Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



ৰোমীয়া 7:3

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

এতেকে তেওঁৰ স্বামী জীয়াই থাকোতেই যদি তেওঁ আন পুৰুষৰ সৈতে সহবাস কৰে, তেতিয়া তেওঁক ব্যভিচাৰীণী বোলা যায়৷ কিন্তু স্বামীৰ মৃত্যু হ’লে তেওঁ বিধানৰ পৰা মুক্ত হয়, পাছত আন পুৰুষৰ হ’লেও, তেওঁ ব্যাভিচাৰীণী নহয়।

অধ্যায়টো চাওক কপি কৰক

12 পৰস্পৰ সংযোগসমূহ  

কোনো লোকৰ সৈতে ব্যভিচাৰ নকৰিবা।

যি লোকে পৰস্ত্ৰীৰে সৈতে ব্যভিচাৰ কৰিব, যি লোকে ওচৰ-চুবুৰীয়াৰ মহিলাৰে সৈতে ব্যভিচাৰ কৰিব, সেই ব্যভিচাৰী আৰু সেই ব্যভিচাৰিণী দুয়োৰো অৱশ্যে প্ৰাণদণ্ড হ’ব।

কিম্তু মই তোমালোকক কওঁ যে, একমাত্র ব্যভিচাৰৰ দোষত বাহিৰে কোনোৱে যদি আন কাৰণত নিজৰ ভার্যাক ত্যাগ কৰে, তেনেহলে তেওঁ তেওঁক ব্যভিচাৰিণী কৰায় আৰু যি কোনোৱে সেই ত্যাগ কৰা মহিলাক বিয়া কৰাই তেৱোঁ ব্যভিচাৰ কৰে।

কাৰণ সধৱা স্ত্ৰী, জীয়াই থকা স্বামীৰে সৈতে বিধানেৰে বন্ধা, কিন্তু স্বামীৰ মৃত্যু হ’লে তেওঁৰ স্বামীৰ বিধানৰ পৰা মুক্ত হয়।

সেইদৰে, হে মোৰ ভাই সকল, আমি যেন ঈশ্বৰলৈ ফল উৎপন্ন কৰোঁ, এই কাৰণে আপোনালোকো আন এজনৰ, অৰ্থাৎ মৃত লোকৰ মাজৰ পৰা উত্থিত কৰোঁতা জনৰ হ’বলৈ, খ্ৰীষ্টৰ শৰীৰৰ যোগেদি বিধানৰ সম্বন্ধে মৃত হ’ল।

তেতিয়া ৰূথে ক’লে, “হে মোৰ প্ৰভু, আপুনি মোলৈ কৃপাদৃষ্টি কৰক; কিয়নো আপুনি মোক শান্তনা দিলে, আৰু মই আপোনাৰ দাসী নোহোৱা স্বত্তেও মোক নিজৰ দাসীৰ দৰে মৰমৰ কথা ক’লে।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন