Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



হোচ 2:12

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

মই তাইৰ সকলো দ্ৰাক্ষালতা আৰু ডিমৰু গছবোৰ ধ্বংস কৰিম; তাই সেইবোৰৰ বিষয়ে কৈছিল, “এইবোৰ বেচ হিচাপে মোৰ প্ৰেমিকসকলে মোক দিছিল।” মই সেই বাৰীবোৰক অৰণ্যলৈ পৰিণত কৰিম আৰু বনৰীয়া পশুবোৰে তাৰ পৰা আহাৰ খাব।

অধ্যায়টো চাওক কপি কৰক

14 পৰস্পৰ সংযোগসমূহ  

তেন্তে কিয় তুমি তাৰ দেৱাল ভাঙি পেলালা? সেয়ে আটাই বাটৰুৱাই তাৰ ফল ছিঙে।

অতি অলপ সময়, লিবানোন এটা পথাৰত পৰিণত হ’ব, আৰু সেই পথাৰ জংঘললৈ পৰিণত হ’ব।

মই মোৰ দ্ৰাক্ষাবাৰীলৈ যি কৰিম এতিয়া তাক মই তোমালোকক জনাওঁ; মই জোপোহা গছৰ বেৰাবোৰ গুচাম, মই তাক চৰণীয়া পথাৰলৈ ৰূপান্তৰিত কৰিম, আৰু তাৰ দেৱালবোৰ ভাঙিম তাতে তাক গছকা হ’ব।

সেই সময়ত, যি ঠাইত হাজাৰ ৰূপ চেকলৰ মূল্য, হাজাৰ দ্ৰাক্ষালতা আছিল, এতিয়া সেইবোৰ ঠাইত কাঁইটীয়া বন আৰু কাঁইটীয়া গছৰ বাহিৰে একো নাই।

সেই কাৰণে মইয়ো তুমি পিন্ধা কাপোৰৰ আঁচল মুখৰ ওপৰলৈকে দাঙিম; আৰু তোমাৰ লাজৰ ঠাই দেখা যাব।

তেওঁলোকে ক’লে, “যিহূদাৰ হিষ্কিয়া ৰজাৰ ৰাজত্বৰ কালত মোৰেষ্টিয়া মীখায়াই ভাববাণী প্ৰচাৰ কৰিছিল। তেওঁ যিহূদাৰ আটাই লোকক কৈছিল, ‘বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছিল: “চিয়োনক পথাৰৰ দৰে চহোৱা হ’ব, যিৰূচালেম ভগ্নৰাশি হ’ব আৰু গৃহটি থকা পৰ্ব্বতটো কাঠনিৰ ওখ ঠাইৰ দৰে হ’ব।”

তেওঁলোকে তোমাৰ পো-জীসকলে খাব লগীয়া শস্য আৰু আহাৰ খাব। তেওঁলোকে তোমাৰ মেৰ আৰু গৰুৰ জাকবোৰ খাব; তেওঁলোকে তোমাৰ দ্ৰাক্ষালতা আৰু ডিমৰু ফলবোৰ খাব। গড়েৰে আবৃত যি নগৰবোৰত তুমি বিশ্বাস কৰিছা, তেওঁলোকে সেইসকলক তৰোৱালেৰে গুড়ি কৰিব।

যিহোৱাই কৈছে, মই তেওঁলোকক একত্রিত কৰিম। দ্ৰাক্ষালতাত দ্ৰাক্ষাগুটি বা ডিমৰু গছত গুটি নাথাকিব, আৰু পাত জঁয় পৰিব, আৰু মই তেওঁলোকৰ কাৰণে আক্ৰমণকাৰীসকলক নিৰূপণ কৰিম।

পোৱালি কাঢ়ি চুৰ কৰি নিয়া ভালুকীৰ দৰে মই তেওঁলোকৰ ওপৰত আক্রমণ কৰি তেওঁলোকৰ হিয়া চিৰা-ছিৰ কৰিম; সিংহিনীৰ নিচিনাকৈ মই তেওঁলোকক সেই ঠাইতে গ্ৰাস কৰিম; বনৰীয়া জন্তুৰ দৰে তেওঁলোকক ছিন্ন ভিন্ন কৰিম।

তেওঁলোকৰ মাকে বেশ্যাকৰ্ম কৰিলে; যি গৰাকীয়ে তেওঁলোকক গৰ্ভধাৰণ কৰিছিল, তাই লাজ লগা কর্ম কৰিলে। কাৰণ তাই কৈছিল, “মই মোৰ প্রেমিকসকলৰ পাছত যাম; তেওঁলোকেই মোক খোৱা-বস্তু আৰু পানী, ঊণ আৰু শণ সূতা, তেল আৰু পানীয় দিয়ে।”

মই ইফ্ৰয়িমলৈ সিংহৰ নিচিনা হ’ম, যিহূদা-বংশলৈ এটা যুবা সিংহৰ নিচিনা হ’ম; মই নিজেই তেওঁলোকক ছিন্ন-ভিন্ন কৰিম আৰু আঁতৰ হৈ যাম; মই তেওঁলোকক দূৰলৈ লৈ যাম, তেওঁলোকক উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব।

হে ইস্ৰায়েল, অন্যান্য জাতিবোৰৰ দৰে তুমি অতিশয় আনন্দ নকৰিবা; তুমিতো তোমাৰ ঈশ্বৰৰ পৰা আঁতৰি গৈ বেশ্যাকৰ্ম কৰিছা, মৰণা মৰা প্ৰত্যেক মজিয়াত তুমি বেশ্যাকর্মৰ বেচ পাই আনন্দিত হৈছা।

এই হেতুকে তোমালোকৰ কাৰণে পথাৰ চহোৱাৰ দৰে চিয়োনক চহোৱা হ’ব, যিৰূচালেম ধ্বংসৰ স্তূপ হ’ব, আৰু মন্দিৰ থকা পাহাৰ জংঘলৰ দৰে হ’ব।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন