কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা, ঈশ্বৰৰো ঈশ্বৰ আৰু প্ৰভুৰো প্ৰভু, মহান ঈশ্বৰ; পৰাক্রমী আৰু ভয়ঙ্কৰ ঈশ্বৰ; কাৰো মুখলৈ নাচায় আৰু উৎকোচো নলয়।
হে যিহোৱা, আপুনি মহত্ব, পৰাক্ৰমী, প্ৰশংসনীয়, বিজয়ী, আৰু প্ৰতাপী। কাৰণ স্বৰ্গত আৰু পৃথিৱীত যি যি আছে, সেই সকলোৱেই আপোনাৰ। ৰাজ্যও আপোনাৰেই, আৰু চাৰিও দিশে শাসনকৰ্তা ৰূপে যিহোৱা আৰু আপুনি মৰ্য্যদাপূৰ্ণ।
“হে প্ৰভু যিহোৱা, চোৱা, তুমিয়েই তোমাৰ মহা শক্তিৰে আৰু মেলা বহুৰে আকাশ-মণ্ডল আৰু পৃথিৱী নিৰ্মাণ কৰিলা। তোমাৰ অসাধ্য একোৱেই নাই;
তুমি জনা নাই নে? তুমি জানো শুনা নাই? অনাদি অনন্ত ঈশ্বৰ যিহোৱাই, পৃথিৱীৰ সীমাবোৰ সৃষ্টিকৰ্ত্তা তেওঁ ক্লান্ত নহয়, আৰু ভাগৰ নাপায়, আৰু তেওঁৰ বুদ্ধি অগম্য।
হে যিহোৱা, দেৱতাবোৰৰ মাজত আপোনাৰ তুল্য কোন? পবিত্ৰতাত আপোনাৰ দৰে মহিমান্বিত কোন? প্ৰশংসাত গৌৰৱাম্বিত, আচৰিত কৰ্ম কৰোঁতা কোন?
কোনে নিজৰ হাতৰ তলুৱাত জলৰাশি জুখিছিল? আৰু কোনে আকাশ-মণ্ডল জুখিছিল? কোনে পৃথিবীৰ সমূদায় ধূলি দোনত ভৰাই জুখিছিল? কোনে পৰ্ব্বতবোৰক পাল্লাত বা পাহাৰবোৰক তুলাঁচনীত জুখিছিল?
হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। হে মোৰ ঈশ্বৰ যিহোৱা, তুমি অতি মহান; তুমি গৌৰৱ আৰু মহিমাৰ সাজেৰে বিভূষিত।
যিহোৱা সর্বজাতিৰ ওপৰত উন্নত; তেওঁৰ গৌৰৱ আকাশ-মণ্ডলতকৈয়ো ওখ। আমাৰ ঈশ্বৰ যিহোৱাৰ তুল্য কোন আছে? যি জনাৰ আসন আকাশৰ ওপৰত সমাহীন,
যিহোৱাৰ দৰে আন কোনো পবিত্ৰ নাই, কিয়নো আপোনাৰ বাহিৰে আন কোনো নাই; আমাৰ যিহোৱাৰ সদৃশ কোনো শিলা নাই।
“কাৰণ মোৰ চিন্তাধাৰা তোমালোকৰ চিন্তাধাৰা নহয়, বা তোমালোকৰ পথ মোৰ পথ নহয়” এইয়া যিহোৱাৰ ঘোষনা। “কাৰণ যি দৰে পৃথিবীতকৈ আকাশ-মণ্ডল ওখ, সেই দৰে তোমালোকৰ সকলো পথতকৈ মোৰ পথ ওখ, আৰু তোমালোকৰ চিন্তাধাৰাতকৈ মোৰ চিন্তাধাৰা।
ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে গভীৰ! তেওঁৰ বিচাৰবোৰ বোধৰ কেনে অগম্য! আৰু তেওঁৰ পথ অনুসন্ধান কৰা কেনে অসাধ্য! “কিয়নো প্ৰভুৰ মন কোনে জানিলে? আৰু তেওঁৰ মন্ত্ৰণাকাৰীয়ে বা কোন হ’ল?
সেই পৰমধন্য ঈশ্বৰ, যি জন একমাত্র পৰাক্রমী, ৰাজত্ব কৰা ৰজা আৰু শাসন কৰা প্রভু, তেৱেঁই সঠিক সময়ত তেওঁক আবির্ভাৱ কৰাব। যি জন একমাত্ৰ অধিকাৰী আৰু অগম্য দীপ্তি-নিবাসী৷ কোনো মানুহে কেতিয়াও তেওঁক দেখা নাই আৰু দেখা পাবও নোৱাৰে৷ তেওঁৰেই সমাদৰ আৰু অনন্ত পৰাক্ৰম হওক। আমেন।
এইটোৰ কাৰণে যি জন অনন্তকালস্থায়ী, যাৰ নাম পবিত্র, আৰু উৰ্দ্ধ আৰু উন্নত যি জন তেওঁ এইদৰে কৈছে, “মই উৰ্দ্ধলোকত আৰু পবিত্ৰ স্থানত বাস কৰোঁ, আৰু নম্ৰ মনৰ লোকসকলক সচেতন কৰিবলৈ, ভগ্নচিত্তীয়াসকলৰ হৃদয় সতেজ কৰিবলৈ, মই সেই ভগ্নচিত্তীয়া আৰু নম্ৰ মনৰ লোকৰ লগতো বাস কৰোঁ।
ইস্ৰায়েলৰ ৰজাক, তেওঁৰ মুক্তিকৰ্ত্তা,বাহিনীসকলৰ যিহোৱাই এই দৰে কৈছে; “ময়েই আদি, আৰু ময়েই অন্ত; মোৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।
তেওঁৰ দ্বাৰাই পৃথিৱীৰ সকলো নিবাসী একো নোহোৱাৰ দৰে বিবেচিত হৈছে; তেওঁ স্বৰ্গৰ বাহিনীসকলৰ আৰু পৃথিৱী নিবাসী সকলৰ মাজত নিজৰ ইচ্ছা অনুসাৰে কাৰ্য কৰে; কোনেও তেওঁক ৰখাব নোৱাৰে, বা তেওঁক আপত্তি কৰিব নোৱাৰে; আৰু ‘আপুনি কি কৰিছে?’ এই বুলি তেওঁক কোনেও সুধিব নোৱাৰে।”
লগতে ঈশ্বৰৰ শক্তিৰ কার্যসাধক গুণ অনুসাৰে বিশ্বাস কৰা যি আমি, আমাৰ মাজত তেওঁৰ শক্তিৰ যি অতিৰিক্ত মহাশক্তিয়ে কার্য কৰিছে, সেই বিষয়েও যেন আপোনালোকে জানিব পাৰে। আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টই আপোনালোকক অনুগ্ৰহ আৰু শান্তি দান কৰক। সেই মহাশক্তিৰেই তেওঁ মৃত লোকৰ মাজৰ পৰা খ্রীষ্টক তুলিলে আৰু নিজৰ সোঁ হাতে স্বর্গীয় ঠাইত বহুৱালে। সকলো শাসন, ক্ষমতা, পৰাক্ৰম, আৰু প্ৰভুত্ব আদি কৰি যিমান নাম ইহলোক আৰু পৰলোকত উল্লেখ কৰা যায়, সেই সকলো নামৰ উর্দ্ধত খ্রীষ্টৰ নাম স্থাপিত হ’ল।
আপুনি এক মাত্র ঈশ্বৰ যিহোৱা, আপুনি স্বৰ্গ আৰু স্বৰ্গৰো স্বৰ্গ আৰু তাত যুদ্ধৰ বাবে সজ্জিত দূতবোৰৰ সৈতে, পৃথিৱী আৰু তাত থকা সকলোকে আৰু সমুদ্ৰ আৰু তাত থকা সকলোকে স্ৰজন কৰিলে। আপুনি তেওঁলোকক জীৱন দান কৰিলে, আৰু স্বর্গৰ দূতৰ বাহিনীয়ে আপোনাৰ উপাসনা কৰে।
চোৱা, এইবোৰ তেওঁৰ কাৰ্যবোৰৰ কণিকা মাথোন, আৰু আমি তেওঁৰ বিষয়ে কেনে সৰু ফুচফুচনি শুনিছো! কিন্তু তেওঁৰ পৰাক্ৰমৰ গৰ্জ্জন কোনে বুজিব পাৰে?
আদিৰে পৰা মইয়েই তেওঁ, মোৰ হাতৰ পৰা উদ্ধাৰ কৰোঁতা কোনো নাই; মই কাৰ্য কৰিম, আৰু কোনে তাক ঘুৰাব পাৰে?”
হে আমাৰ প্ৰভু যিহোৱা, গোটেই পৃথিবীতে তোমাৰ নাম কেনে মহৎ! তুমি তোমাৰ গৌৰৱ আকাশমণ্ডলৰ ওপৰত স্থাপন কৰিলা। শিশু আৰু পিয়াহ খোৱা কেঁচুৱাৰ মুখৰ প্রশংসাৰে তোমাৰ শত্রুবোৰৰ কাৰণে তুমি এক কোঁঠ স্থাপন কৰিলা, যাতে তোমাৰ শত্রু আৰু প্রতিশোধ লোৱাসকলক তুমি স্তব্ধ কৰিব পাৰা। যেতিয়া মই তোমাৰ হাতেৰে সৃষ্টি কৰা আকাশৰ ফালে চাওঁ আৰু তাত তুমি স্থাপন কৰা চন্দ্ৰ আৰু তৰাবোৰলৈ চাওঁ,
যিহোৱাৰ বাক্যৰ দ্বাৰাই আকাশ-মণ্ডল নির্মাণ কৰা হ’ল, তাত থকা সকলো বাহিনী তেওঁৰ মুখৰ প্ৰশ্বাসেৰে নির্মিত হ’ল।
সেই পুত্ৰ ঈশ্বৰৰ গৌৰৱময় পোহৰ৷ ঈশ্বৰৰ সকলো গুণৰ পূর্ণ প্রতিবিম্ব; পুত্রই ঈশ্বৰৰ পৰাক্ৰম বাক্যৰ দ্বাৰাই সকলো ধৰি ৰাখিছে। সেই পুত্রই সকলো মানুহক পাপৰ পৰা শুচি কৰিলে আৰু তাৰ পাছত স্বর্গত ঈশ্বৰৰ মহিমাৰ সোঁ হাতে ওখ সিংহাসনত বহিল।
হে যিহোৱা, তোমাৰ তুল্য কোনো নাই। তুমি মহান, আৰু তোমাৰ নাম পৰাক্ৰমত মহৎ। হে জাতিবোৰৰ মহাৰাজ, তোমাক কোনে ভয় নকৰিব? কিয়নো সেয়ে তোমাৰে বাবে উপযুক্ত, কাৰণ জাতিবোৰৰ সকলো জ্ঞানী লোকৰ মাজত আৰু তেওঁলোকৰ সকলো ৰাজ্যৰ মাজত তোমাৰ তুল্য কোনো নাই।
আকাশমণ্ডলৰ মাজত এনে কি আছে যাক যিহোৱাৰ লগত তুলনা কৰিব পাৰি? স্বর্গৰ দূতবোৰৰ মাজত যিহোৱাৰ তুল্য কোন আছে? পবিত্ৰ দূতবোৰৰ সভাত সকলোৱে ঈশ্বৰক ভয় কৰে; তেওঁৰ চৰিওফালে থকা সকলতকৈ তেৱেঁই অতিশয় ভয়ানক।
যিহোৱাই তেওঁৰ আগেদি গমন কৰিলে আৰু ঘোষণা কৰিলে, “যিহোৱা, যিহোৱা কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান;
প্রতিজনে আন জনক মাতি ক’লে, “পবিত্ৰ, পবিত্ৰ, পবিত্ৰ, বাহিনীসকলৰ যিহোৱা! সমগ্র পৃথিৱী তেওঁৰ মহিমাৰে পৰিপূৰ্ণ।”
যিহোৱা কৃপাময় আৰু দয়াৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ আৰু দয়াত মহান। যিহোৱা সকলোৰে বাবে মঙ্গলময়; তেওঁৰ কৰুণা তেওঁৰ সৃষ্ট সকলো বস্তুৰ ওপৰত আছে।
সৃষ্টিৰ একো বস্তুৱেই ঈশ্বৰৰ দৃষ্টিৰ অগোচৰ নহয়; তেওঁৰ চকুৰ আগত সকলোৱেই উদং আৰু মুকলি৷ তেওঁৰ ওচৰত আমি অৱশ্যেই হিচাব দিব লাগিব।
হে যিহোৱা, তুমি মোৰ বুজ বিচাৰ ল’লা আৰু মোক জানিলা। তাতো তোমাৰ হাতে মোক চলাব,; তোমাৰ সোঁ হাতে মোক ধৰি ৰাখিব। যদি মই কওঁ, “আন্ধাৰে মোক ঢাকিব আৰু মোৰ চাৰিওফালে যি পোহৰ আছে, সেয়ে অন্ধকাৰ হৈ যাব; বাস্তৱিক তোমাৰ ওচৰত সেই আন্ধাৰ, আন্ধাৰ হৈ নাথাকে; বৰং ৰাতি দিনৰ পোহৰৰ নিচিনাকৈয়ে উজ্জ্বল হয়; তোমাৰ ওচৰত আন্ধাৰ আৰু পোহৰ উভয়েই সমান। তুমিয়েই মোৰ অন্তর্ভাগ সৃষ্টি কৰিলা, তুমি মোক মাতৃৰ গৰ্ভতে গঠন কৰিলা। মই তোমাৰ প্ৰশংসা কৰোঁ; কিয়নো মই অতি বিস্ময় আৰু আশ্চর্যজনক ভাৱে নিৰ্ম্মিত হলোঁ; তোমাৰ কাৰ্যবোৰ আচৰিত, তাক মই ভালদৰেই জানো। যেতিয়া মোক গোপন স্থানত গঠন কৰা হৈছিল, যেতিয়া মই পৃথিৱীৰ অধঃস্থানত চমৎকাৰ ৰূপে গঢ় লৈছিলোঁ, তেতিয়াও মোৰ দেহ তোমাৰ পৰা লুকাই থকা নাছিল। তোমাৰ চকুৱে জন্মৰ আগেয়েই মোৰ শৰীৰৰ গঠনহীন প্রকৃতি দেখিলে, তোমাৰ পুস্তকত সকলো লিখা আছিল; মোৰ কাৰণে যি দিনবোৰ নিৰূপিত কৰা হৈছিল, সেই দিনবোৰ সেই সময়ত আৰম্ভই হোৱা নাছিল। হে ঈশ্বৰ, মোলৈ তোমাৰ পৰিকল্পনাবোৰ কেনে মূল্যৱান! সেইবোৰ লেখত অগণন! যদি মই সেইবোৰ গণনা কৰিব বিচাৰো, তেতিয়া সেইবোৰ সংখ্যাত বালিতকৈয়ো অধিক হয়; মই যেতিয়া সাৰ পাওঁ, তেতিয়াওঁ মই তোমাৰ কাষতে থাকো। হে ঈশ্বৰ, তুমি নিশ্চয়ে দুষ্টবোৰক বধ কৰিবা, হে ৰক্তপাতীবোৰ, মোৰ ওচৰৰ পৰা দূৰ হোৱা। তুমি মোৰ উঠা আৰু বহাকো জানিছা, দূৰৈৰ পৰাই মোৰ মনৰ চিন্তা বুজি পোৱা। তেওঁলোকে দুষ্ট ভাৱনাৰে তোমাৰ বিৰুদ্ধে কথা কয়, তোমাৰ শত্ৰুবোৰে তোমাৰ বিৰুদ্ধে বৃথাই উঠে। হে যিহোৱা, যিসকলে তোমাক ঘিণ কৰে, মই জানো তেওঁলোকক ঘিণ নকৰোঁ? যিসকল তোমাৰ বিৰুদ্ধে উঠে, মই জানো তেওঁলোকৰ প্রতি বিৰক্ত নহওঁ? মই তেওঁলোকক সম্পূর্ণকৈ ঘৃণা কৰোঁ; তেওঁলোকক মোৰ শত্রু বুলি ভাৱো। হে ঈশ্বৰ, মোৰ বুজ বিচাৰ লোৱা আৰু মোৰ অন্তঃকৰণ জানা; মোক পৰীক্ষা কৰি চোৱা আৰু মোৰ সঙ্কল্পবোৰ জানা; মোৰ ভিতৰত দুষ্টতাৰ কোনো পথ আছে কি নাই, তাক চোৱা, আৰু মোক অনন্তকালৰ পথত গমন কৰোঁৱা। তুমি মোৰ পথ আৰু শয়ন বিচাৰ কৰি থাকা; মোৰ সকলো পথ তুমি ভালদৰে জানা। কিয়নো হে যিহোৱা, মোৰ জিভাত কোনো কথা অনাৰ আগেয়েই তুমি সেই সকলো জানা।
ময়েই যিহোৱা, সেইস্হানত আন কোনো নাই; মোৰ বাহিৰে কোনো ঈশ্বৰ নাই। সূৰ্য উদয় হোৱা ঠাইৰে পৰা পশ্চিম ফাললৈকে সকলো লোকে মোৰ বাহিৰে যে কোনো ঈশ্বৰ নাই তাক যেন জানিব পাৰে: ময়েই যিহোৱা, আন কোনো নাই। মই পোহৰ সৃষ্টি কৰোঁ, আৰু অন্ধকাৰ সৃজন কৰোঁ, মই শান্তি স্থাপন কৰোঁ, আৰু দুর্যোগ সৃষ্টি কৰোঁ, মই এই সকলোকে সিদ্ধ কৰোঁতা যিহোৱা।
“হে আমাৰ প্ৰভু, আমাৰ ঈশ্বৰ, তুমিয়েই মহিমা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য; কিয়নো তুমিয়েই সকলোকে স্ৰজিলা, তোমাৰ ইচ্ছাৰ কাৰণে সকলোবোৰ আছে, আৰু সকলোবোৰ সৃষ্ট হ’ল।”
হে ঈশ্বৰ, তোমাৰ পথ পবিত্ৰ; আমাৰ ঈশ্বৰৰ তুল্য জানো কোনো মহান ঈশ্বৰ আছে? তুমিয়েই সেই আচৰিত কৰ্ম কৰোঁতা ঈশ্বৰ; সকলো জাতিৰ মাজত তুমি তোমাৰ পৰাক্ৰমৰ পৰিচয় দিছা।
যি জনা পৃথিৱীৰ আকাশ মণ্ডলৰ ওপৰত বহি আছে, আৰু তেওঁৰ আগত তাৰ নিবাসীসকল ফৰিঙৰ দৰে, তেওঁ পৰ্দাৰ দৰে আকাশ মণ্ডল বিস্তাৰ কৰে, আৰু বাস কৰা তম্বুৰ দৰে তাক প্রসাৰিত কৰে।
পৰ্ব্বতবোৰ উৎপন্ন হোৱাৰ আগেয়ে, পৃথিৱী আৰু জগত সৃষ্টিৰ আগতে, অনাদি কালৰ পৰা অনন্ত কাল পর্যন্ত তুমিয়েই ঈশ্বৰ।
ঈশ্বৰৰ নাম যুগে যুগে চিৰকাললৈকে ধন্য হওক; কিয়নো জ্ঞান আৰু পৰাক্ৰম তেওঁৰেই। তেওঁ সময়, আৰু কাল পৰিবৰ্তন কৰে; তেওঁ ৰজাক তেওঁৰ সিংহাসনৰ পৰা আঁতৰাই, আৰু সিংহাসনত ৰজাক বহুৱাই; তেওঁ জ্ঞানীলোকক প্রজ্ঞা দিয়ে, আৰু বিবেচকসকলক জ্ঞান দিয়ে। তেওঁ গভীৰ আৰু গোপন বিষয় প্ৰকাশ কৰে, কাৰণ তেওঁ আন্ধকাৰত কি আছে তাক জানে, আৰু তেওঁৰ লগত পোহৰ থাকে।
তোমালোকে ঈশ্বৰক কোৱা, “তোমাৰ কাৰ্যবোৰ কেনে আতঙ্কজনক! তোমাৰ পৰাক্ৰমৰ কাৰণে শত্ৰুবোৰে তোমাত আত্মসমর্পণ কৰিব।
কিয়নো ঈশ্ৱৰৰ সেই অদৃশ্য গুণবোৰৰ বিষয়ে, জগত সৃষ্টিৰ কালৰে পৰা তেওঁ সৃষ্টি কৰা সকলোকে বোধগম্য হৈ স্পষ্টকৈ দেখা গৈছে, যাতে তেওঁৰ অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱৰ বিষয়ে আপোনালোকৰ একো নজনাৰ কাৰণ নাথাকে;
ঈশ্বৰৰ পথ হলে সিদ্ধ; যিহোৱাৰ বাক্য নিভাজ বুলি প্রমাণিত; তেওঁ তেওঁত আশ্ৰয় লোৱা লোকসকলৰ ঢাল।
ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ; মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, আৰু মোৰ বিজয় যুক্ত সোঁ হাতেৰে তোমাক ধৰি ৰাখিম।
হে মোৰ ঈশ্বৰ যিহোৱা, তুমি তোমাৰ অনেক আচৰিত কার্য কৰিছা, আমাক লৈ তোমাৰ পৰিকল্পনা অনেক, তোমাৰ লগত কাকো তুলনা কৰিব নোৱাৰি, মই যদি সেইবোৰ ঘোষণা আৰু বৰ্ণনা কৰোঁ, গণনা কৰিব নোৱাৰাকৈ অলেখ হ’ব।
যিহোৱাই কৈছে, “তোমালোক ক্ষান্ত হোৱা, মই যে ঈশ্বৰ, ইয়াকে জানা! সকলো জাতিয়ে মোকেই গৌৰৱান্বিত কৰিব, পৃথিৱীয়ে মোকেই গৌৰৱান্বিত কৰিব।”
“এই কাৰ্যৰ কৰ্ত্তা যিহোৱা, যি জনাই ইয়াক সিদ্ধ কৰিবলৈ কল্পনা কৰে, যিহোৱা নামেৰে প্ৰখ্যাত হোৱা সেই যিহোৱাই এইদৰে কৈছে: যিহোৱাই এই কথা কৈছে: দিন আৰু ৰাতিৰ মোৰ নিয়ম যদি তোমালোকে এনেকৈ ভাঙিব পাৰা, যে, নিজ নিজ সময়ত দিন কি ৰাতি নহ’ব, তেন্তে মোৰ দাস দায়ূদে সৈতে কৰা মোৰ নিয়মটিও এনেকৈ ভাঙিব পৰা যাব, যে, তেওঁৰ সিংহাসনত বহি ৰাজশাসন কৰিবলৈ তেওঁৰ এটি সন্তানো নহ’ব; আৰু মোৰ পৰিচাৰক লেবীয়া পুৰোহিতসকলৰ সৈতে কৰা মোৰ নিয়মটিও ভাঙিব পৰা যাব। সৰগৰ বাহিনীসকলক যেনেকৈ গণিব নোৱাৰি, আৰু সমুদ্ৰৰ বালি যেনেকৈ জুখিব নোৱাৰি, সেইদৰে মই মোৰ দাস দায়ূদৰ বংশৰ আৰু মোৰ পৰিচৰ্যা কৰোঁতা লেবীয়াসকলক বৃদ্ধি কৰিম।” পুনৰায় যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, বোলে, “এই জাতিয়ে যি কৈছে, সেই বিষয়ে জানো তুমি ভু পোৱা নাই যেতিয়া তেওঁলোকে কৈছে, ‘যিহোৱাই নিজৰ মনোনীত এই দুই গোষ্ঠীক অগ্ৰাহ্য কৰিছে’; তেওঁলোকে নিজৰ আগত মোৰ প্ৰজাসকলক এক জাতি বুলি আৰু গণনা নকৰি এইদৰে হেয়জ্ঞান কৰে।’ মই যিহোৱাই এই কথা কৈছোঁ: দিন আৰু ৰাতি মোৰ নিয়ম যদি নৰয়, আৰু যদি মই স্ৱৰ্গ আৰু পৃথিৱীৰ নিয়মবোৰ নিৰূপণ নকৰাকৈ থকোঁ, তেতিয়া মই যাকোবৰ আৰু মোৰ দাস দায়ূদৰ বংশকো অগ্ৰাহ্য কৰি অব্ৰাহাম, ইচহাক আৰু যাকোবৰ বংশৰ ওপৰত শাসন কৰিবলৈ তেওঁৰ বংশৰ এজনকো নলম; কিয়নো মই তেওঁলোকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, আৰু তেওঁলোকৰ প্রতি দয়া কৰিম। ‘তুমি মোৰ আগত প্ৰাৰ্থনা কৰা; তাতে মই তোমাক উত্তৰ দিম, আৰু তুমি নজনা মহত আৰু অগম্য কথা তোমাক জনাম।’
যিহোৱা মোৰ পক্ষত আছে, মই ভয় নকৰোঁ; মানুহে মোক কি কৰিব পাৰে? মোক সহায় কৰিবলৈ যিহোৱা মোৰ পক্ষত আছে; গতিকে মই মোৰ বিৰোধীবোৰৰ পৰাজয় দেখা পাম।
আদিতে বাক্য আছিল; বাক্য ঈশ্বৰৰ সৈতে আছিল আৰু সেই বাক্যই স্বয়ং ঈশ্বৰ। তেওঁ জগততে আছিল; জগত তেওঁৰ দ্বাৰাই সৃষ্টি হৈছিল, কিন্তু জগতে তেওঁক নাজানিলে। যি জগত তেওঁৰ নিজৰেই, তেওঁ সেই ঠাইলৈ আহিল, কিন্তু তেওঁৰ নিজৰ লোকেই তেওঁক গ্ৰহণ নকৰিলে। কিন্তু যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে আৰু তেওঁৰ নামত বিশ্বাস কৰিলে, সেই লোক সকলক ঈশ্বৰৰ সন্তান হ’বলৈ তেওঁ ক্ষমতা দিলে। তেওঁলোকৰ জন্ম তেজৰ পৰা বা মাংসিক অভিলাষৰ পৰা বা মানুহৰ ইচ্ছাৰ পৰা হ’ল, এনে নহয়, কিন্তু ঈশ্বৰৰ ইচ্ছাৰ পৰাহে হৈছে। সেই বাক্যই মাংস হ’ল; অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে; তাতে পিতৃৰ একমাত্ৰ পুত্ৰ হিচাপে তেওঁৰ যি মহিমা, সেই মহিমা আমি দেখিলোঁ। যোহনে তেওঁৰ বিষয়ে সাক্ষ্য দি চিঞৰি ক’লে, “যি জনৰ বিষয়ে মই কৈছিলোঁ, এৱেঁই সেই জন। যি জন মোৰ পাছত আহিছে, তেওঁ মোতকৈ আগ হ’ল, কাৰণ তেওঁ মোৰ পূৰ্বেও আছিল।” আমি সকলোৱে তেওঁৰ সেই পূৰ্ণতাৰ পৰা অনুগ্রহৰ ওপৰিও বিনামূলীয়া অনুগ্রহ পালোঁ। কাৰণ মোচিৰ দ্বাৰা বিধান দিয়া হৈছিল; কিন্তু অনুগ্ৰহ আৰু সত্যতা যীচু খ্ৰীষ্টৰ দ্বাৰাহে আহিল। ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই; পিতৃৰ কোলাত থকা একমাত্ৰ পুত্ৰই তেওঁক প্ৰকাশ কৰিলে। যোহনে এই সাক্ষ্য দিলে: ইহুদী সকলে যিৰূচালেমৰ পৰা কেইজনমান পুৰোহিত আৰু লেবীক যোহনৰ ওচৰলৈ পঠালে। তেওঁলোকে আহি যোহনক সুধিলে, “আপুনি কোন?” এই বাক্য আদিতে ঈশ্বৰে সৈতে আছিল। যোহনে অস্বীকাৰ নকৰি মুকলিকৈ উত্তৰ দিলে, “মই খ্ৰীষ্ট নহয়।” তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “তেনেহলে কোন? আপুনি এলিয়া নেকি?” তেওঁ ক’লে, “নহয়, মই নহওঁ;” তেওঁলোকে ক’লে, “তেনেহলে আপুনি সেই ভাৱবাদী নেকি?” তেওঁ উত্তৰ দিলে, “নহওঁ।” তেতিয়া তেওঁলোকে তেওঁক ক’লে, “তেনেহলে আপুনি কোন হয়? আমাক কওক যাতে যি সকলে আমাক পঠাইছে, তেওঁলোকক আমি উত্তৰ দিব পাৰোঁ। আপোনাৰ নিজৰ বিষয়ে আপুনি কি কয়?” তেওঁ ক’লে, “যিচয়া ভাববাদীয়ে যি দৰে কৈছিল, ‘ময়েই সেই মাত, যি জনে মৰুপ্রান্তত ৰিঙিয়াই কয়, প্ৰভুৰ পথ পোন কৰা’।” যোহনৰ ওচৰলৈ যি সকলক পঠোৱা হৈছিল, তেওঁলোক ফৰীচী সম্প্রদায়ৰ আছিল। তেওঁলোকে যোহনক সুধিলে, “আপুনি যদি খ্ৰীষ্টও নহয়, এলিয়াও নহয় বা ভাৱবাদীও নহয়, তেনেহলে কিয় বাপ্তিস্ম দিছে?” যোহনে তেওঁলোকক উত্তৰ দি ক’লে, “মই হ’লে পানীতহে বাপ্তিস্ম দিছোঁ, কিন্তু আপোনালোকৰ মাজত এনে এজন থিয় হৈ আছে, যি জনক আপোনালোকে চিনি নাপায়। তেৱেঁই সেই লোক যি জন মোৰ পাছত আহিছে। মই তেওঁৰ ভৰিৰ পাদুকাৰ ফিটাৰ বান্ধ খুলিবৰো যোগ্য নহওঁ।” যৰ্দ্দন নদীৰ সিপাৰে বৈৎথনিয়া গাৱঁত, য’ত যোহনে বাপ্তিস্ম দি আছিল, তাতে এই সকলো ঘটিল। পাছদিনা যোহনে যীচুক তেওঁৰ ওচৰলৈ অহা দেখি ক’লে, “সৌৱা চোৱা, ঈশ্বৰৰ মেৰ-পোৱালি, জগতৰ পাপ বহন কৰি নিওঁতা জন! তেওঁৰ দ্বাৰাই সকলো সৃষ্টি হ’ল আৰু যি সকলো হ’ল, সেইবোৰৰ এটাও তেওঁৰ অবিহনে নহ’ল।
কাৰণ আমালৈ এটি লৰা জন্মিল, আমালৈ এটি পুত্ৰ দান কৰা হ’ল; আৰু তেওঁৰ কান্ধত শাসন ভাৰ অৰ্পিত হ’ব, আৰু তেওঁ আশ্চৰ্য পৰামৰ্শদাতা, পৰাক্ৰমী ঈশ্বৰ, অন্তকালস্থায়ী পিতৃ, আৰু শান্তিৰাজ নামে প্ৰখ্যাত হ’ব।
পাপ ক্ষমা কৰা, আৰু নিজৰ আধিপত্যৰ অৱশিষ্ট ভাগৰ অপৰাধ এৰি দিয়া, এনে আপোনাৰ দৰে ঈশ্বৰ কোন আছে? আপুনি আপোনাৰ ক্রোধ চিৰকাললৈকে ধৰি নাৰাখে, কাৰণ আপুনি আপোনাৰ নিৰ্ভৰযোগ্য চুক্তি আমাক দেখুৱাবলৈ ভাল পায়। আপুনি পুনৰ আমাক দয়া কৰিব, আমাৰ অপৰাধবোৰ আপোনাৰ ভৰিৰে গচকিব; আপুনি আমাৰ সকলো পাপ গভীৰ সমুদ্ৰত পেলাই দিব।
ঈশ্বৰে মোচিক ক’লে, “মই যি জন হওঁ, সেই জনেই হওঁ।” ঈশ্বৰে পুনৰ ক’লে, “তুমি ইস্ৰায়েলী লোকসকলক নিশ্চয়কৈ ক’বা যে, ‘মই যি জন হওঁ’ তেৱেঁই মোক তোমালোকৰ ওচৰলৈ পঠালে।”
কিয়নো মোৰ এনে দৃঢ় বিশ্বাস আছে যে, তাৰ পৰা মৃত্যু বা জীৱন, স্বৰ্গৰ দূত বা শাসনকৰ্তা, বৰ্ত্তমান বা ভবিষ্যত বিষয় বা পৰাক্ৰম, ওপৰ বা তল বা আন কোনো সৃষ্ট বস্তুৱেই আমাক প্ৰভু খ্ৰীষ্ট যীচুত থকা ঈশ্বৰৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে।
কিন্তু যিসকলে যিহোৱালৈ অপেক্ষা কৰে, তেওঁলোকে নতুন বল পাব, তেওঁলোকে কুৰৰ পক্ষীৰ দৰে ডেউকাৰে ওপৰলৈ উৰিব, তেওঁলোকে দৌৰিব আৰু ক্লান্ত নহ’ব, তেওঁলোকে খোজ কাঢ়িব আৰু ভাগৰ নাপাব।
প্ৰভু পৰমেশ্বৰে কৈছে - “মই আলফা আৰু ওমেগা”, “যি জন আছে, যি জন আছিল আৰু যি জন আহিব, সেই সৰ্বশক্তিমান৷”
আমাৰ হৃদয়ত ঈশ্বৰৰ যি শক্তিয়ে কার্য কৰে, তেওঁ সেই শক্তি অনুসাৰে আমি যি যাচনা কৰোঁ বা চিন্তা কৰোঁ, তাতকৈও অধিক বেচি কৰিব পাৰে। মণ্ডলীত আৰু খ্ৰীষ্ট যীচুত যুগে যুগে সদাসর্ব্বদায় তেওঁৰেই মহিমা হওক। আমেন।
এই জনেই তুমি যি জনে পৰাক্ৰমেৰে পৰ্ব্বতবোৰ সৃষ্টি কৰি দৃঢ় কৰে; শক্তি স্বৰূপ টঙালিৰে বিশেষ ভাৱে নিজকে বান্ধে।
ঈশ্বৰৰ অন্তৰত জ্ঞান আছে, আৰু শক্তিত তেওঁ পৰাক্ৰমী; তেওঁৰ বিৰুদ্ধে ডিঙি ঠৰ কৰি কোনে কেতিয়া উন্নতি লাভ কৰিলে?
যিহোৱাই কৈছে, মই দেখা নোপোৱাকৈ কোনো মানুহ জানো গুপুতে লুকাই থাকিব পাৰে? যিহোৱাই কৈছে, মই জানো স্বৰ্গ আৰু পৃথিৱী ব্যাপি নাথাকোঁ?
তোমাৰ মুক্তিদাতা, আৰু তোমাক গৰ্ভত গঠন কৰা যিহোৱাই এই কথা কৈছে, “মইয়ে যিহোৱা যি সকলো সৃষ্টি কৰিলে, যি জনাই অকলেই আকাশ মণ্ডল বিস্তাৰ কৰিলে, আৰু যি জনাই অকলেই পৃথিৱী সজালে,
আপোনালোকে তেওঁলোকক ভয় নকৰিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা যিজন মহান আৰু ভয়ঙ্কৰ ঈশ্বৰ তেওঁ আপোনালোকৰ মাজত আছে।
এই দৰে মই তোমাৰ আশ্রয় স্থল, পৰাক্ৰম আৰু গৌৰৱ দেখিবলৈ, পবিত্ৰ স্থানত তোমাক চাইছিলোঁ। কিয়নো তোমাৰ প্ৰতিজ্ঞা আৰু বিশ্বস্ততা জীৱনতকৈয়ো উত্তম; মোৰ ওঁঠে তোমাৰ স্তুতি প্রশংসা কৰিব।
যি জনাই অকলে মহৎ মহৎ আচৰিত কৰ্ম কৰে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
যিহোৱাই ৰাজত্ব কৰে, তেওঁ মহিমাৰে সজ্জিত; যিহোৱা সুসজ্জিত; তেওঁ পৰাক্ৰমেৰে নিজৰ কঁকাল বান্ধিলে; জগতখনো তেওঁ লৰচৰ হ’ব নোৱাৰাকৈ স্থাপন কৰিলে।
কিয়নো সকলো বস্তু তেওঁৰ পৰা, তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণেই হয়; তেওঁৰেই মহিমা চিৰকাল হওক। আমেন।
তোমালোকে ইয়াকে জানা যে, যিহোৱাই ঈশ্বৰ; তেঁৱেই আমাক নিৰ্ম্মাণ কৰিলে, আমি তেওঁৰেই; আমি তেওঁৰ প্ৰজা আৰু তেওঁৰ চৰণীয়া পথাৰৰ মেৰ-ছাগ।
যিহোৱা ক্ৰোধত ধীৰ আৰু পৰাক্ৰমত মহান; কিন্তু তেওঁ দোষীক কোনো মতেই নিৰ্দ্দোষী ঘোষণা নকৰে; বা-মাৰলী আৰু ধুমুহা হ’ল যিহোৱাৰ পথ আৰু মেঘ তেওঁৰ ভৰিৰ ধূলিস্বৰূপ।
যিহোৱাই সকলো জাতিৰ দৃষ্টিতে তেওঁৰ পবিত্ৰ বাহু অনাবৃত কৰিলে; সমগ্র পৃথিবীয়ে আমাৰ ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ পাব।
হে যিহোৱা, তোমাৰ সৃষ্টিৰ কাৰ্য কিমান বহুমুখী! তোমাৰ জ্ঞানেৰে তুমি সেই সকলোকে নিৰ্ম্মাণ কৰিলা; সমগ্র বিশ্ব তোমাৰ সৃষ্ট বস্তুৰে পৰিপূৰ্ণ।
সৰ্ব্বশক্তিমান জনা আমাৰ তত্ত্বৰ অগম্য, তেওঁ পৰাক্ৰমত মহান; তেওঁ ন্যায় বিচাৰ আৰু ধাৰ্মিকতাৰ বিপৰীত কোনো ৰূপে নকৰে।
কিন্তু বাস্তৱিকতে ঈশ্বৰে পৃথিৱীত বাস কৰিব নে? চাওঁক, স্বৰ্গই আৰু স্বৰ্গৰো স্বৰ্গই আপোনাক ধাৰণ কৰিব নোৱাৰে, তেন্তে মই নিৰ্ম্মাণ কৰা গৃহই জানো পাৰিব!
তুমিয়েই মোৰ অন্তর্ভাগ সৃষ্টি কৰিলা, তুমি মোক মাতৃৰ গৰ্ভতে গঠন কৰিলা। মই তোমাৰ প্ৰশংসা কৰোঁ; কিয়নো মই অতি বিস্ময় আৰু আশ্চর্যজনক ভাৱে নিৰ্ম্মিত হলোঁ; তোমাৰ কাৰ্যবোৰ আচৰিত, তাক মই ভালদৰেই জানো।
আপোনাৰ পৰাই ধন আৰু গৌৰৱ হয়, আৰু আপুনি সকলোৰে ওপৰত শাসন কৰি আছে। আপোনাৰ হাততেই বল আৰু পৰাক্ৰম আছে। সকলোকে মহত্ব ও শক্তিশালী কৰিবৰ কাৰণে আপোনাৰ অধিকাৰ আছে।
হে যিহোৱা আপুনি মোৰ ঈশ্বৰ; মই আপোনাক মহিমাম্বিত কৰিম, মই আপোনাৰ নাম প্ৰশংসা কৰিম; কাৰণ আপুনি আচৰিত কৰ্ম কৰিলে, বহু আগৰ কল্পনাবোৰ বিশ্বস্ততাৰে আৰু সত্যতাৰে সিদ্ধ কৰিলে।
যিহোৱাই মোৰ শিলা, মোৰ আশ্রয়ৰ কোঁঠ আৰু মোৰ উদ্ধাৰকর্তা; তেওঁ মোৰ ঈশ্বৰ, মোৰ দুৰ্গ, মই তেওঁতে আশ্ৰয় লৈছোঁ; তেওঁ মোৰ ঢাল, মোৰ ত্ৰাণৰ শিং, মোৰ উচ্চ আশ্রয়স্থান।
পৰাক্রমী ঈশ্বৰ যিহোৱাই কথা কলে, সূৰ্যৰ উদয় স্থানৰ পৰা অস্ত যোৱা স্থানলৈকে পৃথিবীৰ সকলোকে তেওঁ মাতিলে। কিয়নো সকলো বনৰীয়া জন্তু মোৰেই, অসংখ্য পাহাৰবোৰৰ ওপৰত ঘূৰি ফুৰা পশুবোৰ মোৰেই। এনেকি, পাহাৰৰ সকলো পক্ষীক মই জানো; পথাৰত চৰি ফুৰা সকলো প্ৰাণীও মোৰেই। “মোৰ ভোক লাগিলেও মই তোমাক নক’ম; কিয়নো জগত আৰু তাত থকা সকলো মোৰেই। ভতৰাৰ মাংস মই ভোজন কৰিম নে? মই ছাগলীবোৰৰ তেজ পান কৰিম নে? ঈশ্বৰৰ উদ্দেশে ধন্যবাদৰ বলি উৎসৰ্গ কৰা; সৰ্ব্বোপৰি জনাৰ উদ্দেশ্যে তোমাৰ সঙ্কল্পবোৰ পূৰণ কৰা। সঙ্কটৰ কালত মোৰ আগত প্ৰাৰ্থনা কৰা; মই তোমাক উদ্ধাৰ কৰিম আৰু তুমি মোক গৌৰৱান্বিত কৰিবা।” কিন্তু ঈশ্বৰে দুষ্ট লোকক এই কথা কৈছে, “মোৰ শাসন-বিধিৰ কথাবোৰ কবলৈ অথবা মোৰ ব্যৱস্থাৰ কথা মুখত আনিবলৈ তোমাৰ কি অধিকাৰ আছে? কাৰণ তুমিতো মোৰ শাসন ঘৃণা কৰা; মোৰ কথাবোৰ পাছফালে পেলাই থোৱা। চোৰক দেখিলে তুমি তাৰ লগত বন্ধুত্ব কৰা; তুমি ব্যভিচাৰীবোৰৰ সহযোগী হৈ থাকা। দুষ্ট কথাৰ কাৰণে তোমাৰ মুখ খোলা ৰাখা, তোমাৰ জিভাই ছলনাৰ বশত থাকি কথা কয়। চিয়োনৰ পৰা, পৰিপূর্ণ সৌন্দর্যৰ ঠাইৰ পৰা, ঈশ্বৰে দীপ্তি প্ৰকাশ কৰিলে।
চোৱা, দেশবাসীসকল কলহৰ গাত লাগি থকা পানীৰ কণিকাৰ দৰে আৰু তুলাচনীত লাগি থকা ধুলিৰ কণিকাৰ দৰে গণিত হয়; চোৱা, তেওঁ অতি ক্ষুদ্র বস্তুৰ দৰে দ্বীপবোৰক তোলে। ইন্ধনৰ বাবে লিবানোন, নাইবা হোম বলিৰ বাবে অৰণ্যৰ জন্তুবোৰ যথেষ্ট নহয়। তেওঁৰ দৃষ্টিত সকলো দেশবাসী অপৰ্যাপ্ত; তেওঁৰ আগত তেওঁলোক একোৱে নহয় দৰে গণিত হয়।
তেওঁ আশ্রয় শিলা, তেওঁৰ কার্য নিখুঁত, তেওঁৰ সকলো পথ ন্যায়, তেওঁ বিশ্বস্ত ঈশ্বৰ, তেওঁ কোনো অন্যায় নকৰে; তেওঁ ন্যায়বান আৰু সৎ।
যিহোৱাৰ ব্যৱস্থা সিদ্ধ, সেয়ে মানুহৰ প্ৰাণক জগাই তোলে; যিহোৱাৰ বাক্য বিশ্বাসযোগ্য, সেয়ে সাধাৰণ লোকক জ্ঞান দান কৰে। যিহোৱাৰ আদেশবোৰ যথাৰ্থ, সেয়ে মানুহৰ হৃদয়ত আনন্দ দান কৰে; যিহোৱাৰ আজ্ঞা সুস্পষ্ট, সেয়ে অন্তর্দৃষ্টিক দীপ্তিময় কৰে। যিহোৱা বিষয়ক যি ভয়, সেয়ে শুচি আৰু চিৰস্থায়ী; যিহোৱাৰ শাসন-প্ৰণালীবোৰ সম্পূর্ণভাৱে সত্য আৰু ধাৰ্মিক।
হে আকাশ মণ্ডল, গীত-গান কৰা; হে পৃথিৱী, উল্লাসিত হোৱা; হে পৰ্ব্বতবোৰ, আনন্দ গান কৰিবলৈ ধৰা! কাৰণ যিহোৱাই নিজৰ প্ৰজাসকলক শান্ত্বনা দিব, আৰু তেওঁৰ দুখিত সকলক তেওঁ দয়া কৰিব।
হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমাৰ তুল্য পৰাক্ৰমী কোন আছে, হে প্রভু? তোমাৰ বিশ্বস্ততাই তোমাক বেৰি ৰাখিছে। তর্জন-গর্জনেৰে ওফন্দি উঠা সমুদ্ৰক তুমি শাসন কৰা; তাৰ ঢৌ উঠিলে তুমিয়েই সেইবোৰক শান্ত কৰা।
শুনক, আকাশ আৰু তাৰ ওপৰৰ সকলোবোৰেই, পৃথিৱী আৰু তাত থকা সকলোবোৰেই আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ।
তথাপিও তেওঁ নিজৰ নামৰ অর্থে তেওঁলোকক উদ্ধাৰ কৰিলে, যাতে তেওঁ নিজৰ পৰাক্ৰম প্ৰকাশ কৰিব পাৰে।
তেতিয়া মোচিয়ে ক’লে, “বিনয় কৰিছোঁ মোক আপোনাৰ প্ৰতাপ দেখাওক।” যিহোৱাই ক’লে, “মই তোমাৰ ওচৰেৰে মোৰ সকলো ধাৰ্মিকতা গমন কৰাম, আৰু তোমাৰ আগত মোৰ নাম ঘোষণা কৰিম। যাক মই অনুগ্ৰহ কৰিব খোজোঁ, তাক মই অনুগ্ৰহ কৰিম, আৰু যাক মই দয়া কৰিব খোজোঁ, তাক মই দয়া কৰিম।”
কোনে সেই কাৰ্য কৰিলে আৰু তাক সিদ্ধও কৰিলে? কোনে আৰম্ভণীৰে পৰা প্রজন্মক উৎপন্ন কৰে? প্ৰথম যি মই, আৰু শেষৰ সঙ্গী যি মই যিহোৱা, ময়েই সেই জনা।
এই হেতুকে হে ঈশ্বৰ যিহোৱা, তুমি মহান৷ কিয়নো আমি নিজ কাণে যি যি শুনিলোঁ, সেই সকলোৰ দৰে তোমাৰ তুল্য কোনো নাই। আৰু তোমাত বাজে আৰু কোনো ঈশ্বৰ নাই।
তাৰ পাছত লেবীয়া সকলৰ, যেচুৱা, কদ্মীয়েল, বানী, হচবনিয়া, চেৰেবিয়া, হোদিয়া, চবনিয়া আৰু পথহিয়াই ক’লে, আপোনালোক উঠক; আৰু অনাদি কালৰ পৰা অনন্ত কাললৈকে থকা আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰক। আপোনাৰ গৌৰৱান্বিত নাম আশীৰ্ব্বাদযুক্ত হওক; আৰু সকলো আশীর্বাদ আৰু প্রশংসাতকৈ মৰ্য্যদাপূৰ্ণ হওক।
কিয়নো মই জানো যে যিহোৱা মহান, আমাৰ প্ৰভু সকলো দেৱতাতকৈ মহান। আকাশ-মণ্ডলত আৰু পৃথিৱীৰ ওপৰত, সমুদ্ৰত আৰু সকলো গভীৰ স্থানত যিহোৱাই যি ইচ্ছা কৰে, তাকে কৰে।
যিহোৱাই যে ঈশ্বৰ, তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই, ইয়াক পৃথিৱীৰ সকলো জাতিয়ে জানিবৰ বাবে, এই যি সকলো কথাৰ দ্বাৰাই মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ, মোৰ এই সকলো কথা দিনে ৰাতিয়ে আমাৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হৈ থাকক।
কিন্তু আমাৰ কাৰণে একমাত্র এজন পিতৃ ঈশ্বৰ আছে। তেওঁৰ পৰাই সকলোবোৰ সৃষ্টি কৰা হৈছে আৰু আমি তেওঁৰ কাৰণেই জীয়াই আছোঁ। আমাৰ প্রভুও মাত্র এজন। তেওঁ যীচু খ্রীষ্ট। তেওঁৰ দ্বাৰাই সকলো সৃষ্ট আৰু আমিও জীয়াই আছোঁ।
এই হেতুকে, আপোনালোকে অৱশ্যেই জ্ঞাত হওঁক, ওপৰত থকা স্বৰ্গত আৰু তলত থকা পৃথিবীত যিহোৱা যে ঈশ্বৰ; তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।
কোনে পৃথিৱী সৃষ্টি কৰিলে আৰু গঠন কৰিলে কোনে তাক স্থাপন কৰিলে। তেওঁ অনৰ্থকৰূপে সৃষ্টি কৰা নাই, কিন্তু বাসস্থানৰ বাবেহে তাক নিৰ্মাণ কৰিলে, আকাশ মণ্ডল সৃষ্টি কৰা সেই সত্য ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ময়েই যিহোৱা, মোৰ কোনো সমকক্ষ নাই।
হে যিহোৱা, আপোনাৰ সোঁ হাত, পৰাক্ৰমত মহিমান্বিত হ’ল; হে যিহোৱা, আপোনাৰ সোঁ হাতে শত্ৰুক গুড়ি কৰিছে।
অনেক কালৰ আগতে তুমি এই বিশ্বৰ ভিত্তিমূল স্থাপন কৰিলা; আকাশমণ্ডল তোমাৰ হাতৰ কাৰ্য। সেইবোৰ ধ্বংস হৈ যাব, কিন্তু তুমি হ’লে চিৰকাল থাকিবা; কাপোৰৰ দৰে সেই সকলো জীৰ্ণ হৈ যাব; তুমি সেইবোৰক বস্ত্ৰৰ নিচিনাকৈ সলনি কৰিবা; তাতে সেইবোৰ আৰু নাথাকিব। কিন্তু তুমি হ’লে সদায় একে, তোমাৰ বছৰৰ কেতিয়াও শেষ নহ’ব।
তেওঁ নিজ শক্তিৰে পৃথিৱী স্ৰজন কৰিলে, নিজ জ্ঞানেৰে জগত স্থাপন কৰিলে আৰু নিজ বুদ্ধিৰে আকাশ-মণ্ডল বিস্তাৰ কৰিলে।
হ’য়, মোৰ হাতে পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰিলে, আৰু মোৰ সোঁহাতে আকাশ মণ্ডল বিস্তাৰ কৰিলে; মই যেতিয়া তেওঁলোকক মাতো, তেওঁলোক একেলগে থিয় হয়।
এতিয়া অনন্ত কালৰ ৰজালৈ, অাৰু চিৰস্থায়ী, অদৃশ্য একমাত্ৰ ঈশ্বৰলৈ মৰ্যদা আৰু গৌৰৱ চিৰকাল হওক। আমেন।
তোমাৰ বাহু পৰাক্ৰমেৰে ভৰা; তোমাৰ হাত শক্তিশালী, তোমাৰ সোঁ হাত প্রবল। ধাৰ্মিকতা আৰু ন্যায়বিচাৰ তোমাৰ সিংহাসনৰ ভিত্তিমূল; প্রেম আৰু বিশ্ৱস্ততা তোমাৰ আগে আগে চলে।
যদিও পৰ্ব্বতবোৰ ধ্বংস হ’ব, আৰু পাহাৰবোৰ কঁপিব; তথাপিও তোমালোকৰ পৰা মোৰ বিশ্বাসযোগ্য চুক্তি আঁতৰি নাযাব, বা মোৰ শান্তিৰ চুক্তি লৰচৰ নহব, যি জনে তোমালোকক অনুগ্ৰহ কৰে সেই যিহোৱাই কৈছে।
পাছত বৃহৎ এদল মানুহৰ মাতৰ নিচিনা, নিনাদিত কৰা পানীৰ মাতৰ নিচিনা আৰু ঘোৰ মেঘ-গৰ্জ্জনৰ মাতৰ দৰে এই বাণী শুনিলোঁ, “হাল্লিলুয়া! কিয়নো যি জন প্ৰভু আৰু পৰমেশ্বৰ, আমাৰ সকলোৰে শাসনকর্তা জনে, ৰাজত্ব গ্ৰহণ কৰিছে।
কিয়নো যিহোৱা মহান ঈশ্বৰ, সকলো দেৱতাবোৰৰ ওপৰত তেৱেঁই মহান ৰজা। পৃথিৱীৰ সকলো গভীৰ স্থান তেওঁৰ হাতত আছে, পৰ্ব্বতবোৰৰ টিংবোৰো তেওঁৰেই। সমুদ্ৰ তেওঁৰেই, কাৰণ তেৱেঁই তাক স্ৰজিলে; তেওঁৰ হাতে শুকান ভূমি নিৰ্ম্মাণ কৰিলে।
যিজন অনাদিকালৰ ঈশ্বৰ তেৱেঁই নিজৰ লোকসকলৰ আশ্রয়, অধোদেশত তেওঁ চিৰস্থায়ী বাহুৰে ধৰি ৰাখে; তেওঁ তোমালোকৰ সন্মুখৰ পৰা শত্ৰুবোৰক দূৰ কৰিব, তেওঁ ক’ব, ‘এওঁলোকক ধ্বংস কৰা!’
এইটোৱে অনন্ত জীৱন; একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক তেওঁলোকে যেন জানে।
ময়েই যিহোৱা, সেইস্হানত আন কোনো নাই; মোৰ বাহিৰে কোনো ঈশ্বৰ নাই। সূৰ্য উদয় হোৱা ঠাইৰে পৰা পশ্চিম ফাললৈকে সকলো লোকে মোৰ বাহিৰে যে কোনো ঈশ্বৰ নাই তাক যেন জানিব পাৰে: ময়েই যিহোৱা, আন কোনো নাই।
কাৰণ প্ৰত্যেক গৃহ কোনো জনৰ দ্বাৰাই নির্মাণ কৰা হয়, কিন্তু যি জনে সকলোকে নির্মাণ কৰিলে, তেওঁ ঈশ্বৰ।
ঈশ্বৰৰ পথ হ’লে সিদ্ধ৷ যিহোৱাৰ বাক্য নিভাঁজ৷ তেওঁ প্ৰত্যেক লোকৰ ঢালস্বৰূপ; যি জন তেওঁত থাকে, তেওঁ তাৰ আশ্ৰয়স্থান। কিয়নো যিহোৱাৰ বাহিৰে কোন ঈশ্বৰ আছে? আমাৰ ঈশ্বৰত বাহিৰে কোন শিলা আছে?
যিহোৱাৰ ওচৰত দুঃসাধ্য বুলি জানো কিবা আছে? বসন্তকালত, মই নিৰূপণ কৰা সময়ত মই তোমাৰ ওচৰলৈ আকৌ আহিম। অহা বছৰ প্রায় এই সময়তে চাৰাৰ এটি পুত্ৰ হ’ব।”
তোমালোকে তেওঁৰ পবিত্ৰ নামৰ গৌৰৱ কৰা; যিহোৱাক বিচৰাসকলৰ হৃদয়ে আনন্দ কৰক। তেওঁলোকৰ দেশ বেঙেৰে ভৰি পৰিল; এনে কি, তেওঁলোকৰ ৰজাসকলৰ ৰাজপ্রাসাদো বেঙেৰে ভৰি পৰিল। তেওঁৰ কথাতেই তেওঁলোকৰ সকলো অঞ্চলত জাকে জাকে ডাঁহ আৰু ওকণী আহিল। তেওঁ তেওঁলোকক বৰষুণৰ পৰিবর্তে শিলাবৃষ্টি দিলে; গোটেই দেশ বিজুলী আৰু বজ্ৰপাতৰ অগ্নি বৰষালে। তেওঁলোকৰ দ্ৰাক্ষালতা আৰু ডিমৰু গছবোৰত তেওঁ আঘাত কৰিলে, আৰু দেশৰ গছবোৰ ভাঙি পেলালে। তেওঁৰ কথাতেই কাকতি ফৰিং আহিল, অসংখ্য সৰু ফৰিঙো আহিল। সেইবোৰে তেওঁলোকৰ দেশৰ সকলো শাক-পাচলি আৰু ভূমিৰ সকলো শস্য খাই পেলালে। তাৰ পাছত তেওঁলোকৰ সকলো শক্তিৰ প্রথম ফল অর্থাৎ দেশৰ জ্যেষ্ঠ পুত্র সংহাৰ কৰিলে। পাছত তেওঁ লোকসকলক ৰূপ আৰু সোণে সৈতে উলিয়াই আনিলে; তেওঁৰ ফৈদ সমূহৰ মাজত এজনো দুৰ্ব্বল হোৱা নাছিল। তেওঁলোক গুছি যোৱাত মিচৰীয়সকলে আনন্দ কৰিলে, কিয়নো তেওঁলোকে ইস্রায়েলীয়াসকলক ভীষণ ভয় কৰিছিল। তেওঁ চন্দ্ৰতাপৰ কাৰণে মেঘ বিস্তাৰ কৰিলে; ৰাতি পোহৰ দিবৰ কাৰণে অগ্নি দিলে। তোমালোকে যিহোৱা আৰু তেওঁৰ শক্তি বিচাৰা; নিতৌ তেওঁৰ সাক্ষাৎ হ’বলৈ বিচাৰা।
হে ইয়োব, তুমি ইয়ালৈ কাণ পাতা; থিৰে থাকি ঈশ্বৰৰ আচৰিত কৰ্ম বিবেচনা কৰা। ঈশ্বৰে কেনেকৈ মেঘক নিয়ন্ত্রণ কৰে, আৰু কেনেকৈ নিজে বিজুলী প্ৰকাশিত কৰে, তাক তুমি জানানে? কেনেকৈ আকাশত মেঘ ভাহি থাকে, ঈশ্বৰৰ বিস্ময়কৰ কাৰ্যপ্ৰণালীবোৰ তুমি জানানে, জ্ঞানত কোন নিখুত জানানে?
তোমালোকে যিহোৱাৰ উদ্দেশ্যে নতুন গীত গোৱা; কাৰণ তেওঁ অনেক আচৰিত কার্য কৰিলে; তেওঁৰ সোঁ হাত আৰু তেওঁৰ পবিত্ৰ বাহুৱে আমাক জয়ী কৰিলে।
প্ৰভু যিহোৱাৰ আত্মা মোত স্থিতি লৈছে, কাৰণ যিহোৱা মোক অভিষিক্ত কৰিলে নম্ৰ লোকসকলৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ, ভগ্নচিত্তীয়াসকলক সুস্থ কৰিবলৈ, বন্দীত্বত থকাসকলৰ আগত মুক্তিৰ কথা ঘোষণা কৰিবলৈ, আৰু বন্দীশালত থকা সকলক মুকলি কৰিবলৈ। মই যিহোৱাত অতিশয় আনন্দ কৰিম মোৰ প্ৰাণে মোৰ ঈশ্বৰত উল্লাস কৰিব; কাৰণ তেওঁ মোক পৰিত্ৰাণৰূপ বস্ত্ৰ পিন্ধালে, আৰু ধাৰ্মিকতাৰূপ চোলাৰে মোক বিভূষিত কৰিলে, যিদৰে দৰাই পাগুৰিৰে নিজকে বিভূষিত কৰে, আৰু কন্যাই যিদৰে অলঙ্কাৰেৰে নিজকে শোভিত কৰে। কাৰণ পৃথিবীয়ে যিদৰে গছবোৰৰ পোখা মেলায়, আৰু বাৰীয়ে যিদৰে তাত ৰোৱা সকলোকে গজায়, সেইদৰে প্ৰভু যিহোৱাই সকলো দেশবাসীৰ সাক্ষাতে ধাৰ্মিকতা আৰু প্ৰশংসা উৎপন্ন কৰিব। যিহোৱাৰ অনুগ্ৰহৰ বছৰ আৰু আমাৰ ঈশ্বৰৰ প্ৰতিফল দিয়া দিন ঘোষণা কৰিবলৈ, আটাই শোক কৰা সকলক শান্ত্বনা দিবলৈ, তেওঁ মোক পঠিয়ালে। চিয়োনত শোক কৰা সকলৰ বাবে ঠাই প্রস্তুত কৰিবলৈ, ছাঁইৰ সলনি পাগুৰি, শোকৰ সলনি আনন্দৰ তেল, আৰু দুৰ্ব্বল আত্মাৰ সলনি প্ৰশংসাৰ আত্মা দান কৰিবলৈ, তেওঁলোকক ধাৰ্মিকতাৰ গছ, আৰু যিহোৱাৰ গৌৰৱৰ অৰ্থে তেৱেঁ পতা উদ্যান বুলি প্ৰখ্যাত হ’ব।
ঈশ্বৰৰ পৰাক্ৰম ঘোষণা কৰা; তেওঁৰ মহিমা ইস্ৰায়েলৰ ওপৰত আছে আৰু আকাশ জুৰি তেওঁৰ পৰাক্ৰম প্রকাশ হৈ আছে। হে ঈশ্বৰ, তোমাৰ পবিত্ৰ স্থানত তোমাৰ উপস্থিতিয়ে ভয় জগাই তোলে। ইস্ৰায়েলৰ ঈশ্বৰেই নিজ লোকক বল আৰু শক্তি দান কৰে। ঈশ্বৰৰ প্রশংসা হওঁক!
তেওঁ নিজ শক্তিৰে, পৃথিৱী স্ৰজন কৰিলে, নিজ জ্ঞানেৰে জগত স্থাপন কৰিলে, আৰু নিজ বুদ্ধিৰে আকাশ-মণ্ডল বিস্তাৰ কৰিলে। তেওঁ মাত লগালে আকাশ-মণ্ডলৰ জল সমূহৰ কোলাহল হয়, আৰু তেওঁ পৃথিৱীৰ অন্ত ভাগৰ পৰা ভাপবোৰ তোলে। তেওঁ বৃষ্টিৰ কাৰণে বিজুলি স্ৰজে আৰু নিজ ভঁৰালৰ পৰা বতাহ বাহিৰ কৰি আনে।
সেই লোক সকলে ঈশ্বৰৰ দাস, মোচিৰ গীত আৰু সেই মেৰ-পোৱালিৰ গীত গান কৰি ক’লে, “আপোনাৰ কৰ্ম মহৎ আৰু আচৰিত, সকলোৰে ওপৰত শাসন কৰা, হে প্ৰভু পৰমেশ্বৰ৷ হে চিৰস্থায়ী ৰজা, আপোনাৰ পথ ন্যায় আৰু সত্য৷ আপোনাক কোনে ভয় নকৰিব, হে প্ৰভু আৰু কোনে আপোনাৰ নাম প্ৰশংসা নকৰিব? কিয়নো কেৱল আপুনি পবিত্ৰ; সকলো জাতিয়ে আপোনাৰ আগত আহি আপোনাক আৰাধনা কৰিব৷ কিয়নো আপোনাৰ ন্যায় বিধান প্ৰকাশিত কৰা হ’ল৷”
ইদোমৰ পৰা, বস্ৰাৰ ৰঙা বস্ত্রেৰে সৌজন কোন আহিছে? ৰাজকীয় বস্ত্রেৰে, নিজৰ শক্তিৰ বাহুল্যত দৃঢ়তাৰে খোজ কাঢ়ি অহা জন কোন? “ধাৰ্মিকতাৰে কথা কোৱা জন, আৰু পৰাক্রমেৰে পৰিত্ৰাণ কৰিবলৈ সমৰ্থ থকা জন মই।”
আমি জানো যে, যি সকলে ঈশ্বৰক প্ৰেম কৰে, সেই সকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁলোকৰ বাবে তেওঁ মঙ্গলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে।
তেৱেঁই একমাত্র ঈশ্বৰ, আমাৰ ত্ৰাণকর্তা; প্রভু যীচু খ্ৰীষ্টৰ দ্বাৰা তেওঁৰেই মহিমা, মহত্ব, অধিকাৰ আৰু ক্ষমতা, যুগৰ পূৰ্বতে আৰু এতিয়া আৰু চিৰকাললৈ হওক। আমেন।