তোমাক কওঁ, ভুল স্বীকাৰ কৰা আৰু ক্ষমা খোজাটো সঁচাকৈয়ে সাহসৰ কাম। অহংকাৰ আৰু গৰ্বক জয় কৰি আমি প্ৰকৃত নম্ৰতা দেখুৱাওঁ। এই কামটো এই কথাৰ ওপৰত নিৰ্ভৰ নকৰে যে তুমি আঘাত পাইছা নে নাই, বৰং প্ৰতিটো কামেৰে ভগৱানক সন্তুষ্ট কৰাৰ ওপৰত নিৰ্ভৰ কৰে।
যদিওবা কোনোবাই তোমাক ক্ষমা নিবিচাৰে, আৰু পবিত্ৰ আত্মাই তোমাক ক্ষমা কৰিবলৈ অনুপ্ৰেৰণা দিয়ে, তেতিয়া তুমি ভগৱানৰ অনুগ্ৰহ আৰু আশীৰ্বাদ লাভ কৰিবা। বহুতৰ বাবে ক্ষমা কৰাটো কঠিন হ'লেও, ক্ষমা কৰাটো এনে এটা সিদ্ধান্ত যি মুক্তি দিয়ে আৰু মুক্তভাৱে আগুৱাই যাবলৈ সহায় কৰে।
কোনোবাই ক'লে, মনত ক্ষোভ ৰাখি ক্ষমা নকৰাটোৱে মনক বন্ধ কৰি ৰাখে আৰু শাৰীৰিকভাৱেও কষ্ট দিয়ে। গতিকে ক্ষমা কৰাটোৱে শৰীৰ আৰু আত্মা দুয়োটাৰে মঙ্গল সাধন কৰে।
ক্ষমা কৰাটোৱে আমাক শুদ্ধ কৰে আৰু ভগৱানৰ ওচৰ চপাই নিয়ে। আমাৰ ভুলবোৰ ভগৱানৰ আগত স্বীকাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ, কিয়নো তেৱেঁই আমাক সকলো অপৰাধৰ পৰা মুক্ত কৰে। তেওঁৰ প্ৰেম আৰু ক্ষমা অসীম, তেওঁ সকলোকে ক্ষমা কৰিব পাৰে।
কিন্তু আমি যদি আমাৰ পাপবোৰ স্বীকাৰ কৰোঁ, তেনেহলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ, তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক শুচি কৰে।
আৰু স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে যাতে তোমালোকৰো অপৰাধ ক্ষমা কৰিব, সেই বাবে তোমালোকে প্ৰাৰ্থনা কৰিবলৈ থিয় হওতে, যদি কাৰোবাৰ বিৰুদ্ধে তোমালোকৰ কিবা কবলগীয়া থাকে, তেনেহলে তেওঁক নিশ্চয় ক্ষমা কৰা।
তোমালোকে পৰৰ সোধ-বিচাৰ নকৰিবা, তেতিয়া তোমালোকৰো বিচাৰ কৰা নহ’ব। আনৰ দোষ নধৰিবা, তেতিয়া তোমালোকৰো দোষ ধৰা নহ’ব। আন লোকক ক্ষমা কৰা, তেতিয়া তোমালোককো ক্ষমা কৰা হ’ব।
তোমালোকে নিজৰ বিষয়ত সাৱধান হোৱা। তোমাৰ ভায়ে যদি পাপ কৰে, তেওঁক তিৰস্কাৰ কৰা আৰু তেওঁ যদি অনুতাপ কৰে, তেনেহলে তেওঁক ক্ষমা কৰা। সেইদৰে মানুহৰ পুত্ৰ প্ৰকাশিত হোৱা দিনতো হ’ব। সেইদিনা কোনোবা যদি ঘৰৰ ওপৰত আছে কিন্তু তেওঁৰ নিজৰ বস্তুবোৰ যদি ঘৰৰ ভিতৰত আছে, তেনেহলে তেওঁ বস্তুবোৰ আনিবলৈ নানামক। তেনেদৰে কোনোবা যদি পথাৰত আছে, তেৱোঁ কোনো বস্তু লবলৈ উলটি নাহক। লোটৰ তিৰোতাক সোঁৱৰা। যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিবলৈ বিচাৰে, তেওঁ তাক হেৰুৱাব। কিন্তু যি কোনোৱে জীৱন হেৰুৱায়, তেওঁ জীয়াই থাকিব। মই তোমালোকক কওঁ, সেই ৰাতি দুজন মানুহ একে শয্যাতে থাকোঁতে, এজনক গ্ৰহণ কৰা হ’ব, আন জনক ত্যাগ কৰা হ’ব। দুজনী তিৰোতাই একেলগে জাঁতেৰে ডলি থাকোঁতে এজনীক গ্ৰহণ কৰা হ’ব। দুজন মানুহ পথাৰত থাকোঁতে এজনক গ্ৰহণ কৰা হ’ব, এজনক ত্যাগ কৰা হ’ব।” তেতিয়া তেওঁলোকে উত্তৰ দি তেওঁক সুধিলে, “ক’ত প্ৰভু?” তেতিয়া তেওঁ তেওঁলোকক ক’লে, “য’ত মৰা শ থাকে, তাতে শগুনো গোট খায়।” তেওঁ যদি এদিনৰ ভিতৰত তোমাৰ বিৰুদ্ধে সাত বাৰ পাপ কৰে আৰু সাত বাৰেই যদি উভতি আহি কয়, ‘মই মন-পালটন কৰিছোঁ’; তেতিয়াও তেওঁক ক্ষমা কৰিবা।”
যি জনে অপৰাধ ঢাকে, তেওঁ প্ৰেমৰ চেষ্টা কৰে; কিন্তু যি কোনোৱে একে বিষয় বাৰে বাৰে কৈ থাকে, তেওঁ প্ৰণয়ৰ বন্ধুৰ বিচ্ছেদ জন্মায়।
পৰস্পৰৰ প্ৰতি স্নেহশীল হওক আৰু কোমল চিত্তৰ লোক হওক; ঈশ্বৰে আপোনালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে, তেনেকৈ আপোনালোকেও পৰস্পৰে ক্ষমা কৰক।
এই কাৰণে মন-পালটাই ঘূৰি আহক যাতে, আপোনালোকৰ পাপ-মোচন হয় আৰু প্রভুৰ সন্মুখৰ পৰা শান্তিযুক্ত কাল যেন আহে;
তেতিয়া যীচুৱে ক’লে, “হে পিতৃ, এওঁলোকক ক্ষমা কৰা; কিয়নো এওঁলোকে কি কৰিছে, সেই বিষয়ে নাজানে।” পাছত তেওঁলোকে চিঠি খেলি তেওঁৰ বস্ত্ৰ ভগাই ললে।
এই কাৰণে, হে ভাই সকল, সেই জনৰ দ্বাৰাই আপোনালোকৰ আগত পাপ মোচনৰ ন্যায় বিষয়ৰ গ্ৰহণীয়তা প্ৰচাৰ কৰা হৈছে৷
তেনেহ’লে মোৰ নামেৰে প্ৰখ্যাত হোৱা মোৰ প্ৰজাসকলে যদি নিজকে নম্ৰ কৰি প্ৰাৰ্থনা কৰে আৰু মোৰ সাক্ষাৎ হবলৈ বিচাৰে বা নিজ নিজ কু-পথৰ পৰা ঘূৰে, তেনেহ’লে মই স্বৰ্গৰ পৰা শুনি তেওঁলোকৰ পাপবোৰ ক্ষমা কৰিম আৰু তেওঁলোকৰ দেশ আৰোগ্য কৰিম।
এতেকে আপোনালোক সুস্থ হ’বৰ বাবে ইজনে সিজনৰ আগত নিজ নিজ পাপ স্বীকাৰ কৰিব আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিব। ধাৰ্মিক জনৰ নিবেদন কাৰ্য সাধন কৰাত মহা-শক্তি বিশিষ্ট।
হে যিহোৱা, তুমি মুক্ত কৰা তোমাৰ প্ৰজা ইস্ৰায়েলক ক্ষমা কৰি, তোমাৰ প্ৰজা ইস্ৰায়েলৰ গাত নিৰ্দোষীৰ ৰক্তপাতৰ দোষ নেপেলাবা।” তাতে তেওঁলোকলৈ সেই ৰক্তপাতৰ দোষ ক্ষমা কৰা হ’ব।
তাতে বিশ্বাসমূলক প্ৰাৰ্থনাই সেই নৰিয়া জনক সুস্থ কৰিব আৰু প্ৰভুৱে তেওঁক তুলিব; আৰু যদিও তেওঁ পাপ কৰিলে, তথাপি ক্ষমা কৰা যাব।
হে যিহোৱা, তুমি যদি অপৰাধ ধৰি ৰাখা, তেন্তে প্রভু, কোন তিষ্ঠি থাকিব পাৰে? কিন্তু তোমাৰ ওচৰত ক্ষমা আছে, যেন মানুহে তোমাক ভয় কৰে।
তেৱেঁই আমাক আন্ধাৰৰ পৰাক্ৰমৰ পৰা উদ্ধাৰ কৰি নিজ প্ৰেমৰ পুত্ৰৰ ৰাজ্যত স্থানান্তৰ কৰি থ’লে৷ তেওঁৰ সেই পুত্ৰত আমাৰ মুক্তি, পাপৰ ক্ষমা আছে।
তুমি এই দুষ্টতাৰ পৰা মন-পালটন কৰা আৰু প্রভুৰ ওচৰত প্রার্থনা কৰা; হয়তো তোমাৰ মনৰ এই মন্দ চিন্তা তেওঁ ক্ষমাও কৰিব পাৰে।
যি জনক আপোনালোকে কাঠত ওলোমাই হত্যা কৰিলে, আমাৰ পূৰ্ব-পুৰুষ সকলৰ ঈশ্বৰে সেই জন যীচুক মৃত্যুৰ পৰা জীয়ালে। সেই যীচুক ঈশ্বৰে ৰজা আৰু ত্ৰাণকর্তা হিচাপে নিজৰ সোঁ হাতে বহুৱাই উন্নত কৰিলে, যাতে ইস্ৰায়েলী সকলে মন-পালটন কৰে আৰু যীচুৱে যেন তেওঁলোকৰ পাপ ক্ষমা কৰিব পাৰে।
মই তেওঁলোকৰ প্ৰতি দয়া দেখুৱাই, অধাৰ্মিকতাৰ কাৰ্যবোৰ ক্ষমা কৰিম; তেওঁলোকৰ সকলো পাপ মই পুনৰ সোঁৱৰণ নকৰিম৷”
আপোনালোক পৰস্পৰ সহনীয় হওক; ইজনে সিজনৰ প্ৰতি দয়ালু হওক; আৰু যদি কাৰোবাৰ বিৰুদ্ধে কাৰোবাৰ দোষ দিয়াৰ কাৰণ থাকে, তেনেহলে পৰস্পৰে ক্ষমা কৰক; কিয়নো প্ৰভুৱে যেনেকৈ আপোনালোকক ক্ষমা কৰিলে, আপোনালোকেও তেনেকৈ ক্ষমা কৰক৷
তেতিয়া মই তোমাৰ আগত মোৰ পাপ সৈ কাঢ়িলোঁ; মোৰ অপৰাধ মই আৰু লুকুৱাই নাৰাখিলোঁ; মই ক’লো, “যিহোৱাৰ আগত মই মোৰ অপৰাধ সৈ কাঢ়িম”; তাতে মোৰ পাপৰ দোষ তুমি ক্ষমা কৰিলা। (চেলা)
হে ঈশ্বৰ, তোমাৰ অসীম প্রেম অনুসাৰে মোক কৃপা কৰা, তোমাৰ প্ৰচুৰ দয়া অনুসাৰে মোৰ পাপ মোচন কৰা। হে ঈশ্বৰ, তুমি মোৰ ভিতৰত শুদ্ধ অন্তৰ সৃষ্টি কৰা; মোৰ অন্তৰত এক নতুন আৰু সুস্থিৰ আত্মা স্থাপন কৰা। তোমাৰ সন্মুখৰ পৰা মোক দূৰ নকৰিবা; তোমাৰ পবিত্ৰ আত্মা মোৰ পৰা নিনিবা। তোমাৰ পৰিত্ৰাণৰ আনন্দ মোক পুনৰায় দান কৰা; তোমাৰ উদাৰ আত্মা দি মোক ধৰি ৰাখা। তেতিয়া মই পাপীবোৰক তোমাৰ পথৰ বিষয়ে শিক্ষা দিম, তাতে পাপী লোক তোমাৰ ফালে ঘূৰিব। হে ঈশ্বৰ, হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ, ৰক্তপাতৰ দোষৰ পৰা তুমি মোক উদ্ধাৰ কৰা; তাতে মোৰ জিভাই তোমাৰ উদ্ধাৰৰ গীত উচ্চস্বৰে গাব। হে প্ৰভু, মোৰ ওঁঠ মুকলি কৰা; মোৰ মুখে তোমাৰ প্ৰশংসা প্ৰচাৰ কৰিব। কিয়নো তুমি বলিদানত সন্তুষ্ট নোহোৱা; হোৱা হ’লে মই তাক দিলোহেঁতেন; হোমবলিতো তুমি সন্তুষ্ট নোহোৱা। ভগ্ন মন ঈশ্বৰৰ গ্ৰহণীয় বলি, ইয়াক দিয়া; হে ঈশ্বৰ, ভগ্ন আৰু অনুতাপী মনক তুমি অগ্ৰাহ্য নকৰিবা। তোমাৰ মংগলময় ইচ্ছাৰে তুমি চিয়োনৰ মঙ্গল কৰা; যিৰূচালেমৰ প্রাচীৰ তুমি পুনৰ নিৰ্ম্মাণ কৰা। তেতিয়া ধাৰ্মিকতাৰ বলি উৎসর্গ, হোমবলি উৎসর্গ আৰু পূৰ্ণাহুতি হোমবলি উৎসর্গত তুমি আনন্দিত হ’বা। তাৰ পাছত তোমাৰ যজ্ঞবেদীৰ ওপৰত লোকসকলে দামুৰি উৎসৰ্গ কৰিব। মোৰ সকলো অধৰ্ম তুমি ধুই পেলোৱা; মোৰ পাপৰ পৰা মোক শুচি কৰা।
এই হেতুকে বেদিত তোমাৰ নৈবেদ্য উৎসৰ্গ কৰোঁতে, তোমাৰ বিৰুদ্ধে তোমাৰ ভায়েৰাৰ কোনো কথা আছে বুলি যদি তোমাৰ মনত পৰে, তেনেহলে তুমি বেদিৰ আগত তোমাৰ নৈবেদ্য ৰাখি থৈ প্রথমে তোমাৰ ভায়েৰাৰ সৈতে মিলন হোৱা আৰু তাৰ পাছত পুণৰ আহি নৈবেদ্য উৎসৰ্গ কৰা।
তেতিয়া পুতেকে ক’লে, ‘দেউতা স্বৰ্গৰ অহিতে আৰু আপোনাৰ দেখাত, মই পাপ কৰিলোঁ। আপোনাৰ পুত্ৰ বুলি মোক মাতিবলৈও মই এতিয়া যোগ্য নহওঁ’।
কিয়নো তোমালোকে যদি আন লোকৰ অপৰাধ ক্ষমা কৰা, তেনেহলে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে তোমালোকৰো অপৰাধ ক্ষমা কৰিব; কিন্তু তোমালোকে যদি আন লোকৰ অপৰাধ ক্ষমা নকৰা, তেনেহলে তোমালোকৰ পিতৃয়ে তোমালোকৰো অপৰাধ ক্ষমা নকৰিব।
হে প্ৰিয় সকল, আপোনালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিব, কিন্তু ঈশ্বৰৰ ক্ৰোধলৈ ঠাই থ’ব; কিয়নো এনেদৰে লিখা আছে, প্ৰভুৱে কৈছে, “প্ৰতিকাৰ কৰা মোৰ কৰ্ম; মইহে প্ৰতিফল দিম।”
যিহোৱাই কৈছে, “এতিয়া আহাঁ, আমি তৰ্কবিতৰ্ক কৰোঁহক,” তোমালোকৰ পাপবোৰ উজ্বল ৰঙা হ’লেও, হিমৰ দৰে বগা কৰা হ’ব; আৰু অগ্নিবৰ্ণৰ দৰে ৰঙা হ’লেও, ঊণৰ দৰে হৈ পৰিব।
তেতিয়া পিতৰে যীচুৰ ওচৰলৈ আহি তেওঁক ক’লে, “হে প্ৰভু, মোৰ ভায়ে মোৰ অহিতে কিমান বাৰ পাপ কৰিলে মই তেওঁক ক্ষমা কৰিম? সাত বাৰলৈকে নে?” যীচুৱে তেওঁক ক’লে, “সাত বাৰলৈকে বুলি মই তোমাক নকওঁ; কিন্তু সাত সত্তৰ গুণ বাৰ বুলিহে কওঁ।
কিন্তু কৰ সংগ্রহকাৰী সকলে আতৰত থিয় হৈ, স্বৰ্গৰ ফালে চকু তুলিবলৈ সাহস নকৰিলে, কিন্তু নিজৰ হিয়া ভুকুৱাই ভুকুৱাই ক’লে, ‘হে ঈশ্বৰ, মই এজন পাপী; মোলৈ প্ৰসন্ন হৈ দয়া কৰক’।
যিজনে নিজৰ পাপ ঢাকি ৰাখে, তেওঁৰ উন্নতি নহব; কিন্তু যিজনে নিজৰ পাপ স্বীকাৰ কৰি সেইবোৰ ত্যাগ কৰে, সেই জনে দয়া পাব।
হে প্ৰিয় সকল, আপোনালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিব, কিন্তু ঈশ্বৰৰ ক্ৰোধলৈ ঠাই থ’ব; কিয়নো এনেদৰে লিখা আছে, প্ৰভুৱে কৈছে, “প্ৰতিকাৰ কৰা মোৰ কৰ্ম; মইহে প্ৰতিফল দিম।” আপোনালোক জগতৰ অনুৰূপ নহ’ব; কিন্তু মন নতুন কৰাৰ যোগেদি ৰূপান্তৰিত হওক, তাতে আপোনালোকে পৰীক্ষা কৰি জানি লওঁক, কোনটো উত্তম, গ্ৰহণীয় আৰু সিদ্ধ, কিয়নো এয়ে ঈশ্বৰৰ ইচ্ছা৷ “কিন্তু যদি তোমাৰ শত্ৰুৰ ভোক লাগে, তেনেহলে তেওঁক ভোজন কৰোঁৱা; যদি তেওঁৰ পিয়াহ লাগে, তেনেহলে জল পান কৰোঁৱা; তেনে কৰিলে তেওঁৰ মূৰত জ্বলি থকা আঙঠা দ’ম কৰি থবা”।
ঠিক সেইদৰে তোমালোক প্ৰতিজনে যদি তোমালোকৰ ভাইক অন্তৰেৰে সৈতে ক্ষমা নকৰা, তেনেহলে মোৰ স্বৰ্গীয় পিতৃয়েও তোমালোকক এইদৰে কৰিব।”
দুষ্ট লোকে তেওঁলোকৰ পথ আৰু পাপীলোকে তেওঁলোকৰ চিন্তাধাৰা ত্যাগ কৰক। তেওঁলোক যিহোৱালৈ ঘুৰি আহক, তাতে তেওঁ তেওঁলোকক দয়া কৰিব; আৰু যি জনে প্ৰচুৰ পৰিমাণে তেওঁলোকক ক্ষমা কৰিব, আমাৰ সেই ঈশ্বৰলৈ ঘুৰি আহাঁ।
হে ভাই সকল, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেনেহলে আত্মিক যি আপোনালোক, আপোনালোকে মৃদুশীল আত্মাৰে তেনেকুৱা জনক পুনৰ সুস্থ কৰক; কিন্তু পাছত নিজে নিজৰ পৰীক্ষাত নপৰিবৰ বাবে আপুনিও সাৱধান হ’ব৷
হে প্ৰভু, তুমি মঙ্গলময় আৰু ক্ষমাদানকাৰী; তোমাৰ আগত প্ৰাৰ্থনা কৰা সকলৰ প্রতি তুমি দয়াৰে পৰিপূর্ণ।
কিন্তু তোমাৰ ভায়েৰাই যদি তোমাৰ বিৰুদ্ধে পাপ কৰে, তেনেহলে তেওঁ অকলে থাকোতেই ওচৰলৈ গৈ তেওঁৰ দোষ দেখুৱাই দিয়া। তেওঁ যদি তোমাৰ কথা শুনে, তেনেহলে তুমি তোমাৰ ভায়েৰাক ঘূৰাই পালা।
সেই কাৰণে ঈশ্ৱৰৰ পৰাক্ৰমী হাতৰ অধীনত নিজকে নম্ৰ কৰক, তাতে উপযুক্ত সময়ত ঈশ্ৱৰে আপোনালোকক উন্নত কৰিব৷ আপোনালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়ক; কিয়নো আপোনালোকৰ কাৰণে তেওঁ চিন্তা কৰে।
সেইদৰে হে ডেকা লোক সকল, আপোনালোক পৰিচাৰক সকলৰ বশীভূত হওক; আপোনালোক সকলোৱে নম্ৰতাৰে নিজকে ভালদৰে মেৰিয়াই বান্ধি লওঁক আৰু ইজনে সিজনক সেৱা কৰক; যিহেতু, ঈশ্বৰে অহংকাৰী সকলক প্ৰতিৰোধ কৰে, কিন্তু নম্ৰ সকলক অনুগ্ৰহ দান কৰে।
সকলোৱে সহিত ঐক্য, আৰু যি পবিত্ৰতাৰ অবিহনে কোনেও প্ৰভুৰ দৰ্শন নাপাব, সেই পবিত্ৰতাকো খেদি যাওঁক;
আপোনালোকে বিৰোধ বা অনৰ্থক দৰ্পেৰে একো নকৰিব; কিন্তু নম্ৰভাবে প্ৰত্যেকে নিজতকৈ অানক উত্তম বুলি মান্য কৰক৷
হে ভাই সকল, মই যে সেয়া মোৰ অধীনত কৰিলোঁ, সেই বিষয়ে এনে ভাব এতিয়ালৈকে কৰা নাই; কিন্তু মই এই কাম কৰোঁ: পাছত থকা সকলোকে পাহৰি, আগত থকা বোৰলৈহে যত্ন কৰোঁ৷ খ্ৰীষ্ট যীচুত ঈশ্বৰে কৰা স্বৰ্গীয় আমন্ত্ৰণৰ বটাৰ অৰ্থে ঘাইকৈ আগবাঢ়ি গৈ আছোঁ।
তেওঁ আমাৰ পাপ অনুসাৰে আমালৈ কাৰ্য কৰা নাই, আমাৰ অধৰ্ম অনুসাৰে আমাক প্ৰতিফল দিয়া নাই। কিয়নো পৃথিৱীৰ পৰা আকাশ-মণ্ডল যিমান ওখ, তেওঁলৈ ভয় ৰাখোঁতাসকলৰ প্রতি তেওঁৰ দয়াও সিমান মহৎ। পূৱৰ পৰা পশ্চিমলৈ যিমান দূৰ, তেওঁ আমাৰ অপৰাধো আমাৰ পৰা সিমান দূৰ কৰিলে।
অপকাৰৰ সলনি অপকাৰ, আৰু তিৰস্কাৰৰ সলনি তিৰস্কাৰ নকৰক, বিৰোধিতাত পুনৰায় আশীৰ্বাদ কৰক, কিয়নো ইয়াৰ বাবে আপোনালোক আমন্ত্ৰিত, আপোনালোক ক্ষমতাপূৰ্ণ আশীৰ্বাদৰ উত্তৰাধিকাৰ পোৱা লোক৷ কিয়নো আশীৰ্বাদৰ অধিকাৰী হ’বৰ কাৰণে আপোনালোক আমন্ত্ৰিত হ’ল।
হে প্ৰিয় সকল, আপোনালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিব, কিন্তু ঈশ্বৰৰ ক্ৰোধলৈ ঠাই থ’ব; কিয়নো এনেদৰে লিখা আছে, প্ৰভুৱে কৈছে, “প্ৰতিকাৰ কৰা মোৰ কৰ্ম; মইহে প্ৰতিফল দিম।” আপোনালোক জগতৰ অনুৰূপ নহ’ব; কিন্তু মন নতুন কৰাৰ যোগেদি ৰূপান্তৰিত হওক, তাতে আপোনালোকে পৰীক্ষা কৰি জানি লওঁক, কোনটো উত্তম, গ্ৰহণীয় আৰু সিদ্ধ, কিয়নো এয়ে ঈশ্বৰৰ ইচ্ছা৷ “কিন্তু যদি তোমাৰ শত্ৰুৰ ভোক লাগে, তেনেহলে তেওঁক ভোজন কৰোঁৱা; যদি তেওঁৰ পিয়াহ লাগে, তেনেহলে জল পান কৰোঁৱা; তেনে কৰিলে তেওঁৰ মূৰত জ্বলি থকা আঙঠা দ’ম কৰি থবা”। কুকৰ্মৰ দ্বাৰাই পৰাজিত নহৈ, ভাল কৰ্মৰ দ্বাৰাই কুকৰ্মক পৰাজয় কৰক।
কিন্তু ঈশ্বৰে আমাৰ বাবে তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে, কাৰণ ইতিপূৰ্বে যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ বাবে আপোন প্ৰাণ দিলে।
দোষাৰ্থক বলি উৎসৰ্গ কৰোঁতে অজ্ঞানীলোকে নিন্দা কৰে; কিন্তু ন্যায়পৰায়ণ লোকৰ মাজত অনুগ্ৰহ থাকে।
হে মোৰ প্ৰিয় সন্তানসকল, আপোনালোকে যেন পাপ নকৰে, এই আশয়েৰে মই আপোনালোকলৈ এইবোৰ কথা লিখিছোঁ। কিন্তু কোনোৱে যদি পাপ কৰে, তথাপি পিতৃৰ আগত আমাৰ সহায় কৰিবলৈ ধাৰ্মিক যীচু খ্ৰীষ্ট আছে।
এতেকে বিশ্বাসেৰে সৈতে অনুগ্রহৰ সিংহাসনৰ ওচৰলৈ আহক, যাতে আমাৰ প্রয়োজনত সহায় হবলৈ আমি দয়া লাভ কৰি অনুগ্রহ পাব পাৰোঁ।
কিয়নো ঈশ্বৰৰ সেই প্ৰিয়জনত, তেওঁৰ তেজৰ দ্বাৰা আমি মুক্তি পালোঁ; তেওঁৰ উপচি পৰা অনুগ্রহৰ দ্বাৰা আমি পাপৰ ক্ষমা পালোঁ।
কিন্তু আপোনালোকে যেন জানিব পাৰে যে, এই পৃথিৱীত পাপ ক্ষমা কৰাৰ ক্ষমতা মানুহৰ পুত্ৰৰ আছে’; ইয়াকে কৈ যীচুৱে সেই ৰোগীজনক ক’লে, ‘উঠা, তোমাৰ শয্যা তুলি লোৱা আৰু নিজৰ ঘৰলৈ যোৱা।’
এই হেতুকে মই আপোনালোকক কওঁ, মানুহৰ সকলো পাপ আৰু ঈশ্বৰক কৰা নিন্দা ক্ষমা হ’ব, কিন্তু পবিত্র আত্মাৰ বিৰুদ্ধে কোৱা কোনো নিন্দাজনক কথা ক্ষমা কৰা নহ’ব।
মোৰ প্ৰথম নিবেদন এই যে, সকলোবোৰ মানুহৰ কাৰণে অনুৰোধ, প্ৰাৰ্থনা, নিবেদন আৰু ধন্যবাদ কৰা হওক৷
আৰু আপোনালোকে যেতিয়া অপৰাধত আৰু মাংসৰ অচুন্নতত মৃত আছিল, তেতিয়া ঈশ্বৰে তেওঁৰ সৈতে আপোনালোকক জীয়ালে আৰু বাস্তৱিক তেওঁ আমাৰ সকলো অপৰাধ ক্ষমা কৰিলে৷ আমাৰ বিৰুদ্ধে ধাৰৰ অভিযোগ থকা হাতে লিখা যি আজ্ঞাৰ প্ৰমাণ পত্ৰ খন আমাৰ বিপক্ষে আছিল, সেই খন তেওঁ মচি পেলালে আৰু গজাল মাৰি ক্ৰুচত লগাই, সেই খন দূৰ কৰিলে৷
মোৰ যৌৱন কালৰ পাপ আৰু অপৰাধবোৰ তুমি সোঁৱৰণ নকৰিবা; হে যিহোৱা, তুমি তোমাৰ অসীম প্রেমৰ দ্বাৰাই আৰু তোমাৰ মঙ্গলদায়ক গুণেৰেই মোক সোঁৱৰণ কৰা।
এই হেতুকে, প্ৰভু যিহোৱাই কৈছে, “হে ইস্ৰায়েল বংশ, প্ৰতিজনৰ আচাৰ-ব্যৱহাৰ অনুসাৰে, মই তোমালোকৰ বিচাৰ কৰিম!” “তোমালোক উলটি আহা আৰু তোমালোকৰ সকলো অধৰ্মৰ পৰা ঘূৰা যেন অপৰাধ তোমালোকৰ বিৰুদ্ধে সৰ্ব্বনাশৰ কাৰণ নহ’ব।
কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হ’ল, কিন্তু খ্ৰীষ্ট যীচুত যি মুক্তি, তাৰ দ্বাৰাই ঈশ্বৰৰ অনুগ্ৰহত বিনামূল্যে ধাৰ্মিক বুলি প্ৰমাণিত হ’ল।
এতেকে কোনো যদি খ্ৰীষ্টত আছে, তেনেহলে তেওঁ নতুন সৃষ্টি। পুৰণিবোৰ লুপ্ত হ’ল; চাওক, নতুন হ’ল।
হে ঈশ্বৰ, তুমি মোৰ ভিতৰত শুদ্ধ অন্তৰ সৃষ্টি কৰা; মোৰ অন্তৰত এক নতুন আৰু সুস্থিৰ আত্মা স্থাপন কৰা।
খোজা, তেতিয়াহে তোমালোকক দিয়া হ’ব; বিচাৰা, তেতিয়াহে পাবা; টুকুৰিওৱা, তেতিয়াহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ’ব।