49 তেতিয়া তেওঁলোকক তেওঁ ক’লে, “তোমালোকে কি কাৰণে মোক বিচাৰি ফুৰিছা? মই মোৰ পিতৃৰ ঘৰত থকা যে উচিত, ইয়াক জানো তোমালোকে নাজানা?”
হে মোৰ ঈশ্বৰ, তোমাৰ ইচ্ছাত চলাতেই মোৰ আনন্দ; তোমাৰ সকলো ব্যৱস্থা মোৰ অন্তৰত আছে।”
বাহিনীগণৰ যিহোৱাই কৈছে, “চোৱা, মই মোৰ নিজ বার্তবাহকক পঠাম আৰু তেওঁ মোৰ আগেয়ে গৈ পথ যুগুত কৰিব; তাৰ পাছত যি প্ৰভুৰ কাৰণে তোমালোকে অপেক্ষা কৰিছা, তেওঁ হঠাতে নিজৰ মন্দিৰলৈ আহিব; নিয়মৰ সেই বার্তাবাহক, যিজনাত তোমালোক আনন্দিত হোৱা, চোৱা, তেওঁ আহি আছে।”
পাছত যীচু ঈশ্বৰৰ মন্দিৰত সোমাল, তাত যি সকলে মন্দিৰৰ ভিতৰত বেচা-কিনা কৰে, তেওঁলোকক বাহিৰ কৰিলে আৰু ধন সলোৱা সকলৰ মেজ আৰু কপৌ বেচাবোৰৰ আসনবোৰ লুটিয়াই পেলালে।
মাক-বাপেকেও তেওঁক দেখি আচৰিত হ’ল৷ মাকে তেওঁক ক’লে, “বোপা, তুমি আমালৈ কিয় এইদৰে কৰিলা? তোমাৰ দেউতাৰা আৰু মই তোমাক বিচাৰি হাবাথুৰি খাই ফুৰিছোঁ।”
যীচুৱে তেওঁলোকক ক’লে, “মোক পঠোৱা জনৰ ইচ্ছা পালন কৰা, আৰু তেওঁৰ কাৰ্য সিদ্ধ কৰাই মোৰ আহাৰ।
যীচুৱে তেওঁলোকক ক’লে, “মোৰ পিতৃয়ে এতিয়ালৈকে কৰ্ম কৰি আছে, ময়ো কৰিছোঁ।”
কিন্তু মোৰ যি সাক্ষ্য আছে, সেয়া যোহনৰ সাক্ষ্যতকৈয়ো মহত্বপূর্ণ; কাৰণ পিতৃয়ে মোক যি কামবোৰ সম্পূর্ণ কৰিবলৈ দিছে, মই সেইবোৰ কামেই কৰিছোঁ আৰু সেইবোৰে মোৰ বিষয়ে সাক্ষ্য দিয়ে যে পিতৃয়ে মোক পঠাইছে।
কিয়নো মই মোৰ নিজৰ ইচ্ছা পূৰ কৰিবলৈ স্বৰ্গৰ পৰা নামি অহা নাই, কিন্তু মোক পঠোৱা জনৰ ইচ্ছা পূৰ কৰিবলৈহে নামি আহিছোঁ।
মোক যি জনে পঠালে, তেওঁ মোৰ লগত আছে। তেওঁ মোক অকলশৰীয়াকৈ ৰখা নাই, কিয়নো মই সদায় তেওঁৰ সন্তোষজনক কাম কৰোঁ।”
আমি দিন থাকোতেই মোক পঠোৱা জনৰ কৰ্ম কৰিব লাগে। ৰাতি হৈ আহিছে, তেতিয়া কোনেও কৰ্ম কৰিব নোৱাৰিব।