তুমি ভাবোঁতেই পাৰিবা যে তোমাক ঈশ্বৰে অসীম শক্তি, সাহস আৰু দৃঢ়তাৰে সৃষ্টি কৰিছে। তোমাৰ লক্ষ্যত উপনীত হোৱাৰ সকলো ক্ষমতা তোমাক দিছে, সাহস, বিশ্বাস আৰু আশাৰে পূৰ্ণ কৰিছে। তোমাক তেওঁ ইমানেই মূল্যৱান কৰিছে যে তুমি তেওঁৰ অমূল্য ৰত্ন, তেওঁৰ সৃষ্টিৰ শ্ৰেষ্ঠ সৌন্দৰ্য। গোলাপৰ দৰে কোমল হ’লেও, তোমাৰ সম্পূৰ্ণ যত্ন লোৱা উচিত। বিপদৰ সম্মুখীন হ’লেও, তেওঁৰ ওপৰত ভৰসা ৰাখিবলৈ নাপাহৰিবা; প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰি তুমি এগৰাকী সাহসী নাৰী হ’বা, যি কোনো বাধা অতিক্ৰম কৰিব পাৰিবা।
প্ৰতিদিনে প্ৰভুক বিচাৰি যোৱা, তেওঁৰ ওচৰত তোমাৰ জীৱন সমৰ্পণ কৰা আৰু তোমাক আগুৱাই যাবলৈ বাধা দিয়া বোজাৰ পৰা মুক্তি লোৱা। যিসকলে তোমাক নিৰুৎসাহিত কৰিবলৈ বা তোমাক অৱজ্ঞা কৰিবলৈ চেষ্টা কৰে, তেওঁলোকৰ কথাত কাণ নিদি কেৱল ঈশ্বৰৰ ওপৰত ভৰসা ৰাখা। তেওঁ তোমাক অতি মূল্যৱান বুলি ভাবে, আৰু তেওঁ বিচাৰে যেন তুমি নিজকে তেওঁৰ দৃষ্টিৰে চাব পাৰা। প্ৰতিদিনে তেওঁৰ বাক্য পঢ়া আৰু তুমি শক্তিশালী হ’বা। সৃষ্টিৰ আৰম্ভণিৰে পৰা, নাৰীয়ে বিশ্বৰ ইতিহাসত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ঈশ্বৰৰ উদ্দেশ্য বিফল কৰিবলৈ নহয়, বৰঞ্চ অসংখ্য সন্তানৰ জননী হ’বলৈ তোমাক সৃষ্টি কৰা হৈছে। শক্তি সঞ্চয় কৰা, তোমাৰ মনোবল পুনৰ জাগ্ৰত কৰা, ধুমুহাৰ মাজতো হাঁহি দিয়া, আৰু তোমাৰ শান্তিৰ উৎস পবিত্ৰ আত্মাক জানি লোৱা।
গীতমালা ২৮:৭ত কোৱা হৈছে, "প্ৰভু মোৰ বল আৰু ঢাল; মোৰ হৃদয়ে তেওঁত ভৰসা কৰে।" ৰজাৰ প্ৰতি উপাসনাত দৃঢ় থাকা, আৰু তোমাৰ পাত্ৰ উপচি পৰিব, হাঁহিবলৈ, যুঁজিবলৈ আৰু স্বপ্ন দেখিবলৈ তোমাৰ সদায় কাৰণ থাকিব। সাহস ৰাখা, অসাধাৰণ নাৰী! খ্ৰীষ্টত তুমি সকলো কৰিব পাৰিবা, তেওঁ তোমাক শক্তি দিয়ে।
যীচুৱে মুখ ঘূৰাই তেওঁক দেখি ক’লে, “ভনী, নিৰ্ভয় হোৱা; তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে।” সেই সময়ৰে পৰা সেই মহিলা গৰাকী সুস্থ হ’ল।
যিহোৱা মোৰ দীপ্তি, মোৰ পৰিত্ৰাণ; মই কাক ভয় কৰিম? যিহোৱা মোৰ জীৱন ৰক্ষক কোঁঠ, মই কাৰ বাবে ত্ৰাসযুক্ত হম? মোৰ পিতৃ-মাতৃয়ে মোক ত্যাগ কৰিলেও, যিহোৱাই মোক তুলি লব। হে যিহোৱা, মোৰ শত্রুবোৰৰ কাৰণে, তুমি মোক তোমাৰ পথ শিকোৱা; তুমি মোক সমান পথত চলোৱা। মোৰ বিৰোধীবোৰৰ ইচ্ছাত তুমি মোক সমর্পণ নকৰিবা; কিয়নো মিছা সাক্ষীবোৰ মোৰ বিৰুদ্ধে উঠিছে; তেওঁলোকৰ প্রশ্ৱাসত অত্যাচাৰ ওলাই আহে। মই বিশ্বাস কৰোঁ যে, জীৱিতসকলৰ দেশত মই যিহোৱাৰ মঙ্গল দেখা পাম! তুমি যিহোৱালৈ অপেক্ষা কৰা; সবল হোৱা; তোমাৰ অন্তঃকৰণ সাহিয়াল হওঁক; পুনৰায় কওঁ, যিহোৱালৈ অপেক্ষা কৰা। দুষ্টবোৰে যেতিয়া মোৰ মাংস খাবলৈ ওচৰলৈ আহে, তেতিয়া মোৰ সেই শত্রু আৰু বিৰোধীবোৰ উজুতি খাই পৰে।
কিয়নো ঈশ্বৰে আমাক ভয়ৰ আত্মা দিয়া নাই, কিন্তু শক্তি, প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দিলে।
মই তোমাক বুদ্ধি দিম; তুমি যাবলগীয়া পথ মই তোমাক শিকাম; তোমাৰ ওপৰত মই দৃষ্টি ৰাখি পৰামৰ্শ দিম।
কিন্তু যিসকলে যিহোৱালৈ অপেক্ষা কৰে, তেওঁলোকে নতুন বল পাব, তেওঁলোকে কুৰৰ পক্ষীৰ দৰে ডেউকাৰে ওপৰলৈ উৰিব, তেওঁলোকে দৌৰিব আৰু ক্লান্ত নহ’ব, তেওঁলোকে খোজ কাঢ়িব আৰু ভাগৰ নাপাব।
যিহোৱা নিজেই তোমাৰ আগে আগে যাব আৰু তোমাৰ সঙ্গে সঙ্গে থাকিব; তেওঁ তোমাক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব; তুমি ভয় নকৰিবা আৰু নিৰুৎসাহ নহ’বা।”
মই পৰ্ব্বতবোৰৰ ফালে মোৰ চকু তুলি কওঁ, ক’ৰ পৰা মোৰ সহায় আহিব? যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ পৰা মোৰ সহায় আহিব।
যিহোৱা মঙ্গলময়, সঙ্কটৰ দিনা তেওঁ দৃঢ় কোঁঠাস্বৰূপ; আৰু তেওঁত আশ্ৰয় লোৱা লোকসকলক তেওঁ জানে।
এই কাৰণে আমি নিৰুৎসাহ নহওঁ; যদিও আমাৰ বাহ্যিক পুৰুষ বিনষ্ট হৈ আছে, তথাপি আমাৰ আন্তৰিক পুৰুষ দিনে দিনে নতুন হৈ উঠিছে।
আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য হওক; তেৱেঁই দয়ালু পিতৃ আৰু সকলো সান্ত্বনাৰ ঈশ্বৰ। আমি নিজে ঈশ্বৰৰ পৰা যি সান্ত্বনা পাওঁ, সেই সান্ত্বনাৰে যেন ক্লেশত থকা সকলক সান্ত্বনা দিব পাৰোঁ, এই কাৰণে তেওঁ আমাৰ ক্লেশৰ মাজত আমাক সান্ত্বনা দিয়ে।
এনে কি, মই মৃত্যুছায়াৰ উপত্যকায়েদি চলিলেও, মই কোনো আপদলৈ ভয় নকৰোঁ, কিয়নো তুমি মোৰ সঙ্গত আছা; তোমাৰ লাখুটি আৰু লাঠিয়ে মোক শান্তনা দিয়ে।
তুমি সমস্ত মনেৰে সৈতে যিহোৱাক বিশ্বাস কৰা; আৰু তোমাৰ নিজৰ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা। তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা, আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব।
এই কাৰণে মই তোমালোকক এইবোৰ কথা ক’লোঁ, যাতে তোমালোকে মোৰ শান্তি পোৱা৷ জগতত তোমালোকে কষ্ট পাবা; কিন্তু নিৰ্ভয় হোৱা; মই জগতৰ ওপৰত জয় কৰিলোঁ।”
যি মানুহ সৰ্ব্বোপৰি জনাৰ আশ্রয়ত থাকে, যি মানুহ সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰে সেয়ে তোমালৈ কোনো বিপদ নঘটিব; আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো দুখ-কষ্ট নাহিব। কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ, তেওঁ নিজৰ দূতবোৰক তোমাৰ বিষয়ে আজ্ঞা দিব। তেওঁলোকে হাতেৰে তোমাক দাঙি ধৰিব, যেন তোমাৰ ভৰিয়ে শিলত খুন্দা খাই আঘাত নাপায় তুমি সিংহ আৰু সাপৰ ওপৰত ভৰি দিবা। তুমি যুবা-সিংহ আৰু নাগক ভৰিৰে গচকিবা। কিয়নো তেওঁ মোক প্রেম কৰে, সেয়ে মই তেওঁক উদ্ধাৰ কৰিম; মই তেওঁক ৰক্ষা কৰিম, কাৰণ তেওঁ মোৰ নাম জানে। তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম; সঙ্কটৰ কালত মই তেওঁৰ সঙ্গী হ’ম; মই তেওঁক উদ্ধাৰ কৰিম, গৌৰৱাম্বিতও কৰিম। মই দীৰ্ঘ আয়ুস দি তেওঁক সন্তুষ্ট কৰিম; মোৰ পৰিত্ৰাণ তেওঁক দেখুৱাম। তেওঁ যিহোৱাৰ বিষয়ে এই কথা ক’ব, “তেৱেঁই মোৰ আশ্ৰয় আৰু মোৰ দুর্গ; তেৱেঁই মোৰ ঈশ্বৰ, যি জনাৰ ওপৰত মই ভাৰসা কৰোঁ।” তেওঁ তোমাক ব্যাধৰ ফান্দৰ পৰা আৰু সর্বনাশী মহামাৰীৰ পৰা ৰক্ষা কৰিব। তেওঁ নিজৰ ডেউকাৰে তোমাক আবৰি ৰাখিব, তেওঁৰ ডেউকাৰ তলত তুমি আশ্রয় পাবা; ঈশ্বৰৰ বিশ্বাসযোগ্যতা তোমাৰ ঢাল আৰু সুৰক্ষা হ’ব।
যদিও ডিমৰু গছত কলি হোৱা নাই, আৰু তাত দ্ৰাক্ষালতাৰ পৰা গুটি উৎপন্ন হোৱা নাই, যদিও জিত গছৰ উৎপন্নই হতাশ কৰিছে, আৰু পথাৰবোৰত শস্য উৎপন্ন হোৱা নাই, যদিও গঁৰালৰ পৰা মেৰ-ছাগৰ জাকক উচ্ছন্ন কৰা হৈছে, আৰু গোহালিত এটাও গৰু নাই, তথাপিও মই যিহোৱাত আনন্দ কৰিম, মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰত মই উল্লাস কৰিম।
তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ মাজত আছে; সেই পৰাক্রমীজনে তোমাক ৰক্ষা কৰিব; তেওঁ আনন্দেৰে সৈতে তোমাৰ বিষয়ে উল্লাস কৰিব; তেওঁ তেওঁৰ গভীৰ প্রেমেৰে সৈতে তোমাৰ বিষয়ে নীৰব হ’ব। তেওঁ গানেৰে সৈতে তোমাৰ বিষয়ে আনন্দ কৰিব।
কিন্তু, হে যিহোৱা, তুমিয়েই মোৰ চাৰিওফালে ঢাল হৈ আছা; তুমিয়েই মোৰ গৌৰৱ; তুমি মোৰ মূৰ উর্দ্ধত ৰাখিছা। মই চিঞঁৰি চিঞঁৰি যিহোৱাক মাতো; তাতে তেওঁ মোক তেওঁৰ পবিত্ৰ পৰ্ব্বতৰ পৰা উত্তৰ দিয়ে। (চেলা) মই শুই পৰিলো আৰু টোপনি গলোঁ; পুনৰ সাৰ পালোঁ; কিয়নো যিহোৱাই মোক ৰক্ষা কৰে। মোৰ বিৰুদ্ধে মোৰ চাৰিওফালে হাজাৰ হাজাৰ লোক সজ্জিত হৈ আছে, কিন্তু মই তেওঁলোকলৈ ভয় নকৰোঁ।
ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ; মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, আৰু মোৰ বিজয় যুক্ত সোঁ হাতেৰে তোমাক ধৰি ৰাখিম।
যিহোৱা মোৰ বল আৰু গান; তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ’ল; তেওঁ মোৰ ঈশ্বৰ, আৰু মই তেওঁৰ প্ৰশংসা কৰিম; তেওঁ মোৰ পিতৃৰো ঈশ্বৰ, আৰু মই তেওঁৰ প্রশংসা কৰিম।
তেওঁৰ পবিত্ৰ স্থানৰ পৰা তেওঁ তোমাক সহায় কৰক; তেওঁ চিয়োনৰ পৰা তোমাক শক্তি দান কৰক। তোমাৰ সকলো উৎসৰ্গৰ কথা তেওঁ সোঁৱৰণ কৰক; তোমাৰ হোম-বলিবোৰ তেওঁ গ্ৰহণ কৰক। (চেলা) তোমাৰ সকলো মনৰ ইচ্ছা তেওঁ পূৰ কৰক। তোমাৰ সকলো পৰিকল্পনা তেওঁ সিদ্ধ কৰক।
মই তোমাক আজ্ঞা দিয়া নাই নে? বলৱান আৰু সাহিয়াল হোৱা! ত্ৰাসিত বা ব্যাকুল নহ’বা; কিয়নো তুমি যি যি ঠাইলৈ যাবা, সেই সকলো ঠাইতে তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ লগত থাকিব।”
আপোনালোক শক্তিশালী হওঁক আৰু অতিশয় সাহিয়াল হওঁক; তেওঁলোকক দেখি ভয় নকৰিব বা কঁপিও নুঠিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজেই আপোনালোকৰ লগত যাওঁতা; তেওঁ আপোনালোকক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব।
মই তোমাৰ প্ৰশংসা কৰোঁ; কিয়নো মই অতি বিস্ময় আৰু আশ্চর্যজনক ভাৱে নিৰ্ম্মিত হলোঁ; তোমাৰ কাৰ্যবোৰ আচৰিত, তাক মই ভালদৰেই জানো।
আপোনালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়ক; কিয়নো আপোনালোকৰ কাৰণে তেওঁ চিন্তা কৰে।
কাৰণ যিহোৱাই কৈছে, মই তোমালোকৰ বিষয়ে কৰা সঙ্কল্প ময়েই জানো; তোমালোকৰ শেষ-অৱস্থাত তোমালোকক আশা দিবলৈ সেয়ে মঙ্গলৰ সঙ্কল্প, অমঙ্গলৰ নহয়।
যিহোৱাত তোমাৰ সকলো চিন্তাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব; তেওঁ ধাৰ্মিক লোকক কেতিয়াও পৰিবলৈ নিদিয়ে।
আমি জানো যে, যি সকলে ঈশ্বৰক প্ৰেম কৰে, সেই সকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁলোকৰ বাবে তেওঁ মঙ্গলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে।
আমাৰ হৃদয়ত ঈশ্বৰৰ যি শক্তিয়ে কার্য কৰে, তেওঁ সেই শক্তি অনুসাৰে আমি যি যাচনা কৰোঁ বা চিন্তা কৰোঁ, তাতকৈও অধিক বেচি কৰিব পাৰে।
কিয়নো তেওঁৰ ক্ৰোধ খন্তেকীয়া, তেওঁৰ দয়া হ’লে আজীৱন কাললৈকে; ৰাতিৰ দীর্ঘসময়ত ক্ৰন্দন থাকিব পাৰে, কিন্তু ৰাতিপুৱাতে আনন্দ আহে।
হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোক সকল, মোৰ ওচৰলৈ আহা; মই তোমালোকক জিৰণি দিম। মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ; এই হেতুকে, তোমালোকৰ ওপৰত মোৰ যুৱঁলি লোৱা আৰু মোৰ শিক্ষা লোৱা; তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা। ক’লে “আহিব লগা জন আপুনিয়ে হয়নে, নে আমি অন্য কোনোবা এজনলৈ অপেক্ষা কৰিম?” কিয়নো মোৰ যুৱঁলি বৈ নিয়া সহজ আৰু মোৰ বোজাও লঘু।”
সেয়েহে সকলোৱে প্ৰেমত আৰু সৎকৰ্মত উদগণি দিবলৈ পৰস্পৰে গভীৰ ভাবে চিন্তা কৰি চাওঁ আহক; কোনো কোনো জনৰ দস্তুৰ মতে আমি গোট হৈ সমৱেত হোৱাৰ অভ্যাস ত্যাগ নকৰোঁ আহক; কিয়নো দিন যিমান ওচৰ হৈ আহিছে, সিমানে অধিককৈ পৰস্পৰে পৰস্পৰক উদগাওহক।
যি যি প্ৰলোভন মানুহবোৰৰ মাজলৈ আহে, সেইবোৰৰ বাহিৰে আন পৰীক্ষা আপোনালোকলৈ ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ আপোনালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু আপোনালোকে যেন সহিব পাৰিব, তাৰ কাৰণে পৰীক্ষাৰ সৈতে সাৰিবলৈ তেওঁ উপায়ো কৰি দিব।
আপোনালোকে একোলৈ চিন্তা নকৰিব, কিন্তু সকলো বিষয়তে আপোনালোকৰ যাচনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে সৈতে ঈশ্বৰৰ আগত জনোৱা হওক। তাতে সকলো বুদ্ধিতকৈ উত্তম, যি ঈশ্বৰৰ শান্তি, সেয়ে খ্ৰীষ্ট যীচুত আপোনালোকৰ হৃদয় আৰু ভাবনাক পহৰা দিব।
এতেকে আপোনালোকে যেন পবিত্ৰ আত্মাৰ শক্তিৰে আশাত উপচি পৰিব পাৰে, তাৰ বাবে আশাৰ আকৰ ঈশ্বৰে আপোনালোকক আৰু বিশ্বাস কৰাৰ সকলোকে আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ কৰক।
মই যি যি আজ্ঞা তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া; আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ”।
হে মোৰ ভাইসকল, আপোনালোকে যেতিয়া নানা বিধ পৰীক্ষাত পৰে, তেতিয়া সেই বিষয়ক অতি আনন্দৰ বিষয় বুলি মানিব; কিয়নো মানুহৰ ক্ৰোধে ঈশ্বৰে বিচৰা ধাৰ্মিকতা সাধন নকৰে। এতেকে আপোনালোকে সকলো অশুচিতা আৰু হিংসাৰ অধিকতা দূৰ কৰি, যি ৰোৱা বাক্য আপোনালোকৰ আত্মাৰ পৰিত্ৰাণ কৰিবৰ বাবে সমৰ্থ, তাক নম্ৰভাৱে গ্ৰহণ কৰক। কেৱল শুনোতা হৈ নিজক নুভুলাব, কিন্তু বাক্য পালন কৰোঁতা হওক। কিয়নো কোনোৱে যদি বাক্য পালন কৰোঁতা নহয়, কেৱল মাথোন শুনোতা হয়, তেনেহলে সেই লোক দৰ্পণত নিজৰ স্বাভাৱিক মুখ দেখা পোৱা মানুহৰ নিচিনা হয়; কাৰণ তেওঁ নিজকে চাই গুচি যায়, তাতে তেওঁ কেনেকুৱা আছিল, সেই বিষয়ে তেতিয়াই পাহৰি যায়। যি কোনোৱে স্বাধীনতা স্বৰূপ সিদ্ধ বিধানৰ বাবে চাপৰি দৃষ্টি কৰি চাই থাকে আৰু শুনি পাহৰি যোৱা নহয়, কিন্তু পালন কৰোঁতা হয়, তেওঁহে নিজ কাৰ্যত ধন্য হ’ব। কোনোৱে যদি নিজকে ধাৰ্মিক বুলি মানে, কিন্তু নিজৰ জিভা দমন নকৰি নিজৰ হৃদয়ক ভুলায়, তেনেহলে সেই মানুহৰ ধৰ্ম-কৰ্ম ব্যৰ্থ। মাউৰা আৰু বিধৱা সকলক তেওঁলোকৰ ক্লেশৰ কালত চাবলৈ যোৱা আৰু সংসাৰৰ পৰা নিজকে নিষ্কলঙ্কৰূপে ৰাখা, এয়েই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্মল ধৰ্ম-কৰ্ম। কিয়নো আপোনালোকৰ বিশ্বাসৰ পৰীক্ষাই যে সহন ক্ষমতা জন্মায়, সেই বিষয়ে আপোনালোকে জানে। এই কাৰণে সহনশীলতাক সিদ্ধ কাৰ্য-বিশিষ্ট কৰা হওক, যাতে আপোনালোকে একোতে অসম্পূৰ্ণ নহৈ সিদ্ধ আৰু সম্পূৰ্ণ হয়৷
প্ৰেমত ভয় নাই, কিন্তু সিদ্ধ প্ৰেমে ভয়ক দূৰ কৰে; কাৰণ ভয়ৰ সৈতে শাস্তি জড়িত থাকে৷ কিন্তু যি জনে ভয় কৰে, তেওঁ প্ৰেমত সিদ্ধতা লাভ কৰা নাই৷
তাতে তেওঁ মোক ক’লে, ‘মোৰ যি অনুগ্ৰহ, সেয়ে তোমাৰ বাবে জুৰিব; কিয়নো দূৰ্ব্বলতাত মোৰ শক্তি সিদ্ধ হয়’; সেই বাবে মই মহা-আনন্দেৰে মোৰ নানা দূৰ্ব্বলতাত গৌৰৱহে কৰিম, কিয়নো তাতে খ্ৰীষ্টৰ শক্তি মোৰ ওপৰত বাস কৰে৷
দুঃসংবাদ শুনিলেও তেওঁলোকে ভয় নকৰিব; তেওঁলোকৰ হৃদয় দৃঢ় হৈ থাকে; তেওঁলোকে যিহোৱাত ভাৰসা ৰাখে।
যদিও পৰ্ব্বতবোৰ ধ্বংস হ’ব, আৰু পাহাৰবোৰ কঁপিব; তথাপিও তোমালোকৰ পৰা মোৰ বিশ্বাসযোগ্য চুক্তি আঁতৰি নাযাব, বা মোৰ শান্তিৰ চুক্তি লৰচৰ নহব, যি জনে তোমালোকক অনুগ্ৰহ কৰে সেই যিহোৱাই কৈছে।
যি মানুহ সৰ্ব্বোপৰি জনাৰ আশ্রয়ত থাকে, যি মানুহ সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰে সেয়ে তোমালৈ কোনো বিপদ নঘটিব; আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো দুখ-কষ্ট নাহিব। কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ, তেওঁ নিজৰ দূতবোৰক তোমাৰ বিষয়ে আজ্ঞা দিব। তেওঁলোকে হাতেৰে তোমাক দাঙি ধৰিব, যেন তোমাৰ ভৰিয়ে শিলত খুন্দা খাই আঘাত নাপায় তুমি সিংহ আৰু সাপৰ ওপৰত ভৰি দিবা। তুমি যুবা-সিংহ আৰু নাগক ভৰিৰে গচকিবা। কিয়নো তেওঁ মোক প্রেম কৰে, সেয়ে মই তেওঁক উদ্ধাৰ কৰিম; মই তেওঁক ৰক্ষা কৰিম, কাৰণ তেওঁ মোৰ নাম জানে। তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম; সঙ্কটৰ কালত মই তেওঁৰ সঙ্গী হ’ম; মই তেওঁক উদ্ধাৰ কৰিম, গৌৰৱাম্বিতও কৰিম। মই দীৰ্ঘ আয়ুস দি তেওঁক সন্তুষ্ট কৰিম; মোৰ পৰিত্ৰাণ তেওঁক দেখুৱাম। তেওঁ যিহোৱাৰ বিষয়ে এই কথা ক’ব, “তেৱেঁই মোৰ আশ্ৰয় আৰু মোৰ দুর্গ; তেৱেঁই মোৰ ঈশ্বৰ, যি জনাৰ ওপৰত মই ভাৰসা কৰোঁ।”
তাৰ উপৰি ইয়াৰ নাম মিস্পাও ৰখা হ’ল, কিয়নো লাবনে ক’লে, “আমি ইজনে সিজনে চকুৰ আঁতৰা-আঁতৰি হ’লে, যিহোৱাই তোমাৰ আৰু মোৰ মাজত পৰ দি থাকক।
মোৰ প্ৰাণে নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰে; তেওঁৰ পৰাই মোৰ পৰিত্ৰাণ হয়। তোমালোকে নির্দয় ব্যবহাৰ আৰু প্রবঞ্চনা কৰা সকলক বিশ্বাস নকৰিবা; বৃথা ধনী হ’বলৈ আশা নকৰিবা, ধন-সম্পত্তি বাঢ়িলে তালৈ মন নিদিবা। ঈশ্বৰে এবাৰ ক’লে; মই ইয়াক দুবাৰ শুনিলোঁ, যে পৰাক্ৰম ঈশ্বৰৰহে। হে প্ৰভু, প্ৰতিজ্ঞা আৰু বিশ্বস্ততা তোমাৰ অধীন; কিয়নো তুমি প্ৰত্যেক মানুহক তেওঁলোকৰ কৰ্মৰ অনুসাৰে প্ৰতিফল দিছা। কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ; তেওঁ মোৰ উচ্চ দুৰ্গ, মই অতিকৈ লৰচৰ নহম।
সকলো অধ্যৱসায়ৰ দ্বাৰাই তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা, কিয়নো তাৰ পৰাই জীৱন উৎপন্ন হয়।
আমি নিবেদন কৰোঁ যে, আপোনালোকে যেন সম্পূৰ্ণ সহন আৰু চিৰসহিষ্ণুতাৰ অৰ্থে, তেওঁৰ প্ৰতাপৰ পৰাক্ৰম অনুসাৰে সকলো শক্তিৰে শক্তিৱন্ত হয়৷
আপোনালোকৰ আচাৰ-ব্যৱহাৰ নিৰ্ল্লোভী হওক, অৰ্থাৎ ধন সম্পত্তিক প্ৰেম কৰা নহওক; আপোনালোকৰ যি আছে, তাতে আপোনালোক সন্তুষ্ট হৈ থাকক; কিয়নো তেৱেঁ কৈছে, মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম।
কিন্তু আপোনালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিত সমূহ, পবিত্ৰ জাতি, আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছে যাতে, যি জনে আপোনালোকক আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমন্ত্ৰণ কৰিলে, আপোনালোকে যেন তেওঁৰ সদগুণ প্ৰকাশ কৰে৷ এই কাৰণে
তুমি যেতিয়া পানীৰ মাজেদি পাৰ হ’লে, মই তোমাৰ লগত থাকিম, আৰু নদীবোৰৰ মাজেদি গ’লে সেইবোৰে তোমাক প্লাবিত নকৰিব; যেতিয়া তুমি জুইৰ মাজেদি খোজ কাঢ়িবা তুমি দগ্ধ নহ’বা, নাইবা তাৰ শিখাই তোমাক অনিষ্ট নকৰিব।
যিহোৱাই আমাৰ খোজৰ গতি স্থিৰ কৰে; তেওঁ তেওঁৰ পথত সন্তোষ পায়। তেওঁ উজুতি খাই পৰিলেও নিচেইকৈ পতিত নহব; কিয়নো যিহোৱাৰ হাতেই তেওঁক ধৰি ৰাখিছে।
যি জনে আপোনালোকত সৎকৰ্ম আৰম্ভ কৰিলে, সেই জনে যীচু খ্ৰীষ্টৰ আগমণৰ দিনলৈকে সিদ্ধ কৰি থাকিব বুলি দৃঢ় প্ৰত্যয় কৰিলোঁ৷
এতেকে কাইলৈৰ কাৰণে চিন্তা নকৰিবা; কিয়নো কাইলৈয়ে নিজে নিজৰ বাবে চিন্তা কৰিব। দিনৰ যি কষ্ট, দিনটোলৈ সেয়ে যথেষ্ট।
তেতিয়াহলে এইবোৰ কথাত আমি কি ক’ম? যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেনেহলে আমাৰ বিপক্ষ কোন হ’ব পাৰে?
এই কাৰণে আমি নিৰুৎসাহ নহওঁ; যদিও আমাৰ বাহ্যিক পুৰুষ বিনষ্ট হৈ আছে, তথাপি আমাৰ আন্তৰিক পুৰুষ দিনে দিনে নতুন হৈ উঠিছে। আমাৰ এই দুখ-কষ্ট ক্ষন্তেকীয়া, এই ক্ষন্তেকীয়া লঘু ক্লেশে আমাৰ জীৱনলৈ আনিবলগীয়া শ্রেষ্ঠ শাশ্বত মহিমাৰ যি অনন্তকলীয়া প্রভাৱ, তাৰ লগত আমাৰ দুখ-কষ্টৰ কোনো তুলনাই নহয়। এই কাৰণে দৃশ্য বস্তুলৈ নাচাই, অদৃশ্য বস্তুলৈ চাই থাকোঁহক৷ কাৰণ দৃশ্য বস্তু অলপদিনীয়া; কিন্তু অদৃশ্য বস্তু অনন্তকলীয়া।
কাৰণ যিসকলে ন্যায় কাৰ্য কৰে, তেওঁলোক সাতবাৰ পৰিলেও, তেওঁ পুনৰ উঠিব। কিন্তু দুষ্ট লোক দুৰ্যোগত পৰি বিনষ্ট হয়।
চিয়োনত শোক কৰা সকলৰ বাবে ঠাই প্রস্তুত কৰিবলৈ, ছাঁইৰ সলনি পাগুৰি, শোকৰ সলনি আনন্দৰ তেল, আৰু দুৰ্ব্বল আত্মাৰ সলনি প্ৰশংসাৰ আত্মা দান কৰিবলৈ, তেওঁলোকক ধাৰ্মিকতাৰ গছ, আৰু যিহোৱাৰ গৌৰৱৰ অৰ্থে তেৱেঁ পতা উদ্যান বুলি প্ৰখ্যাত হ’ব।
কিন্তু আত্মাৰ ফল হ’ল, প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, দয়া, মঙ্গলভাৱ, বিশ্বাস, মৃদুভাব, ইন্দ্ৰিয়-দমন৷ এইবোৰৰ বিৰুদ্ধে কোনো বিধান নাই।
আৰু মোৰ ঈশ্বৰে আপোনালোকৰ সকলো অভাৱ, প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীচুত পূৰ্ণ কৰিব।
যিহোৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহব। তেওঁ মোক কুমলীয়া ঘাঁহনি পথাৰত শুৱায়; আৰু য’ত শান্তি আছে, এনে পানীৰ কাষে কাষে মোক চলায়। তেওঁ মোৰ প্ৰাণ পুনৰায় সুস্থ কৰে; নিজ নামৰ নিমিত্তে তেওঁ মোক ধৰ্মপথত চলায়।
এতেকে ঈশ্বৰৰ মনোনীত প্ৰিয় আৰু পবিত্ৰ লোক সকলৰ যি উপযুক্ত, সেই মতে দয়া, স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধক; আপোনালোক পৰস্পৰ সহনীয় হওক; ইজনে সিজনৰ প্ৰতি দয়ালু হওক; আৰু যদি কাৰোবাৰ বিৰুদ্ধে কাৰোবাৰ দোষ দিয়াৰ কাৰণ থাকে, তেনেহলে পৰস্পৰে ক্ষমা কৰক; কিয়নো প্ৰভুৱে যেনেকৈ আপোনালোকক ক্ষমা কৰিলে, আপোনালোকেও তেনেকৈ ক্ষমা কৰক৷ এই সকলোৰে ওপৰত প্ৰেমত থাকক; ই সৰ্ব্বসিদ্ধিৰ বান্ধনি।
এই বিষয়ত আমাৰ দৃঢ় আস্থা আছে যে, আমি যদি তেওঁৰ ইচ্ছা অনুসাৰে তেওঁৰ ওচৰত যি কোনো বিষয় বিচাৰো, তেনেহলে তেওঁ আমাৰ যাচনা শুনে;
এতেকে বিশ্বাসেৰে সৈতে অনুগ্রহৰ সিংহাসনৰ ওচৰলৈ আহক, যাতে আমাৰ প্রয়োজনত সহায় হবলৈ আমি দয়া লাভ কৰি অনুগ্রহ পাব পাৰোঁ।
সকলো ধৰ্মশাস্ত্ৰ ঈশ্বৰৰ দ্বাৰা নিশ্বাসিত আৰু শিক্ষাৰ বাবে, অনুযোগৰ বাবে, শুধৰণিৰ বাবে আৰু ধাৰ্মিকতা সম্বন্ধীয় শিক্ষাত লাভজনক; যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎ কর্মৰ কাৰণে সুসজ্জিত হব পাৰে৷
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! ধন্য সেইজন, যিজনে যিহোৱালৈ ভয় ৰাখে আৰু তেওঁৰ আজ্ঞাবোৰত অতি আনন্দিত হয়।
কিয়নো আপোনালোকৰ ওপৰত পাপক প্ৰভুত্ব কৰিবলৈ নিদিব; কাৰণ আপোনালোক বিধানৰ অধীন নহয়, কিন্তু অনুগ্ৰহৰহে অধীন হৈ আছে।
সকলো সময়তে আনন্দত থাকক। নিৰন্তৰে প্ৰাৰ্থনাকৰি থাকক। সকলো বিষয়তে ঈশ্বৰক ধন্যবাদ দিয়ক; কিয়নো আপোনালোকৰ প্ৰতি খ্ৰীষ্ট যীচুত ঈশ্বৰৰ এই ইচ্ছা।
কিয়নো ঈশ্বৰ যিহোৱা সূৰ্য আৰু ঢাল স্বৰূপ; তেওঁ অনুগ্ৰহ আৰু গৌৰৱ দান কৰে; যিসকলে সৎ পথত চলে, তেওঁলোকক কোনো উত্তম বস্তু দিবলৈ তেওঁ অস্বীকাৰ নকৰে।
যি জনে নিজৰ মহিমা আৰু সদগুণেৰে আমাক আমন্ত্রণ কৰিলে, তেওঁক গভীৰভাৱে জনাৰ মাধ্যমেদি তেওঁৰ ঐশ্বৰিক শক্তিয়ে আমাক ঈশ্বৰৰ প্রতি ভক্তিপূর্ণ জীৱন-যাপন কৰাৰ সকলো বিষয় দান কৰিলে।
মই খ্ৰীষ্টে সৈতে ক্ৰুচত হত হ’লো; মই জীয়াই আছোঁ বুলিলেও, সেয়ে এতিয়া মই নহয়, খ্ৰীষ্টহে মোৰ লগত জীয়াই আছে; মোৰ শৰীৰত যি জীৱন এতিয়া আছে, ঈশ্বৰৰ পুত্ৰত কৰা বিশ্বাসতহে মই সেই জীৱন-যাপন কৰিছোঁ। তেওঁ মোক প্ৰেম কৰিলে আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰিলে।
এইদৰে তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওক; তাতে তেওঁলোকে তোমালোকৰ ভাল কৰ্ম দেখি, স্বৰ্গত থকা তোমালোকৰ পিতৃৰ স্তুতি কৰিব।
হে প্ৰিয় লোক সকল, আপোনালোকক পৰীক্ষা কৰিবৰ কাৰণে আপোনালোকৰ মাজত যি অগ্নিময় কষ্টৰ জুই জ্ৱলিছে, এইবোৰত আপোনালোকে বিস্মিত নহ’ব, কোনো অদ্ভুত বিষয় ঘটিছে বুলি মনত নাভাবিব৷ কিন্তু খ্ৰীষ্টৰ দুখভোগৰ সহভাগী হোৱা বাবে আপোনালোকে আনন্দ কৰক, ইয়াৰ উপৰি তেওঁৰ গৌৰৱ প্ৰকাশিত হোৱা সময়ত আপোনালোকে অধিক আনন্দ আৰু উল্লাস কৰিব পাৰিব।
আৰু যিহোৱা সদায় তোমাৰ পথদৰ্শক হ’ব, আৰু শুকান ঠাইবোৰত তোমাৰ প্ৰাণ তৃপ্ত কৰিব, আৰু তোমাৰ অস্থিবোৰ সবল কৰিব; তাতে তুমি পানী দিয়া এক উদ্যানৰ দৰে হ’বা, আৰু যাৰ জল কেতিয়াও শুকাই নাযায়, তুমি এনে এক জলভুমুকৰ দৰে হ’বা।
কিন্তু সেই গুপ্ত জ্ঞানৰ বিষয়ে এইদৰে লিখা আছে, ‘চকুৱে যি যি নেদেখিলে, কাণে যি যি নুশুনিলে, মনেও যি নাভাবিলে, সেই সকলো ঈশ্বৰক যি সকলে প্ৰেম কৰে, সেই সকলৰ বাবে তেওঁ যুগুত কৰিলে’,
এতেকে, হে ভাই সকল, ঈশ্বৰৰ সকলো দয়াৰ দ্বাৰাই মই আপোনালোকক এই মিনতি কৰোঁ যে, আপোনালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয়, জীৱিত, আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গ কৰক; এয়েই আপোনালোকৰ যুক্তিসঙ্গত আৰাধনা। ভাতৃ-প্ৰেমত পৰস্পৰ স্নেহশীল হওক; আৰু সমাদৰ কৰা কথাত, ইজনে সিজনতকৈ আগ হওক৷ যত্নত এলেহুৱা নহ’ব; আত্মাত উৎসাহী হওক; প্ৰভুৰ সেৱাকৰ্ম কৰক৷ আশাত আনন্দ কৰক; ক্লেশত সহনীয় হওক; প্ৰাৰ্থনাত লাগি থাকক; পবিত্ৰ লোক সকলৰ অভাৱ দূৰ কৰা কথাত, তেওঁলোকৰ সহভাগী হওক; অতিথি-সেৱাত আসক্ত হওক। যি সকলে আপোনালোকক তাড়না কৰে, তেওঁলোকক আশীৰ্বাদ কৰক; শাও নিদি আশীৰ্বাদ কৰক। যি সকলে আনন্দ কৰে, তেওঁলোকে সৈতে আনন্দ কৰক; যি সকলে ক্ৰন্দন কৰে, তেওঁলোকে সৈতে ক্ৰন্দন কৰক। আপোনালোকৰ পৰস্পৰৰ ভাব একে হওক। বৰ বৰ বিষয়বোৰ চিন্তা নকৰি, সামান্য লোকৰ দৰে চলক৷ নিজৰ নিজৰ মনত জ্ঞানী নহব। অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিব৷ সকলো মানুহে দেখাত যি উত্তম, সেই উত্তমলৈ চিন্তা কৰক৷ যদি হ’ব পাৰে, তেনেহলে আপোনালোকৰ সাধ্য অনুসাৰে সকলো মানুহৰ সৈতে শান্তিৰে থাকক। হে প্ৰিয় সকল, আপোনালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিব, কিন্তু ঈশ্বৰৰ ক্ৰোধলৈ ঠাই থ’ব; কিয়নো এনেদৰে লিখা আছে, প্ৰভুৱে কৈছে, “প্ৰতিকাৰ কৰা মোৰ কৰ্ম; মইহে প্ৰতিফল দিম।” আপোনালোক জগতৰ অনুৰূপ নহ’ব; কিন্তু মন নতুন কৰাৰ যোগেদি ৰূপান্তৰিত হওক, তাতে আপোনালোকে পৰীক্ষা কৰি জানি লওঁক, কোনটো উত্তম, গ্ৰহণীয় আৰু সিদ্ধ, কিয়নো এয়ে ঈশ্বৰৰ ইচ্ছা৷
এতেকে কোনো যদি খ্ৰীষ্টত আছে, তেনেহলে তেওঁ নতুন সৃষ্টি। পুৰণিবোৰ লুপ্ত হ’ল; চাওক, নতুন হ’ল।
তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম; সঙ্কটৰ কালত মই তেওঁৰ সঙ্গী হ’ম; মই তেওঁক উদ্ধাৰ কৰিম, গৌৰৱাম্বিতও কৰিম।
এতেকে ইমানবোৰ সাক্ষীয়ে আমাক চাৰিওফালে বেৰি থকা দেখি, আহক, আমিও আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰি আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্যৰে দৌৰোহঁক, তেওঁলোকে হ’লে, যেনেকৈ উচিত দেখিছিল, তেনেকৈ অলপ দিনৰ কাৰণে শাস্তি দিছিল; কিন্তু তেওঁ হ’লে আমাৰ হিতৰ কাৰণে, অৰ্থাৎ আমি যেন তেওঁৰ পবিত্ৰতাৰ ভাগী হওঁ, তাৰ কাৰণে শাস্তি দিছে। সকলো শাস্তি উপস্থিত সময়ত আনন্দৰ বিষয় নহয়, কিন্তু দুখৰ বিষয় যেন দেখা যায়, তথাপি পাছত তাৰ দ্বাৰাই অভ্যাস পোৱা লোক সকলক ধাৰ্মিকতাৰ শান্তিযুক্ত ফল দিয়ে। এই কাৰণে আপোনালোকে ওলমি পৰা হাত আৰু জঠৰ আঁঠু পোন কৰক; আৰু খোৰাই যেন বিপথগামী নহয়, বৰং সুস্থ হয়, এই কাৰণে নিজ নিজ ভৰি লৈ, পোন বাট কৰক। সকলোৱে সহিত ঐক্য, আৰু যি পবিত্ৰতাৰ অবিহনে কোনেও প্ৰভুৰ দৰ্শন নাপাব, সেই পবিত্ৰতাকো খেদি যাওঁক; পাছত জানো কোনোৱে ঈশ্বৰৰ অনুগ্ৰহবিহীন হয়, বা কোনো তিতাৰ মূল ওলাই আপোনালোকৰ বিঘিনি জন্মোৱাত, তাৰ দ্বাৰাই অধিক ভাগ অশুচি হৈ যায়; বা এসাঁজ আহাৰৰ কাৰণে নিজ জ্যেষ্ঠাধিকাৰ বেচা যি এচৌ, তেওঁৰ নিচিনা কোনো ধৰ্মনিন্দক, বা কোনো ব্যভিচাৰী হয়, তালৈ সাৱধানে দৃষ্টি ৰাখিবা। কিয়নো আপোনালোকে জানে যে, এচৌৱে পাছত সেই আশীৰ্বাদৰ অধিকাৰী হ’বৰ বাবে ইচ্ছা কৰিলে আৰু চকুলোৰে সযত্নে বিচাৰিলতো, অগ্ৰাহ্য হ’ল, কাৰণ তেওঁ মন-পালটন কৰিবলৈ ঠাই নাপালে। কিয়নো স্পৰ্শনীয় আৰু অগ্নিৰে প্ৰজ্বলিত পৰ্বত ক’লা বৰণীয়া মেঘ, আন্ধাৰ, ধুমুহা, বতাহ, তুৰীৰ ধ্বনি, আৰু বাক্যৰ শব্দ, এইবোৰৰ ওচৰলৈ আপোনালোক অহা নাই; সেই মাত শুনা লোক সকলে এই প্ৰাৰ্থনা কৰিলে যে, তেওঁলোকক যেন পুনৰ কোনো বাক্য কোৱা নহয়; আহক আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্ত্তা যীচুলৈ চাই থাকোঁহঁক; তেওঁ তেওঁৰ আগত থকা আনন্দৰ কাৰণে অপমানকে হেয়জ্ঞান কৰি, ক্ৰুচ যন্ত্ৰণা সহন কৰি, ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল।
এতেকে প্ৰভুত বন্দীয়াৰ যি মই; মই আপোনালোকক এই মিনতি কৰোঁ যে, ঈশ্বৰে যি আমন্ত্রণেৰে আপোনালোকক আমন্ত্রিত কৰিলে; সেই আমন্ত্ৰণৰ যোগ্য আচৰণ কৰি জীৱন-যাপন কৰক। যি জন নামিছিল, তেওঁ সেই একেই ব্যক্তি; যি জনে সকলো পূর্ণ কৰিবৰ কাৰণে আকাশতকৈ বহুত ওপৰলৈ উঠিল। সেই খ্ৰীষ্টই লোক সকলক এইৰূপে বৰ দান দিলে; কিছুমানক পাঁচনি, কিছুমানক ভাৱবাদী, কিছুমানক শুভবার্তা প্ৰচাৰক, কিছুমানক পালক আৰু শিক্ষক হবলৈ ক্ষমতা দিলে। ঈশ্বৰৰ পবিত্ৰ লোক সকলক প্রস্তুত কৰিবৰ বাবে পৰিচর্যাৰ কার্য কৰিবলৈ আৰু খ্ৰীষ্টৰ শৰীৰ বৃদ্ধি কৰিবলৈ তেওঁ এই সকলো বৰ দান দিলে। যেতিয়ালৈকে আমি সকলোৱে ঈশ্বৰৰ পুত্ৰ বিষয়ক বিশ্বাসৰ আৰু জ্ঞানৰ ঐক্যতাত এক নহও আৰু সম্পূর্ণ সিদ্ধতা অর্থাৎ খ্ৰীষ্টৰ নিচিনাকৈ সম্পূর্ণ সিদ্ধ নহওঁ, তেতিয়ালৈকে আমি কার্য কৰি বৃদ্ধি পাই থাকিম। তেতিয়া পুণৰ আমি শিশুৰ নিচিনা হৈ নাথাকো। ভ্রান্তিজনক প্রৱঞ্চনাৰ ধূর্ততাত মানুহৰ ছলনাৰ দ্বাৰা ভুল শিক্ষা পাই বতাহত ঢলং-পলং হৈ ইফালে সিফালে নিয়া নহওঁ। কিন্তু প্ৰেমৰ সৈতে সত্য কথা কম আৰু সকলোভাৱে যি খ্ৰীষ্ট মূৰ স্বৰূপ, তেওঁৰ উদ্দেশ্যে সকলো বিষয়ত আমি বৃদ্ধি পাম। মানুহৰ শৰীৰৰ অঙ্গবোৰ যেনেদৰে একেলগে যুক্ত হৈ থাকে আৰু সেইবোৰে কৰণীয় কার্য সাধন কৰি গোটেই শৰীৰৰ বৃদ্ধি কৰে, সেইদৰে খ্ৰীষ্টৰ পৰা উৎপন্ন হোৱা সকলো বিশ্বাসী, খ্ৰীষ্টৰ শৰীৰত সংযুক্ত আৰু সংলগ্ন হৈ পৰস্পৰৰ সৈতে প্ৰেমত একত্ৰিত হৈ বৃদ্ধি সাধন কৰে। কিয়নো শৰীৰৰ অঙ্গ-প্রত্যঙ্গ পৰস্পৰৰ ওপৰত নির্ভৰশীল। এতেকে প্ৰভু যীচুৰ হৈ মই দৃঢ়ভাৱে কওঁ যে, বিশ্বাস নকৰা অনা-ইহুদী লোক সকলৰ দৰে আপোনালোকে জীৱন-যাপন নকৰিব। কিয়নো তেওঁলোকৰ মনৰ চিন্তা অসাৰ। কিয়নো ভাল-বেয়া বিষয়ত তেওঁলোকৰ হৃদয় অন্ধকাৰময় আছিল। তেওঁলোকে হৃদয়েৰে কঠিনতাৰ কাৰণে তেওঁৰ বার্তা শুনিবলৈ নিবিচাৰে আৰু সেই বাবেই যীচুৱে আমাক দিয়া অনন্ত জীৱনৰ পৰা তেওঁলোক বঞ্চিত হৈ থাকে। তেওঁলোকৰ বিবেক অসাৰ হৈছে; তেওঁলোক সকলো প্রকাৰৰ লোভত পৰি অশুচি কর্মবোৰত লিপ্ত হৈ কামনাৰ হাতত নিজক শোধাই দিছে। আপোনালোকে সকলো সময়তে অতি নম্ৰভাৱে, মৃদুতাৰে আৰু সহিষ্ণুতাৰে প্ৰেমত থাকি পৰস্পৰক গ্ৰহণ কৰক। কিন্তু আপোনালোক হলে খ্ৰীষ্টৰ বিষয়ে এইবোৰ শিক্ষা পোৱা নাই; আপোনালোকে তেওঁৰ বিষয়ে শুনিছে আৰু যীচুত থকা সত্যতাৰ বিষয়েও শিক্ষা পালে, আপোনালোকে প্ৰৱঞ্চনাপূর্ণ অভিলাষত নষ্ট হোৱা পুৰাতন পুৰুষ অৰ্থাৎ পূর্বকালৰ জীৱন-যাপনৰ বন্ধন সোলোকাই থবলৈ শিক্ষা পালে। সেই শিক্ষা অনুসাৰে আপোনালোক যেন নিজৰ নিজৰ মনৰ আত্মাত পুনৰায় নতুন হৈ উঠি, সত্যতাৰ ধাৰ্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ দৰে সৃষ্ট হোৱা নতুন পুৰুষক যেন পিন্ধিব পাৰে। সেয়ে, আপোনালোকে মিছা এৰি, প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াই সৈতে সত্য আলাপ কৰক; কিয়নো আমি ইজনে সিজনৰ অঙ্গ- প্ৰত্যঙ্গ হৈ আছোঁ। ক্ৰুদ্ধ হৈ তাৰ প্ৰভাৱত পাপ নকৰিব; বেলি মাৰ নৌ যাওঁতেই আপোনালোকৰ কোপ শান্ত হওক; আপোনালোকে চয়তানক সুযোগ নিদিব। যি জনে চুৰ কৰে, তেওঁ পুনৰ চুৰ নকৰক; কিন্তু অভাৱত পৰা লোকক দান কৰিবলৈ সমৰ্থ হবৰ কাৰণে, নিজ হাতেৰে সৎ ব্যৱসায়ত পৰিশ্ৰম কৰক। আপোনালোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাওক, কিন্তু শুনা সকলক অনুগ্ৰহ দান কৰিবলৈ ভাল কথা কওক। শান্তিৰ বন্ধনত থাকি আত্মাৰ ঐক্য ৰাখিবলৈ যত্নৱান হওক।
হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা; হে মোৰ ভিতৰত থকা সকলো অংশ, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা। তেওঁ আমাৰ পাপ অনুসাৰে আমালৈ কাৰ্য কৰা নাই, আমাৰ অধৰ্ম অনুসাৰে আমাক প্ৰতিফল দিয়া নাই। কিয়নো পৃথিৱীৰ পৰা আকাশ-মণ্ডল যিমান ওখ, তেওঁলৈ ভয় ৰাখোঁতাসকলৰ প্রতি তেওঁৰ দয়াও সিমান মহৎ। পূৱৰ পৰা পশ্চিমলৈ যিমান দূৰ, তেওঁ আমাৰ অপৰাধো আমাৰ পৰা সিমান দূৰ কৰিলে। বাপেকে নিজ সন্তানক স্নেহ কৰাৰ দৰে যিহোৱাই তেওঁলৈ ভয় ৰাখোঁতাসকলক স্নেহ কৰে; কিয়নো তেৱেঁই আমাৰ গঠন জানে, আমি যে ধূলি মাথোন, তাক তেওঁ সোঁৱৰণ কৰে। মানুহৰ আয়ুস তৃণৰ নিচিনা; যেনেকৈ পথাৰৰ ফুল, তেনেকৈয়ে তেওঁ প্ৰফুল্লিত হয়। ফুলৰ ওপৰেদি বতাহ বলিলেই ফুল সৰি নাইকিয়া হয়; সেই স্থানেও তাক চিনি নাপায়। কিন্তু যিহোৱাক ভয় কৰাসকলৰ ওপৰত তেওঁৰ দয়া অনাদিকালৰ পৰা অনন্তকাল পর্যন্ত থাকে, আৰু তেওঁৰ ধাৰ্মিকতা বংশৰ পিছত বংশ বর্তি থাকে। তেওঁলোকে যিহোৱাৰ ব্যৱস্থা মানি চলে আৰু তেওঁৰ আদেশবোৰ সোঁৱৰণ কৰি পালন কৰে। যিহোৱাই স্বৰ্গত নিজৰ সিংহাসন স্থাপন কৰিলে; তেওঁৰ শাসন সকলোৰে ওপৰত আছে। হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ উপকাৰবোৰ নাপাহৰিবা। হে যিহোৱাৰ দূতবোৰ, তোমালোক পৰাক্রমী বীৰ; যিহোৱাৰ কথাৰ বাধ্যতাত থাকি তেওঁৰ আজ্ঞা পালন কৰাসকল, তোমালোকে তেওঁৰ ধন্যবাদ কৰা; হে যিহোৱাৰ বাহিনী সমূহ, যিহোৱাৰ ইচ্ছা পূৰণ কৰা তেওঁৰ পৰিচাৰকসকল, তেওঁৰ ধন্যবাদ কৰা। হে যিহোৱাৰ সকলো নির্মিত বস্তু, তেওঁৰ অধীনৰ সকলো স্থানত তেওঁৰ ধন্যবাদ কৰা; হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। যি জনাই তোমাৰ সকলো অপৰাধ ক্ষমা কৰে, তোমাৰ সকলো ৰোগ সুস্থ কৰে, যি জনাই তোমাৰ জীৱন বিনাশৰ পৰা মুক্ত কৰে, যি জনাই অসীম দয়া আৰু নানা প্ৰকাৰ কৰুণাৰ মুকুটেৰে তোমাক বিভূষিত কৰে, যি জনাই উত্তম দ্রব্যৰে তোমাৰ মুখ তৃপ্ত কৰে, তেওঁ ঈগল পক্ষীৰ দৰে তোমাক নতুন যৌৱন কাল দিব।
এতিয়া যি জন ধৈৰ্য আৰু সান্ত্বনাৰ ঈশ্বৰ, তেওঁ আপোনালোকক খ্ৰীষ্ট যীচুৰ মত অনুসাৰে এক মন হবলৈ সাহায্য প্ৰদান কৰক; এইদৰে আপোনালোকে এক মনেৰে আৰু একস্বৰেৰে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ প্ৰশংসা কৰক৷
যাৰ মনে আপোনাত নিৰ্ভয় কৰে, আপুনি তেওঁক সম্পূৰ্ণ শান্তিত ৰাখিব; কিয়নো তেওঁ আপোনাত ভাৰসা কৰিছে।
তেওঁলোকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব; তাতে মৃত্যু পুনৰ নহব; শোক বা ক্ৰন্দন বা বেদনাও পুনৰ নহব৷ আগৰবোৰ গুচি গ’ল।
হে প্ৰিয়জন, আপোনাৰ জীৱাত্মা যেনে কুশলপ্ৰাপ্ত, তেনেকৈ সকলো বিষয়তে আপোনাৰ কুশল আৰু সু-স্বাস্থ্য হওক, এই মোৰ প্ৰাৰ্থনা।