এই বিষয়ে লিখাও আছে, “চোৱা, মই চিয়োনত উজুটি খুউৱা শিল, অৰ্থাৎ বিঘ্নজনক শিল থ’ম। তেওঁত বিশ্বাস কৰা জন লাজত নপৰিব।”
ঘৰ নির্মাণকাৰীসকলে যি শিলক অগ্ৰাহ্য কৰিলে, সেয়ে সকলোতকৈ দৰকাৰী চুকৰ প্ৰধান শিল হৈ উঠিল।
তোমাৰ বাক্য অনুসাৰে মোক ধৰি ৰাখা, তাতে মই জীয়াই থাকিম; মোৰ আশাত তুমি মোক লাজ পাবলৈ নিদিবা।
মোৰ প্রাণৰ সুৰক্ষা দিয়া, মোক উদ্ধাৰ কৰা; মোক লাজত পৰিবলৈ নিদিবা, কাৰণ মই তোমাতেই আশ্ৰয় লৈছোঁ।
এই কাৰণে প্ৰভু যিহোৱাই কৈছে, “চোৱা, মই চিয়োনত ভিত্তিমূলৰ এটা শিল, এটা পৰীক্ষিত শিল, আৰু দৃঢ়কৈ বহুউৱা চুকৰ এটা বহুমূল্য শিল স্থাপন কৰিলোঁ। যি জনে বিশ্বাস কৰিব, তেওঁ অধৈৰ্য নহ’ব।
কিন্তু ইস্ৰায়েলে যিহোৱাৰ দ্বাৰাই অনন্তকলীয়া পৰিত্ৰাণেৰে ৰক্ষিত হ’ব; তোমালোক পুনৰ লজ্জিত বা অপমানিত নহ’বা।
ভয় নকৰিবা, কাৰণ তোমালোক লজ্জিত নহবা; বা নিৰাশ নহ’বা কাৰণ তোমালোক অপমানিত নহ’বা; তোমালোকে যৌৱন-কালৰ লাজ আৰু তোমালোকক বর্জন কৰাৰ অপমান পাহৰিবা।
যীচুৱে তেওঁলোকক ক’লে, “এই শাস্ত্ৰীয় বচন আপোনালোকে পঢ়া নাই নে, ‘ঘৰ-সজা সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল; এয়ে প্ৰভুৰ পৰা হ’ল, আৰু আমাৰ দেখাত আচৰিত’?
এই শিলৰ ওপৰত যি কোনো পৰিব, তেওঁ ডোখৰ-ডোখৰকৈ ভাগি যাব; কিন্তু যাৰ ওপৰত এই শিল পৰিব, তেওঁক ধূলিৰ দৰে উৰুৱাই পেলাব।”
হে ভাই সকল, তেওঁলোকৰ বাবে মোৰ হৃদয়ৰ বাঞ্ছা আৰু ঈশ্বৰৰ আগত জনোৱা প্ৰাৰ্থনা এই যে, তেওঁলোকে যেন পৰিত্রাণ পায়।
কিয়নো ধৰ্মশাস্ত্ৰৰ বচনে কৈছে, “যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ লাজত নপৰিব।”
সেই আশাই লাজত নেপেলায়; কিয়নো আমাক দান কৰা পবিত্ৰ আত্মাৰ যোগেদি আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম বাকি দিয়া হৈছে।
হে ভাই সকল, মই যদি চুন্নৎ হোৱা বিধান ৰাজহুৱা ভাবে প্রচাৰ কৰোঁ, তেনেহলে মই কিয় এতিয়াও নির্যাতন ভোগ কৰি আছোঁ? কিন্তু চুন্নতৰ প্ৰয়োজন সমন্ধে যদি এতিয়াও কওঁ তেতিয়া হ’লে, ক্ৰুচৰ বিঘিনি লুপ্ত হ’লহেঁতেন।
এয়ে মোৰ আকাংক্ষা আৰু আশা সিদ্ধ হ’ব যে, মই কোনোমতে লজ্জিত নহম৷ কিন্তু সাহসেৰে যেনেকৈ সদায়, তেনেকৈ এতিয়াও জীৱনৰ দ্বাৰাই হওক বা মৰণৰ দ্বাৰায়েই হওক, মোৰ শৰীৰত খ্ৰীষ্ট মহিমান্বিত হ’ব।
এই কাৰণে মই এইবোৰ দুখ ভোগ কৰিলেও লজ্জিত নহওঁ; কিয়নো মই যি জনক বিশ্বাস কৰিলোঁ, তেওঁক জানো আৰু তেওঁৰ হাতত মই নিজকে অৰ্পণ কৰি দিলোঁ, তাতে তেওঁ যে সেই দিনৰ কাৰণে মোক পহৰা দি ৰাখিবলৈ সমর্থ, ইয়াকে দৃঢ় প্ৰত্যয় কৰিছোঁ।
আৰু এতিয়া, হে মোৰ প্ৰিয় সন্তানসকল, আপোনালোকে তেওঁত থাকক; তেওঁ প্ৰকাশিত হলে আমি সাহিয়াল হ’ম আৰু তেওঁৰ আগমণৰ সময়ত তেওঁৰ সন্মুখত লজ্জিত নহ’ম৷