Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



হোচ 11:2

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

মই তেওঁলোকক যিমানে মাতিছিলোঁ, সিমানেই তেওঁলোক মোৰ ওচৰৰ পৰা দূৰলৈ আঁতৰি গ’ল; তেওঁলোকে বাল দেৱতাবোৰৰ উদ্দেশ্যে বলি উৎসর্গ কৰিছিল, আৰু কটা মূৰ্ত্তিবোৰৰ কাৰণে ধূপ জ্বলাইছিল।

অধ্যায়টো চাওক কপি কৰক

28 পৰস্পৰ সংযোগসমূহ  

অষ্টম মাহত যৰবিয়ামে অৰ্থাৎ যি মাহ তেওঁ নিজ ইচ্ছামতে নিৰূপণ কৰিছিল, সেই অষ্টম মাহৰ পঞ্চদশ দিনা বৈৎএলত তেওঁ নিৰ্ম্মাণ কৰা যজ্ঞবেদীলৈ উঠি গৈছিল; তেওঁ ইস্ৰায়েলৰ সন্তান সকলৰ কাৰণে এক উৎসৱ নিৰূপণ কৰিছিল, আৰু ধূপ জ্বলাবৰ বাবে যজ্ঞবেদীলৈ উঠি গৈছিল।

এতিয়া তুমি মানুহ পঠিয়াই, ইস্ৰায়েলৰ সকলো লোকৰ লগতে ঈজেবলৰ মেজত ভোজন কৰোঁতা বালৰ চাৰিশ পঞ্চাশজন ভাববাদী আৰু সেই আচেৰাৰ চাৰিশ ভাববাদীক এতিয়াই কৰ্মিল পৰ্বতত মোৰ ওচৰত এক গোট কৰা।”

আপুনি অনেক বছৰ তেওঁলোকৰ লগত থাকি তেওঁলোকক সহন কৰিলে, আৰু ভাববাদীৰ দ্ৱাৰাই আপোনাৰ আত্মাৰে তেওঁলোকক সাৱধান কৰিলে, কিন্তু তেওঁলোকে নুশুনিলে। সেয়ে তেওঁলোকক চুবুৰীয়া দেশৰ লোকৰ হাতত শোধাই দিলে।

যিহোৱাই কৈছে, মই একেবাৰে তোমালোকৰ নিজৰ নিজৰ অপৰাধৰ পৰ্ব্বতবোৰত ধূপ জলোৱা আৰু উপ-পৰ্ব্বতবোৰত মোক নিন্দা কৰা, তোমালোকৰ অপৰাধ আৰু তোমালোকৰ পূৰ্বপুৰুষসকলৰো অপৰাধৰ প্ৰতিফল তোমালোকক দিম, আৰু মই প্ৰথমে তেওঁলোকৰ অতীতৰ কাৰ্য জুখি তেওঁলোকৰ বুকুত প্ৰতিফল দিম।

কিয়নো মোৰ প্ৰজাসকলে মোক পাহৰিলে, তেওঁলোকে অসাৰ দেৱতাবোৰৰ উদ্দেশ্যে ধুপ জ্বলালে; আৰু তেওঁলোকৰ দেশ আচৰিতৰ আৰু সদায় ইচ্ ইচ্ কৰাৰ বিষয় কৰিবৰ বাবে,

“বাহিনীসকলৰ যিহোৱাই, ইস্ৰায়েলৰ ঈশ্বৰে এই কথা কৈছে: তুমি গৈ যিহূদাৰ লোকসকলক আৰু যিৰূচালেম-নিবাসীসকলক কোৱা, যিহোৱাই কৈছে, ‘তোমালোকে মোৰ বাক্যলৈ কাণ দিবলৈ উপদেশ গ্ৰহণ নকৰিবা নে?’

কিন্তু তেওঁলোকে নুশুনিলে; আৰু নিজ নিজ দুষ্টতাৰ পৰা ঘূৰিবলৈ, ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ নজ্বলাবলৈ তেওঁলোকে কাণ নাপাতিলে।

মোৰ লোকসকল মোৰ পৰা ঘূৰি যাবলৈ স্থিৰ কৰিছে; যদিও তেওঁলোকে মোক অর্থাৎ অতি উর্দ্ধত থকা জনাক মাতিলেও, তেওঁ তেওঁলোকক মুঠেই উর্দ্ধত তুলি নলব।

তাই যিমান দিন ধৰি বাল দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাইছিল, নথ আৰু অলঙ্কাৰেৰে সৈতে নিজকে ভূষিত কৰি প্ৰেমিকসকলৰ পাছত গৈ মোক পাহৰি গৈছিল, সিমান দিনৰ বাবে মই তাইক শাস্তি দিম। যিহোৱাই এই কথা কৈছে।

তেওঁলোকে পর্বতৰ উচ্চ চূড়াবোৰত বলি উৎসর্গ কৰে, পাহাৰবোৰৰ ওপৰত নৈবেদ্য উৎসর্গ কৰে, অলোন, লিবনি, আৰু এলা গছৰ তলত, য’ত আৰামদায়ক ছাঁ আছে, তাত ধূপ জ্বলায়। সেই কাৰণেই তোমালোকৰ ছোৱালীবোৰ বেশ্যা হয়, আৰু তোমালোকৰ বোৱাৰীবোৰে ব্যভিচাৰ কৰে।

ইফ্ৰয়িমে মূৰ্ত্তিবোৰৰ সৈতে যোগ দিছে। তেওঁক সেইদৰেই থাকিব দিয়া।

তোমালোকৰ পূৰ্ব-পুৰুষসকলৰ নিচিনা তোমালোক নহ’বা; যিসকলৰ আগত আগৰ কালৰ ভাববাদীসকলে কৈছিল, “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে নিজ নিজ কু-পথৰ, আৰু নিজ নিজ কু-কাৰ্যৰ পৰা ঘূৰা!” কিন্তু তেওঁলোকে সেই কথা নুশুনিলে, বা মোলৈ কাণ নিদিলে।” এয়ে যিহোৱাৰ ঘোষণা।

কিন্তু তেওঁলোকে শুনিবলৈ অসন্মত হ’ল; আৰু কান্ধ আঁতৰাবলৈ থিৰ কৰিলে; আৰু শুনাত সন্মত নহ’বলৈ নিজ নিজ কাণত সোপা দিলে।

হে যিৰূচালেম! যিৰূচালেম! যি জনে ভাববাদী সকলক বধ কৰে আৰু তোমাৰ ওচৰলৈ পঠোৱা সকলৰ ওপৰত শিল দলিয়াই ৷ বহু বাৰ মই তোমাৰ এই ল’ৰা ছোৱালীবোৰক বচাব খুজিছিলোঁ, কুকুৰাই যেনেকৈ নিজ পোৱালিবোৰক ডেউকাৰ তলত সুৰক্ষা দি ৰাখে তেনেকৈ ৰাখিব খুজিছিলোঁ: কিন্তু আপুনি সন্মত নহ’ল৷

সোধ-বিচাৰৰ কাৰণ এয়ে যে, জগতলৈ পোহৰ আহিল, কিন্তু মানুহে পোহৰতকৈ আন্ধাৰক অধিক প্ৰেম কৰিলে; কাৰণ তেওঁলোকৰ কৰ্ম মন্দ আছিল।

হে ঠৰ-ডিঙীয়া লোক সকল, হৃদয় আৰু কাণৰ চুন্নৎ নোহোৱা লোক, আপোনালোকে সদায় পবিত্ৰ আত্মাৰ প্রতিৰোধ কৰে; পূৰ্ব-পুৰুষ সকলে যেনেদৰে কৰিছিল, আপোনালোকে সেইদৰেই কৰিছে।

ইস্ৰায়েলী লোকসকলে যিহোৱাৰ দৃষ্টিত আকৌ কু-আচৰণ কৰিবলৈ ধৰিলে; তেওঁলোকে বাল-দেৱতা, অষ্টাৰেৎ দেবী আৰু অৰাম, চীদোন, মোৱাব, অম্মোন আৰু পলেষ্টীয়াসকলৰ দেৱ-দেৱীসকলৰ পূজা কৰিবলৈ ধৰিলে। এইদৰে তেওঁলোকে যিহোৱাক ত্যাগ কৰিলে আৰু তেওঁৰ উপাসনা নকৰিলে।

তেওঁলোকে যিহোৱাক ত্যাগ কৰি বাল-দেৱতা আৰু অষ্টাৰেৎ দেবীৰ পূজা কৰিবলৈ ধৰিলে।

ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে আৰু তেওঁলোকৰ ঈশ্বৰ যিহোৱাক পাহৰি বাল-দেৱতাবোৰক আৰু আচেৰা মুৰ্ত্তিবোৰক পূজা কৰিবলৈ ধৰিলে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন