰণ তেওঁ পাপ নকৰাকৈয়ে সকলো বিষয়ত আমাৰ দৰে পৰীক্ষিত হৈছিল।
যি জনে নিজৰ পুত্ৰকো মৰম নকৰি, আমাৰ আটাইৰে কাৰণে তেওঁক শোধাই দিলে, সেই জনে আমাক অনুগ্ৰহ কৰি তেওঁৰ সৈতে সকলো নিদিব নে?
তেওঁৰ বাহিৰে আন কতো পৰিত্রাণ নাই, কিয়নো স্বৰ্গৰ তলত আৰু মানুহৰ মাজত যাৰ দ্বাৰা আমি উদ্ধাৰ পাম, এনে আন কোনো নাম নাই।”
আপোনালোকে জানে যে, আপোনালোকৰ পূৰ্বপুৰুষৰ পৰা চলি অহা অসাৰ আচাৰ-ব্যৱহাৰৰ পৰা, আপোনালোক সোণ, ৰূপ আদিৰ ক্ষয়ণীয় বস্তুৰ দ্বাৰাই যে মুক্ত হ’ল, এনে নহয়, কিন্তু নিৰ্দোষী আৰু নিষ্কলঙ্ক মেৰ-পোৱালি স্বৰূপ খ্ৰীষ্টৰ বহুমূল্য তেজৰ দ্বাৰাইহে মুক্ত হ’ল৷
ঈশ্ৱৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ধন্য; তেওঁৰ প্ৰচুৰ দয়া অনুসাৰে মৃত লোকৰ মাজৰ পৰা যীচু খ্ৰীষ্টৰ পুনৰুত্থানৰ দ্বাৰাই জীৱনময় আশাৰ কাৰণে আৰু অক্ষয়, নিৰ্ম্মল আৰু অজৰ উত্তৰাধিকাৰৰ কাৰণে আমাক নতুন জন্ম দিলে;
ইয়াৰ পাছত যীচুৱে আকৌ লোক সকলৰ লগত কথা কবলৈ ধৰিলে, “মই জগতৰ পোহৰ; যি জন মোৰ পাছে পাছে আহে, তেওঁ আন্ধাৰত নুফুৰি, জীৱনৰ পোহৰ পাব।”