Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



ৰূথ 2:14

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

পাছত ভোজনৰ সময়ত বোৱজে ৰূথক ক’লে, “তুমি এই ঠাইলৈ আহি পিঠা লৈ খোৱা, আৰু তুমি লোৱা পিঠাডোখৰ টেঙা দ্ৰাক্ষাৰসত জুবুৰিওৱা।” তেতিয়া তেওঁ ধান দোৱা লোকসকলৰ কাষত আহি বহিল আৰু বোৱজে হাত মেলি ভজা যৱ তেওঁক খাবলৈ দিলে। তাতে তেওঁ ভোজন কৰি তৃপ্ত হ’ল, আৰু তাৰে কিছু অংশ ৰাখি হ’ল।

অধ্যায়টো চাওক কপি কৰক

17 পৰস্পৰ সংযোগসমূহ  

শয্যা, চৰিয়া, মাটিৰ পাত্ৰ, ঘেঁহু, যৱ, আটাগুৰি, ভজা শস্য, লেচেৰা মাহ, মচুৰ মাহ, ভজামাহ,

তুমি মোৰ শত্রুবোৰৰ সাক্ষাতে মোৰ সন্মুখত মেজ সজাইছা; তুমি মোৰ মূৰ তেলেৰে তিয়াইছা; মোৰ পান-পাত্ৰ উপচি পৰিছে।

কিন্তু সন্মানীয় লোকে সৎ বিষয়ৰৰ পৰিকল্পনা কৰে, আৰু তেওঁৰ সৎ কার্যৰ কাৰণে তেওঁ থিৰে থাকিব।

ক্ষুধাতুৰ লোকৰ সৈতে তোমাৰ আহাৰ ভগাই লোৱা, আৰু ঘৰহীনা দুখীয়াসকলক নিজৰ ঘৰত আশ্ৰয় দিয়াই লঘোন নহয় নে? যেতিয়া তুমি চোৱা কোনোএজন বিৱস্ত্রতাত আছে, তুমি তেওঁক বস্ত্র দিয়া উচিত; আৰু তোমাৰ সম্পৰ্কীয় লোকৰ পৰা নিজকে লুকুৱাই ৰখা উচিত নহয়।

তাতে সকলোৱে খাই তৃপ্ত হ’ল; খোৱাৰ পাছত শিষ্য সকলে ৰৈ যোৱা সেই ভঙা টুকুৰাবোৰৰ বাৰটা পাচি তুলি ল’লে।

আপোনালোকৰ পশুধনবোৰৰ কাৰণেও যিহোৱাই পথাৰত ঘাঁহ হবলৈ দিব; আপোনালোকেও তৃপ্ত হোৱাকৈ খাবলৈ পাব।

আপোনালোকে তাত ভোজন কৰি তৃপ্ত হ’ব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া উত্তম দেশৰ কাৰণে তেওঁৰ ধন্যবাদ কৰিব।

তেতিয়া ৰূথে ক’লে, “হে মোৰ প্ৰভু, আপুনি মোলৈ কৃপাদৃষ্টি কৰক; কিয়নো আপুনি মোক শান্তনা দিলে, আৰু মই আপোনাৰ দাসী নোহোৱা স্বত্তেও মোক নিজৰ দাসীৰ দৰে মৰমৰ কথা ক’লে।”

পাছত তেওঁ ধান বুটলিবলৈ উঠি আহোতে, বোৱজে তেওঁৰ ডেকা দাসসকলক আজ্ঞা দি ক’লে, “তাইক মুঠিবোৰৰ মাজতো বুটলিবলৈ দে, আৰু তাইক অপমান নকৰিবি।

পাছত তেওঁ সেই যৱ ধান খিনি লৈ নগৰলৈ গ’ল আৰু তেওঁ বুটলি গোটোৱা ধান শাহুৱেকে চালে। তাতে ৰূথে ভজা যৱ খাই তৃপ্ত হোৱাৰ পাছত যি অৱশিষ্ট ভাগ ৰাখিছিল, সেইখিনিও উলিয়াই তেওঁ শাহুৱেকক দিলে।

সেই সময়ত যিচয়ে তেওঁৰ পুতেক দায়ূদক ক’লে, “তুমি এক ঐফা ভজা শস্য আৰু দহটা পিঠা লৈ, ছাউনিত থকা ককায়েৰা সকলৰ ওচৰলৈ যোৱা।”

তাতে অবীগলে শীঘ্ৰে দুশ পিঠা, দুবটল দ্ৰাক্ষাৰস, পাঁচটা যুগুত কৰা মেৰ-ছাগ, পাঁচ চেয়া ভজা শস্য, এশ থোপা শুকান দ্ৰাক্ষাগুটি, আৰু দুশ লদা ডিমৰু গুটি লৈ গাধবোৰৰ পিঠিৰ ওপৰত বোজা দিলে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন