তোমালোকে হৃদয় ৰক্ষা কৰি তেওঁৰ প্ৰশংসা কৰিবলৈ মুখ মেলি দিলে ভগৱানক আনন্দ হয়। তেওঁৰ আচৰিত কৰ্ম আৰু অগণনীয় কাৰ্য্যৰ বিষয়ে কোৱা মানুহবোৰক তেওঁ ভাল পায়। কিন্তু মিছলীয়া ওঁঠ আৰু প্ৰতারণাৰ ভাষা তেওঁৰ মনোগ্ৰাহী নহয়। যিসকলে বেয়া কাম কৰে আৰু আনৰ বিষয়ে বেয়া কথা কয়, তেওঁলোকৰ পৰা তেওঁৰ কাণ আঁতৰি যায়, কিয়নো এনে কৰ্ম ভগৱানৰ দৃষ্টিত ঘৃণনীয়।
ঈশ্বৰৰ বাক্যৰ পৰা পোষণ নোলোৱা আৰু শত্ৰুৰ দ্বাৰা দূষিত হোৱাৰ বাবেই কুৎসা, কাজিয়া, বিভেদ, অভিশাপ আৰু গুণগুণনি আমাক বান্ধি ৰাখে। জিভাৰ আশীৰ্বাদ বা অভিশাপ দিয়াৰ শক্তি আছে, গতিকে আমি কি কওঁ তাৰ প্ৰতি সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ। পৰিত্ৰাণ হেৰুৱাবলৈ নিদিবলৈ, ভগৱানৰ ওচৰত ক্ষমা খোজা আৰু গুণগুণনিৰ পাপৰ পৰা আঁতৰি থকাটো অতি জৰুৰী।
ভগৱানে আমাক আশীৰ্বাদৰ উৎস হ'বলৈ আৰু আমাৰ কথা আত্মাৰ বাবে কোমল বতাহৰ দৰে হ'বলৈ কৈছে। গুণগুণনি ত্যাগ কৰা, যীচুক আমাক তেওঁৰ তেজেৰে ধুই দিবলৈ প্ৰাৰ্থনা কৰা, বেয়াৰ পৰা আঁতৰি থকা, আমাৰ কথাৰ প্ৰতি সাৱধান হোৱা আৰু প্ৰয়োজন হ'লে নীৰৱ থাকিবলৈ শিকাটো অতি প্ৰয়োজনীয়। আমি আমাৰ চাৰিওফালৰ লোকসকলৰ বাবে ভাল প্ৰভাৱ পেলোৱা উচিত আৰু আমাৰ নিজৰ উদাহৰণেৰে পৃথিৱীত পৰিৱৰ্তন আনিব লাগে, মনত ৰাখিব লাগে যে আমাক শক্তিশালী কৰা খ্ৰীষ্টত আমি সকলো কৰিব পাৰোঁ।
তেওঁলোক পৰচর্চা, পৰনিন্দা কৰোঁতা, ঈশ্বৰৰ ঘৃণাৰ পাত্ৰ; হিংসাত্মক, উদ্ধত, অহংকাৰী, কুকল্পনা জন্মোৱা, পিতৃ-মাতৃক নমনা লোক৷
তোমালোকে কোনো লোকৰ অহিতে মিছা কথা নকবা। অন্যায় সাক্ষী দিবলৈ তোমালোকে দুৰ্জন লোকৰ লগত সহযোগ নকৰিবা।
কিন্তু নিন্দাযুক্ত কথাবোৰৰ পৰা পৃথক থাকিবা, কিয়নো এইবোৰে অধিকৰূপে ঈশ্ৱৰক অবিশ্ৱাস কৰিবলৈ বাট দেখুৱাই লৈ যায়৷
তেওঁ নিজৰ অবিশ্বাসী মুখেৰে চুবুৰীয়াক ধ্বংস কৰে; কিন্তু জ্ঞানেৰে যিজনে সৎ কাৰ্য কৰে, তেওঁ সুৰক্ষিত হয়।
যিজনে ঘৃণা গোপনে ৰাখে, তেওঁ মিছলীয়া ওঁঠৰ লোক, আৰু যিজনে অপবাদ বিস্তাৰ কৰে, তেওঁ মূৰ্খ হয়।
আপোনালোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাওক, কিন্তু শুনা সকলক অনুগ্ৰহ দান কৰিবলৈ ভাল কথা কওক।
ৰাতিপুৱা তোমালোকে যিহোৱাৰ মহিমা দেখিবলৈ পাবা; কাৰণ যিহোৱাৰ বিৰুদ্ধে তোমালোকে কৰা অভিযোগ তেওঁ শুনিলে। আমি নো কোন যে, তোমালোকে আমাৰ বিৰুদ্ধে অভিযোগ কৰিছা?”মোচিয়ে পুনৰ ক’লে, “যিহোৱাই গধূলি যেতিয়া তোমালোকক খাবলৈ মাংস, আৰু ৰাতিপুৱা উপচি পৰাকৈ পিঠা দিব, তেতিয়া যিহোৱাৰ বিৰুদ্ধে তোমালোকে কৰা অভিযোগ তেওঁ যে শুনিলে, সেই কথা তোমালোকে বুজি পাবা। হাৰোণ আৰু মই কোন? তোমালোকৰ অভিযোগ আমাৰ বিৰুদ্ধে নহয়; যিহোৱাৰ বিৰুদ্ধেহে।”
কিন্তু জিভাক দমন কৰিবলৈ মানুহৰ মাজত কাৰো সাধ্য নাই; ই অশান্ত দুষ্টতা স্বৰূপ, মৃত্যুজনক বিহেৰে পৰিপূৰ্ণ।
কোনো ব্যক্তিক নিন্দা নকৰি, নির্ব্বিৰোধী আৰু ক্ষান্ত স্বভাৱী হৈ সকলো মানুহৰ প্ৰতি মৃদুভাব প্ৰকাশ কৰক৷
যি লোকে কুকৰ্ম কৰে, তেওঁ নীতিহীন কথা কোৱাসকলৰ কথা শুনে, আৰু মিছলীয়াই বেয়া বিষয়ৰ কথা কওতা জনলৈ মনোযোগ দিয়ে।
“মোৰ বিৰুদ্ধে নিন্দা কৰি থকা এই দুষ্ট সমাজৰ ভাৰ মই কিমান কাল সহিম? ইস্ৰায়েলৰ সন্তান সকলে মোৰ বিৰুদ্ধে যি যি বকিছিল, তাক মই শুনিলোঁ।
তুমি নিজ লোকসকলৰ মাজত চৰ্চ্চি ফুৰোঁতা নহ’বা; আৰু তোমাৰ ওচৰ চুবুৰীয়াৰ বিৰুদ্ধে প্রাণ হত্যাকাৰী নহ’বা; মই যিহোৱা।
সেই সকলেই যোগ্য, যিসকলে সৎ জীৱন কটায়, ন্যায় কৰ্ম কৰে, সত্য ভৰা অন্তৰেৰে কথা কয়;যিসকলৰ জিভাই পৰচর্চ্চা নকৰে, বন্ধুৰ ক্ষতি নকৰে, চুবুৰীয়াৰ বিৰুদ্ধে কু-ব্যৱহাৰ নকৰে,
হে ভাইসকল, আপোনালোকৰ যাতে সোধ-বিচাৰ নহ’ব, তাৰ কাৰণে ইজনে সিজনৰ বিৰুদ্ধে অভিযোগ নকৰিব। চাওক, বিচাৰকৰ্তা দুৱাৰ-মুখতে থিয় হৈ আছে।
পাছত লোকসকলে, যিহোৱাৰ কাণত পৰাকৈ বাটৰ দুখৰ কাৰণে বকা লোকৰ নিচিনাকৈ আচৰণ কৰিলে, তাকে শুনি যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল; তাতে তেওঁলোকৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধাগ্নি জ্বলি উঠি, ছাউনিৰ শেষ ভাগত লোকসকলক গ্ৰাস কৰিবলৈ ধৰিলে।
তেওঁলোক সকলো অধাৰ্মিকতা, দুষ্টতা, লোভ আৰু ঈর্ষাৰে ভৰি থকা৷ তেওঁলোক নৰবধী, বিবাদ, ছল আৰু শত্ৰুতাৰে পৰিপূৰ্ণ;তেওঁলোক পৰচর্চা, পৰনিন্দা কৰোঁতা, ঈশ্বৰৰ ঘৃণাৰ পাত্ৰ; হিংসাত্মক, উদ্ধত, অহংকাৰী, কুকল্পনা জন্মোৱা, পিতৃ-মাতৃক নমনা লোক৷
ইস্ৰায়েলী সকলৰ গোটেই সমাজে মোচি আৰু হাৰোণৰ বিৰুদ্ধে মৰুভূমিত অভিযোগ কৰিবলৈ ধৰিলে।ইস্ৰায়েলী সকলে তেওঁলোকক ক’লে, “আমি যেতিয়া মাংস ৰখা পাত্ৰৰ ওচৰত বহি লৈ হেঁপাহ নপলাইমানে পিঠা খাইছিলোঁ, সেই সময়তেই মিচৰ দেশত যিহোৱাৰ হাতত মৰা হ’লে ভাল আছিল। আপোনালোকে আমাক সকলোকে ভোকত মৰিবলৈ এই মৰুভূমিলৈ উলিয়াই আনিলে।”
মোচিয়ে কুচ দেশীয় যি জনীক বিয়া কৰিছিল, সেই গৰাকীৰ বিষয়ে মিৰিয়ম আৰু হাৰোণে মোচিৰ অহিতে কথা কলে; কাৰণ তেওঁ এজনী কুচীয়া মহিলাৰ সৈতে বিয়া পাতিছিল।
তেওঁলোকৰ কিছুমান লোক অসন্তুষ্ট হৈ ধ্বংসকাৰী স্বর্গৰ দূতৰ কবলত পৰি মৃত্যু হ’ল, আপোনালোক তেনেকৈ অসন্তুষ্ট নহ’ব৷
কিন্তু ঈশ্বৰে দুষ্ট লোকক এই কথা কৈছে, “মোৰ শাসন-বিধিৰ কথাবোৰ কবলৈ অথবা মোৰ ব্যৱস্থাৰ কথা মুখত আনিবলৈ তোমাৰ কি অধিকাৰ আছে?কাৰণ তুমিতো মোৰ শাসন ঘৃণা কৰা; মোৰ কথাবোৰ পাছফালে পেলাই থোৱা।
আপোনালোকে আপোনালোকৰ তম্বুত আপত্তি দর্শাই কৈছিল, “যিহোৱাই আমাক ঘৃণা কৰে। সেয়ে তেওঁ আমাক মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিছিল যাতে ইমোৰীয়াসকলৰ শক্তিৰ দ্বাৰা আমি পৰাজিত হৈ সম্পূর্ণ বিনষ্ট হওঁ।
যি জনে গোপনে চুবুৰীয়াৰ অপবাদ চৰ্চ্চে, তেওঁক মই উচ্ছন্ন কৰিম; গর্বিত দৃষ্টি আৰু অহংকাৰী মনৰ লোকক মই সহ্য নকৰিম।
মানুহে কোৱা সকলো কথালৈ কাণসাৰ নিদিবা, হয়তো তোমাৰ দাসে তোমাক শাও দিয়াহে শুনিবা।কাৰণ তুমিও তোমাৰ হৃদয়ত জানা যে, তুমি নিজেও আনক অনেকবাৰ সেইদৰে শাও দিছা।
কিন্তু আপোনালোকৰ মাজত কোনেও যেন নৰবধী, চোৰ, কুকৰ্মকাৰী বা পৰচৰ্চ্চাকাৰী বুলি দুখভোগ নকৰক;
কিন্তু আপুনি কিয় নিজৰ ভায়েৰাৰ সোধ-বিচাৰ কৰিছে? আপোনাৰ ভায়েৰাক নো কিয় হেয়জ্ঞান কৰিছে? কিয়নো আমি সকলোৱে ঈশ্বৰৰ বিচাৰৰ আসনৰ আগত থিয় হ’ম।
মই যেতিয়া পাপ স্বীকাৰ নকৰি মনে মনে আছিলোঁ, তেতিয়া ওৰে দিনটো কেঁকাই থকাত মোৰ অস্থিবোৰ ক্ষয় পাইছিল।
কিন্তু আপোনালোকে যদি পৰস্পৰৰ মাজত খোৱা-কামোৰা কৰি থাকে, তেনেহলে সাৱধান হ’ব, যাতে আপোনালোকে এইদৰে ইজনে সিজনৰ অনিষ্ট সাধন নকৰে৷
লোকসকল পিয়াহত আতুৰ হ’ল, আৰু মোচিৰ বিৰুদ্ধে অভিযোগ কৰিলে। তেওঁলোকে ক’লে, “আপুনি কিয় আমাক মিচৰৰ পৰা উলিয়াই আনিলে? আমাক, আমাৰ সন্তানসকলক, আৰু পশুবোৰকো পিয়াহত মৰিবলৈ মিচৰৰ পৰা আনিলে নেকি?”
তোমালোকৰ সম্পূৰ্ণ সংখ্যা অনুসাৰে গণিত হোৱা বিশ বছৰ আৰু তাতকৈয়ো অধিক বয়সীয়া তোমালোকৰ যি সকলো লোকে মোৰ অহিতে বকিছিল, তোমালোকৰ সেই সকলোৰ শৱ এই মৰুভূমিত পতিত হ’ব।
কিন্তু মই আপোনালোকক কওঁ, লোক সকলে যিবোৰ অনৰ্থক কথা কয়, সোধ-বিচাৰৰ দিনা প্রত্যেকটো কথাৰ হিচাব তেওঁলোকে দিব লাগিব।কিয়নো আপোনাৰ নিজৰ কথাৰ দ্বাৰাই আপুনি নিৰ্দ্দোষী বুলি প্ৰমাণিত হব আৰু আপোনাৰ নিজৰ কথাৰ দ্বাৰাই আপোনাক দোষী বুলি প্ৰমাণিত কৰা হব।
আপোনালোকৰ আচাৰ-ব্যৱহাৰ নিৰ্ল্লোভী হওক, অৰ্থাৎ ধন সম্পত্তিক প্ৰেম কৰা নহওক; আপোনালোকৰ যি আছে, তাতে আপোনালোক সন্তুষ্ট হৈ থাকক; কিয়নো তেৱেঁ কৈছে, মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম।
হে ভাইসকল, আপোনালোকে ইজনে সিজনৰ বিৰুদ্ধে কথা নক’ব; যি জনে ভাইৰ বিৰুদ্ধে কথা কয় আৰু ভাইৰ সোধ-বিচাৰ কৰে, সেই জনে বিধানৰ বিৰুদ্ধে কথা কয় আৰু ঈশ্বৰৰ বিধানৰ সোধ-বিচাৰ কৰে, তেনেস্থলত সেই জন বিধান পালনকাৰী নহয় কিন্তু বিধানৰ বিচাৰকৰ্তাহে হয়।
ধাৰ্মিকৰ মুখে জ্ঞানৰ কথা প্ৰচাৰ কৰে, তেওঁলোকৰ জিভাই ন্যায় কথা প্রকাশ কৰে।তেওঁলোকৰ ঈশ্বৰৰ ব্যৱস্থা তেওঁলোকৰ হৃদয়ত আছে; তেওঁলোকৰ ভৰি পিছলি নাযায়।
ৰজাক শাও নিদিবা, এনেকি মনে মনেও নিদিবা; তোমাৰ শোৱা কোঁঠালিত ধনীক শাও নিদিবা; কিয়নো আকাশৰ এটি সৰু চৰায়ে তোমাৰ সেই কথা শুনি বৈ নিব পাৰে নাইবা কিছুমান ডেউকাযুক্ত জীৱই উৰি গৈ সকলোকে সেই কথা কৈ দিব পাৰে।
সেইবাবে তুমি আৰু তোমাৰ গোটেই দলে যিহোৱাৰ বিৰুদ্ধে গোট খাইছা। গতিকে কিয় তোমালোকে হাৰোণৰ বিৰুদ্ধে আপত্তি কৰিছা, যিজনে যিহোৱাক মানি চলে?”
তেওঁলোকৰ পাপ, মুখৰ আৰু ওঁঠৰ কথা, তেওঁলোকে শাও দিয়া আৰু মিছা কথা কোৱাৰ কাৰণে; তেওঁলোকে তেওঁলোকৰ অহংকাৰত ধৰা পৰক।
হে লোকৰ সোধ-বিচাৰ কৰা মানুহ, এই কাৰণে অাপোনালোকক ক্ষমা কৰা নহব, কিয়নো যি কথাত আপোনালোকে লোকৰ সোধ-বিচাৰ কৰে, সেই কথাতে নিজক দোষী কৰি আছে; কাৰণ লোকৰ বিচাৰ কৰা যি আপোনালোক, আপোনালোকে নিজেও সেই একে আচৰণ কৰি আছে।
তোমালোকে পৰৰ সোধ-বিচাৰ নকৰিবা, তেতিয়া তোমালোকৰো বিচাৰ কৰা নহ’ব। আনৰ দোষ নধৰিবা, তেতিয়া তোমালোকৰো দোষ ধৰা নহ’ব। আন লোকক ক্ষমা কৰা, তেতিয়া তোমালোককো ক্ষমা কৰা হ’ব।
যি জনে অপৰাধ ঢাকে, তেওঁ প্ৰেমৰ চেষ্টা কৰে; কিন্তু যি কোনোৱে একে বিষয় বাৰে বাৰে কৈ থাকে, তেওঁ প্ৰণয়ৰ বন্ধুৰ বিচ্ছেদ জন্মায়।
তেওঁলোকৰ কোনোৱে মোক চাবলৈ আহিলে, অনর্থক কথাবোৰ কয়; তেওঁলোকৰ হৃদয় দুষ্টতাৰে ভৰি থাকে আৰু বাহিৰলৈ গৈ তাক কৈ ফুৰে।মোক ঘৃণা কৰা সকলোৱে একেলগে মিলি মোৰ বিৰুদ্ধে ফুচফুচায়; তেওঁলোকে মোৰ অনিষ্ট কৰিবলৈ একত্ৰিত হৈ আলোচনা কৰে।
তোমালোকে অন্য লোকৰ সোধ-বিচাৰ নকৰিবা, তেতিয়াহে তোমালোকৰো বিচাৰ কৰা নহ’ব।কিয়নো যেনেকুৱা বিচাৰেৰে তোমালোকে সোধ-বিচাৰ কৰা, তেনেকুৱা বিচাৰেৰে তোমালোকৰো বিচাৰ কৰা হ’ব, আৰু যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোককো জোখা হ’ব।
মোৰ চাৰিওফালে যেন অনেক ভতৰাই বেৰি ধৰিছে; বাচানৰ শক্তিশালী ভতৰাবোৰে যেন মোক আগুৰি ৰাখিছে।ক্ষুধার্ত সিংহই যেনেকৈ গৰ্জ্জন কৰে, তেনেকৈ তেওঁলোকে মোলৈ মুখ মেলিছে।
তেওঁলোকৰ কিছুমান লোক অসন্তুষ্ট হৈ ধ্বংসকাৰী স্বর্গৰ দূতৰ কবলত পৰি মৃত্যু হ’ল, আপোনালোক তেনেকৈ অসন্তুষ্ট নহ’ব৷তেওঁলোকলৈ আৰ্হি স্বৰূপে এইবোৰ ঘটিছিল; আৰু শেষৰ যুগৰ মানুহ যি আমি, আমাক চেতনা দিবলৈ এইবোৰ লিখা আছে।এই সকলো ঘটনা আমালৈ আর্হি স্বৰূপ হ’ল; তেওঁলোকে যেনেকৈ কামনা কৰিছিল, আমিও যেন তেনেকৈ মন্দ বিষয়ৰ কামনা নকৰোঁ৷তেওঁলোকৰ মাজৰ কিছুমানে যেনেকৈ মূৰ্তিপূজক হৈছিল, আপোনালোক তেনে নহ’ব; সেই বিষয়ে এনেদৰে লিখা আছে; “মানুহবোৰে ভোজন-পান কৰিবলৈ বহিল আৰু পাছত যৌন কামনাৰে নাচিবলৈ উঠিল”।তেওঁলোকৰ কিছুমানে যেনেকৈ যৌনপাপ কৰাত; একেদিনাই একুৰি তিনি হাজাৰ মানুহ মৰা পৰিল, তেনেকৈ আমি ব্যভিচাৰ নকৰোঁহক।তেওঁলোকৰ কিছুমানে যেনেকৈ ঈশ্বৰক পৰীক্ষা কৰাত, সাপৰ দ্বাৰাই বিনষ্ট হ’ল, তেনেকৈ আমি যেন খ্ৰীষ্টক পৰীক্ষা নকৰোঁ।
আৰু লোকসকলে ঈশ্বৰ ও মোচিৰ বিৰুদ্ধে ক’বলৈ ধৰিলে: বোলে, “মৰুভূমিত মৰিবলৈ তোমালোকে মিচৰৰ পৰা আমাক কেলেই উলিয়াই আনিলা?” কিয়নো আহাৰো নাই পানীও নাই আৰু আমাৰ মনে এই সামান্য আহাৰ ঘিণ কৰিছে।
হে মোৰ প্ৰিয় ভাইসকল, অাপোনালোকে এই কথা জানিব যে, প্ৰত্যেক ব্যক্তি শুনিবলৈ প্ৰস্তুত থাকিব, ক’বলৈ ধীৰ আৰু ক্ৰোধলৈয়ো ধীৰ হওক,কিয়নো মানুহৰ ক্ৰোধে ঈশ্বৰে বিচৰা ধাৰ্মিকতা সাধন নকৰে।
মানুহে মানুহৰ ওচৰত মিছা কথা কয়; তেওঁলোকে তৈলমৰ্দনকাৰী ওঁঠ আৰু ছলনা ভৰা দুই মনৰ অন্তৰেৰে কথা কয়।তেওঁলোকৰ তৈলমোদী ওঁঠ আৰু ভীষণ গর্বিত জিভাক যেন যিহোৱাই কাটি পেলায়;
তাৰ পাছত, তেওঁলোকৰ মাজত থকা মিশ্ৰিত লোকসকলে খঁকুৱা স্বভাৱ কৰিবলৈ ধৰিলে আৰু ইস্ৰায়েলৰ সন্তান সকলে পুনৰায় কান্দি কান্দি ক’লে, “আমাক মঙহ খাবলৈ কোনে দিব?আমি মিচৰ দেশত বিনামূল্যে যি যি মাছ খাইছিলোঁ আৰু তিয়হ, খৰমূজা; পৰু, পিঁয়াজ আৰু নহৰুলৈ মনত পৰে।আৰু এতিয়া আমাৰ প্ৰাণ শুকাল; আমাৰ আগত এই মান্নাৰ বাহিৰে আৰু একোৱেই নাই।”
পাছত জানো কোনোৱে ঈশ্বৰৰ অনুগ্ৰহবিহীন হয়, বা কোনো তিতাৰ মূল ওলাই আপোনালোকৰ বিঘিনি জন্মোৱাত, তাৰ দ্বাৰাই অধিক ভাগ অশুচি হৈ যায়;
যিসকল দুষ্ট, যিসকলে দুষ্টতাৰ কার্য কৰি ফুৰে, যিসকলে চুবুৰীয়াৰ লগত মুখেৰে শান্তিৰ কথা কয়, অথচ অন্তঃকৰনত দুষ্ট ইচ্ছা পুহি ৰাখে, সেইসকলৰ লগত তুমি মোক টানি নিনিবা।
কিন্তু তোমাৰ ভায়েৰাই যদি তোমাৰ বিৰুদ্ধে পাপ কৰে, তেনেহলে তেওঁ অকলে থাকোতেই ওচৰলৈ গৈ তেওঁৰ দোষ দেখুৱাই দিয়া। তেওঁ যদি তোমাৰ কথা শুনে, তেনেহলে তুমি তোমাৰ ভায়েৰাক ঘূৰাই পালা।
তেওঁলোকে ঈশ্ৱৰৰ অৱগত হবলৈ নিবিচাৰিলে, সেই কাৰণে ঈশ্ৱৰে তেওঁলোকক লম্পট মন দি, অনু্চিত কর্মবোৰ কৰিবলৈ তেওঁলোকক এৰি দিলে৷তেওঁলোক সকলো অধাৰ্মিকতা, দুষ্টতা, লোভ আৰু ঈর্ষাৰে ভৰি থকা৷ তেওঁলোক নৰবধী, বিবাদ, ছল আৰু শত্ৰুতাৰে পৰিপূৰ্ণ;তেওঁলোক পৰচর্চা, পৰনিন্দা কৰোঁতা, ঈশ্বৰৰ ঘৃণাৰ পাত্ৰ; হিংসাত্মক, উদ্ধত, অহংকাৰী, কুকল্পনা জন্মোৱা, পিতৃ-মাতৃক নমনা লোক৷তেওঁলোক অজ্ঞানী, অনির্ভৰযোগ্য, স্নেহহীন আৰু নিৰ্দয় লোক৷আৰু এইদৰে আচৰণ কৰা সকল যে মৃত্যুৰ যোগ্য, ঈশ্বৰৰ এই বিচাৰ জানিও, তেওঁলোকে সেইদৰে আচৰণ কৰে; কেৱল সেয়ে নহয়, কিন্তু তেনেকুৱা আচৰণ কৰা সকলক সন্মতিও দিয়ে।
তেওঁ অহংকাৰী আৰু একোকে নাজানে, কিন্তু বাদ-বিচাৰ আৰু বাগযুদ্ধৰূপ ৰোগত ৰোগাগ্ৰস্ত হয়৷ সেইবোৰৰ পৰাই হিংসা, বিবাদ, নিন্দা, দুষ্ট-ধাৰণাৰ উৎপন্ন হয়৷
তেওঁলোকে মহা বিদ্ৰূপেৰে দুষ্টতাৰ কথা কয়; তেওঁলোকে অহংকাৰ কৰি ভয় দেখুৱাই আক্রমণ কৰে।তেওঁলোকে স্বর্গৰ বিৰুদ্ধে কথা কয়; তেওঁলোকৰ জিভাই পৃথিৱী ভ্ৰমণ কৰে।
পাছত লেবীৰ পৰিনাতি, কহাতৰ নাতিয়েক, যিচহৰৰ পুতেক কোৰহ আৰু ৰূবেণৰ সন্তান সকলৰ মাজৰ, ইলিয়াবৰ পুতেক দাথন আৰু অবীৰাম আৰু পেলতৰ পুতেক ওনে, এওঁলোকে কিছুমান লোকক গোটাই ল’লে।ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ দুশ পঞ্চাশজন মণ্ডলীৰ অধ্যক্ষ আৰু সমাজ ভূক্ত নাম জ্বলা লোকক লগত লৈ, মোচিৰ বিৰুদ্ধে উঠিল।তেওঁলোকে মোচি আৰু হাৰোণৰ বিৰুদ্ধে গোট খাই তেওঁলোকক ক’লে, “তোমালোকে তোমালোকৰ পদ বৰ বুলি মানিছা। কিয়নো গোটেই সমাজৰ প্ৰতিজনেই পবিত্ৰ আৰু যিহোৱা তেওঁলোকৰ মাজত আছে; তেন্তে তোমালোকে কিয় যিহোৱাৰ সমাজৰ ওপৰত নিজকে ওখ কৰিছা?”
অাপুনি লোকৰ দাসৰ যে বিচাৰ কৰিছে, অাপুনি নো কোন? তেওঁ নিজ প্ৰভুৰ আগত হয় থিৰে থাকে নাইবা পৰে; কিন্তু তেওঁক থিৰ কৰা যাব; কিয়নো প্ৰভুৱে তেওঁক থিৰ কৰিব পাৰে।
সেইদৰে জিভাও হৈছে এক অগ্নি স্বৰূপ, আমাৰ অঙ্গ-প্ৰত্যঙ্গবোৰৰ মাজত জিভা অধৰ্মময় জগত স্বৰূপ; সেয়ে গোটেই শৰীৰক কলঙ্কিত কৰি আমাৰ জীৱনৰ লগতে নিজেও নৰকৰ অগ্নিৰে প্ৰজ্বলিত হয়।
তেওঁলোকে ধাৰ্মিকৰ প্ৰাণৰ বিৰুদ্ধে গোট খায়; তেওঁলোকে নিৰ্দ্দোষীক মৃত্যুদণ্ড বিহিবলৈ দোষী কৰে।
কিন্তু মই তোমালোকক কওঁ, যি কোনোৱে তেওঁৰ ভায়েকৰ ওপৰত খং কৰে, তেওঁ সোধ-বিচাৰত দণ্ডৰ পাত্ৰ হ’ব আৰু যি কোনোৱে তেওঁৰ ভায়েকক ‘তুমি অপদার্থ’ এইদৰে কয়, তেওঁ মহাসভাত দণ্ডৰ পাত্ৰ হ’ব আৰু যি কোনোৱে নিজ ভাইক ‘তুমি অবাধ্য’ বুলি কয়, তেওঁ অগ্নিময় নৰকৰ দণ্ডৰ পাত্ৰ হ’ব।
তাৰ পাছত তেওঁলোকে সেই মনোহৰ দেশক তুচ্ছ কৰিলে, তেওঁলোকে যিহোৱাৰ কথাত বিশ্বাস নকৰিলে;নিজ নিজ তম্বুত তেওঁলোকে ভোৰ ভোৰালে, যিহোৱাৰ বাক্যলৈ তেওঁলোকে কর্ণপাত নকৰিলে।
পাছত লোকসকলে, যিহোৱাৰ কাণত পৰাকৈ বাটৰ দুখৰ কাৰণে বকা লোকৰ নিচিনাকৈ আচৰণ কৰিলে, তাকে শুনি যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল; তাতে তেওঁলোকৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধাগ্নি জ্বলি উঠি, ছাউনিৰ শেষ ভাগত লোকসকলক গ্ৰাস কৰিবলৈ ধৰিলে।এই কাৰণে লোকসকলে মোচিৰ গুৰিত কাতৰোক্তি কৰিলে; তাতে মোচিয়ে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰাত সেই অগ্নি নুমাল।তেতিয়া সেই ঠাইৰ নাম তবিয়েৰা [দাহ] ৰখা হ’ল; কিয়নো যিহোৱাৰ অগ্নিয়ে তেওঁলোকৰ বিৰুদ্ধে দাহ কৰিছিল।
আপোনালোক পৰস্পৰ সহনীয় হওক; ইজনে সিজনৰ প্ৰতি দয়ালু হওক; আৰু যদি কাৰোবাৰ বিৰুদ্ধে কাৰোবাৰ দোষ দিয়াৰ কাৰণ থাকে, তেনেহলে পৰস্পৰে ক্ষমা কৰক; কিয়নো প্ৰভুৱে যেনেকৈ আপোনালোকক ক্ষমা কৰিলে, আপোনালোকেও তেনেকৈ ক্ষমা কৰক৷
মই কলা মানুহৰ নিচিনা হ’লো, একোকে নুশুনো; মই মুখ মেলিব নোৱাৰা বোবা মানুহৰ নিচিনা হ’লো।যি মানুহে নুশুনে, যাৰ মুখত কোনো উত্তৰ নাই, মই এনে মানুহৰ নিচিনাই হ’লো।
মূৰ্তিপূজা, মায়াকৰ্ম্ম, নানা বিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ বিভেদ, নানামত অসূয়া, মত্ততা,
মোৰ জীৱন শত্রুবোৰৰ মাজত আছে, সেই লোকসকলৰ দাঁত বৰছা আৰু কাঁড় স্বৰূপ, আৰু যিবোৰৰ জিভা চোকা তৰোৱাল স্বৰূপ, এনে অগ্নি-শিখা স্বৰূপ মনুষ্য সন্তানবোৰৰ মাজত মই শুইছোঁ।
যিবোৰ মোৰ নিজৰ বস্তু, সেইবোৰ মই নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰাৰ অধিকাৰ জানো মোৰ নাই? নে মই উত্তম কৰ্ম কৰা বাবে তোমালোকৰ চকু পুৰিছে?
অহংকাৰ আৰু তুচ্ছ ভাব লৈ যিসকলে ধাৰ্মিকসকলৰ বিৰুদ্ধে দর্প কথা কয়, সেই মিছলীয়া ওঁঠবোৰ বোবা হওঁক।
সিহঁতৰ ডিঙিৰ নলী মুকলি মৈদামৰ নিচিনা৷ সিহঁতে জিভাৰে প্ৰতাৰণা কৰে৷ সিহঁতৰ ওঠৰ তলত কালসৰ্পৰ বিষ থাকে৷ সিহঁতৰ মুখ অভিশাপ আৰু কটুবাক্যৰে পৰিপূৰ্ণ৷
তোমাৰ মুখে কেতিয়াও বেগা-বেগীকৈ কথা নকওঁক। ঈশ্বৰৰ আগত বেগা-বেগীকৈ কোনো কথা উচ্চাৰণ নকৰিবা; কিয়নো ঈশ্বৰ স্বৰ্গত আৰু তুমি পৃথিবীত আছা; এই হেতুকে তোমাৰ কথা যেন অলপ হয়।
কোনোৱে যদি নিজকে ধাৰ্মিক বুলি মানে, কিন্তু নিজৰ জিভা দমন নকৰি নিজৰ হৃদয়ক ভুলায়, তেনেহলে সেই মানুহৰ ধৰ্ম-কৰ্ম ব্যৰ্থ।
অজ্ঞানীলোকৰ মুখৰ পৰা তেওঁৰ অহঙ্কাৰৰ অঙ্কুৰ ওলাই; কিন্তু জ্ঞানীলোকৰ ওঁঠে সেইবোৰ সংৰক্ষিত কৰে।
কাৰণ ঈশ্বৰৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাছিল; তেওঁত যে পৰিত্ৰাণ আছে, সেই কথাত তেওঁলোকে নিৰ্ভৰ নকৰিলে।তথাপিও তেওঁ ওপৰত থকা আকাশমণ্ডলক আজ্ঞা দিলে আৰু আকাশৰ দুৱাৰবোৰ মুকলি কৰিলে।
যিসকল দুষ্ট, যিসকলে দুষ্টতাৰ কার্য কৰি ফুৰে, যিসকলে চুবুৰীয়াৰ লগত মুখেৰে শান্তিৰ কথা কয়, অথচ অন্তঃকৰনত দুষ্ট ইচ্ছা পুহি ৰাখে, সেইসকলৰ লগত তুমি মোক টানি নিনিবা।তেওঁলোকৰ কাৰ্য আৰু কৰ্মৰ দুষ্টতা অনুসাৰে, তুমি তেওঁলোকক প্ৰতিফল দিয়া; তেওঁলোকৰ হাতৰ কার্য অনুসাৰে তেওঁলোকক প্রতিফল দিয়া। তেওঁলোকে পাবলগীয়া যি আছে, তাকেই তেওঁলোকক দিয়া।
আৰু লোকসকলে ঈশ্বৰ ও মোচিৰ বিৰুদ্ধে ক’বলৈ ধৰিলে: বোলে, “মৰুভূমিত মৰিবলৈ তোমালোকে মিচৰৰ পৰা আমাক কেলেই উলিয়াই আনিলা?” কিয়নো আহাৰো নাই পানীও নাই আৰু আমাৰ মনে এই সামান্য আহাৰ ঘিণ কৰিছে।তেতিয়া যিহোৱাই লোকসকলৰ মাজলৈ বিষাক্ত সাপ পঠিয়ালে আৰু সেইবোৰে দংশিবলৈ ধৰাত ইস্ৰায়েলৰ মাজত অনেক লোক মৰিল।
যিহোৱাই ঘিণ কৰা বিষয় ছয়টা, সপ্তমটো তেওঁলৈ বিতৃষ্ণাজনক।গৰ্ব্ব কৰা চকু, মিছা কথা কোৱা জিভা, নিৰ্দ্দোষীৰ তেজত পতিত হোৱা হাত,বেয়া পৰিকল্পনা কৰা হৃদয়, বেয়া কৰ্ম কৰিবলৈ বেগাই দৌৰ মৰা ভৰি,মিছা কথা ব্যক্ত কৰা সাক্ষী, আৰু ভাইসকলৰ মাজত কন্দলৰূপ গুটি সিচোঁতা লোক।
কিন্তু ৰজাই ঈশ্বৰত আনন্দ কৰিব; তেওঁৰ নামেৰে শপত কৰা প্ৰতিজনে গৌৰৱ কৰিব, কিয়নো মিছলীয়াবোৰৰ মুখ বন্ধ হ’ব।
ঈশ্বৰ উঠক; তেওঁৰ শত্ৰুবোৰ থান বান হৈ যাওঁক; তেওঁক ঘিণাওঁতাবিলাক তেওঁৰ আগৰ পৰা দূৰ হওঁক।ধোঁৱাৰ দৰে তুমি তেওঁলোকক উৰুৱাই নিয়া; মম যেনেকৈ জুইৰ ওচৰত গলি যায়, তেনেকৈ দুষ্টবোৰ ঈশ্বৰৰ সন্মুখত বিনষ্ট হওঁক।
যি কোনোৱে মানুহৰ পুত্ৰৰ অহিতে কথা কয়, তেওঁক ক্ষমা কৰা হব। কিন্তু পবিত্ৰ আত্মাৰ অহিতে নিন্দা কৰা জনক ক্ষমা কৰা নহব।
এই আদেশৰ লগত আৰু এটা কথা কওঁ, এই কথাত মই প্ৰশংসা নকৰোঁ; সেই কথা এই, আপোনালোকে ভাললৈ নহয়, বেয়ালৈহে গোট খায়।কাৰণ প্ৰথমে যেতিয়া আপোনালোক মণ্ডলীত গোট খায়, তেতিয়া আপোনালোকৰ মাজত ভিন ভিন দল হয়, ইয়াকে মই শুনিছোঁ আৰু কিছু কিছু বিশ্বাসো কৰিছোঁ।কিয়নো আপোনালোকৰ মাজৰ পৰীক্ষাসিদ্ধ মানুহবোৰ প্ৰকাশিত হ’বলৈ, আপোনালোকৰ মাজত নানা মতো হ’ব লাগে।
মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক।কিয়নো তেওঁ পিপাসিত প্ৰাণক তৃপ্ত কৰে; আৰু ক্ষুধাতুৰ প্ৰাণক উত্তম দ্ৰব্যেৰে পূৰ কৰে।