হোচ 9:6ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019তেওঁলোকে যদি অচূৰীয়াত বিনাশৰ পৰা ৰক্ষাও পায়, কিন্তু মিচৰে তেওঁলোকক পৰলোকলৈ গোটাব আৰু মেম্ফিচ নগৰে তেওঁলোকক মৈদাম দিব। তেওঁলোকৰ সাঁচতীয়া মূল্যৱান ৰূপৰ বস্তুবোৰৰ লগতে তেওঁলোকৰ তম্বুবোৰ চোৰাত গছ আৰু কাঁইটীয়া গছে ঢাকি পেলাব। অধ্যায়টো চাওক |
আৰু এই মিচৰ দেশত প্ৰবাস কৰিবৰ অৰ্থে ইয়াত সোমাবলৈ মুখ কৰা যিহূদাৰ অৱশিষ্ট ভাগক মই ধৰিম, তেতিয়া তেওঁলোকৰ সকলো উচ্ছন্ন হ’ব; তেওঁলোক এই মিচৰ দেশতেই পতিত হ’ব; তেওঁলোক তৰোৱাল আৰু আকালৰ দ্বাৰাই নষ্ট হ’ব; সৰুৰ পৰা বৰলৈকে তেওঁলোক তৰোৱালত আৰু দুৰ্ভিক্ষত মৰা পৰিব; আৰু তেওঁলোক শাও, বিস্ময়, অভিশাপ, আৰু ধিক্কাৰৰ বিষয় হ’ব।