তোমালোকলৈ কওঁ যে, প্রভু যীচু খ্রীষ্টত বিশ্বাস কৰাটোৱেই শুভবাৰ্ত্তাৰ ভিত্তি। এই বিশ্বাস ঈশ্বৰৰ পৰা অহা এক আধ্যাত্মিক উপহাৰ আৰু আমাৰ পৰিত্রাণৰ বাবে অতি প্রয়োজনীয়। যিসকল হেৰাই গৈছে, তেওঁলোকৰ বিশ্বাস দৃঢ় কৰাত সহায় কৰাটোৱেই তেওঁলোকক সঠিক পথ দেখুওৱাৰ প্ৰথম পদক্ষেপ। ঈশ্বৰৰ আশ্চর্য কার্য আৰু তেওঁ মোৰ জীৱনত কি কৰিছে সেইবোৰ তোমালোকৰ লগত ভাগ-বতৰা কৰি এই কাম কৰিব পাৰি। তোমালোকে বুজি পোৱাটো অতি গুৰুত্বপূৰ্ণ যে বিশ্বাসৰ দ্বাৰাইহে আমি ঈশ্বৰৰ ওচৰ চাপিব পাৰোঁ, কিয়নো বিশ্বাস অবিহনে তেওঁক দেখা আৰু তেওঁক সন্তুষ্ট কৰাটো অসম্ভৱ। যেতিয়া কোনোবাই ঈশ্বৰৰ বাক্যত দৃঢ় হয়, তেওঁৰ বিশ্বাস বাঢ়ে, যাৰ ফলত তেওঁ বিপদৰ সময়ত দৃঢ় হৈ থাকিব পাৰে আৰু নিজৰ পৰিত্রাণ হেৰুৱাবলগীয়া নহয়। মনত ৰাখিবা যে ঈশ্বৰত বিশ্বাস আৰু তেওঁৰ আজ্ঞা পালন কৰিহে পৰিত্রাণ পোৱা যায়। আজি শুভবাৰ্ত্তা প্ৰচাৰ কৰা আৰু খ্ৰীষ্টৰ বাবে আন এজনক জয় কৰাৰ দিন, এই বিশ্বাসেৰে যে এদিন আমি আমাৰ স্বৰ্গীয় পিতৃৰ সৈতে স্বর্গত বহিম।
এই কাৰণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ সৈতে আমাৰ শান্তি আছে।
ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা যি আপোনালোক, আপোনালোকৰ যে অনন্ত জীৱন আছে, সেই বিষয়ে আপোনালোকে জানিবৰ বাবে এইবোৰ কথা মই আপোনালোকলৈ লিখিলোঁ।
কিয়নো আপুনি যদি নিজ মুখেৰে যীচুক প্ৰভু বুলি স্বীকাৰ কৰে আৰু ঈশ্বৰে যে তেওঁক মৃত লোকৰ মাজৰ পৰা তুলিলে, ইয়াক যদি হৃদয়েৰে বিশ্বাস কৰে, তেনেহলে পৰিত্ৰাণ পাব।
তেওঁলোকে ক’লে, “প্রভু যীচুত বিশ্বাস কৰক, তেতিয়া আপুনি আৰু আপোনাৰ ঘৰৰ সকলোৱে পৰিত্ৰাণ লাভ কৰিব।”
সেই কাৰণে যেনেকৈ মৃত্যুত পাপে ৰাজত্ব পালে, তেনেকৈ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি অনন্ত জীৱনৰ অৰ্থে অনুগ্ৰহে ধাৰ্মিকতাৰ ৰাজত্ব পায়৷
কিয়নো অনুগ্ৰহৰ যোগেদি বিশ্বাসৰ দ্বাৰাই আপোনালোকে পৰিত্ৰাণ পালে; আৰু সেয়ে আমাৰ পৰা নহয়; কিন্তু সেয়া ঈশ্বৰৰহে এক দান। কোনেও যেন গর্ব কৰিব নোৱাৰে, সেয়ে কর্মৰ পৰাও নহয়।
কিয়নো ইতিপূৰ্বে যেতিয়া আমি দূৰ্বল আছিলোঁ, তেতিয়া খ্ৰীষ্টে উপযুক্ত সময়ত ঈশ্বৰক ভক্তি নকৰা সকলৰ কাৰণে আপোন প্ৰাণ দিলে।
মোৰ পিতৃৰ ইচ্ছা এই- যি কোনোৱে পুত্ৰক দেখি তেওঁত বিশ্বাস কৰে, তেওঁ যেন অনন্ত জীৱন পায়; আৰু শেষৰ দিনা মই তেওঁক তুলিম।”
কিয়নো যেতিয়া শত্ৰু আছিলোঁ, তেতিয়া ঈশ্বৰৰ পুত্ৰৰ মৃত্যুৰ যোগেদি যদি আমি ঈশ্বৰে সৈতে মিলন হ’লোঁ, তেনেহলে সেই মিলনৰ যোগেদি আমি কিমান অধিক গুণে তেওঁৰ জীৱনৰ দ্বাৰাই পৰিত্ৰাণ পাম;
এই কাৰণে মন-পালটাই ঘূৰি আহক যাতে, আপোনালোকৰ পাপ-মোচন হয় আৰু প্রভুৰ সন্মুখৰ পৰা শান্তিযুক্ত কাল যেন আহে;
“তোমালোকৰ হৃদয় ব্যাকুল নহওক৷ ঈশ্বৰত বিশ্বাস কৰা আৰু মোকো বিশ্বাস কৰা। “মই যে পিতৃত আছোঁ আৰু পিতৃও যে মোৰ লগত আছে, ইয়াক তুমি বিশ্বাস নকৰা নে? মই যি যি কথা তোমালোকক কওঁ, সেইবোৰ নিজৰ পৰা নকওঁ; কিন্তু পিতৃয়ে মোৰ লগত থাকি তেওঁৰ কাৰ্যবোৰ সম্পন্ন কৰে। মই যে পিতৃত আছোঁ, আৰু পিতৃও যে মোৰ লগত আছে, মোৰ এই কথাতে বিশ্বাস কৰা; নাইবা মই কৰা কাৰ্যবোৰৰ কাৰণে মোক বিশ্বাস কৰা। মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মই যি যি কাৰ্য কৰোঁ, মোক বিশ্বাস কৰা জনেও তেনেকুৱা কাৰ্য কৰিব আৰু তাতকৈয়ো মহৎ মহৎ কাৰ্য কৰিব; কিয়নো মই পিতৃৰ ওচৰলৈ যাওঁ। তোমালোকে মোৰ নামেৰে যিহকে খুজিবা, মই তাকে পূর্ণ কৰিম; তাতে পিতা, পুত্ৰৰ দ্বাৰাই যেন মহিমান্বিত হয়। তোমালোকে মোৰ নামেৰে যদি কিবা খোজা, তেনেহলে সেয়া মই পূর্ণ কৰিম। তোমালোকে যদি মোক প্ৰেম কৰা, তেনেহলে মোৰ আজ্ঞাবোৰ পালন কৰিবা। আৰু মই পিতৃৰ ওচৰত প্ৰাৰ্থনা কৰিম, তেওঁ যাতে তোমালোকক আন এজন সহায়কর্তা দিয়ে আৰু তেওঁ যেন চিৰকাল তোমালোকৰ লগত থাকে৷ সেই সত্যৰ আত্মাক জগতে গ্ৰহণ কৰিব নোৱাৰে; কিয়নো জগতে তেওঁক নেদেখে আৰু নাজানেও; তোমালোকে হ’লে তেওঁক জানা; কিয়নো তেওঁ তোমালোকৰ সঙ্গে সঙ্গে থাকে আৰু তেওঁ তোমালোকৰ মাজত থাকিব। মই তোমালোকক অনাথকৈ এৰি নাযাওঁ; মই তোমালোকৰ ওচৰলৈ আকৌ আহিম। অলপ সময়ৰ পাছত জগতে মোক পূণৰ দেখিবলৈ নাপায়, কিন্তু তোমালোকে হ’লে মোক দেখা পাবা; কাৰণ মই জীয়াই আছোঁ বাবে তোমালোকো জীয়াই থাকিবা। মোৰ পিতৃৰ ঘৰত অনেক থকা ঠাই আছে; আৰু নথকা হ’লে তোমালোকক ক’লোহেঁতেন; কিয়নো মই তোমালোকলৈ ঠাই যুগুত কৰিবলৈ যাওঁ। সেইদিনা তোমালোকে জানিবা যে, মই পিতৃত আছোঁ আৰু তোমালোকো মোত আছা, ময়ো তোমালোকত আছোঁ। যি জনে মোৰ আজ্ঞা পাই পালন কৰে, সেই জনে মোক প্ৰেম কৰে; আৰু যি জনে মোক প্ৰেম কৰে, সেই জন মোৰ পিতৃৰ প্ৰেমৰ পাত্ৰ হ’ব আৰু ময়ো সেই জনক প্ৰেম কৰি, তেওঁৰ আগত নিজকে প্ৰকাশ কৰিম।” তেতিয়া ঈষ্কৰিয়োতীয়া নহয়, আন যিহুদাই তেওঁক ক’লে, “হে প্ৰভু, কিনো হ’ল যে, আপুনি জগতৰ আগত প্ৰকাশিত নহয়, কিন্তু আমাৰ আগত নিজকে প্ৰকাশ কৰিব?” যীচুৱে উত্তৰ দি তেওঁক ক’লে, “কোনোৱে যদি মোক প্ৰেম কৰে, তেনেহলে তেওঁ মোৰ বাক্য পালন কৰিব; মোৰ পিতৃয়ে তেওঁক প্ৰেম কৰিব, আৰু আমি তেওঁৰ ওচৰলৈ আহি, তেওঁৰে সৈতে নিবাস কৰিম। যি জনে মোক প্ৰেম নকৰে, সেই জনে মোৰ বাক্যও পালন নকৰে; আৰু যি বাক্য তোমালোকে শুনিবলৈ পাইছা, সেই বাক্য মোৰ নহয়, কিন্তু মোক পঠোৱা পিতৃৰহে। মই তোমালোকৰ লগত থাকোতেই, এইবোৰ কথা তোমালোকক ক’লো; কিন্তু সেই সহায়কর্তা পবিত্ৰ আত্মা, যি জনক পিতৃয়ে মোৰ নামেৰে পঠিয়াব, তেওঁ তোমালোকক সকলো শিক্ষা দিব আৰু মই তোমালোকক যি যি কৈছোঁ, এই আটাই কথা তোমালোকক সোঁৱৰাব। মই তোমালোকলৈ শান্তি এৰি যাওঁ, মোৰ শান্তি তোমালোকক দিওঁ; জগতে যেনেকৈ দিয়ে মই তেনেকৈ নিদিওঁ। তোমালোকৰ হৃদয় ব্যাকুল নহওক, আৰু ভয়াতুৰো নহওক। মই তোমালোকক যি দৰে ক’লো, সেই বিষয়ে তোমালোকে শুনিলা, মই গৈ তোমালোকৰ ওচৰলৈ পুনৰ আহিম৷ তোমালোকে যদি মোক প্ৰেম কৰা, তেনেহ’লে মই পিতৃ ওচৰলৈ যাব ওলোৱাৰ কাৰণে তোমালোকে আনন্দ কৰিলাহেঁতেন; কিয়নো পিতৃ মোতকৈ মহান। এইবোৰ ঘটা কালত তোমালোকে যেন বিশ্বাস কৰা, এই কাৰণে ঘটাৰ আগেয়ে, মই তোমালোকক এইবোৰ কথা ক’লোঁ। যদি মই যাওঁ আৰু তোমালোকলৈ ঠাই যুগুত কৰোঁ, তেনেহলে মই যি ঠাইত থাকোঁ, তোমালোকো সেই ঠাইতে থাকিবলৈ পাবা, এই কাৰণে মই আকৌ আহি তোমালোকক মোৰ ওচৰলৈ লৈ যাম।
কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়।
চোৱা, মই দুৱাৰত থিয় হৈ টুকুৰিয়াই থাকোঁ৷ কোনোৱে যদি মোৰ মাত শুনি দুৱাৰ মেলি দিয়ে, তেনেহলে মই তেওঁৰ গৃহলৈ আহিম আৰু তেওঁৰ সৈতে মই ভোজন কৰিম, আৰু তেৱোঁ মোৰে সৈতে ভোজন কৰিব।
যীচুৱে তেওঁ তেওঁলোকক ক’লে, “জীৱন দিওঁতা আহাৰ ময়েই; যি জন মোৰ ওচৰলৈ আহে, তেওঁৰ কেতিয়াও ভোক নালাগিব; আৰু যি জনে মোত বিশ্বাস কৰে, তেওঁৰ কেতিয়াও পিয়াহ নালাগিব।
কিয়নো শুভবাৰ্তাত মই লাজ নাপাও; কাৰণ প্ৰথমে ইহুদী, পাছত গ্ৰীক লোকলৈ আৰু বিশ্বাস কৰা প্ৰত্যেক জনলৈ, এয়া পৰিত্রাণৰ অৰ্থে ঈশ্বৰৰ শক্তি।
কিন্তু যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে আৰু তেওঁৰ নামত বিশ্বাস কৰিলে, সেই লোক সকলক ঈশ্বৰৰ সন্তান হ’বলৈ তেওঁ ক্ষমতা দিলে।
কিয়নো যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ আৰু শুভবাৰ্তাৰ কাৰণে নিজৰ জীৱন হেৰুৱায়, তেওঁ সেই জীৱন ৰক্ষা কৰিব।
তেওঁলোকলৈ আৰ্হি স্বৰূপে এইবোৰ ঘটিছিল; আৰু শেষৰ যুগৰ মানুহ যি আমি, আমাক চেতনা দিবলৈ এইবোৰ লিখা আছে।
এতেকে এতিয়া খ্ৰীষ্টৰ তেজেৰে ধাৰ্মিক বুলি গণিত হোৱাত, কিমান অধিক গুণে আমি তেওঁৰ তেজৰ দ্বাৰাই ঈশ্বৰৰ ক্ৰোধৰ পৰা পৰিত্ৰাণ পাম।
মই সঁচাকৈয়ে কওঁ, যি জনে মোৰ কথা শুনি মোক পঠোৱা জনত বিশ্বাস কৰে, তেওঁৰ অনন্ত জীৱন আছে আৰু তেওঁ দোষীৰূপে বিবেচিত নহ’ব, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ’ল।
মই সেই সকলক অনন্ত জীৱন দিওঁ; তাতে তেওঁলোক কোনো কালে বিনষ্ট নহ’ব, আৰু কোনেও মোৰ হাতৰ পৰা তেওঁলোকক কাঢ়ি নল’ব।
কিন্তু ঈশ্বৰে আমাৰ বাবে তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে, কাৰণ ইতিপূৰ্বে যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ বাবে আপোন প্ৰাণ দিলে।
কিয়নো ইয়াত ঈশ্বৰৰ ধাৰ্মিকতা বিশ্বাসৰ পৰা বিশ্বাসলৈ প্ৰকাশিত হৈ আছে; এই বিষয়ে লিখাও আছে, “ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰাই জীৱ।”
কিয়নো এজন মানুহৰ আজ্ঞা-লঙ্ঘনৰ যোগেদি যেনেকৈ অনেকক পাপী বুলি গণিত কৰা হ’ল, তেনেকৈ এজনৰ আজ্ঞা পালনৰ যোগেদি অনেকক ধাৰ্মিক কৰা হ’ব।
কিয়নো তেওঁ কৈছে, “মই গ্ৰাহ্য-কালত তোমাৰ প্ৰাৰ্থনা শুনিলো; আৰু পৰিত্ৰাণৰ দিনা তোমাৰ উপকাৰ কৰিলোঁ।” চাওক, এতিয়া পৰমগ্ৰাহ্য কাল; এতিয়াই পৰিত্রাণৰ দিন৷
কাৰণ ইহুদী বা গ্ৰীক ইয়াৰ মাজত একো প্ৰভেদ নাই; কিয়নো সকলোৰে একমাত্ৰ প্ৰভু আছে; যিমান মানুহে তেওঁক বিশ্বাস কৰে, তেওঁলোকৰ বাবে তেওঁ ধনৱান৷ কাৰণ যি কোনোৱে প্ৰভুৰ নামেৰে প্ৰাৰ্থনা কৰে, তেওঁ পৰিত্ৰাণ পাব।
কিয়নো পাপৰ বেচ মৃত্যু; কিন্তু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই ঈশ্বৰে দিয়া বিনামূলীয়া দান অনন্ত জীৱন।
যীচুৱে তেওঁক ক’লে, “ময়েই বাট, সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ কোনো নাযাব নোৱাৰে।
তেওঁৰ বাহিৰে আন কতো পৰিত্রাণ নাই, কিয়নো স্বৰ্গৰ তলত আৰু মানুহৰ মাজত যাৰ দ্বাৰা আমি উদ্ধাৰ পাম, এনে আন কোনো নাম নাই।”
এতেকে কোনো যদি খ্ৰীষ্টত আছে, তেনেহলে তেওঁ নতুন সৃষ্টি। পুৰণিবোৰ লুপ্ত হ’ল; চাওক, নতুন হ’ল।
মই খ্ৰীষ্টে সৈতে ক্ৰুচত হত হ’লো; মই জীয়াই আছোঁ বুলিলেও, সেয়ে এতিয়া মই নহয়, খ্ৰীষ্টহে মোৰ লগত জীয়াই আছে; মোৰ শৰীৰত যি জীৱন এতিয়া আছে, ঈশ্বৰৰ পুত্ৰত কৰা বিশ্বাসতহে মই সেই জীৱন-যাপন কৰিছোঁ। তেওঁ মোক প্ৰেম কৰিলে আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰিলে।
ইয়াৰ পৰিৱৰ্তে খ্ৰীষ্টক প্ৰভু হিচাপে আপোনালোকৰ হৃদয়ত পবিত্ৰ ৰূপে মানিব; যি কোনোৱে আপোনালোকৰ অন্তৰত থকা আশাৰ বিষয়ে বিচাৰ লয়, তেওঁক আপোনালোকে নিজৰ পক্ষে উত্তৰ দিবলৈ সষ্টম থাকিব, কিন্তু নম্ৰতা আৰু সন্মানেৰে সৈতে এইবোৰ কৰিব৷
এই হেতুকে, তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁলোকক বাপ্তাইজ কৰা; চোৱা, তাতে বৰ ভুমিকম্প হ’ল; কিয়নো প্ৰভুৰ দূতে স্বৰ্গৰ পৰা নামি আহি শিলচটা বগৰালে আৰু তাৰ ওপৰতে বহিল। মই যি যি আজ্ঞা তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া; আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ”।
সেই সাক্ষ্য এই যে, ঈশ্বৰে আমাক অনন্ত জীৱন দিলে আৰু সেই জীৱন তেওঁৰ পুত্ৰত আছে। যিজনে পুত্ৰক পালে, তেওঁৰ জীৱন আছে; যিজনে ঈশ্বৰৰ পুত্ৰক পোৱা নাই, তেওঁৰ জীৱন নাই।
কিন্তু আমাৰ বিদ্রোহী কার্যবোৰৰ বাবে তেওঁক খোচা হ’ল, আমাৰ পাপবোৰৰ বাবে গুড়ি কৰা হ’ল। আমাৰ শান্তিৰ বাবে তেওঁক শাস্তি দিয়া হ’ল, আৰু তেওঁৰ আঘাতৰ দ্বাৰাই আমি সুস্থ হলোঁ।
তেৱেঁই আমাক আন্ধাৰৰ পৰাক্ৰমৰ পৰা উদ্ধাৰ কৰি নিজ প্ৰেমৰ পুত্ৰৰ ৰাজ্যত স্থানান্তৰ কৰি থ’লে৷ তেওঁৰ সেই পুত্ৰত আমাৰ মুক্তি, পাপৰ ক্ষমা আছে।
হে ঈশ্বৰ, তুমি মোৰ ভিতৰত শুদ্ধ অন্তৰ সৃষ্টি কৰা; মোৰ অন্তৰত এক নতুন আৰু সুস্থিৰ আত্মা স্থাপন কৰা।
যি জনে আপোনালোকত সৎকৰ্ম আৰম্ভ কৰিলে, সেই জনে যীচু খ্ৰীষ্টৰ আগমণৰ দিনলৈকে সিদ্ধ কৰি থাকিব বুলি দৃঢ় প্ৰত্যয় কৰিলোঁ৷
কাৰণ ঈশ্বৰ এজন আৰু তেওঁৰ সৈতে মানুহৰ মাজত মধ্যস্থও এজন, তেৱেঁই মনুষ্য খ্ৰীষ্ট যীচু; তেওঁ সকলো মানুহৰ কাৰণে মুক্তিৰ মূল্য হিচাবে নিজৰ জীৱন দান কৰিলে৷ যীচুৰ এই কাৰ্যই সঠিক সময়ত সকলোকে সাক্ষ্য দিলে৷
তেনেকৈ খ্ৰীষ্টও অনেকৰ পাপৰ ভাৰ ববৰ কাৰণে এবাৰ উৎসৃ্ষ্ট হ’লত; দ্বিতীয় বাৰ বিনাপাপে তেওঁলৈ অপেক্ষা কৰি থকা সকলক তেওঁ পৰিত্রাণৰ অৰ্থে দৰ্শন দিব।
তেতিয়া আমাৰ ধাৰ্মিকতাৰ কাৰণে নহয়, কিন্তু তেওঁ নিজ দয়া অনুসাৰে নতুন জন্মৰ স্নান আৰু পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰাই আমাৰ পৰিত্ৰাণ কৰিলে৷
খোজা, তেতিয়াহে তোমালোকক দিয়া হ’ব; বিচাৰা, তেতিয়াহে পাবা; টুকুৰিওৱা, তেতিয়াহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ’ব।
হে প্ৰিয় ভাই আৰু ভনী সকল যি শুভবাৰ্তা মই আপোনালোকৰ আগত প্ৰচাৰ কৰিলোঁ, সেয়া আপোনালোকক জনাইছোঁ; সেইবোৰ আপোনালোকে গ্ৰহণ কৰিলে, আৰু তাতে থিৰেও আছে; তথাপি মই যি হৈছোঁ; ঈশ্বৰৰ অনুগ্ৰহেৰেহে হৈছোঁ; আৰু মোলৈ তেওঁৰ যি অনুগ্ৰহ, সেয়ে ব্যৰ্থ নহ’ল; কিন্তু মই তেওঁলোকতকৈ অধিক পৰিশ্ৰম কৰিলোঁ; কিন্তু ময়েই যে কৰিলোঁ, এনে নহয়, ঈশ্বৰৰ অনুগ্ৰহে মোৰ লগত কৰিলে। এতেকে মই বা তেওঁলোক যেয়ে হওক, আমি সেইদৰে ঘোষণা কৰিলোঁ আৰু আপোনালোকে সেইদৰে বিশ্বাস কৰিলে। কিন্তু খ্ৰীষ্টক যে মৃতবোৰৰ মাজৰ পৰা তোলা হ’ল, ইয়াক যদি ঘোষণা কৰা হয়, তেনেহলে মৃতবোৰৰ পুনৰুত্থান নাই বুলি আপোনালোকৰ কোনো কোনো লোকে কেনেকৈ কয়? যদি মৃতবোৰৰ পুনৰুত্থান নাই, তেনেহলে খ্ৰীষ্টকো তোলা নহ’ল; আৰু খ্ৰীষ্টক যদি তোলা নহ’ল, তেনেহলে আমাৰ ঘোষণা বৃথা, আপোনালোকৰ বিশ্বাসো বৃথা। আৰু আমি ঈশ্বৰৰ মিছা সাক্ষী দিছোঁ বুলি ওলাই পৰিম; কাৰণ আমি ঈশ্বৰৰ বিষয়ে এই সাক্ষ্য দিলোঁ যে, তেওঁ খ্ৰীষ্টক তুলিলে; কিয়নো, যদি মৃতবোৰক তোলা নহয়, তেনেহলে খ্ৰীষ্টকো তোলা নহ’ল; আৰু যদি খ্ৰীষ্টক তোলা নহ’ল, তেনেহলে অাপোনালোকৰ বিশ্বাস অসাৰ্থক; আপোনালোক এতিয়াও নিজ নিজ পাপতেই আছে। তেনেহ’লে খ্ৰীষ্টৰ আশ্ৰয়ত নিদ্ৰিত হোৱা সকলো বিনষ্ট হৈছে। খ্ৰীষ্টত আমাৰ যি আশা, সেয়ে যদি অকল এই জীৱনৰ আয়ুস কাললৈ হয়, তেনেহলে আমি সকলো মানুহতকৈ অধিক দয়া নপোৱাকৈ আছোঁ। আৰু যি বাক্যৰ দ্বাৰাই মই আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ, সেয়া যদি আপোনালোকে ধৰি আছে, তেনেহলে তাৰ দ্বাৰাই পৰিত্ৰাণো পাইছে; নতুবা আপোনালোকে বৃথাই বিশ্বাস কৰিলে। কিন্তু এতিয়া খ্ৰীষ্ট নিদ্ৰিত লোকৰ মাজৰ পৰা উত্থিত হ’ল, তেৱেঁই মৃত লোক সকলৰ মাজত প্ৰথম ফল৷ কিয়নো মৃত্যু মনুষ্যৰ দ্বাৰাই হোৱাত, মৃতবোৰৰ পুনৰুত্থানো মনুষ্যৰ দ্বাৰাই হ’ল। কাৰণ আদমত যেনেকৈ সকলো মৰে, তেনেকৈ খ্ৰীষ্টত সকলোৱে জীৱন পাব। কিন্তু প্ৰতিজনে নিজ নিজ শ্ৰেণীত জীৱন পাব; প্ৰথম ফল খ্ৰীষ্ট, খ্ৰীষ্টত যি সকল মোনোনীত, তেওঁৰ আগমণত সেই মৃত লোক সকলেই উঠিব। ইয়াৰ পাছত শেষ হ’ব; কিয়নো তেওঁ সকলো শাসনকৰ্তাৰ ক্ষমতা, আৰু পৰাক্ৰম লোপ কৰি পিতৃ ঈশ্বৰৰ হাতত ৰাজ্য শোধাই দিব। কিয়নো যেতিয়ালৈকে তেওঁ সকলো শত্ৰুক তেওঁৰ ভৰিৰ তল নকৰে, তেতিয়ালৈকে তেওঁ ৰাজত্ব কৰিব লাগিব। শেষ শত্ৰু যি মৃত্যু, তাকো ধ্বংস কৰা হ’ব। কিয়নো ‘তেওঁ সকলোকে বশীভূত কৰি তেওঁৰ ভৰিৰ তলত থলে’। কিন্তু ‘সকলোৱে বশীভূত হ’ব’ বুলি যেতিয়া তেওঁ কয়, তেতিয়া যি জনে সকলোকে তেওঁৰ বশীভূত কৰিলে, তেওঁ যে সেইবোৰৰ পৰা বাহিৰ, এয়ে প্ৰকাশিত হয়। আৰু সকলোৱেই খ্ৰীষ্টৰ বশীভূত হ’লে, পুত্ৰ নিজে পিতৃ ঈশ্বৰৰ অধীন হব৷ যেন ঈশ্বৰ, যি জনে তেওঁক সকলোৰে ওপৰত অধিকাৰ কৰিবলৈ দিছে, তেৱেঁই সৰ্বেসৰ্বা হয়৷ আৰু মৃতবোৰৰ কাৰণে বাপ্তাইজিত হোৱা লোকে কি কৰিব? যদি মৃতবোৰক সমুলি তোলা নহয়, তেনেহলে তেওঁলোকৰ কাৰণে সেই লোক কিয় বাপ্তাইজিত হয়? কিয়নো মই যি শিক্ষা পালোঁ, তাৰে এই প্ৰধান শিক্ষা আপোনালোকক দিলোঁ যে, ধৰ্মশাস্ত্ৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ কাৰণে মৰিল; আৰু আমিও বা কিয় প্ৰতি মূহুৰ্তত সঙ্কটত পৰো? হে প্রিয় ভাই আৰু ভনী সকল, আমাৰ প্ৰভু খ্ৰীষ্ট যীচুত আপোনালোকৰ বিষয়ে মোৰ যি গর্ব আছে, তাৰ দোহাই দি কৈছোঁ, প্ৰতি দিনেই মই মৃত্যু-মুখত আছোঁ। মই যদি মানুহৰ দৰেহে ইফিচত বনৰীয়া জন্তুৰে সৈতে যুদ্ধ কৰিলোঁ, তেনেহলে মোৰ কি লাভ হ’ল? মৃতবোৰক যদি তোলা নহয়, তেনেহলে “আহক, আমি ভোজন-পান কৰোঁহক; কিয়নো কালিলৈ আমি মৰিম”। আপোনালোক ভ্ৰান্ত নহ’ব; কু-সঙ্গই সদাচাৰ নষ্ট কৰে। ধাৰ্মিকভাৱে সচেতন হওক৷ পাপ নকৰিব; কিয়নো ঈশ্বৰৰ কথাত কোনো কোনো জনৰ যোগ্য জ্ঞান নাই। আপোনালোকে লাজ পাবলৈ মই এই কথা কৈছোঁ। কিন্তু কিছুমানে কয়, “মৃতবোৰ কেনেকৈ পুনৰুত্থিত হব? আৰু কেনেকুৱা দেহৰ সৈতে তেওঁলোক আহিব?” হে নিৰ্ব্বোধ, তুমি যি বীজ ৰোপণ কৰিছা, সি নমৰা পৰ্য্যন্ত নগজে; আৰু পাছত যি ডাল ওলাব, সেয়া তুমি ৰোৱা নাই৷ গোম হওক, বা আন কোনো ধানেই হওক, তুমি গুটি মাথোন ৰোপণ কৰিছা; কিন্তু ঈশ্বৰে নিজ ইচ্ছাৰে তাক গা দিয়ে, আৰু প্ৰত্যেক গুটিক নিজ নিজ গা দিয়ে। সকলো মঙহ একে ৰূপ মঙহ নহয়; কিন্তু মানুহ বা পশুৰ হওক, চৰাই বা মাছৰেই হওক, বেলেগ বেলেগ আকৃতিৰ মঙহ আছে। আৰু তেওঁক মৈদাম দিয়া হ’ল; আৰু ধৰ্মশাস্ত্ৰ অনুসাৰে তৃতীয় দিনা পুনৰুত্থিত হ’ল;
এতেকে, হে ভাই সকল, ঈশ্বৰৰ সকলো দয়াৰ দ্বাৰাই মই আপোনালোকক এই মিনতি কৰোঁ যে, আপোনালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয়, জীৱিত, আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গ কৰক; এয়েই আপোনালোকৰ যুক্তিসঙ্গত আৰাধনা। ভাতৃ-প্ৰেমত পৰস্পৰ স্নেহশীল হওক; আৰু সমাদৰ কৰা কথাত, ইজনে সিজনতকৈ আগ হওক৷ যত্নত এলেহুৱা নহ’ব; আত্মাত উৎসাহী হওক; প্ৰভুৰ সেৱাকৰ্ম কৰক৷ আশাত আনন্দ কৰক; ক্লেশত সহনীয় হওক; প্ৰাৰ্থনাত লাগি থাকক; পবিত্ৰ লোক সকলৰ অভাৱ দূৰ কৰা কথাত, তেওঁলোকৰ সহভাগী হওক; অতিথি-সেৱাত আসক্ত হওক। যি সকলে আপোনালোকক তাড়না কৰে, তেওঁলোকক আশীৰ্বাদ কৰক; শাও নিদি আশীৰ্বাদ কৰক। যি সকলে আনন্দ কৰে, তেওঁলোকে সৈতে আনন্দ কৰক; যি সকলে ক্ৰন্দন কৰে, তেওঁলোকে সৈতে ক্ৰন্দন কৰক। আপোনালোকৰ পৰস্পৰৰ ভাব একে হওক। বৰ বৰ বিষয়বোৰ চিন্তা নকৰি, সামান্য লোকৰ দৰে চলক৷ নিজৰ নিজৰ মনত জ্ঞানী নহব। অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিব৷ সকলো মানুহে দেখাত যি উত্তম, সেই উত্তমলৈ চিন্তা কৰক৷ যদি হ’ব পাৰে, তেনেহলে আপোনালোকৰ সাধ্য অনুসাৰে সকলো মানুহৰ সৈতে শান্তিৰে থাকক। হে প্ৰিয় সকল, আপোনালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিব, কিন্তু ঈশ্বৰৰ ক্ৰোধলৈ ঠাই থ’ব; কিয়নো এনেদৰে লিখা আছে, প্ৰভুৱে কৈছে, “প্ৰতিকাৰ কৰা মোৰ কৰ্ম; মইহে প্ৰতিফল দিম।” আপোনালোক জগতৰ অনুৰূপ নহ’ব; কিন্তু মন নতুন কৰাৰ যোগেদি ৰূপান্তৰিত হওক, তাতে আপোনালোকে পৰীক্ষা কৰি জানি লওঁক, কোনটো উত্তম, গ্ৰহণীয় আৰু সিদ্ধ, কিয়নো এয়ে ঈশ্বৰৰ ইচ্ছা৷
কিন্তু যেতিয়া কাল সম্পূৰ্ণ হ’ল, তেতিয়া ঈশ্বৰে তেওঁৰ নিজ পুত্ৰক পঠাই দিলে, যি জন মহিলাৰ পৰা জন্ম পোৱা আৰু ব্যৱস্থা বিধানৰ অধীনত উৎপন্ন হোৱা, তেওঁ যাতে বিধানৰ অধীনত থকা সকলোকে মুক্ত কৰিব পাৰে, তাতে আমি সকলোৱে যেন তেওঁৰ সন্তান ৰূপে স্বীকৃতি হওঁ৷
এতেকে, হে ভাই সকল, সেই মহা-পবিত্ৰ স্থানত প্ৰৱেশ কৰাৰ সম্পূৰ্ণ অধিকাৰ আমাৰ আছে৷ যীচুৰ তেজৰ গুণত আমি নিৰ্ভিকতাৰ সৈতে সেই ঠাইত প্ৰৱেশ কৰিব পাৰোঁ৷ পৰা হ’লে, উৎসৰ্গ কৰা স্থগিত হ’লহেতেন নহয় নে? কিয়নো আৰাধনাকাৰী সকল এবাৰ শুচিকৃত হোৱা হ’লে, তেওঁলোকৰ কোনো পাপ বিবেক পুনৰ নাথাকিলেহেতেন। তেওঁ আমাৰ কাৰণে সেই আঁৰ-কাপোৰৰ মাজেদি এটা পথ মুকলি কৰিলে অৰ্থাৎ তেওঁৰ শৰীৰৰ যোগেদি আমাৰ বাবে সেই পথে মুকলি কৰি দিলে, সেই পথ নতুন আৰু জীৱনময়৷ আৰু আমাৰ কাৰণে ঈশ্বৰৰ গৃহৰ ওপৰত নিযুক্ত এজন মহান পুৰোহিত থকাত, সেয়েহে আহক, আমাৰ হৃদয় কু-বিবেকৰ পৰা নিৰ্মল কৰা হোৱাত, সত্য হৃদয়ৰ সহিত সম্পূর্ণ নিশ্চয়তাযুক্ত বিশ্বাসেৰে ঈশ্বৰৰ ওচৰলৈ চাপি যাওঁহক,
আৰু আপোনালোকে যেতিয়া অপৰাধত আৰু মাংসৰ অচুন্নতত মৃত আছিল, তেতিয়া ঈশ্বৰে তেওঁৰ সৈতে আপোনালোকক জীয়ালে আৰু বাস্তৱিক তেওঁ আমাৰ সকলো অপৰাধ ক্ষমা কৰিলে৷ আমাৰ বিৰুদ্ধে ধাৰৰ অভিযোগ থকা হাতে লিখা যি আজ্ঞাৰ প্ৰমাণ পত্ৰ খন আমাৰ বিপক্ষে আছিল, সেই খন তেওঁ মচি পেলালে আৰু গজাল মাৰি ক্ৰুচত লগাই, সেই খন দূৰ কৰিলে৷
কিন্তু আপোনালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিত সমূহ, পবিত্ৰ জাতি, আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছে যাতে, যি জনে আপোনালোকক আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমন্ত্ৰণ কৰিলে, আপোনালোকে যেন তেওঁৰ সদগুণ প্ৰকাশ কৰে৷ এই কাৰণে
কিয়নো ঈশ্বৰৰ সেই প্ৰিয়জনত, তেওঁৰ তেজৰ দ্বাৰা আমি মুক্তি পালোঁ; তেওঁৰ উপচি পৰা অনুগ্রহৰ দ্বাৰা আমি পাপৰ ক্ষমা পালোঁ।
তেওঁৰ পক্ষে সকলো ভাববাদীয়েও সাক্ষ্য দিয়ে যাতে তেওঁত বিশ্বাস কৰা সকলোৱে তেওঁৰ নামেৰে পাপ-মোচন পায়৷
পিতৃয়ে মোক যি সকলক দিছে, তেওঁলোক সকলোৱেই মোৰ ওচৰলৈ আহিব; আৰু মোৰ ওচৰলৈ অহা জনক মই কেতিয়াও বাহিৰ কৰি নিদিম।