কাৰণ আপুনি যদি বিধান পালন কৰে, তেনেহলে প্ৰকৃততে আপোনাৰ চুন্নতৰ লাভ হয়; কিন্তু আপুনি যদি বিধান-উলঙ্ঘনকাৰী হয়, তেনেহলে আপুনি চুন্নৎ নোহোৱাৰ সমান হ’ল।
হে যিহূদাৰ লোক, হে যিৰূচালেম নিবাসীসকল, তোমালোকে যিহোৱাৰ উদ্দেশ্যে চুন্নৎ হোৱা, নিজ নিজ হৃদয়ৰ অগ্ৰচৰ্ম্ম গুচাই পেলোৱা, নতুবা তোমালোকৰ কাৰ্যৰ দুষ্টতাৰ বাবে মোৰ ক্ৰোধাগ্নি জ্বলি উঠি কোনেও নুমাব নোৱাৰাকৈ দগ্ধ কৰিব।
হে ঠৰ-ডিঙীয়া লোক সকল, হৃদয় আৰু কাণৰ চুন্নৎ নোহোৱা লোক, আপোনালোকে সদায় পবিত্ৰ আত্মাৰ প্রতিৰোধ কৰে; পূৰ্ব-পুৰুষ সকলে যেনেদৰে কৰিছিল, আপোনালোকে সেইদৰেই কৰিছে।
কিয়নো ঈশ্বৰৰ আগত বিধান শুনা সকল ধার্মিক নহয়, কিন্তু বিধান পালন কৰা সকলহে ধাৰ্মিক বুলি প্ৰমাণিত হ’ব;
হে বিধানত গৌৰৱ কৰা জন, আপুনি বিধান উলঙ্ঘন কৰি ঈশ্বৰৰ অসন্মান নকৰে নে?
এতেকে চুন্নৎ নোহোৱা জনে যদি বিধানৰ বিধিবোৰ পালন কৰে, তেনেহলে অচুন্নৎ জনো চুন্নৎ বুলি গণিত নহ’ব নে?
আৰু বিধান পালনকাৰী স্বাভাৱিক অচুন্নৎ জনে, চুন্নৎ হয়ো বিধান উলঙ্ঘন কৰা যি আপুনি, অাপোনাৰ সোধ-বিচাৰ শাস্ত্ৰ অনুসাৰে তেওঁ নকৰিব নে?
কিয়নো মাত্ৰ বাহ্যিকভাৱে ইহুদী হলেই প্ৰকৃত ইহুদী হব নোৱাৰি আৰু মাংসত কৰা যি বাহিৰৰ চুন্নৎ সেই জনো চুন্নৎ নহয়;
চুন্নৎ হওক বা নহওক, সেইটো গুৰুত্বপূর্ণ বিষয় নহয়, কিন্তু ঈশ্বৰৰ আজ্ঞা পালন কৰাই হ’ল সাৰ কথা।
কিয়নো চুন্নৎ হোৱা সকলে নিজেও বিধান পালন নকৰে; আপোনালোকৰ মাংসত তেওঁলোকে যেন গৌৰৱ কৰিব পাৰে, এই কাৰণে আপোনালোক চুন্নৎ হোৱাতো তেওঁলোকে ইচ্ছা কৰে।
কিয়নো চুন্নতো একো নহয়, অচুন্নতো একো নহয়; কিন্তু নতুন সৃষ্টিহে গুৰুত্বপূৰ্ণ।
আপোনালোকে যাতে আপোনালোকৰ সকলো মন ও সকলো প্ৰাণেৰে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰি জীয়াই থাকে, সেইবাবেই তেওঁ আপোনালোকৰ আৰু আপোনালোকৰ বংশধৰসকলৰ হৃদয়ৰ চুন্নত কৰিব।