Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



হোচ 5:13

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

ইফ্ৰয়িমে নিজৰ অসুস্থতা দেখা পালে, আৰু যিহূদাই নিজৰ আঘাত দেখা পালে; সেয়ে ইফ্ৰয়িমে অচুৰীয়াৰ ওচৰলৈ সহায়ৰ বাবে গ’ল; মহাৰাজৰ ওচৰলৈ লোক পঠাই বার্তা প্রেৰণ কৰিলে; কিন্তু মহাৰাজে তোমাক আৰোগ্য কৰিব নোৱাৰিব; তেওঁ তোমাৰ আঘাত নিৰাময় কৰিব নোৱাৰিব।

অধ্যায়টো চাওক কপি কৰক

16 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত অচুৰৰ ৰজা পুল ইস্রায়েল দেশৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল। তেতিয়া ৰজা মনহেমে ইস্রায়েল ৰাজ্য সুস্থিৰ ৰাখিবৰ কাৰণে পুলৰ সহায় যেন তেওঁৰ লগত থাকে, তাৰ বাবে তেওঁ পুলক এক হাজাৰ কিক্কৰ ৰূপ দি নিজৰ পক্ষ কৰি ল’লে।

ইস্ৰায়েলৰ ৰজা পেকহৰ সময়ত অচুৰৰ ৰজা তিগ্লৎ-পিলেচৰে আহি ইয়োন, আবেল-বৈৎমাখা, যানোহ, কেদচ, হাচোৰ, গিলিয়দ, আৰু গালীল আৰু নপ্তালীৰ সকলো এলেকা অধিকাৰ কৰি ল’লে আৰু লোকসকলক বন্দী কৰি অচূৰলৈ লৈ গ’ল।

পাছত আহজে অচূৰৰ ৰজা তিগ্লৎ-পিলেচৰ ওচৰলৈ এই কথা ক’বলৈ মানুহ পঠিয়াই দিলে, “মই আপোনাৰ দাস আৰু আপোনাৰ পুত্ৰ হওঁ; অৰামৰ ৰজা আৰু ইস্ৰায়েলৰ ৰজাই মোক আক্রমণ কৰিছে। আপুনি আহি তেওঁলোকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰক।”

সেই দিনা তেওঁ চিঞৰী ক’ব, “মই সুস্থকাৰী হ’ব নোৱাৰো; মোৰ আহাৰ অথবা বস্ত্ৰ নাই; তোমালোকে মোক লোকসকলৰ শাসনকৰ্ত্তা নিযুক্ত কৰিব নোৱাৰা।”

কিয়নো যিহোৱাই এই কথা কৈছে, তোমাৰ ক্ষত চিকিৎস্যাৰ বাহিৰে, আৰু তোমাৰ ঘা কষ্টদায়ক।

কিন্তু অহলা মোৰ পত্নী হৈ থাকোতেও, তাই বেশ্যাকৰ্ম কৰি থাকিল; তাইৰ প্ৰেমকাৰীসকলত তাই আসক্ত হ’ল, কিয়নো অচূৰ দেশৰ তেওঁলোক প্রভাৱশালী,

সেইটো অচূৰীয়ালৈ লৈ যোৱা হ’ব, আৰু মহাৰাজৰ উপহাৰস্বৰূপে তাক দিয়া হ’ব। ইফ্ৰয়িমে লাজ পাব, ইস্ৰায়েলে কাঠৰ মূর্তিক অনুসৰণ কৰাৰ কাৰণে লজ্জিত হ’ব।

ইফ্ৰয়িমে বতাহ খায়; তেওঁ গোটেইদিনটো পূবৰ বতাহৰ পাছত খেদি যায়; তেওঁ মিছা কথা আৰু অত্যাচাৰ বৃদ্ধি কৰে; তেওঁ অচূৰীয়াৰ সৈতে সন্ধি কৰে আৰু মিচৰলৈ তেল পঠায়।

অচূৰীয়াই আমাক উদ্ধাৰ কৰিব নোৱাৰিব; ঘোঁৰাৰ ওপৰত ভাৰসা কৰি আমি যুদ্ধ নকৰিম। আমাৰ হাতেৰে নির্মাণ কৰা মূর্তিক আমি পুনৰ ‘তুমি আমাৰ ঈশ্বৰ’ বুলি কেতিয়াও নকম; কিয়নো আপোনাৰ ওচৰতে অনাথজনে দয়া বিচাৰি পায়।”

তাই নিজৰ প্ৰেমিকসকলৰ পাছত যাব, কিন্তু তেওঁলোকক লগ ধৰিব নোৱাৰিব; তাই সিহঁতক বিচাৰিব, কিন্তু নাপাব। তেতিয়া তাই ক’ব, “মই মোৰ প্ৰথম স্বামীৰ ওচৰলৈকে ঘূৰি যাওঁ, কিয়নো এতিয়াৰ দিনতকৈ মই আগেয়ে বহুত ভালেৰে আছিলোঁ।”

ইফ্ৰয়িম যেন এটা অজলা কপৌ হ’ল, একেবাৰে বুদ্ধিহীন; তেওঁলোকে এবাৰ মিচৰক মাতে, পুনৰ অচুৰীয়াৰ ওচৰলৈ যায়।

এটা বনৰীয়া গাধই অকলে ইফালে-সিফালে ঘূৰি ফুৰাৰ দৰে তেওঁলোক অচূৰলৈকে উঠি গ’ল; ইফ্ৰয়িমে নিজকে প্রতিৰক্ষা কৰিবলৈ প্ৰেমিকসকলক বেচ দি আনিলে।

তেওঁৰ ঘাঁবোৰ সুস্থ হ’ব নোৱাৰাৰ কাৰণে; সেইবোৰ যিহূদালৈকে আহিল। সেই ঘাঁবোৰ যিৰূচালেমলৈ মোৰ লোকসকলৰ দুৱাৰলৈ আহি পালে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন