কিন্তু ই কি কয়? “সেই বাক্য তোমাৰ ওচৰত, তোমাৰ মুখত আৰু তোমাৰ হৃদয়তে আছে৷” সেয়ে আমি ঘোষণা কৰা বিশ্বাসৰ বাক্য৷
আৰু মই ওঁঠৰ ফল সৃষ্টি কৰোঁ; যিহোৱাই কৈছে, ওচৰত থকা আৰু দূৰত থকা উভয়ৰ মাজত শান্তি হওক, শান্তি হওক; আৰু মই তেওঁলোকক সুস্থ কৰিম।
তেওঁৰ পক্ষে সকলো ভাববাদীয়েও সাক্ষ্য দিয়ে যাতে তেওঁত বিশ্বাস কৰা সকলোৱে তেওঁৰ নামেৰে পাপ-মোচন পায়৷
তেওঁলোকে ক’লে, “প্রভু যীচুত বিশ্বাস কৰক, তেতিয়া আপুনি আৰু আপোনাৰ ঘৰৰ সকলোৱে পৰিত্ৰাণ লাভ কৰিব।”
এতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে শ্ৰৱণ হয়।
মই কেৱল এই বিষয়ে আপোনালোকৰ পৰা জানিব বিচাৰো যে, আপোনালোকে কি বিধানৰ কার্যৰ দ্বাৰাই আত্মা পালে নেকি? নে বার্তা শুনি বিশ্বাস কৰাৰ দ্বাৰাই পালে?
গতিকে কওকচোন, যি জনে আপোনালোকক আত্মা দান কৰে আৰু আপোনালোকৰ মাজত পৰাক্ৰম কাৰ্য সাধন কৰে, তেওঁ বিধানৰ কৰ্মৰ দ্বাৰাই কৰে নে বার্তা শুনি বিশ্বাসৰ দ্বাৰাই কৰে?
মণ্ডলী যেন পবিত্ৰ হয়, তাৰ বাবে তেওঁ আমাক বাক্যৰূপ জলস্নানত ধুই শুচি কৰিলে।
কিন্তু বাক্য আপোনালোকৰ নিচেই ওচৰতে আছে; আপোনালোকৰ মুখত আৰু হৃদয়তে আছে যাতে আপোনালোকে তাক পালন কৰিব পাৰে।
এই সকলো কথা ভাই সকলক মনত পেলাই দিলে, তুমি খ্ৰীষ্ট যীচুৰ এজন উত্তম পৰিচাৰক হবা৷ কাৰণ বিশ্বাসৰ বাক্য আৰু উত্তম শিক্ষাৰ অনুকাৰী হৈ তুমি প্ৰতিপালিত হৈছা৷
কিয়নো আপোনালোক ক্ষয়ণীয় বীজৰ পৰা নহয়, অক্ষয় বীজৰ পৰা, ঈশ্বৰৰ জীৱনময় আৰু চিৰকাল স্থায়ী যি বাক্য, সেই বাক্যৰ দ্বাৰাই নতুন জন্ম পোৱা হৈছে।
কিন্তু প্ৰভুৰ বাক্য চিৰকাল থাকে; যি বাক্য আপোনালোকৰ আগত প্ৰচাৰ কৰা হ’ল, এয়ে সেই শুভবাৰ্তাৰ বাক্য।