মোৰ লোকসকলৰ পাপ কার্যত তেওঁলোকে আহাৰ পায়; লোকসকলৰ দুষ্টতাৰ কাৰণে তেওঁলোক লোভী হয়।
কিন্তু যিহোৱাৰ মন্দিৰলৈ দোষাৰ্থক আৰু পাপাৰ্থক বলিৰ ধন অনা হোৱা নাছিল; সেইবোৰ পুৰোহিতসকলে পাইছিল।
কেৱল সেই জনেই পাৰে, যি জনৰ হাত শুচি আৰু অন্তৰো নিৰ্ম্মল; যিজনে মিছা কথালৈ নিজৰ মন নেমেলে, আৰু ছল কৰি মিছা শপত নাখায়।
হে যিহোৱা, মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ!
সেই কুকুৰবোৰৰ অধিক ভোক লাগে; সিহঁতৰ কেতিয়াও যথেষ্ট নহয়; তেওঁলোক নিৰ্ণয় ল’ব নোৱাৰা মেৰ-ছাগ ৰখীয়া, তেওঁলোক সকলোৱে নিজৰ বাটে ঘূৰি গ’ল, আৰু অন্যায় লাভৰ বাবে প্রতিজনেই লোভী।
“হে মনুষ্য সন্তান, এই লোকসকলে তেওঁলোকৰ প্রতিমাবোৰক নিজ নিজ হৃদয়ত ঠাই দিছে আৰু নিজৰ সন্মুখত নিজৰ নিজৰ অপৰাধ জন্মাওঁতা বিঘিনি ৰাখিছে। সেই বিষয়ে মই জানো তেওঁলোকক পৰামৰ্শ দিম?
কিয়নো ইস্ৰায়েল বংশৰ মাজত আৰু ইস্ৰায়েলত প্ৰবাস কৰা বিদেশীবোৰৰ মাজত যি কোনোৱে মোৰ পৰা নিজকে পৃথকে ৰাখিব, যিজনে নিজৰ প্রতিমাবোৰক হৃদয়ত ঠাই দিব আৰু নিজৰ সন্মুখত নিজৰ অপৰাধ জন্মাওঁতা বিঘিনি ৰাখিব আৰু যিজনে মোক বিচাৰি ভাববাদী এজনৰ ওচৰলৈ আহিব - মই যিহোৱাই নিজেই তেওঁক উত্তৰ দিম!
কিন্তু তোমালোকে দুষ্টতাৰ ভূমি চহালা, অন্যায়ৰ শস্য চপালা, ছলনাৰ ফল ভোগ কৰিলা; তোমালোকে নিজৰ শক্তি আৰু অনেক সৈন্যবোৰৰ ওপৰত ভাৰসা কৰিছা।
ইফ্ৰয়িমে কয়, ‘নিশ্চয়ে মই চহকী হলোঁ, নিজৰ কাৰণে মই ধন-সম্পদ গোটালোঁ; মোৰ সকলো পৰিশ্ৰমত, লোকে মোৰ কোনো দোষ বা পাপ বিচাৰি নাপাব।’
হে ইস্ৰায়েল, তোমালোকৰ ঈশ্বৰ যিহোৱালৈ উলটি আহাঁ, তোমালোকৰ অপৰাধৰ কাৰণে তোমালোক পতিত থ’লো।
পাছত হাৰোণৰ পুত্ৰসকলৰ মাজৰ যি জন তেওঁৰ পদত অভিষিক্ত পুৰোহিত হ’ব, তেওঁ ইয়াক উৎসৰ্গ কৰিব। ইয়াক যিহোৱাৰ উদ্দেশ্যে সম্পূৰ্ণৰূপে দগ্ধ কৰা হ’ব; এয়ে চিৰস্থায়ী বিধি।
যি পুৰোহিতে পাপৰ অৰ্থে তাক উৎসৰ্গ কৰিব, তেৱেঁই তাক ভোজন কৰিব; সাক্ষাৎ কৰা তম্বুৰ চোতালত কোনো পবিত্ৰ ঠাইত তাক ভোজন কৰিব।
তোমালোকৰ মুখ্য লোকসকলে উৎকোচৰ বাবে বিচাৰ কৰে, তোমালোকৰ পুৰোহিতসকলে মূল্যৰ বাবে শিক্ষা দিয়ে, আৰু তোমালোকৰ ভাববাদীসকলে ধনৰ বাবে ভৱিষ্যত বাণী কৰে, তথাপি তোমালোকে যিহোৱাৰ ওপৰত ভাৰসা কৰি কোৱা, “যিহোৱা আমাৰ লগত নাই নে? কোনো আপদ আমালৈ নাহিব;
“ওহ! তোমালোকৰ মাজৰ এজনেও যদি মন্দিৰৰ দুৱাৰবোৰ বন্ধ কৰিলেহেঁতেন, তেনেহলে তোমালোকে মোৰ যজ্ঞবেদীৰ ওপৰত বৃথাই জুই নজ্বলালেহেতেঁন! তোমালোকত মই অলপো সন্তুষ্ট নহয়।” ইয়াক বাহিনীগণৰ যিহোৱাই কৈছে। “তোমালোকৰ হাতৰ পৰা মই কোনো উৎসৰ্গ গ্ৰহণ নকৰিম।
কিয়নো তেনেকুৱা লোকে আমাৰ প্ৰভু খ্ৰীষ্টৰ সেৱাকৰ্ম নকৰি, নিজ নিজ পেটৰ সেৱাকৰ্ম কৰে; আৰু মধুৰ বাক্য আৰু সুন্দৰ কথাৰে নির্দোষী লোকৰ মন ভুলায়।
তেওঁলোকৰ মুখ বন্ধ কৰা আৱশ্যক; তেওঁলোক এনেকুৱা মানুহ যে, কুচ্ছিত লাভৰ কাৰণে তেওঁলোকে অনুচিত শিক্ষা দি কোনো কোনো পৰিয়ালৰ সকলোকে বিনষ্ট কৰে।
তেওঁলোকে লোভৰ বশত ছলাহী কথাৰে আপোনালোকৰ পৰা অর্থ লাভ কৰিব। এই ভণ্ড শিক্ষক সকলৰ বিৰুদ্ধে বিচাৰৰ শাস্তি অনেক দিনলৈ অপেক্ষা কৰি নাথাকিব; তেওঁলোকৰ বিনাশ পলম কৰা নহয়।
সেয়েহে মই মোৰ নিবাসৰ ঠাইত আজ্ঞা কৰা মোৰ বলি আৰু নৈবেদ্যৰ ওপৰত তোমালোকে কিয় অৱজ্ঞা কৰিছা? আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ লোকসকলৰ সকলো উপহাৰৰ আগ ভাগৰ দ্বাৰাই তোমালোক হৃষ্টপুষ্ট হোৱা, সেই বাবে তুমি মোতকৈ, নিজ সন্তান সকলক কিয় অধিক আদৰ কৰিছা?