যিহোৱাই ক’লে, “বাহিৰলৈ ওলাই যোৱা আৰু পৰ্ব্বতৰ ওপৰলৈ আহি মোৰ সন্মুখত থিয় হোৱা।” তেতিয়া সেই ঠায়েদি যিহোৱাই গমণ কৰিলে আৰু তাত যিহোৱাৰ আগে আগে অতিশয় প্ৰচণ্ড বায়ুৱে পৰ্ব্বতবোৰ আৰু শিলবোৰ ভাঙি পেলালে; কিন্তু সেই বায়ুত যিহোৱা নাছিল। বায়ুৰ পাছত ভুমিকম্প হ’ল, কিন্তু সেই ভুমিকম্পটো যিহোৱা নাছিল। ভুমিকম্পৰ পাছত অগ্নি হ’ল, কিন্তু সেই অগ্নিটো যিহোৱা নাছিল। অগ্নিৰ পাছত এটি মৃদু স্বৰ শুনা গ’ল।
‘তুমি মোৰ আগত প্ৰাৰ্থনা কৰা; তাতে মই তোমাক উত্তৰ দিম, আৰু তুমি নজনা মহত আৰু অগম্য কথা তোমাক জনাম।’
যিহোৱাই কৈছে, “তোমালোক ক্ষান্ত হোৱা, মই যে ঈশ্বৰ, ইয়াকে জানা! সকলো জাতিয়ে মোকেই গৌৰৱান্বিত কৰিব, পৃথিৱীয়ে মোকেই গৌৰৱান্বিত কৰিব।”
তুমি সমস্ত মনেৰে সৈতে যিহোৱাক বিশ্বাস কৰা; আৰু তোমাৰ নিজৰ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা। তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা, আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব।
যেতিয়া তোমালোকে সোঁফালে কি বাঁওফালে ঘুৰিবা, তেতিয়া তোমালোকৰ কাণে তোমালোকৰ পাছফালে কোৱা বাক্য শুনিবলৈ পাব, “এয়ে পথ, এই পথে চলা,”
যি জন ঈশ্বৰৰ লোক, তেওঁ ঈশ্বৰৰ কথা শুনে। আপোনালোকে সেই বাবেই নুশুনে, কাৰণ আপোনালোক ঈশ্বৰৰ লোক নহয়৷”
চোৱা, মই দুৱাৰত থিয় হৈ টুকুৰিয়াই থাকোঁ৷ কোনোৱে যদি মোৰ মাত শুনি দুৱাৰ মেলি দিয়ে, তেনেহলে মই তেওঁৰ গৃহলৈ আহিম আৰু তেওঁৰ সৈতে মই ভোজন কৰিম, আৰু তেৱোঁ মোৰে সৈতে ভোজন কৰিব।
এই কাৰণে পবিত্ৰ আত্মাই যেনেকৈ কৈছে: “আজি যদি তোমালোকে ঈশ্বৰৰ মাত শুনিবলৈ পোৱা, তেনেহলে তোমালোকৰ হৃদয়বোৰ কঠিন নকৰিবা- যেনেকৈ ইস্ৰায়েলীয়া সকলে বিদ্রোহৰ দিনত কৰিছিল, মৰুপ্রান্তত সেই সময়ত পৰীক্ষা কৰাৰ দৰে নকৰিবা।
মই তোমাক বুদ্ধি দিম; তুমি যাবলগীয়া পথ মই তোমাক শিকাম; তোমাৰ ওপৰত মই দৃষ্টি ৰাখি পৰামৰ্শ দিম।
কিন্তু আপোনালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয় তেনেহলে যি জন দিওঁতা ঈশ্ৱৰ, যি জনে গৰিহণা নকৰাকৈ মুক্তহস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰক আৰু তাতে আপোনালোকক দিয়া হ’ব।
হে যিহোৱা, তোমাৰ পথবোৰ মোক জনোৱা; তোমাৰ পথত চলিবলৈ মোক শিকোৱা। তোমাৰ সত্যতাত মোক পৰিচালিত কৰা আৰু মোক শিক্ষা দিয়া; কিয়নো তুমিয়েই মোৰ ত্ৰাণকর্তা ঈশ্বৰ; ওৰে দিনটো মই তোমালৈ অপেক্ষা কৰোঁ।
কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব, তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব; কিয়নো তেওঁ নিজৰ পৰা একো কথা নক’ব; কিন্তু যি কথা শুনিব, সেই বিষয়েহে ক’ব আৰু তোমালোকক ভবিষ্যতৰ কথা জনাব।
মনোযোগ দিয়া আৰু মোৰ ওচৰলৈ আহাঁ! শুনা, তাৰ দ্বাৰাই তোমালোকৰ প্ৰাণ যেন সজীব হয়! মই নিশ্চয় তোমালোকৰ সৈতে অনন্তকলীয়া চুক্তি, দায়ূদক দিয়া বিশ্ৱাসযোগ্য নিয়মৰ চুক্তি স্থাপন কৰিম।
সেই কাৰণে কওঁ, যি কোনোৱে মোৰ এই সকলো কথা শুনি পালন কৰে, তেওঁ এনেকুৱা এজন বুদ্ধিমান লোকৰ নিচিনা যি জনে শিলৰ ওপৰত তেওঁৰ ঘৰ সাজিলে।
মই যেন ক্লান্ত জনক বহন কৰিব পৰা বাক্য ক’ব পাৰোঁ, সেয়ে শিক্ষা দিয়া সকলৰ এজন বুলি, প্রভু যিহোৱাই মোক কথা কোৱা জিভা দিলে। তেওঁ প্ৰতিটো পুৱাতেই মোক সজাগ কৰে, এনে কি, শিক্ষা লাভ কৰা সকলৰ দৰে তেওঁ মোৰ কাণ সজাগ কৰে।
যিজনে মোৰ কথা শুনে, তেওঁ আনন্দিত হ’ব- মোৰ দুৱাৰত প্রতি দিনে পৰ দি থাকিব, মোৰ ঘৰৰ দুৱাৰৰ কাষত মোৰ বাবে অপেক্ষা কৰি থাকিব।
আপোনালোকে যদি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালনত মনোযোগ দিয়ে আৰু আজি দিয়া মোৰ এই সকলো আজ্ঞা যত্নেৰে পালন কৰে, তেন্তে আপোনালোকৰ ঈশ্বৰ যিহোৱাই পৃথিবীৰ আন সকলো জাতিতকৈ আপোনালোকৰ স্থান উচ্চ কৰিব। তাতে, পৃথিবীত থকা সকলো জাতিবোৰে দেখা পাব যে, যিহোৱাৰ নামেই আপোনালোকৰ পৰিচয় আৰু তেওঁলোকে আপোনালোকক ভয় কৰি চলিব। যিহোৱাই আপোনালোকক যি দেশ দিম বুলি আপোনালোকৰ পূর্ব–পুৰুষসকলৰ আগত শপত কৰিছিল, সেই দেশত তেওঁ আপোনালোকৰ গৰ্ভফল, আপোনালোকৰ পশুৰ গৰ্ভফল, আৰু ভুমিৰ ফলক প্রচুৰ ঐশ্বৰ্য্যশালী কৰিব। আপোনালোকৰ দেশত উচিত সময়ত বৰষুণ দিবলৈ, আৰু আপোনালোকৰ হাতে কৰা সকলো কাৰ্যত আশীৰ্ব্বাদ দিবলৈ, যিহোৱাই নিজৰ দানৰ ভঁৰাল অর্থাৎ আকাশ-মুকলি কৰি দিব; তাতে আপোনালোকে অনেক জাতিক ঋণ দিব, কিন্তু আপোনালোকে নিজে ঋণ নল’ব। যিহোৱাই আপোনালোকক মূৰ কৰিব, নেগুৰ নকৰিব; আপোনালোকৰ স্থান কেৱল ওপৰত থাকিব, কেতিয়াও তলত নাথাকিব, যদিহে আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি যি আজ্ঞা মই আজি আপোনালোকক দিছো, সেইবোৰ শুনি আৰু পালন কৰি সেই মতে কাৰ্য কৰে, আৰু দেৱতাবোৰৰ সেৱাপূজা কৰি সেইবোৰৰ পাছত নচলি মই আজি আপোনালোকক দিয়া আজ্ঞাবোৰৰ এটি বাক্যৰো সোঁ কি বাওঁফালে নুঘুৰিলে আপোনালোকে সেই আশীর্বাদ পাব। কিন্তু মই আজি আপোনালোকক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি যি আজ্ঞা দিছোঁ, সেই সকলোকে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ যদি আপোনালোকে তেওঁৰ বাক্যলৈ কাণ নিদিয়ে, তেন্তে এই সকলো শাও আপোনালোকৰ ওপৰত পৰিব, আৰু আপোনালোকত ফলিয়াব। আপোনালোকৰ নগৰ আৰু খেতি পথাৰ সকলোতে আপোনালোকে শাও পাব। আপোনালোকৰ শস্যৰ পাচি আৰু আটা মাৰা পাত্ৰয়ো শাও পাব। আপোনালোকৰ গৰ্ভফল, ভূমিৰ ফল আৰু পশুধনৰ গৰ্ভফল, আপোনালোকৰ পশু আৰু মেৰ-ছাগ পোৱালিবোৰৰ বৃদ্ধিত শাও পাব। ভিতৰলৈ যোৱা আৰু বাহিৰলৈ অহা সময়ত আপোনালোকে শাও পাব। আপোনালোকে ঈশ্বৰ যিহোৱাৰ বাক্যলৈ মনোযোগ দিলে, এই সকলো আশীৰ্ব্বাদ আপোনালোকলৈ আহিব আৰু সেয়ে আপোনালোকৰ লগত থাকিব।
ঈশ্বৰ যিহোৱাই যিহকে ক’ব, মই তাকেই শুনিম; কিয়নো তেওঁ নিজৰ লোকসকলক আৰু নিজৰ বিশ্বাসী অনুগামীসকলক শান্তিৰ কথা ক’ব, যেন সেই লোকসকল পুনৰ মুর্খতাৰ ফালে ঘূৰি নাযায়।
পুনৰ যিহোৱাই আগৰ দৰে আহি থিয় হৈ তেওঁক মাতিলে, “চমূৱেল, চমূৱেল।” তেতিয়া চমূৱেলে উত্তৰ দি ক’লে, “কওক, আপোনাৰ দাসে শুনি আছে।”
হে মোৰ পুত্র তুমি যদি মোৰ কথা গ্ৰহণ কৰা, আৰু মোৰ আজ্ঞাবোৰ তোমাৰ সৈতে সংৰক্ষিত কৰি ৰাখা, কাৰণ প্রজ্ঞা তোমাৰ হৃদয়ত প্ৰবেশ কৰিব, আৰু জ্ঞান তোমাৰ প্ৰাণৰ বাবে সন্তুষ্ট জনক হ’ব। সতর্কতাই তোমাৰ ওপৰত দৃষ্টি ৰাখিব, বিচাৰ বুদ্ধিয়ে তোমাক পহৰা দিব, এইবোৰে পাপকাৰ্যৰ পৰা আৰু যিসকলে বিপথগামী কথা কয়, তাৰ পৰা তোমালোকক উদ্ধাৰ কৰিব তেওঁলোকে সত্যৰ পথ পৰিহাৰ কৰে। আৰু আন্ধাৰ পথত চলে। যেতিয়া তেওঁলোকে পাপ কৰ্ম কৰে তেতিয়া তেওঁলোকে আনন্দ কৰে, আৰু দুর্নীতি পৰায়ণ পাপত তেওঁলোকে উল্লাস কৰে, তেওঁলোকে কুটিল পথ অনুসৰণ কৰে, তেওঁলোকে প্রৱঞ্চনাৰ দ্বাৰাই তেওঁলোকৰ গতি পথ গোপন কৰে। দুঃসাহসিক কাৰ্যলৈ দৃষ্টি কৰা, খুচামোদ কথা কোৱা আৰু ব্যভিচাৰী মহিলাৰ পৰা প্রজ্ঞা আৰু সতর্কতাই ৰক্ষা কৰে। তেওঁ যৌৱন কালৰ লগৰীক ত্যাগ কৰে আৰু তেওঁ তেওঁৰ ঈশ্বৰৰ গুৰুত্বপূর্ণ প্ৰতিশ্ৰুতি পাহৰে। তেওঁৰ ঘৰ মৃত্যুলৈ আগুৱাই, আৰু তেওঁৰ পথে মৈদামত থকাসকলৰ ওচৰলৈ তোমাক লৈ যাব। যিসকল লোক তেওঁৰ ওচৰলৈ গৈছে, তেওঁলোক পুনৰ ঘূৰি নাহিব, আৰু তেওঁলোকে জীৱনৰ পথ বিচাৰি নাপাব। প্রজ্ঞাৰ কথা শুনা, আৰু বুজিব পৰা শক্তিলৈ তোমাৰ হৃদয় আকৃষ্ট হব। সেয়ে তুমি সৎলোকৰ পথত চলিবা, আৰু ন্যায়কাৰ্য কৰা লোকসকলৰ পথ অনুসৰণ কৰা। যিসকল লোকে সৎ কাৰ্য কৰে, তেওঁলোকে দেশত ঘৰ সাজে, আৰু যিসকল লোক সিদ্ধ, তেওঁলোক অৱশিষ্ট থাকিব। কিন্তু দুষ্টসকলক দেশৰ পৰা উচ্ছন্ন কৰা হ’ব, আৰু অবিশ্বাসী লোকক দেশৰ পৰা উচ্ছন্ন কৰা হৈ যাব। তুমি যদি বুজিবৰ বাবে কান্দা; আৰু ইয়াৰ বাবে উচ্চ স্বৰে ৰিঙিওৱা, ৰূপ বিচৰা দৰে যদি তুমি ইয়াক বিচাৰা, আৰু গুপ্ত ধন বিচৰা দৰে বুজিব পৰা শক্তি বিচাৰা; তেতিয়াহে যিহোৱাৰ প্রতি থকা ভয় তুমি বুজিব পাৰিবা, আৰু তুমি ঈশ্বৰৰ জ্ঞান বিচাৰি পাবা।
কিন্তু সেই সহায়কর্তা পবিত্ৰ আত্মা, যি জনক পিতৃয়ে মোৰ নামেৰে পঠিয়াব, তেওঁ তোমালোকক সকলো শিক্ষা দিব আৰু মই তোমালোকক যি যি কৈছোঁ, এই আটাই কথা তোমালোকক সোঁৱৰাব।
মই এই প্রার্থনা কৰোঁ যে, আপোনালোকক আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ঈশ্বৰ অর্থাৎ সেই গৌৰৱময় পিতৃয়ে আত্মিক জ্ঞান দিয়ক আৰু তেওঁক বুজিবলৈ নিজৰ তত্ব-জ্ঞান প্রকাশ কৰক। ঈশ্বৰৰ আমন্ত্রণৰ যি আশা আৰু মনোনীত পবিত্র লোক সকলৰ মাজত তেওঁৰ যি উত্তৰাধিকাৰৰ প্ৰতাপৰূপ ধন, তাক আপোনালোকৰ হৃদয়ৰ ঐশ্বৰিক চকুৱে যেন দেখা পায়;
কিয়নো ঈশ্বৰৰ বাক্য জীৱনময়, কাৰ্যসাধক আৰু আটাই দুধৰীয়া তৰোৱালতকৈও চোকা। এই বাক্য প্ৰাণ আৰু আত্মা, গাঠি আৰু মজ্জা এই সকলোকে ভেদ কৰালৈকে বিন্ধোতা, মনৰ ভাৱনা আৰু অভিপ্ৰায়কো বিচাৰ কৰোঁতা।
কিন্তু ঈশ্বৰে আত্মাৰ দ্বাৰাই সেইবোৰ আমাৰ আগত প্ৰকাশ কৰিলে; কাৰণ আত্মাই সকলো বিষয়ৰ অনুসন্ধান কৰে; এনে কি, ঈশ্বৰৰ নিগূঢ়তত্ত্বৰো অনুসন্ধান কৰে। কোনো এজনৰ মনৰ কথা তেওঁত থকা আত্মাৰ বাহিৰে আন কোনে জানিব পাৰে? সেইদৰে ঈশ্বৰৰ গভীৰ বিষয়বোৰো ঈশ্বৰৰ আত্মাত বাহিৰে, আন কোনেও নাজানে।
কিন্তু যিসকলে যিহোৱালৈ অপেক্ষা কৰে, তেওঁলোকে নতুন বল পাব, তেওঁলোকে কুৰৰ পক্ষীৰ দৰে ডেউকাৰে ওপৰলৈ উৰিব, তেওঁলোকে দৌৰিব আৰু ক্লান্ত নহ’ব, তেওঁলোকে খোজ কাঢ়িব আৰু ভাগৰ নাপাব।
সকলো ধৰ্মশাস্ত্ৰ ঈশ্বৰৰ দ্বাৰা নিশ্বাসিত আৰু শিক্ষাৰ বাবে, অনুযোগৰ বাবে, শুধৰণিৰ বাবে আৰু ধাৰ্মিকতা সম্বন্ধীয় শিক্ষাত লাভজনক; যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎ কর্মৰ কাৰণে সুসজ্জিত হব পাৰে৷
তোমালোকে যদি মোক প্ৰেম কৰা, তেনেহলে মোৰ আজ্ঞাবোৰ পালন কৰিবা। আৰু মই পিতৃৰ ওচৰত প্ৰাৰ্থনা কৰিম, তেওঁ যাতে তোমালোকক আন এজন সহায়কর্তা দিয়ে আৰু তেওঁ যেন চিৰকাল তোমালোকৰ লগত থাকে৷ সেই সত্যৰ আত্মাক জগতে গ্ৰহণ কৰিব নোৱাৰে; কিয়নো জগতে তেওঁক নেদেখে আৰু নাজানেও; তোমালোকে হ’লে তেওঁক জানা; কিয়নো তেওঁ তোমালোকৰ সঙ্গে সঙ্গে থাকে আৰু তেওঁ তোমালোকৰ মাজত থাকিব।
তথাপি ঈশ্বৰে এক প্ৰকাৰে কথা কয়, এনে কি, দুই প্ৰকাৰেও কথা কয়; কিন্তু মানুহে তালৈ মন নিদিয়ে। যেতিয়া মানুহবিলাক ঘোৰ নিদ্ৰাত মগ্ন হৈ শয্যাত পৰি টোপনি যায়, তেতিয়া তেওঁ সপোনত ৰাতিৰ দৰ্শনত কথা কয়।
আৰু তেতিয়া তোমালোকে মোক মাতিবা আৰু গৈ মোৰ আগত প্ৰাৰ্থনা কৰিবা; তেতিয়া মই তোমালোকৰ কথা শুনিম। আৰু তোমালোকে সমস্ত মনেৰে মোক বিচাৰিলে মোক বিচাৰি পাবা।
কিন্তু তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা, তেতিয়া ভিতৰ-কোঠালীলৈ গৈ দুৱাৰ বন্ধ কৰিবা আৰু যি জনক দেখা পোৱা নাযায়, তোমালোকৰ সেই পিতৃৰ আগত প্ৰাৰ্থনা কৰিবা; তাতে গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক প্ৰতিদান দিব।
এতেকে আপোনালোকে কিদৰে শুনিছে সেয়া বিবেচনা কৰিব; কিয়নো যিয়ে শুনিছে, তেখেতক পুণৰ দিয়া হ’ব; কিন্তু যিয়ে শুনা নাই, তেখেতে যি আছে বুলি নিজে ভাবে, সেয়াও তেখেতৰ পৰা নিয়া হ’ব।”
মই অন্ধসকলক তেওঁলোকে নজনা বাটেদি লৈ যাম, তেওঁলোকে নজনা পথেদি তেওঁলোকক লৈ যাম; মই তেওঁলোকৰ আগত আন্ধাৰক পোহৰ কৰিম, আৰু বেঁকাবেঁকি ঠাই পোন কৰিম। এইবোৰ কাৰ্য মই কৰিম; আৰু সেইবোৰ মই পৰিত্যাগ নকৰিম।
তেওঁ ক’লে, “মই, তোমালোকৰ ঈশ্বৰ যিহোৱা, যদি তোমালোকে সাৱধানে মোৰ বাক্য শুনা, আৰু মোৰ দৃষ্টিত যি উচিত সেই কাৰ্য কৰা, আৰু মোৰ আজ্ঞাবোৰলৈ মনোযোগ দিয়া আৰু মোৰ সকলো বিধি পালন কৰা তেনেহ’লে, মই মিচৰীয়াসকলক যি সকলো ৰোগ দিছিলোঁ, সেইবোৰৰ কোনো ৰোগ তোমালোকক নিদিম, কাৰণ মই তোমালোকৰ আৰোগ্যকাৰী যিহোৱা।”
ৰাতিপুৱাতে মোক তোমাৰ সুস্থিৰ প্রেমৰ বচন শুনুউৱা, কাৰণ মই তোমাৰ ওপৰতে ভাৰসা কৰিছোঁ; তুমি মোক মই চলিবলগীয়া পথ শিকোঁৱা, কিয়নো মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ।
তেতিয়া মোচিয়ে গোটেই ইস্ৰায়েলীয়াসকলক মাতি আনি ক’লে, “হে ইস্ৰায়েল, আজি মই যি যি বিধি আৰু ব্যৱস্থা আপোনালোকক জনাম সেইবোৰ শুনক আৰু শিকি পালন কৰি সেই মতে কাৰ্য কৰিব।
তেনেহ’লে মোৰ নামেৰে প্ৰখ্যাত হোৱা মোৰ প্ৰজাসকলে যদি নিজকে নম্ৰ কৰি প্ৰাৰ্থনা কৰে আৰু মোৰ সাক্ষাৎ হবলৈ বিচাৰে বা নিজ নিজ কু-পথৰ পৰা ঘূৰে, তেনেহ’লে মই স্বৰ্গৰ পৰা শুনি তেওঁলোকৰ পাপবোৰ ক্ষমা কৰিম আৰু তেওঁলোকৰ দেশ আৰোগ্য কৰিম।
যিহোৱাৰ ব্যৱস্থা সিদ্ধ, সেয়ে মানুহৰ প্ৰাণক জগাই তোলে; যিহোৱাৰ বাক্য বিশ্বাসযোগ্য, সেয়ে সাধাৰণ লোকক জ্ঞান দান কৰে। যিহোৱাৰ আদেশবোৰ যথাৰ্থ, সেয়ে মানুহৰ হৃদয়ত আনন্দ দান কৰে; যিহোৱাৰ আজ্ঞা সুস্পষ্ট, সেয়ে অন্তর্দৃষ্টিক দীপ্তিময় কৰে।
মোৰ অনুযোগলৈ মনোযোগ দিয়া; মই তোমালোকৰ ওপৰত মোৰ চিন্তাধাৰা বাকি দিম, মই মোৰ কথা তোমালোকক জানিবলৈ দিম।
মই সঁচাকৈয়ে কওঁ, যি জনে মোৰ কথা শুনি মোক পঠোৱা জনত বিশ্বাস কৰে, তেওঁৰ অনন্ত জীৱন আছে আৰু তেওঁ দোষীৰূপে বিবেচিত নহ’ব, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ’ল।
সেই কাৰণে ঈশ্ৱৰৰ পৰাক্ৰমী হাতৰ অধীনত নিজকে নম্ৰ কৰক, তাতে উপযুক্ত সময়ত ঈশ্ৱৰে আপোনালোকক উন্নত কৰিব৷ আপোনালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়ক; কিয়নো আপোনালোকৰ কাৰণে তেওঁ চিন্তা কৰে।
যি কোনোৱে মোৰ ওচৰলৈ আহি মোৰ বাক্য শুনি পালন কৰে, তেওঁ কাৰ নিচিনা হয়, সেই বিষয়ে মই তোমালোকক জনাওঁ- তেওঁ এনে এজন মানুহৰ নিচিনা, যি মানুহে ঘৰ সাজোঁতে দকৈ খান্দি শিলৰ ওপৰত ভেঁটি স্থাপন কৰিলে। পাছত যেতিয়া বান আহিল, তেতিয়া পানীৰ সোঁত আহি সেই ঘৰত জোৰেৰে আঘাত কৰিলে, কিন্তু তাক লৰাব নোৱাৰিলে। কিয়নো তাক ভালকৈ সজা হৈছিল।
হে মোৰ পুত্র, মোৰ বাক্যলৈ মনোযোগ দিয়া, মই কোৱা কথা শুনা। সেইবোৰ তোমাৰ দৃষ্টিৰ পৰা দূৰ হব নিদিবা; সেইবোৰ তোমাৰ হৃদয়ত বান্ধি ৰাখা।
সকলো প্ৰাৰ্থনা আৰু নিবেদনেৰে সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰক; আৰু ইয়াৰ কাৰণে পৰ দি, ঈশ্বৰৰ সকলো পবিত্ৰ লোকৰ কাৰণে সম্পূৰ্ণ ধৈৰ্য আৰু নিবেদনত লাগি থাকক।
এই বিষয়ে ইয়াকে কোৱা হৈছে, “আজি যদি তোমালোকে তেওঁৰ মাত শুনিবলৈ পোৱা, তেনেহলে তোমালোকৰ হৃদয় কঠিন নকৰিবা, যেনেকৈ ইস্ৰায়েলী সকলে সেই বিদ্ৰোহৰ দিনত কৰিছিল।”
তোমাৰ মুক্তিদাতা ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: “মই তোমালোকৰ ঈশ্বৰ যিহোৱা, যিজনে তোমাক কৃতকার্য হবলৈ শিকাই, তোমালোকৰ যাবলগীয়া পথত যিজনে চলাই নিয়ে। যদি তোমালোকে কেৱল মোৰ আজ্ঞাবোৰ মানি চলিলা হয়! তোমালোকৰ শান্তি আৰু উন্নতি নদীৰ দৰে প্রবাহিত হ’ল হয়, আৰু তোমাৰ পৰিত্রান সমুদ্ৰৰ ঢৌৰ দৰে হ’ল হয়।
আমি জগতৰ আত্মা পোৱা নাই, কিন্তু ঈশ্বৰৰ পৰা তেওঁৰ আত্মাহে পালোঁ যাতে ঈশ্বৰে অনুগ্ৰহেৰে আমাক যি সকলো দান কৰিলে সেইবোৰ বুজি পাওঁ। আমি সেই দানবোৰৰ বিষয়ে কওঁতে, মনুষ্যৰ জ্ঞানৰ পৰা শিক্ষা পাই নকওঁ, কিন্তু আত্মাৰ পৰা শিক্ষা পাইহে কওঁ। আত্মিক বিষয় বুজাবলৈ আত্মিক জ্ঞানেৰে কওঁ।
হে মোৰ পুত্র, যিহোৱাৰ নিয়ম প্রণালী হেয়জ্ঞান নকৰিবা; আৰু তেওঁৰ অনুযোগ হেয়জ্ঞান নকৰিবা। পিতৃক সন্তুষ্ট কৰা পুত্রক যেনেকৈ পিতৃয়ে প্রেম কৰে; ঈশ্বৰেও যি জনক প্ৰেম কৰে, সেই জনক তেনেকৈ অনুযোগ কৰে।
কিয়নো ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছিল, “মোলৈ ঘূৰি আহিলে আৰু বিশ্রাম ল’লে তোমালোকে পৰিত্ৰাণ পাবা, নিৰৱতাত আৰু বিশ্বাসত তোমালোকৰ শক্তি হ’ব, কিন্তু তোমালোকে ইচ্ছা নকৰিলা।
এদিন যীচু গিনেচৰৎ হ্রদৰ পাৰত থিয় হৈ আছিল আৰু বহুলোকে তেওঁক চাৰিওকাষে বেৰি ধৰি ঈশ্বৰৰ বাক্য শুনি আছিল।
ভাল মাটিত যি কঠিয়া পৰিছিল, তেওঁ এনে লোক যি জনে বাক্য শুনে, বাক্য বুজে আৰু প্রকৃতার্থত উন্নত কৰি ফল উৎপন্ন কৰে। তাতে কোনোৱে এশ গুণ, কোনোৱে ষাঠি গুণ, কোনোৱে ত্রিশ গুণ ফল দিয়ে।”
হে ঈশ্বৰ, তুমি মোৰ ঈশ্বৰ; আন্তৰিকতাৰে মই তোমাক বিচাৰিম; পানী নথকা শুকান আৰু খৰাং দেশত, তোমালৈ হাবিয়াহ কৰোঁতে, মোৰ প্ৰাণ তৃষ্ণাতুৰ হৈছে, মোৰ শৰীৰ ক্ষীণাই গৈছে।
আপোনালোকে একোলৈ চিন্তা নকৰিব, কিন্তু সকলো বিষয়তে আপোনালোকৰ যাচনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে সৈতে ঈশ্বৰৰ আগত জনোৱা হওক। তাতে সকলো বুদ্ধিতকৈ উত্তম, যি ঈশ্বৰৰ শান্তি, সেয়ে খ্ৰীষ্ট যীচুত আপোনালোকৰ হৃদয় আৰু ভাবনাক পহৰা দিব।
মই ধৈৰ্যৰে যিহোৱালৈ অপেক্ষা কৰিছিলোঁ; তাতে তেওঁ মোলৈ কাণ পাতি মোৰ কাতৰোক্তি শুনিলে। তোমাৰ উদ্ধাৰৰ সহায়ৰ কথা মই মোৰ হৃদয়ত লুকুৱাই ৰখা নাই; তোমাৰ বিশ্বস্ততা আৰু পৰিত্ৰাণৰ কথা মই প্ৰচাৰ কৰিলোঁ; তোমাৰ দয়া আৰু সত্যতা মই মহাসমাজৰ পৰা গুপুতে ৰখা নাই। হে যিহোৱা, তুমি মোৰ পৰা তোমাৰ দয়া ধৰি নাৰাখিবা; তোমাৰ প্রেম আৰু বিশ্বস্ততাই মোক সদায় ৰক্ষা কৰক। কিয়নো অসংখ্য বিপদে মোক বেৰি ধৰিছে; মোৰ অপৰাধবোৰে মোক খেদি অতর্কিতে ধৰিছে; মই অপৰাধবোৰ দেখা নোপোৱা হ’লো; সেইবোৰ মোৰ মূৰৰ চুলিতকৈয়ো অধিক হ’ল; মোৰ সাহস নোহোৱা হৈছে। হে যিহোৱা, মোক উদ্ধাৰ কৰিবলৈ ইচ্ছুক হোৱা; হে যিহোৱা, মোক সহায় কৰিবলৈ খৰ কৰা। যিসকলে মোৰ প্ৰাণ বিনাশ কৰিবলৈ বিচাৰে, তেওঁলোক লজ্জিত আৰু অপমানিত হওঁক; যিসকলে মোৰ সর্বনাশ কামনা কৰে, তেওঁলোকে অপমান পাই ঘূৰি যাওঁক। যিসকলে মোক দেখি কয়, “ভাল হৈছে, ভাল হৈছে,” তেওঁলোকে নিজে লাজ পাই হতভম্ব হওঁক। কিন্তু তোমাক বিচৰাসকলে তোমাতেই আনন্দিত আৰু উল্লাসিত হওঁক; তোমাৰ পৰিত্ৰাণ ভালপোৱাসকলে সকলো সময়তে কওঁক, “যিহোৱা মহান।” কিন্তু মই হলে দুখী আৰু দৰিদ্ৰ; তথাপি মোৰ বাবে যিহোৱাই চিন্তা কৰে, হে মোৰ ঈশ্বৰ, তুমি পলম নকৰিবা; তুমিয়েইতো মোৰ সহায়, আৰু উদ্ধাৰকর্তা। তেওঁ মোক বিনাশৰ গাতৰ পৰা তুলি আনিলে, পঙ্কিল জলাশয়ৰ পৰা তুলিলে। শিলৰ ওপৰত মোৰ ভৰি ৰাখিলে আৰু মোৰ গতি স্থিৰ কৰিলে।
মই যি যি কলোঁ সেই বিষয়ে বিবেচনা কৰিবা, কিয়নো প্ৰভুৱে সকলো বিষয় বুজিবলৈ তোমাক জ্ঞান দিব।
হে মোৰ পুত্র, তুমি তোমাৰ পিতৃৰ আজ্ঞা পালন কৰা, আৰু তোমাৰ মাতৃৰ শিক্ষা হেয়জ্ঞান নকৰিবা। সেইবোৰ সদায় তোমাৰ হৃদয়ত গাঁঠি থোৱা, আৰু সেইবোৰ ডিঙিত বান্ধি ৰাখা। তুমি যেতিয়া খোজ কাঢ়িবা, তেতিয়া সেইবোৰে তোমাক পৰিচালনা কৰিব, তুমি যেতিয়া শুবা, তেতিয়া সেইবোৰে তোমাক পৰ দি ৰাখিব, আৰু যেতিয়া তুমি শুই উঠিবা, তেতিয়া সেইবোৰে তোমাক শিক্ষা প্রদান কৰিব।
কোনোৱে যদি মোৰ পৰিচৰ্যা কৰিব খোজে, তেনেহলে তেওঁ মোৰ পাছে পাছে আহক; তাতে মই যি ঠাইত থাকোঁ, মোৰ সেৱক জনো সেই ঠাইতে থাকিব; কোনোৱে যদি মোৰ সেৱা কৰে, তেনেহলে মোৰ পিতৃয়ে তেওঁক সমাদৰ কৰিব।
জল সমূহৰ ওপৰত যিহোৱাৰ স্বৰ শুনা যায়; গৌৰৱান্বিত ঈশ্বৰে বজ্ৰধ্বনিৰে গর্জন কৰে, যিহোৱা মহাজল সমূহৰ ওপৰত বিদ্যমান। যিহোৱাৰ স্বৰ ক্ষমতাপূর্ণ; যিহোৱাৰ স্বৰ মহিমাৰে পৰিপূৰ্ণ।
ঈশ্বৰৰ ওচৰলৈ চাপি আহক; তাতে তেৱোঁ আপোনালোকৰ ওচৰলৈ চাপিব। হে পাপ কৰ্ম কৰোঁতা সকল, আপোনালোকৰ হাত পৰিষ্কাৰ কৰক আৰু হে দুই মনৰ মানুহ, আপোনালোকৰ হৃদয় শুচি কৰক।
কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য; কিয়নো, ঈশ্বৰ যে আছে, আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে।
যিহোৱাক পাব পৰা সময়ত তোমালোকে তেওঁক বিচাৰা; তেওঁ ওচৰত থাকোঁতে তেওঁক মাতা। দুষ্ট লোকে তেওঁলোকৰ পথ আৰু পাপীলোকে তেওঁলোকৰ চিন্তাধাৰা ত্যাগ কৰক। তেওঁলোক যিহোৱালৈ ঘুৰি আহক, তাতে তেওঁ তেওঁলোকক দয়া কৰিব; আৰু যি জনে প্ৰচুৰ পৰিমাণে তেওঁলোকক ক্ষমা কৰিব, আমাৰ সেই ঈশ্বৰলৈ ঘুৰি আহাঁ।
যি জনাই মোক সুবুদ্ধি দিয়ে, মই সেই যিহোৱাৰ ধন্যবাদ কৰিম; ৰাতিও মোৰ হৃদয়ে মোক শিক্ষা দিয়ে।
আত্মাইহে জীৱন দিয়ে। মাংস একো উপকাৰত নাহে; মই তোমালোকক যিবোৰ কথা কৈছোঁ, সেই কথাই আত্মা আৰু জীৱন।
যি সকলে যিহোৱালৈ ভয় ৰাখে, যিহোৱাই তেওঁলোকৰ লগত বন্ধুত্ব কৰে; আৰু তেওঁ স্থাপন কৰা বিধিবোৰ তেওঁলোকক জনায়।
যি সময়ত তেওঁলোকে প্ৰভুৰ উপাসনা কৰি লঘোন দি আছিল, সেই সময়তে পবিত্ৰ আত্মাই কলে, “যি কৰ্ম কৰিবলৈ মই বাৰ্ণব্বা আৰু চৌলক মাতিলোঁ, সেই কৰ্মৰ কাৰণে তেওঁলোকক মোলৈ পৃথক কৰি দিয়া৷”
আমি মনৰ তৰ্ক-বিতৰ্ক আৰু ঐশ্বৰীক জ্ঞানৰ বিৰুদ্ধে উত্থাপিত হোৱা উদ্ধত বিষয়বোৰ ভাঙি পেলাই, সকলো ভাব বন্দী কৰি, খ্ৰীষ্টৰ আজ্ঞাধীন কৰিছোঁ;
আৰু তেওঁৰ পৰা গ্ৰহণ কৰা অভিষেক আপোনালোকৰ অন্তৰত থকাত, আপোনালোকক আন কোনোবাই শিক্ষা দিয়াৰ প্ৰয়োজন নাই৷ কিন্তু তেওঁৰ সেই অভিষেকে যেনেকৈ সকলো বিষয়তে অাপোনালোকক শিক্ষা দি আছে আৰু সেই অভিষেক সত্য, মিছা নহয় আৰু আপোনালোকে সেই শিক্ষাৰে তেওঁতে থাকক৷
তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম; সঙ্কটৰ কালত মই তেওঁৰ সঙ্গী হ’ম; মই তেওঁক উদ্ধাৰ কৰিম, গৌৰৱাম্বিতও কৰিম।
কিন্তু সেই ঠাইত থাকি যদি আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক বিচাৰে, তেন্তে, আপোনালোকে তেওঁক পাব। আপোনালোকে যদি নিজৰ সমস্ত হৃদয়ৰে আৰু আত্মাৰে বিচাৰে তেহে তেওঁক পাব।
তাতে তেওঁ উত্তৰ দি ক’লে, “শাস্ত্রত লিখা আছে, মানুহ কেৱল পিঠাৰে জীয়াই নাথাকে, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্রত্যেকটো বাক্যৰেহে জীয়াই থাকে।”
যেতিয়া কোনো এজনে তোমাৰ আচৰণ শুধৰাই দিয়ে আৰু যদি তুমি মনোযোগ দিয়া, তেতিয়া তুমি জ্ঞানীসকলৰ মাজত গণ্য হবা।
এতিয়া যদি তোমালোকে বাধ্যতাৰে মোৰ কথা শুনা, আৰু মোৰ নিয়মটি পালন কৰা, তেতিয়াহে তোমালোক সকলো লোকৰ মাজৰ পৰা লোৱা মোৰ বিশেষ অধিকাৰ প্রাপ্ত লোক হ’বা; কাৰণ সমূদায় পৃথিৱী মোৰেই।
আপোনালোক জগতৰ অনুৰূপ নহ’ব; কিন্তু মন নতুন কৰাৰ যোগেদি ৰূপান্তৰিত হওক, তাতে আপোনালোকে পৰীক্ষা কৰি জানি লওঁক, কোনটো উত্তম, গ্ৰহণীয় আৰু সিদ্ধ, কিয়নো এয়ে ঈশ্বৰৰ ইচ্ছা৷
নিজৰ সকলো মেষক বাহিৰ কৰাৰ পাছত তেওঁ মেৰবোৰৰ আগে আগে যায় আৰু মেষবোৰ তেওঁৰ পাছে পছে গৈ থাকে, কিয়নো সিহঁতে তেওঁৰ মাত বুজি পায়। পাছত যৰ্দ্দনৰ সিপাৰত য’ত যোহনে প্রথমতে বাপ্তিস্ম দিছিল, যীচু সেই ঠাইলৈ পুণৰ গ’ল আৰু তাতে থকিল। তাতে অনেক লোক যীচুৰ ওচৰলৈ আহিল আৰু কোৱা-কুই কৰিবলৈ ধৰিলে “যোহনে একো আচৰিত চিন নকৰিব পাৰে সঁচা, কিন্তু এই লোকৰ বিষয়ে তেওঁ যি যি কথা কৈছিল, সেই সকলোৱেই সত্য।” আৰু সেই ঠাইত অনেকে যীচুক বিশ্বাস কৰিলে। সিহঁতে এজন অচিনাকি লোকৰ পাছত কেতিয়াও নাযাব, বৰং সিহঁত তেওঁৰ ওচৰৰ পৰা পলাইহে যাব। কাৰণ সিহঁতে অচিনাকি লোকৰ মাত চিনি নাপায়।
তুমি যিহোৱালৈ অপেক্ষা কৰা; সবল হোৱা; তোমাৰ অন্তঃকৰণ সাহিয়াল হওঁক; পুনৰায় কওঁ, যিহোৱালৈ অপেক্ষা কৰা।
এই বিষয়ত আমাৰ দৃঢ় আস্থা আছে যে, আমি যদি তেওঁৰ ইচ্ছা অনুসাৰে তেওঁৰ ওচৰত যি কোনো বিষয় বিচাৰো, তেনেহলে তেওঁ আমাৰ যাচনা শুনে; আৰু আমি যদি সঁচাকৈ জানোঁ যে, আমাৰ যাচনাৰ বিষয় তেওঁ শুনে; তেনেহলে আমি জানিব লাগে যে, আমি তেওঁৰ ওচৰত যি যি বিচাৰিছোঁ, সেই সকলো পালোঁ৷
কিন্তু টান আহাৰ হ’লে সম্পূৰ্ণ বয়সপ্রাপ্ত সকলৰ বাবেহে অৰ্থাৎ তেওঁলোকে ঈশ্বৰৰ বাক্যৰ কঠিন শিক্ষাবোৰ বুজি অভ্যাস কৰে; তেওঁলোকে ভুল আৰু শুদ্ধ বিচাৰ কৰাত নিপুণ হৈ ভাল-বেয়া নিৰ্ণয় কৰিবলৈ শিকিছে।
কিয়নো ঈশ্বৰে নিজৰ হিত-সঙ্কল্পৰ কাৰণে আপোনালোকৰ অন্তৰত ইচ্ছা কৰোঁতা আৰু কাৰ্য সাধন কৰোঁতা, এই উভয়ৰ সাধনকৰ্তা হৈছে।
তোমাৰ পথ যিহোৱাত সমৰ্পণ কৰা; তেওঁত ভাৰসা ৰাখা; তাতে তেৱেঁই সকলো কৰিব। তেৱেঁই তোমাৰ সততা দীপ্তিৰ দৰে উজ্জ্বল কৰি তুলিব; তোমাৰ ন্যায় কাৰ্য দুপৰীয়াৰ ৰ’দৰ নিচিনাকৈ প্ৰকাশ কৰিব। যিহোৱাৰ আগত শান্ত হোৱা; ধৈৰ্যেৰে তেওঁলৈ অপেক্ষা কৰা। যি মানুহে নিজৰ দুষ্ট পৰিকল্পনাৰে কৃতকাৰ্য্য হবলৈ কর্ম কৰে, তাত তুমি অসন্তোষ্ট নহ’বা;
হে মোৰ প্ৰিয় ভাইসকল, অাপোনালোকে এই কথা জানিব যে, প্ৰত্যেক ব্যক্তি শুনিবলৈ প্ৰস্তুত থাকিব, ক’বলৈ ধীৰ আৰু ক্ৰোধলৈয়ো ধীৰ হওক,
তুমি জীৱনৰ শেষ বয়সত জ্ঞানী হ’বলৈ পৰামৰ্শ শুনা, আৰু নিৰ্দেশ গ্ৰহণ কৰা। মানুহৰ হৃদয়ত বহুতো আঁচনি থাকে; কিন্তু যিহোৱাৰ অভিপ্রায় থিৰে থাকিব।
জ্ঞানী লোকৰ কথা শুনা; আৰু মনোযোগ দিয়া; আৰু মোৰ জ্ঞানৰ কথাত তোমাৰ হৃদয় মনোনিবেশ কৰা। কাৰণ তুমি যদি সেইবোৰক তোমাৰ অন্তৰত ৰাখা, আৰু যদি সেই সকলোবোৰ তোমাৰ ওঁঠত থাকে, তেনেহ’লে সেয়ে তোমাৰ বাবে সুখজনক হ’ব।
আৰু যিহোৱা সদায় তোমাৰ পথদৰ্শক হ’ব, আৰু শুকান ঠাইবোৰত তোমাৰ প্ৰাণ তৃপ্ত কৰিব, আৰু তোমাৰ অস্থিবোৰ সবল কৰিব; তাতে তুমি পানী দিয়া এক উদ্যানৰ দৰে হ’বা, আৰু যাৰ জল কেতিয়াও শুকাই নাযায়, তুমি এনে এক জলভুমুকৰ দৰে হ’বা।
আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰেই পাছত চলিব, তেওঁকেই ভয় কৰিব, তেওঁৰেই আজ্ঞাবোৰ পালন কৰিব, তেওঁকেই অনুসৰণ কৰিব, তেওঁৰেই আৰাধনা কৰিব আৰু তেওঁক কেতিয়াও পৰিত্যাগ নকৰিব।
ধন্য সেই লোক, যি দুষ্টসকলৰ পৰামৰ্শ মতে নচলে, পাপীবিলাকৰ পথত থিয় নহয়, নিন্দকবোৰৰ সমাবেশত নবহে; কিন্তু যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়, আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে।
এই কাৰণে আমি যি শুনিছো, তাত পুনৰ অধিককৈ মনোযোগ দিয়া উচিত, যাতে আমি ঘাটলৈ চাপি আহি, পুনৰ ঘাটৰ পৰা কোনো প্ৰকাৰে দূৰলৈ ভটিয়াই নাযাওঁ।
কিয়নো আগেয়ে যিবোৰ কথা লিখা হৈছিল, সেইবোৰ আমি ধৈৰ্যৰে আৰু শাস্ত্ৰৰ সান্ত্বনাৰে ভাৰসা পাবলৈ আমাৰ শিক্ষাৰ কাৰণেহে লিখা হৈছিল।
হে ঈশ্বৰ, মোৰ বুজ বিচাৰ লোৱা আৰু মোৰ অন্তঃকৰণ জানা; মোক পৰীক্ষা কৰি চোৱা আৰু মোৰ সঙ্কল্পবোৰ জানা; মোৰ ভিতৰত দুষ্টতাৰ কোনো পথ আছে কি নাই, তাক চোৱা, আৰু মোক অনন্তকালৰ পথত গমন কৰোঁৱা।
ময়েই সজ মেষৰখীয়া; মই নিজৰ মেষবোৰক জানো আৰু মোৰ মেষবোৰেও মোক জানে; পিতৃয়ে মোক জানে আৰু ময়ো পিতৃক জানো। মই মোৰ মেৰৰ বাবে নিজৰ প্ৰাণকো দিওঁ।
যিহোৱাই আমাৰ খোজৰ গতি স্থিৰ কৰে; তেওঁ তেওঁৰ পথত সন্তোষ পায়। তেওঁ উজুতি খাই পৰিলেও নিচেইকৈ পতিত নহব; কিয়নো যিহোৱাৰ হাতেই তেওঁক ধৰি ৰাখিছে।
আপোনালোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাওক, কিন্তু শুনা সকলক অনুগ্ৰহ দান কৰিবলৈ ভাল কথা কওক। শান্তিৰ বন্ধনত থাকি আত্মাৰ ঐক্য ৰাখিবলৈ যত্নৱান হওক। মুক্তি দিনৰ অর্থে ঈশ্বৰৰ যি পবিত্ৰ আত্মাত আপোনালোকক মোহৰ মৰা হল, তেওঁক অসন্তুষ্ট নকৰিব।
ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ; মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, আৰু মোৰ বিজয় যুক্ত সোঁ হাতেৰে তোমাক ধৰি ৰাখিম।
চমূৱেলে ক’লে, “যিহোৱাৰ বাক্য পালন কৰিলে যেনেকৈ তেওঁ সন্তুষ্ট হয়, তেনেকৈ হোম আৰু বলিদানত জানো তেওঁ সন্তুষ্ট হ’য়? বলিদানতকৈ আজ্ঞাপালন কৰা উত্তম, আৰু মেৰৰ তেলতকৈ বাক্য শুনা উত্তম।
কাৰণ যিহোৱাইহে প্রজ্ঞা দিয়ে, তেওঁৰে মুখৰ পৰা জ্ঞান আৰু বিবেচনা শক্তি ওলায়। যিসকলে তেওঁক সন্তুষ্ট কৰে তেওঁলোকৰ বাবে তেওঁ নিৰ্ভৰযোগ্য প্রজ্ঞা সংগ্রহ কৰে, যি সকলে সত্যতাত চলে তেওঁলোকৰ বাবে তেওঁ ঢালস্বৰূপ।
এতিয়ালৈকে মোৰ নামেৰে তোমালোকে একো খোজা নাই; খোজা, তেতিয়াহে পাবা, তেতিয়া তোমালোকৰ আনন্দ পৰিপূর্ণ হব।
কিয়নো ঈশ্বৰে কেতিয়াও বিশৃংখল সৃষ্টি নকৰে, কিন্তু তেওঁ, শান্তি দিওঁতা ঈশ্বৰ হয়। যেনেকৈ পবিত্ৰ লোক সকলৰ মণ্ডলীত,
কিন্তু মোৰ পক্ষে হলে, ঈশ্বৰৰ ওচৰ চপাই মঙ্গল; মই প্রভু যিহোৱাক মোৰ আশ্ৰয় স্থান ৰূপে গ্রহণ কৰিলোঁ; মই তোমাৰ সকলো কার্য ঘোষণা কৰিম।
হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোক সকল, মোৰ ওচৰলৈ আহা; মই তোমালোকক জিৰণি দিম। মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ; এই হেতুকে, তোমালোকৰ ওপৰত মোৰ যুৱঁলি লোৱা আৰু মোৰ শিক্ষা লোৱা; তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা। ক’লে “আহিব লগা জন আপুনিয়ে হয়নে, নে আমি অন্য কোনোবা এজনলৈ অপেক্ষা কৰিম?” কিয়নো মোৰ যুৱঁলি বৈ নিয়া সহজ আৰু মোৰ বোজাও লঘু।”
মোৰ হৃদয়ে তোমাৰ এই কথাকে ক’লে, “আহাঁ, তোমালোকে মোৰ সাক্ষাৎ পাবলৈ বিচাৰা।” হে যিহোৱা, মই তোমাৰ সাক্ষাৎ পাবলৈ বিচাৰো।
হে মোৰ পুত্র, তুমি সেই সকলোকে তোমাৰ দৃষ্টিৰ পৰা আতৰ হ’বলৈ নিদিবা; তুমি ন্যায় বিচাৰ আৰু বিচক্ষনতা ধৰি ৰাখিবা। তেওঁলোক তোমাৰ প্ৰাণৰ জীৱন স্বৰূপ হ’ব; আৰু অনুগ্রহৰ অলংকাৰ তোমাৰ ডিঙিৰ শোভাস্বৰূপ হ’ব।
খ্ৰীষ্টৰ বাক্যৰ জ্ঞান আপোনালোকৰ সৈতে বাহুল্যৰূপে বাস কৰক। ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে পৰস্পৰে শিক্ষা আৰু চেতনা দি, অনুগ্ৰহৰ কথাত কৃতজ্ঞতাৰে নিজ নিজ হৃদয়ত ঈশ্বৰৰ উদ্দেশ্যে গান কৰক।
যাৰ মনে আপোনাত নিৰ্ভয় কৰে, আপুনি তেওঁক সম্পূৰ্ণ শান্তিত ৰাখিব; কিয়নো তেওঁ আপোনাত ভাৰসা কৰিছে।
সেয়েহে আহক, আমাৰ হৃদয় কু-বিবেকৰ পৰা নিৰ্মল কৰা হোৱাত, সত্য হৃদয়ৰ সহিত সম্পূর্ণ নিশ্চয়তাযুক্ত বিশ্বাসেৰে ঈশ্বৰৰ ওচৰলৈ চাপি যাওঁহক,
তিনি দিনৰ পাছত তেওঁলোকে যীচুক মন্দিৰত পালে। তেওঁ অধ্যাপক সকলৰ মাজত বহি তেওঁলোকৰ কথা শুনি আছিল আৰু নানা প্ৰশ্ন সুধি আছিল। আৰু যি সকলে তেওঁৰ কথা শুনিলে, তেওঁলোক সকলোৱে তেওঁৰ বুদ্ধি আৰু উত্তৰত বিস্ময় মানিলে।
মৃত্যুৰ কাৰণে পাপ নাইবা ধাৰ্মিকতাৰ কাৰণে আজ্ঞা পালন, এই উভয়ৰ মাজত যাৰ ওচৰত আপোনালোকে নিজক আজ্ঞা পালনৰ অৰ্থে দাস স্বৰূপে সমৰ্পণ কৰে, সেইটোৰ আজ্ঞা পালন কৰি যে তাৰ দাস হয়, ইয়াক আপোনালোকে নাজানে নে?
আপোনালোকে প্ৰেমৰ পাছে পাছে যাওঁক; আৰু আত্মিক বৰবোৰলৈ একান্ত মনেৰে হাবিয়াহ কৰক, বিশেষকৈ ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰিবৰ হাবিয়াহ কৰক।
যিসকলে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে, সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, যিহোৱা সেই সকলো লোকৰে ওচৰ।
জ্ঞানীলোকক শুনিবলৈ দিয়া আৰু তেওঁলোকক শিক্ষাত বৃদ্ধি হ’বলৈ দিয়া। আৰু তীক্ষ্নবুদ্ধি সম্পন্ন লোকক পথপ্রদৰ্শন কৰা;
কিন্তু ওপৰৰ পৰা অহা যি জ্ঞান, সেয়ে প্ৰথমে শুদ্ধ, পাছত শান্তিযুক্ত, ক্ষান্ত স্বভাৱী, কোমল-স্বভাৱী, দয়া আদি উত্তম ফলেৰে পৰিপূৰ্ণ, নিঃসংশয় আৰু নিৰ্মল।
হে যিহোৱা, তোমাৰ বিধিবোৰৰ পথৰ সম্বন্ধে মোক শিকোৱা; তাতে মই শেষলৈকে তাক পালন কৰিম। তুমি মোক জ্ঞান দিয়া যাতে মই তোমাৰ ব্যৱস্থাবোৰ মানি চলিব পাৰোঁ, সমস্ত হৃদয়েৰে সৈতে তাক পালন কৰিব পাৰোঁ।
সেই একেদৰে আত্মায়ো আমাৰ দূৰ্বলতাত উপকাৰ কৰে৷ কাৰণ, উচিত মতে কি প্ৰাৰ্থনা কৰিব লাগে, সেই বিষয়ে আমি নাজানো; কিন্তু আত্মাই নিজে আমাৰ বাবে অনিৰ্ব্বচনীয় কেঁকনিৰে নিবেদন কৰে।
যি মানুহ সৰ্ব্বোপৰি জনাৰ আশ্রয়ত থাকে, যি মানুহ সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰে সেয়ে তোমালৈ কোনো বিপদ নঘটিব; আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো দুখ-কষ্ট নাহিব। কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ, তেওঁ নিজৰ দূতবোৰক তোমাৰ বিষয়ে আজ্ঞা দিব। তেওঁলোকে হাতেৰে তোমাক দাঙি ধৰিব, যেন তোমাৰ ভৰিয়ে শিলত খুন্দা খাই আঘাত নাপায় তুমি সিংহ আৰু সাপৰ ওপৰত ভৰি দিবা। তুমি যুবা-সিংহ আৰু নাগক ভৰিৰে গচকিবা। কিয়নো তেওঁ মোক প্রেম কৰে, সেয়ে মই তেওঁক উদ্ধাৰ কৰিম; মই তেওঁক ৰক্ষা কৰিম, কাৰণ তেওঁ মোৰ নাম জানে। তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম; সঙ্কটৰ কালত মই তেওঁৰ সঙ্গী হ’ম; মই তেওঁক উদ্ধাৰ কৰিম, গৌৰৱাম্বিতও কৰিম। মই দীৰ্ঘ আয়ুস দি তেওঁক সন্তুষ্ট কৰিম; মোৰ পৰিত্ৰাণ তেওঁক দেখুৱাম। তেওঁ যিহোৱাৰ বিষয়ে এই কথা ক’ব, “তেৱেঁই মোৰ আশ্ৰয় আৰু মোৰ দুর্গ; তেৱেঁই মোৰ ঈশ্বৰ, যি জনাৰ ওপৰত মই ভাৰসা কৰোঁ।”
আৰু আমি সকলোৱে, ওৰণি নোলোৱা মুখেৰে দৰ্পণত দেখাৰ দৰে প্ৰভুৰ গৌৰৱ চাওতে চাওতে, সেই গৌৰৱৰ পৰা গৌৰৱ পাই, আত্মাৰূপ প্ৰভুৰ দ্বাৰাই পৰিণত হোৱাৰ দৰে পৰিণত হৈ, সেই একে প্ৰতিমূৰ্তিৰ হ’ব লাগিছোঁ।
কিন্তু ভাল মাটিত পৰা বীজবোৰ হ’ল এনেকুৱা মানুহ, তেওঁলোকে বাক্য শুনি সৰল আৰু শুদ্ধৰূপে মনত ৰাখে আৰু সেই বাক্যত স্থিৰ হৈ ধৈৰ্যৰে ফল উৎপন্ন কৰে।
যিসকলে মোক প্ৰেম কৰে, ময়ো তেওঁলোকক প্ৰেম কৰোঁ, আৰু যিসকলে মোক আগ্রহেৰে বিচাৰে, তেওঁলোকে মোক বিচাৰি পায়।
পাছত তেওঁ মোক কলে, ‘আমাৰ ওপৰ-পুৰুষ সকলৰ ঈশ্বৰে তোমাক মনোনীত কৰিলে, যাতে তুমি ঈশ্বৰৰ ইচ্ছা জানা আৰু ধাৰ্মিক জনক দেখা পোৱা৷ এতিয়া তেওঁৰ মুখৰ বাক্য শুনা;