হে প্ৰিয় সকল, আপোনালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিব, কিন্তু ঈশ্বৰৰ ক্ৰোধলৈ ঠাই থ’ব; কিয়নো এনেদৰে লিখা আছে, প্ৰভুৱে কৈছে, “প্ৰতিকাৰ কৰা মোৰ কৰ্ম; মইহে প্ৰতিফল দিম।”
এইদৰে নকবা, “মই তোমাৰ ভুলৰ বাবে প্ৰতিকাৰ সাধিম!” যিহোৱালৈ অপেক্ষা কৰা, তেওঁ তোমাক উদ্ধাৰ কৰিব।
এইদৰে নকবা, “তেওঁ মোলৈ যিদৰে কৰিলে, মইয়ো তালৈ সেইদৰেই কৰিম; তেওঁ যি কৰিলে তাৰ প্রতিফল মই তেওঁক দিম।”
এই হেতুকে যিহোৱাই এই কথা কৈছে, চোৱা, মই তোমাৰ অভিযোগ প্ৰতিবাদ কৰিম, আৰু তোমাৰ নিমিত্তে প্ৰতিকাৰ সাধিম; মই তাৰ সমুদ্ৰ, জলশূন্য কৰিম আৰু তাৰ ভূমূক শুকুৱাম।
প্ৰভু যিহোৱাই এই কথা কৈছে: “ইদোমে প্ৰতিকাৰ সাধিবৰ মনেৰে যিহূদা-বংশৰ অহিতে কাৰ্য কৰিলে আৰু তেওঁলোকৰ প্ৰতিকাৰ সাধি অতিশয় দোষ কৰিলে।”
তুমি নিজ সন্তান সকলৰ প্ৰতিকাৰ নাসাধিবা বা তেওঁলোকৰ বিৰুদ্ধে আখেজ নাৰাখিবা; কিন্তু নিজ ওচৰ-চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা; মই যিহোৱা।
কিন্তু মই তোমালোকক কওঁ, তোমালোকে দুষ্ট লোক সকলৰ প্ৰতিৰোধ নকৰিবা; বৰং কোনোৱে যদি তোমাৰ সোঁ গালত চৰ মাৰে, তেনেহলে তেওঁলৈ আন খন গালো পাতি দিবা।
যি সকলে আপোনালোকক তাড়না কৰে, তেওঁলোকক আশীৰ্বাদ কৰক; শাও নিদি আশীৰ্বাদ কৰক।
অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিব৷ সকলো মানুহে দেখাত যি উত্তম, সেই উত্তমলৈ চিন্তা কৰক৷
কিয়নো আপোনাৰ ভালৰ কাৰণে, তেওঁ ঈশ্বৰৰ পৰিচাৰক হৈছে। কিন্তু আপুনি যদি কুকৰ্ম কৰে, তেনেহলে ভয় কৰিব; কিয়নো তেওঁ তৰোৱাল বৃথা ধৰিছে, এনে নহয়; কাৰণ তেওঁ ঈশ্বৰৰ পৰিচাৰক, দুৰাচাৰী লোকলৈ ক্ৰোধৰ অৰ্থে তেওঁ প্ৰতিফল দিওঁতা।
আপোনালোকে চয়তানক সুযোগ নিদিব।
সিহঁতৰ ভৰি পিছল খোৱা সময়ত প্ৰতিকাৰ সধা আৰু প্ৰতিফল দিয়া মোৰহে কাৰ্য; কিয়নো সিহঁতৰ ক্লেশৰ কাল ওচৰ চাপিছে, আৰু সিহঁতলৈ ঘটিবলগীয়া সৰ্বনাশ শীঘ্ৰে ঘটিব।
হে আকাশ মণ্ডল, আনন্দিত হোৱা, হে সকলো জাতিৰ লোকসকল, তোমালোকে যিহোৱাৰ লোকসকলৰ সৈতে প্রশংসা কৰা, তেওঁৰ আৰাধনা কৰা কিয়নো তেওঁ নিজ সন্তানবোৰৰ ৰক্তপাতৰ প্ৰতিকাৰ সাধিব, তেওঁৰ শত্ৰুবোৰক প্ৰতিফল দিব; তেওঁক ঘিণাওঁতা সকলক প্রতিফল দি নিজৰ লোকসকলৰ অর্থে ভূমি শুচি কৰিব।”
এই বিষয়ত কোনেও যেন সীমা পাৰ নহয় আৰু তেওঁৰ ভাইক নঠগায়; আমি আগেয়ে আপোনালোকক জনাইছিলোঁ আৰু সাৱধান কৰি দিছিলোঁ যে, এই সকলো পাপ বিষয়ৰ কাৰণে প্রভুৱে তেওঁলোকক দণ্ড দিব।
আলেকজেন্দাৰ কঁহাৰে মোৰ অপকাৰ কৰিলে; তেওঁৰ কর্ম অনুসাৰে প্ৰভুৱে তেওঁক প্ৰতিফল দিব।
কিয়নো আমি জানো, তেওঁ কৈছে, “প্ৰতিশোধ লোৱা মোৰ কৰ্ম, মইহে প্ৰতিফল দিম;” আৰু কৈছে, “প্ৰভুৱে নিজৰ লোক সকলৰ সোধ-বিচাৰ কৰিব৷”
এতিয়া হে মোৰ প্ৰভু, মই যিহোৱাৰ জীৱনৰ আৰু আপোনাৰ জীৱনৰো শপত খাই কৈছোঁ, ৰক্তপাত কৰা দোষত দোষী হ’বলৈ, আৰু নিজ হাতেৰে আপোনাৰ প্ৰতিকাৰ সাধিবলৈ যিহোৱাই আপোনাক নিবাৰণ কৰিলে, এই দেখি এতিয়া আপোনাৰ শত্ৰুবোৰ, মোৰ প্ৰভুৰ অনিষ্টলৈ চেষ্টা কৰাসকল নাবলৰ নিচিনা হওক।
আৰু তোমাৰ বিবেচনা ধন্য, আৰু আজিৰ দিনত ৰক্তপাতৰ দোষৰ ও আত্ম-প্ৰতিকাৰ-সাধনৰ পৰা মোক নিবাৰণ কৰা যি তুমি, তুমিও ধন্য।
দায়ূদে পুনৰ ক’লে, “যিহোৱাৰ জীৱনৰ শপত, তেওঁক যিহোৱাই আঘাত কৰিব, বা তেওঁৰ অন্তিম কাল আহিলে তেওঁ নিজে মৰিব, নাইবা তেওঁ ৰণলৈ গৈ তাতেই বিনষ্ট হ’ব।
মই যে যিহোৱাৰ অভিষিক্ত জনৰ বিৰুদ্ধে হাত দাঙিম, যিহোৱাই মোৰ পৰা এনে কাৰ্য দূৰ কৰক; কিন্তু মই বিনয় কৰোঁ, তুমি এতিয়া গৈ, তেওঁৰ মূৰ-শিতানৰ ওচৰত থকা যাঠি আৰু জলপাত্ৰটো লৈ আহাঁ, তাৰ পাছত আমি গুচি যাম।”